বৰ্ষপঞ্জী
৬ প্ৰবন্ধ
-
গ্ৰেগৰিয়ান বৰ্ষপঞ্জী
গ্ৰেগৰিয়ান বৰ্ষপঞ্জী, প্ৰাশ্চাত্য বৰ্ষপঞ্জী, ইংৰাজী বৰ্ষপঞ্জি বা খ্ৰীষ্টাব্দ হ’ল আন্তৰ্জাতিকভাৱে প্ৰায় সৰ্বত্ৰ স্বীকৃত বৰ্ষপঞ্জী। ১৫৮২ চনৰ ২৪ ফেব্ৰুৱাৰীত পোপ ত্ৰয়োদশ গ্ৰেগৰিৰ এক আদেশ অনুসাৰে এই বৰ্ষপঞ্জীৰ প্ৰচলন ঘটে।
-
বিক্ৰম সংবৎ
বিক্ৰম সংবৎ বা বিক্ৰমী ভাৰতীয় উপমহাদেশত প্ৰচলিত হিন্দু দিনপঞ্জী। ই নেপালৰ চৰকাৰী দিনপঞ্জী। ভাৰতৰ কেইবাখনো ৰাজ্যত বিক্ৰম সংবৎক সাংস্কৃতিক আৰু আধিকাৰীক দিনপঞ্জীৰ মৰ্যাদা দিয়া হয়। ইযাৰ বৰ্ষগণনা সৌৰ নাক্ষত্ৰ বৰ্ষৰ ভিত্তিত কৰা হয়। খ্ৰীষ্টপূৰ্ব ৫৭ ৰ পৰা বিক্ৰম সংবৎ আৰম্ভ হৈছিল।
-
চীনা নৱবৰ্ষ
চীনা নৱবৰ্ষ, হৈছে আধুনিক চীনত বসন্ত উৎসৱ, বা চমুকৈ চান্দ্ৰ নৱবৰ্ষ বুলি জনাজাত আৰু বহুলভাবে উদযাপিত পৰম্পৰাগত চান্দ্ৰ-সৌৰ চীনা বৰ্ষপঞ্জীৰ এটি অতি গুৰুত্বপূৰ্ণ উৎসৱ। পৰম্পৰাগত ভাৱে প্ৰথমদিনাৰ সন্ধিয়াৰ লেম্প জ্বলোৱা উৎসৱৰ পৰা আৰম্ভ কৰি প্ৰথম মাহৰ ১৫ তাৰিখলৈকে এই উৎসৱ পালন কৰা হয়।
-
শকাব্দ
শকাব্দ অথবা শালীবাহনাব্দ হ'ল ভাৰতীয় উপমহাদেশত বহুলভাবে প্ৰচলিত প্ৰাচীন সৌৰ অব্দ বা বৰ্ষপঞ্জী। এই অব্দ বংগাব্দৰ ৫১৫ বছৰ আগত আৰু খ্ৰীষ্টাব্দৰ ৭৮ বছৰ পিছত প্ৰচলিত হয়। শকাব্দৰ উৎস লৈ ইতিহাসবিদ সকলৰ মাজত মতানৈক্য আছে।
-
লাক-নি
লাক-নি হল টাই-আহোম সকলৰ পৰম্পৰাত বৰ্ষপঞ্জী। আহোম সাহিত্য আৰু বুৰঞ্জীসমূহত দিন-তাৰিখ সমুহ লাক-নি প্ৰথাতে লিখা হৈছিল। মুঠ ষাঠিটা লাক-নি মিলি এটা তাও ছি ঙা (আৱৰ্তন) পূৰ্ণ হয়। ষাঠি বছৰীয়া আৱৰ্তনৰ এই প্ৰথা চীনা তথা অইন এছীয় দেশ সমূহতো দেখা যায়। লাক-নি প্ৰথাত মুঠ বাৰটা মাহ আৰু দহটা বাৰ থাকে।
-
ভাস্কৰাব্দ
ভাস্কৰাব্দ ভাৰতৰ অসম ৰাজ্যত প্ৰচলিত এক প্ৰকাৰৰ সৌৰ বৰ্ষপঞ্জী। শকাব্দ, বিক্ৰম সংবৎ আদিৰ লগত মিল থাকিলেও ভাৰতৰ বাঙালী সম্প্ৰদায়ৰ মাজত প্ৰচলিত আৰু বাংলাদেশৰ জাতীয় বৰ্ষপঞ্জী বংগাব্দৰ লগত ভাস্কৰাব্দৰ বিশেষ সাদৃশ্য আছে।