ভাৰতীয় কবি
৪৯ প্ৰবন্ধ
-
অটল বিহাৰী বাজপায়ী
অটল বিহাৰী বাজপেয়ী (अटल बिहारी वाजपायी; Atal Bihari Vajpayee; জন্ম ২৫ ডিচেম্বৰ ১৯২৪) স্বাধীন ভাৰতৰ ১০ম প্ৰধানমন্ত্ৰী। তেখেত মুঠ তিনিবাৰৰ বাবে, পোনপ্ৰথমবাৰ ১৯৯৬ চনত মাত্ৰ ১৩ দিনৰ বাবে (১৬ মে' ১৯৯৬-১ জুন ১৯৯৬), তাৰপাছত ১৯৯৮ - ১৯৯৯ চনত ১৩ মাহৰ বাবে (১৯ মাৰ্চ ১৯৯৮, দ্বাদশ লোকসভা) আৰু চুড়ান্তভাৱে ১৯৯৯…
-
তুলসীদাস
তুলসীদাস বা গোস্বামী তুলসীদাস হৈছে এজন হিন্দু বৈষ্ণৱ কবি। ভক্তি সাহিত্যৰ ৰামভক্তি ধাৰাৰ প্ৰধান কবিসকলৰ ভিতৰত তেওঁ অন্যতম। তেওঁ সংস্কৃত বাল্মীকি ৰামায়ণৰ তেওঁ অৱধি ভাষালৈ কৰা ৰামচৰিত-মানসৰ অনুবাদৰ বাবে প্ৰধানকৈ প্ৰখ্যাত। তুলসীয়ে জীৱনৰ অধিক কাল বাৰানসীৰ আশী ঘাটৰ সমীপত কটায়।
-
কবীৰ
কবীৰ (১৩৯৮–১৫১৮) এগৰাকী কবি, সন্ত, উত্তৰ ভাৰতৰ এগৰাকী ধৰ্মগুৰু। কবীৰৰ লিখনিয়ে হিন্দু ধৰ্মৰ ভক্তি আন্দোলনত প্ৰভাৱিত কৰিছিল আৰু তেওঁৰ পদ বা দোহাসমূহ শিখ ধৰ্মৰ ধৰ্মগ্ৰন্থ গুৰু গ্ৰন্থ চাহিব সন্ত গৰিব দাসৰ সতগুৰু গ্ৰন্থ চাহাব, আৰু ধৰ্মদাসৰ কবীৰসাগৰত পোৱা যায়।
-
তুকাৰাম
সন্ত তুকাৰাম ১৭শ শতিকাৰ ভাৰতৰ মহাৰাষ্ট্ৰৰ ভক্তি আন্দোলনৰ সময়ৰ হিন্দু কবি আৰু সন্ত আছিল। তেওঁ ‘অভঙ্গ’ নামৰ ভক্তিমূলক কবিতা আৰু ‘কীৰ্তন’ নামৰ পূজাৰ ভক্তিমূলক গীতবোৰৰ বাবে জনাযায়।
-
বুদ্ধদেৱ দাসগুপ্ত
বুদ্ধদেৱ দাসগুপ্ত (Buddhadeb Dasgupta; ১১ ফেব্ৰুৱাৰী ১৯৪৪ – ১০ জুন ২০২১) আছিল এগৰাকী বঙালী কবি, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ-নিৰ্মাতা। 'বাঘ বাহাদুৰ', 'তাহাদেৰ কথা', 'চৰাচৰ' আৰু 'উত্তৰা' আদি ছবিৰ বাবে দাসগুপ্তই সমাদৰ লাভ কৰিছিল।
-
মিৰ্জা গালিব
মিৰ্জা গালিব (Mirza Ghalib, مرزا غالب; मिर्ज़ा ग़ालिब) হৈছে সৰ্বকালৰ প্ৰসিদ্ধ উৰ্দু কবিসকলৰ মাজৰ এজন। মিৰ্জা আছাদুল্লা বাইগ খান (Mirza Asadullah Baig Khan, উৰ্দু/পাৰ্ছী: ) ৰূপে তেখেতৰ জন্ম হৈছিল৷ গালিব হৈছে তেওঁৰ ছদ্মনাম।১৭৯৭ চনৰ ২৭ ডিচেম্বৰত আগ্ৰাত গালিবৰ জন্ম হয়।
-
বিক্ৰম শেঠ
বিক্ৰম শেঠ (Vikram Seth; জন্ম ২০ জুন ১৯৫২) হৈছে এগৰাকী ভাৰতীয় ঔপন্যাসিক আৰু কবি। তেওঁ কেইবাখনো উপন্যাস আৰু কাব্যগ্ৰন্থ ৰচনা কৰিছা। তেওঁ পদ্মশ্ৰী, সাহিত্য অকাডেমি বঁটা, প্ৰবাসী ভাৰতীয় সন্মান, ডব্লিউ এইচ স্মিথ সাহিত্যিক বঁটা, ক্ৰছৱৰ্ড বুক এৱাৰ্ড আদিকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে।
-
জয় গোস্বামী
জয় গোস্বামী (জন্ম: ১০ নৱেম্বৰ, ১৯৫৪) বিংশ শতিকাৰ শেষৰ ফালে আত্মপ্ৰকাশ কৰা এজন আধুনিক বাংলা কবি। ভাৰতৰ পশ্চিম বংগৰ এই কবিক বাংলা ভাষাৰ জীৱনানন্দৰ পিছৰ পৰ্যায়ৰ অন্যতম জনপ্ৰিয় কবি বুলি গণ্য কৰা হয়। তেওঁৰ কবিতা বিস্ময়কৰ চিত্ৰকল্প, উপমা আৰু উপমাৰে ভৰপূৰ। তেওঁ দুবাৰকৈ আনন্দ বঁটা লাভ কৰিছে।
-
বাণভট্ট
বাণভট্ট (সংস্কৃত: बाणभट्ट) সপ্তম শতিকাৰ এগৰাকী সংস্কৃত গদ্য সাহিত্যিক আৰু কবি আছিল। তেওঁ সম্ৰাট হৰ্ষবৰ্দ্ধনৰ কন্যাকুব্জ ৰাজসভাৰ ‘আস্থা কবি’ আছিল। বাণভট্টৰ প্ৰধান কৃতি হ’ল সম্ৰাট হৰ্ষবৰ্দ্ধনৰ জীৱনী হৰ্ষচৰিত আৰু বিশ্বসাহিত্যৰ প্ৰাচীনতম উপন্যাসসমূহৰ অন্যতম কাদম্বৰী।
-
লোপামুদ্ৰা
লোপামুদ্ৰা, যাক কাবেৰী, কৌশিতকী আৰু বৰাপ্ৰদা বুলিও জনা যায়, প্ৰাচীন বৈদিক ভাৰতীয় সাহিত্যৰ এগৰাকী দাৰ্শনিক আছিল। প্ৰাচীন সাহিত্যৰ মতে ঋগ্বেদৰ যুগত (১৯৫০ খ্ৰীষ্টপূৰ্ব-১১০০ খ্ৰীষ্টপূৰ্ব)বাস কৰা বুলি বিশ্বাস কৰা অগস্ত্য ঋষিৰ পত্নী আছিল কাৰণ এই বেদত তেওঁৰ অৱদান বুলি বহুতো গীতৰ আৰোপ কৰা হৈছে।
-
সুৰদাস
সুৰদাস আছিল ষোড়শ শতিকাৰ এজন অন্ধ হিন্দু ভক্তি কবি আৰু গায়ক, যি কৃষ্ণৰ প্ৰশংসাত ৰচিত ৰচনাৰ বাবে পৰিচিত আছিল৷ তেওঁৰ ৰচনাসমূহে তেওঁৰ কৃষ্ণৰ প্ৰতি থকা ভক্তিক ধৰি ৰাখিছিল। তেওঁৰ অধিকাংশ কবিতা ব্ৰজ ভাষাত ৰচনা হোৱাৰ বিপৰীতে কিছুমান মধ্যযুগীয় হিন্দীৰ আন উপভাষাতো ৰচনা কৰা হৈছিল, যেনে অৱধী।
-
কে সচিদানন্দন
কে সচিদানন্দন (K sachidanandan; জন্ম: ২৮ মে', ১৯৪৬) এগৰাকী ভাৰতীয় কবি আৰু সমালোচক, যি মালয়ালম আৰু ইংৰাজী ভাষাত সাহিত্যকৃতি ৰচনা কৰে। তেওঁ এগৰাকী নাট্যকাৰ, স্তম্ভলেখক, সম্পাদক আৰু অনুবাদক। সচিদানন্দনক আধুনিক মালয়ালম কবিতাৰ অগ্ৰদূত বুলি কোৱা হয়।
-
চণ্ডীদাস
চণ্ডীদাস ( Chandidas) মধ্যযুগীয় ভাৰতৰ এজন বাংলা কবি আছিল অথবা সম্ভৱতঃ এজনতকৈও অধিক একেনামৰ ব্যক্তি আছিল। তেওঁ মধ্যযুগীয় বাংলা ভাষাত ৰাধা আৰু কৃষ্ণৰ প্ৰেমৰ বৰ্ণনাৰে ১২৫০ টাতকৈও অধিক কবিতা লিখিছিল।
-
তপন কুমাৰ প্ৰধান
তপন কুমাৰ প্ৰধান (জন্ম ১৯৭২) উৰিষ্যাৰ এজন ভাৰতীয় কবি, লেখক আৰু অনুবাদক। তেওঁ তেওঁৰ কবিতা সংকলন "কালাহাণ্ডি"ৰ বাবে সৰ্বাধিক জনাজাত যাক ২০০৭ চনত সাহিত্য অকাডেমীৰ সোণালী জয়ন্তী অনুবাদ বঁটাত কবিতাৰ বাবে দ্বিতীয় স্থান প্ৰদান কৰা হৈছিল।
-
ফকীৰ মোহন সেনাপতি
ফকীৰ মোহন সেনাপতি (ওড়িয়া: ଫକୀର ମୋହନ ସେନାପତି; ১৩ জানুৱাৰী ১৮৪৩ – ১৪ জুন ১৯১৮), আছিল উৎকল ব্যাস কবি (ওড়িশাৰ বেদব্যাস) নামেৰে উল্লেখযোগ্য এজন ভাৰতীয় সাহিত্যিক, কবি, দাৰ্শনিক আৰু সমাজ সংস্কাৰক। মূলতঃ ভাৰতৰ ওড়িশা ৰাজ্যত কথিত ভাষা ওড়িয়া ভাষাৰ সুকীয়া পৰিচয় প্ৰতিষ্ঠা কৰাত তেওঁৰ সহায় আছিল।
-
কৃত্তিবাস ওঝা
মহাকবি কৃত্তিবাস ওঝা আছিল এজন মধ্যযুগীয় বাংলা কবি। বাংলা সাহিত্য আৰু সংস্কৃতিলৈ তেওঁৰ প্ৰধান অৱদান আছিল, বাংলা ভাষাত ৰচিত ভাৰতীয় মহাকাব্য ৰামায়ণ। তেওঁৰ গ্ৰন্থ শ্ৰীৰাম পাঁচালি জনপ্ৰিয়ভাৱে কৃত্তিবাসী ৰামায়ণ নামেৰে জনাজাত।
-
ব্ৰজনাথ ৰথ
ব্ৰজনাথ ৰথ (Brajanath Ratha) (১২ জানুৱাৰী ১৯৩৬ – ৩১ মে’ ২০১৪) এগৰাকী আধুনিক ওড়িয়া কবি। ১৯৩৬ চনত ওড়িশাৰ বালেশ্বৰ জিলাৰ সুনহট নামৰ ঠাইত জন্ম। ব্ৰজনাথ ৰথে দেশ, জাতি আৰু সাধাৰণ লোকক লৈ তেওঁৰ কবিতাসমূহ ৰচনা কৰিছিল।
-
সুভদ্ৰা কুমাৰী চৌহান
সুভদ্ৰা কুমাৰী চৌহান (১৬ অক্টোবৰ ১৯০৪- ১৫ ফেব্ৰুৱাৰী ১৯৪৮) এগৰাকী ভাৰতীয় কবি। তেখেতৰ জনপ্ৰিয় কবিতাটি হ'ল "ঝাঁসি কি ৰাণী।" সুভদ্ৰা কুমাৰী চৌহান জন্ম হৈছিল ১৯০৪ চনৰ ১৬ আগষ্ট তাৰিখে, এলাহবাদত।
-
সূৰ্যকান্ত ত্ৰিপাঠী
সূৰ্যকান্ত ত্ৰিপাঠী (২১ ফেব্ৰুৱাৰী ১৮৯৯ – ১৫ অক্টোবৰ ১৯৬১) এজন ভাৰতীয় কবি, সাহিত্যিক, সুৰকাৰ, আৰু স্কেচ আৰ্টিষ্ট আছিল, তেওঁৰ ৰচনা সমূহ হিন্দী ভাষাৰ আছিল। তেওঁক হিন্দী সাহিত্যৰ ছায়াবাদ যুগৰ চাৰিটা মুখ্য স্তম্ভৰ এটা ৰূপে গণ্য কৰা হয়।
-
ৰাহত ইন্দোৰী
ৰাহত কুৰেশ্বি জন্মপ্ৰিয়ভাবে ৰাহত ইন্দোৰী (১ জানুৱাৰী ১৯৫০ – ১১ আগষ্ট ২০২০) এগৰাকী উৰ্দু কবি, শ্বায়েৰ আৰু হিন্দী চলচ্চিত্ৰৰ গীতিকাৰ। তেওঁ উৰ্দু ভাষাৰ শিক্ষাবিদ আৰু এগৰাকী চিত্ৰশিল্পী হিচাপেও বিখ্যাত আছিল। তেওঁ মধ্য প্ৰদেশৰ ইন্দোৰত অৱস্থিত দেৱী অহল্যা বিশ্ববিদ্যালয়ৰ উৰ্দু সাহিত্যৰ অধ্যাপক আছিল।
-
আদিকবি পম্পা
পম্পা (অনুমানিক দশম শতিকা), সন্মানীয় আদিকবি (আদিনাথ পুৰাণৰ কবি)য়েও উল্লেখ কৰা এজন কানাড়া ভাষাৰ জৈন কবি আছিল, যাৰ ৰচনাসমূহে তেওঁৰ দাৰ্শনিক বিশ্বাসক প্ৰতিফলিত কৰিছিল। ৰাষ্ট্ৰকুট সম্ৰাট তৃতীয় কৃষ্ণৰ সামন্ত ভেমুলাবাদ চালুক্য ৰজা দ্বিতীয় অৰিকেছাৰীৰ ৰাজদৰবাৰ কবি আছিল।
-
চৰণকুমাৰ লিম্বালে
চৰণকুমাৰ লিম্বালে (Sharankumar Limbale; জন্ম: ১ জুন, ১৯৫৬) এগৰাকী মাৰাঠী ভাষাৰ লেখক, কবি আৰু সাহিত্য সমালোচক। তেওঁ ৪০ খনতকৈও অধিক কিতাপ লিখিছে। ১৯৮৪ চনত প্ৰকাশিত তেওঁৰ আত্মজীৱনী অক্কৰ্মাশী হৈছে তেওঁৰ আটাইতকৈ জনাজাত আৰু বহুপঠিত গ্ৰন্থ।
-
প্ৰথম নাক্কিৰাৰ
প্ৰথম নাক্কিৰাৰ (খ্ৰীষ্টপূৰ্ব ২৫০) আছিল সংগম যুগৰ কবি, যিয়ে নেতুনালভাটাইকে ধৰি সংকলন ৰচনা কৰিছিল। তেওঁ থিৰুৱল্লুৱ মালাইৰ ৭ নং পদো লিখিছিল।
-
পৰনাৰ
পৰনাৰ (তামিল: பரணர்) (প্ৰায় ১ম শতিকা খ্ৰীষ্টাব্দ) সংগম যুগৰ কবি আছিল, যাৰ বাবে সংগম সাহিত্যৰ ৮৪টা পদ্যৰ আৰোপ কৰা হৈছে, ইয়াৰ উপৰিও তিৰুৱল্লুৱ মালাইৰ ৬ নং পদটো তেওঁৰ বুলি কোৱা হয়।
-
বিলহান
কবি বিলহান আছিল একাদশ শতিকাৰ কাশ্মিৰী কবি। তেওঁ তেওঁৰ প্ৰেম কবিতা চৌৰপঞ্চাশিকাৰ বাবে জনাজাত। কিংবদন্তি অনুসৰি বিলহানে ৰজা মদনভিৰামৰ কন্যা ৰাজকুমাৰী যামিনীপূৰ্ণাতিলকৰ প্ৰেমত পৰিছিল আৰু গোপনে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল। বিলহান কবি চান্দছু শিকিবলৈ ৰাজ্যলৈ আহিছিল।
-
বিশাখদত্ত
বিশাখদত্ত (সংস্কৃত: विशाखदत्तः) এগৰাকী ভাৰতীয় সংস্কৃত কবি আৰু নাট্যকাৰ আছিল। বিশাখদত্তই তেওঁৰ ৰাজনৈতিক নাটক মুদ্ৰাৰাক্ষসত পিতৃ আৰু ককাকৰ নাম মহাৰাজ ভাস্কৰদত্ত আৰু মহাৰাজ বতেশ্বৰদত্ত বুলি উল্লেখ কৰিছে যদিও তেওঁৰ বিষয়ে আমি আন একো নাজানো।
-
মন্দাক্ৰান্তা সেন
মন্দাক্ৰান্তা সেন (Mandakranta Sen, জন্ম: ১৫ ছেপ্টেম্বৰ ১৯৭২, পশ্চিম বংগৰ কলকাতাত) এগৰাকী ভাৰতীয় কবি। ১৯৯১ চনৰপৰা ১৯৯৭ চনলৈ তেওঁ চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰিছিল যদিও স্নাতক হোৱাৰ পূ্ৰ্বেই চূড়ান্ত পৰীক্ষাৰ আগত পঢ়া শেষ কৰি সাহিত্যত অধিক মনোনিৱেশ কৰিবলৈ ল'লে।
-
সাৰলা দাস
সাৰলা দাস (ওড়িয়া: ସାରଳା ଦାସ, ইংৰাজী: Sarala Dasa, জন্মনাম: সিদ্ধেশ্বৰ পৰিড়া) আছিল ওডিয়া সাহিত্যৰ ১৫শ শতিকাৰ এজন খ্যাতনামা কবি আৰু পাণ্ডিত। তেওঁ সাৰলা মহাভাৰত, বিলংকা ৰামায়ণ আৰু চণ্ডী পুৰাণ নামৰ তিনখন উল্লেখযোগ্য গ্ৰন্থৰ বাবে বিশেষভাৱে পৰিচিত।
-
সুমিত্ৰানন্দন পন্ত
সুমিত্ৰাণন্দন পন্ত (২০ মে’ ১৯০০ – ২৮ ডিচেম্বৰ ১৯৭৭) এগৰাকী খ্যাতনামা ভাৰতীয় কবি আছিল। বিংশ শতিকাৰ সকলোতকৈ প্ৰশংসিত হিন্দী কবিসকলৰ ভিতৰত তেওঁ এগৰাকী উল্লেখযোগ্য কবি। তেওঁৰ ৰোমাণ্টিক ধাৰাৰ কবিতাসমূহেই তেওঁক বহুল জনপ্ৰিয় কৰি তুলিছিল।
-
ৰাজশেখৰ
ৰাজাশেখৰ আছিল এগৰাকী মহাৰাষ্ট্ৰী প্ৰাকৃত আৰু সংস্কৃতৰ কবি, নাট্যকাৰ আৰু সমালোচক। তেওঁ আছিল প্ৰতিহাৰ বংশৰ কনৌজৰ ৰাজদৰ্শন কবি। ৰাজাশেখৰে ৮৮০ ৰ পৰা ৯২০ খ্ৰীষ্টাব্দৰ ভিতৰত কাব্যমীমাংসা ৰচনা কৰিছিল। এই গ্ৰন্থটো মূলত কবিৰ বাবে এটা ব্যৱহাৰিক পথপ্ৰদৰ্শক যি এটা উৎকৃষ্ট কবিতাৰ উপাদান আৰু ৰচনাৰ ব্যাখ্যা দিয়ে।