ভাস্কৰাব্দ ভাৰতৰ অসম ৰাজ্যত প্ৰচলিত এক প্ৰকাৰৰ সৌৰ বৰ্ষপঞ্জী। শকাব্দ, বিক্ৰম সংবৎ আদিৰ লগত মিল থাকিলেও ভাৰতৰ বাঙালী সম্প্ৰদায়ৰ মাজত প্ৰচলিত আৰু বাংলাদেশৰ জাতীয় বৰ্ষপঞ্জী বংগাব্দৰ লগত ভাস্কৰাব্দৰ বিশেষ সাদৃশ্য আছে। প্ৰাচীন কামৰূপৰ বৰ্মণ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজ অভিষেকৰ পৰা এই বছৰ গণনা হয়। খ্ৰীষ্টান বছৰৰ তুলনাত ই ৫৯৩ বছৰ পাছ পৰা। অৰ্থাৎ খ্ৰীষ্টাব্দৰ পৰা ৫৯৩ বছৰ বিয়োগ কৰিলে চলিত ভাস্কৰাব্দটো পোৱা যায়।১
ভাস্কৰাব্দ পহিলা ব’হাগৰ পৰা আৰম্ভ হয়। গ্ৰেগৰীয়ান বৰ্ষপঞ্জী মতে এপ্ৰিল মাহৰ মাজ ভাগত অৰ্থাৎ ১৫/১৬ এপ্ৰিলত ব'হাগ মাহ আৰম্ভ হয়। ভাস্কৰাব্দ অসমৰ প্ৰথম প্ৰচলিত বৰ্ষপঞ্জী। পিছলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মৰপৰা শংকৰাব্দ নামেৰে আন এক বৰ্ষপঞ্জীৰ প্ৰচলন আৰম্ভ হয়।২
কুমাৰ ভাস্কৰ বৰ্মা
কুমাৰ ভাস্কৰ বৰ্মা কামৰূপ ৰাজ্যত ৰাজত্ব কৰা বৰ্মণ ৰাজবংশৰ ৰজাসকলৰ মাজত প্ৰসিদ্ধ আছিল।৩ তেওঁৰ ভাতৃ সুপ্ৰতিষ্ঠ বৰ্মাৰ মৃত্যুৰ পিছত ৰাজসিংহাসনত বহে। ভাস্কৰ বৰ্মা চিৰকুমাৰ আছিল। তেওঁৰ কোনো উত্তৰাধিকাৰী নথকাৰ বাবেই তেওঁৰ মৃত্যুৰ পিছত শালস্তম্ভই কামৰূপ ৰাজ্যত শালস্তম্ভ বা ম্লেচ্ছৰাজ বংশৰ প্ৰতিষ্ঠা কৰে। উত্তৰ ভাৰতৰ ৰজা হৰ্ষবৰ্দ্ধন বা শীলাদিত্য, কুমাৰ ভাস্কৰ বৰ্মাৰ সমসাময়িক আছিল। ভাস্কৰ বৰ্মাই হংসবেগ নামৰ কটকী এজন পঠিয়াই হৰ্ষবৰ্দ্ধনৰ লগত মিত্ৰতা কৰিছিল।৩ সেই সময়ত গৌড় দেশত শশাঙ্ক নামৰ ৰজাজনে ৰাজত্ব কৰিছিল। তেওঁৰ হাতত হৰ্ষবৰ্দ্ধনৰ ককায়েক ৰাজ্যবৰ্দ্ধনৰ মৃত্যু হৈছিল। সেয়ে হৰ্ষবৰ্দ্ধনে ভাতৃহন্তা শশাঙ্কৰ ৰাজ্য আক্ৰমণ কৰে। ভাস্কৰ বৰ্মাই সেই যুদ্ধত হৰ্ষবৰ্দ্ধনক সহায় কৰে। তেওঁলোকৰ হাতত গৌড় ৰজা শশাঙ্ক পৰাস্ত হয়। শশাঙ্কৰ ৰাজ্য কৰ্ণসুবৰ্ণ আৰু গৌড় বা পৌণ্ড্ৰবৰ্দ্ধন ভাস্কৰ বৰ্মনে পায়। ইয়াৰ পিছত ভাস্কৰ বৰ্মা এখন বিশাল ৰাজ্যৰ অধিকাৰী হৈ পৰিছিল। ভাস্কৰ বৰ্মাৰ দিনত কামৰূপ ৰাজ্যৰ সীমা পশ্চিমে বিহাৰ আৰু দক্ষিণে ওড়িশাৰ ওচৰ পাইছিলগৈ।৩
কুমাৰ ভাস্কৰ বৰ্মাৰ দিনতেই চীনা পৰিব্ৰাজক হিউৱেন-চাং অসমলৈ আহিছিল। তেওঁ লিখি থৈ গৈছে যে, কামৰূপ ৰাজ্যৰ বিস্তৃতি ১৬৭৫ মাইল আছিল, ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ বিস্তৃতি ৬ মাইল আছিল।৩ ৰজা হিন্দু যদিও, তেওঁ বৌদ্ধ ধৰ্মৰ লোককো শ্ৰদ্ধা কৰিছিল।৪
ৰজা হৰ্ষবৰ্দ্ধনেও ৰজা ভাস্কৰ বৰ্মনক যথেষ্ট সন্মান কৰিছিল। এবাৰ চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ সন্মানৰ অৰ্থে হৰ্ষবৰ্দ্ধনে প্ৰয়াগত এখন ডাঙৰ সভাৰ আয়োজন কৰিছিল।৩ তালৈ ভাৰতৰ বিখ্যাত ৰজাসকলক নিমন্ত্ৰণ কৰা হৈছিল। সেই উপলক্ষে তেওঁলোকে এটা ডাঙৰ শোভাযাত্ৰা কৰি দুভাগ হৈ গঙ্গাৰ দুই পাৰেদি যাত্ৰা কৰিছিল। সেই শোভাযাত্ৰাৰ এভাগৰ আগত হৰ্ষবৰ্দ্ধন আৰু আনটো ভাগত ভাস্কৰ বৰ্মা গৈছিল।৩
তেওঁৰ সিংহাসন আৰোহণৰ পৰায়ে অসমত ভাস্কৰাব্দৰ প্ৰচলন হয়।
মাহসমূহ
সৌৰ কেন্দ্ৰিত ভাস্কৰাব্দৰ মাহ গণনা বহুক্ষেত্ৰত শকাব্দৰ সৈতে একে। কেৱল শকাব্দ চ'ত বা চৈত্ৰ মাহত আৰম্ভ হয় আৰু গ্ৰেগৰীয়ান কেলেণ্ডাৰ মতে ২১ বা ২২ মাৰ্চত নৱবৰ্ষ পৰে। কিন্তু ভাস্কৰাব্দৰ মাহ বংগাব্দৰ দৰে বহাগ বা বৈশাখত আৰম্ভ হয়। গ্ৰেগৰীয়ান মতে নৱবৰ্ষ এপ্ৰিল মাহৰ মাজে ভাগত পৰে। মাহ বোৰৰ দৈৰ্ঘ্য তলত দিয়া হ'ল:
| ক্ৰম | অসমীয়া নাম | সৰ্বভাৰতীয় নাম | দিনৰ সংখ্যা |
|---|---|---|---|
| ১ | ব’হাগ | বৈশাখ | ৩০/ ৩১ |
| ২ | জেঠ | জ্যৈষ্ঠ | ৩১ / ৩২ |
| ৩ | আহাৰ (মাহ) | আষাঢ় | ৩১ / ৩২ |
| ৪ | শাওণ | শ্ৰাৱণ | ৩১ / ৩২ |
| ৫ | ভাদ | ভাদ্ৰ | ৩১ / ৩২ |
| ৬ | আহিন | আশ্বিন | ৩০ / ৩১ |
| ৭ | কাতি | কাৰ্তিক | ২৯ / ৩০ |
| ৮ | আঘোণ | অগ্ৰহায়ণ | ২৯ / ৩০ |
| ৯ | পুহ | পৌষ | ২৯ / ৩০ |
| ১০ | মাঘ | মাঘ | ২৯ / ৩০ |
| ১১ | ফাগুন | ফাল্গুন | ২৯ / ৩০ |
| ১২ | চ'ত | চৈত্ৰ | ৩০ / ৩১ |
অসমীয়া উৎসৱ পাৰ্বন, বিয়া-বাৰু, বিভিন্ন মাংগলিক অনুষ্ঠান ভাস্কৰাব্দৰ ভিত্তিত পালন কৰা হয়। ভাস্কৰাব্দৰ প্ৰথম দিন অসমত নৱবৰ্ষ হিচাপে মানুহ বিহু পালন কৰা হয়।
তথ্যসূত্ৰ
- ↑ www.xobdo.org/dic/ভাস্কৰাব্দ
- ↑ xobdo.org/adic/index.php?wid=43742&l=2{{Dead link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ ভূপেন্দ্ৰ নাথ চৌধুৰী. (১৯৯৫). সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক ষ্টল. পৃ. ১৬, ১৭, ১৮
- ↑ Gait 1926, পৃ. 23-24
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাস্কৰাব্দ” প্ৰবন্ধৰ সংশোধন ৩৮৫৫৬৭ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।