বাঘ বাহাদুৰ ( Bagh Bahadur ) প্ৰফুল্ল ৰায়ৰ চুটিগল্পৰ আধাৰত নিৰ্মিত ১৯৮৯ চনৰ এখন হিন্দী ভাষাৰ নাট্যধৰ্মী চলচ্চিত্ৰ। পৰিচালনা আৰু চিত্ৰনাট্ বুদ্ধদেৱ দাসগুপ্তৰ।১২
কাহিনীৰ সাৰাংশ
‘বাঘ বাহাদুৰ’ৰ কাহিনী গ্ৰামীণ বংগৰ পটভূমিত ৰচিত। সস্তীয়া আৰু আড়ম্বৰপূৰ্ণ নগৰীয়া সংস্কৃতিয়ে কেনেকৈ গ্ৰামীণ লোক-পৰম্পৰাক ক্ৰমশঃ গ্ৰাস কৰি গৈছে, তাকেই ছবিখনত প্ৰতীকি ৰূপত উপস্থাপন কৰা হৈছে। ঘুনুৰাম এজন লোকশিল্পী। সি বাঘৰ দৰে বেশভূষা কৰি ‘বাঘনৃত্য’ প্ৰদৰ্শন কৰে। সেইবাবে ৰাইজে তাক বাঘ বাহাদুৰ নামেৰেও জানে। কেইবাখনো গাঁৱৰ মাজত অনুষ্ঠিত হোৱা মেলাত সি বাঘনৃত্য প্ৰদৰ্শন কৰিবলৈ যায়। কিন্তু ৰাইজৰ তাৰ নৃত্যৰ প্ৰতি অলপো আগ্ৰহ নাই। ৰাইজৰ আগ্ৰহ মেলালৈ নতুনকৈ অহা চিতাবাঘটোৰ প্ৰতিহে।৩
অভিনয়-শিল্পী
- পবন মালহোত্ৰা (বাঘ বাহাদুৰ)
- অৰ্চনা (ৰাধা)
- এম.ভি. বাসুদেৱ ৰাও (শিবাল)
- বিপ্লৱ চেতাৰ্জী
- ৰাজেশ্বৰী ৰায়চৌধুৰী
বঁটা
১৯৮৯ – শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা৪
তথ্যসূত্ৰ
- ↑ #DirectorsCut: 'Bagh Bahadur' symbolizes cultural displacement and the morbid state of dying art forms. The Times of India
- ↑ Ramnath, Nandini. (12 June 2021). Pavan Malhotra on Buddhadeb Dasgupta's 'Bagh Bahadur': 'Such films stay with us our whole lives'. Scroll.in
- ↑ Sharma, Shanku. (2021-01-20). Buddhadeb Dasgupta's Bagh Bahadur, a masterpiece. FilmSpell
- ↑ Pawan Malhotra: Buddhadeb Dasgupta's Bagh Bahadur enriched the repertoire I have today. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাঘ বাহাদুৰ” প্ৰবন্ধৰ সংশোধন ৪১৩৭৪৩ (২৩ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।