অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বুদ্ধদেৱ দাসগুপ্ত

বুদ্ধদেৱ দাসগুপ্ত (Buddhadeb Dasgupta; ১১ ফেব্ৰুৱাৰী ১৯৪৪ – ১০ জুন ২০২১) আছিল এগৰাকী বঙালী কবি, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ-নিৰ্মাতা। 'বাঘ বাহাদুৰ', 'তাহাদেৰ কথা', 'চৰাচৰ' আৰু 'উত্তৰা' আদি ছবিৰ বাবে দাসগুপ্তই সমাদৰ লাভ কৰিছিল।

হালনাগাদ: ২৪ আগষ্ট ২০২৪ ৬২১ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

বুদ্ধদেৱ দাসগুপ্ত (Buddhadeb Dasgupta; ১১ ফেব্ৰুৱাৰী ১৯৪৪ – ১০ জুন ২০২১) আছিল এগৰাকী বঙালী ভাষা কবি, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ-নিৰ্মাতা। 'বাঘ বাহাদুৰ', 'তাহাদেৰ কথা', 'চৰাচৰ' আৰু 'উত্তৰা' আদি ছবিৰ বাবে দাসগুপ্তই সমাদৰ লাভ কৰিছিল। তেখেতৰ দ্বাৰা নিৰ্মিত পাঁচখন ছবিয়ে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ 'শ্ৰেষ্ঠ ছবি'ৰ শাখাত শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হয়। ছবিকেইখন আছিল 'বাঘ বাহাদুৰ' (১৯৮৯), 'চৰাচৰ' (১৯৯৩), 'লাল দৰ্জা' (১৯৯৭), 'মন্দ মেয়েৰ উপাখ্যান' (২০০২) আৰু 'কালপুৰুষ' (২০০৮)। আনহাতে 'দূৰত্ব' (১৯৭৮) আৰু 'তাহাদেৰ কথা' (১৯৯৩) ছবি দুখনে বঙালী ভাষাত 'শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা' বুটলিবলৈ সক্ষম হয়। এগৰাকী পৰিচালক হিচাপে দাসগুপ্তই ২০০০ চনত 'উত্তৰা' আৰু ২০০৫ চনত 'স্বপ্নেৰ দিন' নামৰ কথাছবি দুখনৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। এগৰাকী কবি হিচাপেও স্বীকৃতি লাভ কৰা দাসগুপ্তই বিগত বৰ্ষসমূহত 'গভীৰ আৰালেয়', 'কফিন কিম্বা ছুটকেছ', 'হিমযোগ', 'চাট্টা কাহিনী', 'ৰবটৰ গান', 'শ্ৰেষ্ঠ কবিতা' আৰু 'ভোমবোলেৰ আশ্চৰ্য কাহিনী ও অন্যান্য কবিতা'ৰ দৰে কাব্য প্ৰকাশ কৰে।১

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৪৪ চনৰ ১১ ফেব্ৰুৱাৰীত এতিয়াৰ পশ্চিমবংগৰ দক্ষিণাঞ্চলত থকা আনাৰা নামে ঠাইত বুদ্ধদেৱ দাসগুপ্তৰ জন্ম হয়।২ পিতৃ-মাতৃৰ নগৰাকী সন্তানৰ ভিতৰত তেখেত তৃতীয় আছিল। পিতৃ তাৰকান্ত দাসগুপ্তই ভাৰতীয় ৰে’লসেৱাৰ এগৰাকী চিকিৎসক হিচাপে কৰ্মনিৰ্বাহ কৰিছিল। ইয়াৰ ফলত শৈশৱৰ প্ৰাৰম্ভিক সময়ছোৱা বুদ্ধদেৱ দাসগুপ্তই ভ্ৰমণতেই কটাছিল। বাৰবছৰ বয়সত তেখেতে কলিকতাৰ হাওৰাত থকা দীনবন্ধু বিদ্যালয়ত পঢ়িবলৈ আহে।৩ স্বৰাজোত্তৰ কালত, তেখেতৰ পিতৃ খড়গপুৰলৈ বদলি হয় আৰু পৰৱৰ্তী সময়ত বৰ্তমানৰ ছত্তীসগঢ়ত থকা মানেন্দ্ৰগড়লৈ বদলি হয়।৪

কলিকতা বিশ্ববিদ্যালয়ৰ অধীনস্থ স্কটিছ ছাৰ্ছ কলেজত বুদ্ধদেৱ দাসগুপ্তই অৰ্থনীতি অধ্যয়ন কৰে।৫৬

কৰ্মজীৱন

বৰদ্বান বিশ্ববিদ্যালয়ৰ অধীনস্থ শ্যামসুন্দৰ কলেজত অৰ্থনীতিৰ এগৰাকী প্ৰবক্তা হিচাপে বুদ্ধদেৱ দাসগুপ্তই কেৰিয়াৰৰ পাতনি মেলিছিল। ইয়াৰ পিছত তেখেতে চিটি কলেজত যোগদান কৰে। কিন্তু ১৯৭৬ চনত তেখেতে অৰ্থনৈতিক শাস্ত্ৰ আৰু সমাজ-ৰাজনৈতিক বাস্তৱতাৰ মাজত থকা বৈসাদৃশ্য অনুধাৱন কৰে আৰু ছবি-নিৰ্মাণৰ দিশে অগ্ৰসৰ হয়।১ সমান্তৰালভাৱে, কলিকতা চলচ্চিত্ৰ সংঘৰ জৰিয়তে তেখেতে চাৰ্লি ছেপলিন, ইংগাৰ বাৰ্গমেন, আস্কিৰা কুৰুশ্বাৱা, ভিট্টৰিঅ' ডে ছিকা, ৰবাৰ্টো ৰছেলিনী আৰু মাইকেলেঞ্জেলো এণ্টনিয়নিৰ দৰে পৰিচালকৰ কৰ্মৰাজিৰ লগত পৰিচয় হয়। উল্লেখ্য যে, উচ্চ মাধ্যমিকত অধ্যয়ন কৰি থকা কালত তেখেতে নিজৰ খুড়ায়েকৰ লগত এইটো সংঘলৈ অহা-যোৱা কৰিছিল। এইসকল ছবি আৰু পৰিচালকে দাসগুপ্তক ছবি-নিৰ্মাণক অভিব্যক্তিৰ মাধ্যম হিচাপে গ্ৰহণ কৰিবলৈ প্ৰেৰণা যোগালে।৭ ১৯৬৮ চনত তেখেতে নিজৰ চলচ্চিত্ৰ-জীৱন আৰম্ভ কৰিলে এখন দহমিনিটীয়া তথ্যচিত্ৰৰে। নাম আছিল-'The Continent of Love'। ১৯৭৮ চনতহে, অৰ্থাৎ প্ৰায় দহ বছৰৰ পাছতহে দাসগুপ্তৰ দ্বাৰা নিৰ্দেশিত প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি 'দূৰত্ব'ৰ মুক্তি হয়।৮

তেখেতৰ কাব্যময়তাই চিনেমাকো সমৃদ্ধ কৰিছে। চলচ্চিত্ৰ-জীৱনৰ প্ৰথম কালছোৱাত, দাসগুপ্তই সত্যজিৎ ৰায়ৰ বাস্তৱবাদী ধাৰাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিছিল আৰু ইয়াৰ প্ৰভাৱ তেখেতৰ ছবিসমূহতো প্ৰতীয়মান হৈছিল। পাছলৈ তেখেতে ভিন্ন বৈচিত্ৰ্যৰ ছবি-নিৰ্মাণত হাত দিয়ে।৯

ব্যক্তিগত জীৱন

বুদ্ধদেৱ দাসগুপ্তৰ পত্নী সোহিনী দাসগুপ্তও এগৰাকী ছবি-নিৰ্মাতা। তেওঁলোকৰ দুগৰাকী কন্যা সন্তান আছে।১০ কনিষ্ঠ জীয়ৰী অলোকানন্দ দাসগুপ্ত এগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত ধ্ৰুপদী পিয়ানোবাদক। ২০১৩ চনত তেখেতে পিতৃৰ দ্বাৰা পৰিচালিত হিন্দী ভাষা ভাষাৰ ছবি ' আনৱাৰ কা অজব কিচ্চা' নামৰ ছবিখনৰ বাবে নেপথ্য সংগীতৰ ৰচনা কৰে। ' এ.কে. ভাৰ্ছেছ এ.কে.', 'ছেক্ৰেড গেইমছ', 'ট্ৰেপড্' আদিৰ দৰে চিনেমা আৰু ছিৰিজতো অলোকানন্দাই সংগীত সংযোজন কৰিছে।১১

চলচ্চিত্ৰপুঞ্জী

পূৰ্ণদৈৰ্ঘ্যৰ ছবি

  • 'সময়ৰ কাঁচে' (১৯৬৮) (চুটি ছবি)
  • 'দূৰত্ব' (১৯৭৮)
  • 'নিম অন্নপূৰ্ণা (১৯৭৯)
  • 'গৃহযুদ্ধ' (১৯৮২)
  • 'আন্ধী গলি' (১৯৮৪) (হিন্দী ভাষাৰ)
  • 'ফেৰা' (১৯৮৮)
  • 'বাঘ বাহাদুৰ' (১৯৮৯)
  • 'টাহাদেৰ কথা' (১৯৯২)
  • 'চৰাচৰ' (১৯৯৩)
  • 'লাল দৰ্জা (১৯৯৭)
  • 'উত্তৰা (২০০০)
  • 'মণ্ডো মেয়াৰ উপাখ্যান (২০০২)
  • 'স্বপ্নেৰ দিন (২০০৪)
  • 'আমি, য়াছিন আৰু আমাৰ মধুবাল' (২০০৭)
  • 'কালপুৰুষ (২০০৮)
  • 'জানালা (২০০৯)১২
  • 'মুক্তি' (২০১২)
  • 'পত্ৰলেখা' (২০১২)
  • 'আনৱাৰকা অজব কিচ্চা' (২০১৩, হিন্দী ভাষাৰ)১৩
  • 'টোপে' (২০১৭)
  • 'উৰুজাহাজ (২০১৮)'

তথ্যচিত্ৰ আৰু টেলিভিছনৰ কৰ্ম

  • 'দ্য কনটিনেণ্ট অৱ লাভ' (১৯৬৮)
  • 'ঢোলেৰ ৰাজা খিৰোড়ে নাট্টা' (১৯৭৩)
  • 'ফিছাফমেন অৱ সুন্দৰবন' (১৯৭৪)
  • 'শৰৎচন্দ্ৰ' (১৯৭৫)
  • 'ৰিদম অৱ ষ্টিল' (১৯৮১)
  • ' ইণ্ডিয়ান ছায়েন্স মাৰ্ছেছ এহেড' (১৯৮৪)
  • 'বিজ্ঞান ও তাৰ আৱিষ্কাৰ' (১৯৮০)
  • 'ষ্টৰী অৱ গ্লাছ' (১৯৮৫)
  • 'ইণ্ডিয়া অন দ্য মুভ' (১৯৮৫)
  • 'ছিৰামিকছ' (১৯৮৬)
  • 'আৰণ্যক' (১৯৯৬)
  • 'কণ্টেম্পৰাৰী ইণ্ডিয়ান স্কালপছাৰ' (১৯৮৭)
  • 'হিষ্ট্ৰী অৱ ইণ্ডিয়ান জ্যুট' (১৯৯০)

বঁটা-সন্মান

২০০৪ চনৰ ৩ ফেব্ৰুৱাৰিত, মুম্বাইৰ পি.এল. দেশপাণ্ডে প্ৰেক্ষাগৃহত অনুষ্ঠিত অষ্টম মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ শুভ-উদ্বোধন কৰাৰ মুহূৰ্তত দাসগুপ্ত (সোঁফালৰ পৰা দ্বিতীগৰাকী)
২০০৪ চনৰ ৩ ফেব্ৰুৱাৰিত, মুম্বাইৰ পি.এল. দেশপাণ্ডে প্ৰেক্ষাগৃহত অনুষ্ঠিত অষ্টম মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ শুভ-উদ্বোধন কৰাৰ মুহূৰ্তত দাসগুপ্ত (সোঁফালৰ পৰা দ্বিতীগৰাকী)ছবি: Government of India · GODL-India
  • ২০০৮ চনৰ ২৭ মে'ত মাদ্ৰিদৰ "স্পেইন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ"ত 'জীৱনজোৰা সাধনা'ৰ বঁটা১
  • ২০০৭ চনত এথেন্স আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱূ গল্ডেন এথেনা বঁটা
  • ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
    • শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা
    • ১৯৮৯: বাঘ বাহাদুৰ
    • ১৯৩: চৰাচৰ
    • ১৯৯৭: লাল দৰ্জা
    • ২০০২: মণ্ডো মেয়াৰ উপাখ্যান
    • ২০০৮: কালপুৰুষ
    • শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
    • ২০০০: উত্তৰা
    • ২০০৫: স্বপ্নেৰ দিন
    • শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় বঁটা
    • ১৯৮৭: ফেৰা
    • বঙালী ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
    • ১৯৭৮: দূৰত্ব
    • ১৯৯৩: তাহাডেৰ কথা
    • শ্ৰেষ্ঠ কলাত্মক/সাংস্কৃতিক ছবি শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
    • ১৯৯৮: 'A Painter of Eloquent Silence: Ganesh Pyne'১৪
  • ভেনিচ চলচ্চিত্ৰ মহোৎসৱ
    • ১৯৮২: FIPRESCI বঁটা: গৃহযুদ্ধ
    • ২০০০: ছিলভাৰ লায়ন, শ্ৰেষ্ঠ পৰিচালক: উত্তৰা
    • ১৯৮২: গল্ডেন লায়ন মনোনয়ন: গৃহযুদ্ধ
    • ২০০০: গল্ডেন লায়ন মনোনয়ন: উত্তৰা
  • বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ
    • ৩৮সংখ্যক বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ১৯৮৮: গল্ডেন বিয়েৰ মনোনয়ন: ফেৰা১৫
    • ৪৪তম বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ১৯৯৪: গল্ডেন বিয়েৰ মনোনয়ন: চৰাচৰ১৬
  • লকাৰ্ণো চলচ্চিত্ৰ মহোৎসৱ
    • সমালোচকৰ বঁটা: দূৰত্ব
    • বিচাৰকৰ বিশেষ সন্মান: নীম অন্নপূৰ্ণা
  • এছিয়া পেছিফিক চলচ্চিত্ৰ মহোৎসৱ
    • শ্ৰেষ্ঠ ছবি: জানালা
  • কাৰ্লোভী ভাৰী চলচ্চিত্ৰ মহোৎসৱ
  • ডামাছকাছ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ
    • গল্ডেন বঁটা: নীম অন্নপূৰ্ণা
  • বেংগক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ
    • শ্ৰেষ্ঠ এছিয়ান চলচ্চিত্ৰ বঁটা (২০০৩): মণ্ডো মেয়াৰ উপাখ্যান

মৃত্যু

২০২১ চনৰ ১০ জুন তাৰিখে ৭৭ বচৰ বয়সত বুদ্ধদেৱ দাসগুপ্তৰ জীৱন-নাটৰ সামৰণি পৰে।১৭১৮

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Merchant of Dreams: Buddhadeb Dasgupta gets lifetime achievement award at the Spain International Film Festival 'The Tribune', 31 May 2008
  2. ↑ Buddhadeb Dasgupta Profile at Calcuttaweb.com
  3. ↑ Hood, p. 2
  4. ↑ Hood, p. 3
  5. ↑ 'Some Alumni of Scottish Church College' in '175th Year Commemoration Volume'. Scottish Church College, April 2008, p. 588
  6. ↑ 'Aami, Tumi, O Scottish' (translated from Bengali:"Me, You, and Scottish") in '175th Year Commemoration Volume'. Scottish Church College, April 2008, p. 430-1
  7. ↑ Hood, p. 14
  8. ↑ Syed, M.H. (2005). Encyclopaedia of Modern Journalism and Mass Media. Anmol Publications. পৃ. 210. ISBN 81-261-2420-2
  9. ↑ Buddhadeb Dasgupta 'Upperstall.com
  10. ↑ www.thehindu.com/news/cities/kolkata/critically-
  11. ↑ www.imdb.com/name/nm4428306/
  12. ↑ Filmography 'The New York Times'
  13. ↑ Sniffer (Anwar Ka Ajab Kissa). The Guardian
  14. ↑ 46th National Film Awards. Directorate of Film Festivals
  15. ↑ Berlinale: 1988 Programme. berlinale.de
  16. ↑ Berlinale: 1994 Programme. berlinale.de
  17. ↑ Buddhadeb’s 'Bag Bahadur' Pavan Malhotra pays a tribute to 5-time National Film Award winning auteur. connectedtoindia.com
  18. ↑ (2021-06-10). Buddhadeb Dasgupta, National Award-winning Bengali filmmaker, passes away aged 77 after prolonged kidney ailment-Entertainment News, Firstpost. Firstpost

সম্পৰ্কিত শ্ৰেণী

পশ্চিমবঙ্গৰ ব্যক্তিভাৰতৰ চলচ্চিত্ৰ পৰিচালকভাৰতীয় কবিশ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীশ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীতথ্যচিত্ৰ নিৰ্মাতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বুদ্ধদেৱ দাসগুপ্ত” প্ৰবন্ধৰ সংশোধন ৪২৯৫২৩ (২৪ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।