অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আনন্দ দেৱৰকোণ্ডা

আনন্দ দেৱৰকোণ্ডা (Anand Deverakonda; জন্ম: ১৫ মাৰ্চ ১৯৯২) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ মূলতঃ তেলেগু চলচ্চিত্ৰত অভিনয় কৰে। তেওঁৰ অভিনীত ছবিসমূহৰ ভিতৰত মিডল ক্লাছ মেল'ডিজ আৰুবেবী উল্লেখযোগ্য।

হালনাগাদ: ১১ জানুৱাৰী ২০২৬ ২০৩ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

আনন্দ দেৱৰকোণ্ডা (Anand Deverakonda; জন্ম: ১৫ মাৰ্চ ১৯৯২)১ এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ মূলতঃ তেলেগু চলচ্চিত্ৰত অভিনয় কৰে। তেওঁৰ অভিনীত ছবিসমূহৰ ভিতৰত মিডল ক্লাছ মেল'ডিজ আৰুবেবী উল্লেখযোগ্য।২

প্ৰাৰম্ভিক জীৱন

ভাৰতৰ হাইদৰাবাদত গোৱৰ্ধন ৰাও আৰু তেওঁৰ পত্নী মাধৱীৰ গৃহত আনন্দ দেৱৰকোণ্ডাৰ জন্ম হৈছিল। গোৱৰ্ধন ৰাও আছিল এগৰাকী টেলিভিছন শ্ব’ পৰিচালক, আনহাতে মাধৱী আছিল এগৰাকী চফ্ট-স্কিল টিউটৰ।৩ তেওঁৰ ককায়েক বিজয় দেৱৰকোণ্ডাও তেলেগু ছবিজগতৰ এগৰাকী অভিনেতা। ককায়েকৰ দৰে আনন্দয়ো পুট্টাপাৰ্থীৰ শ্ৰী সত্য সাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িছিল। আনন্দ দেৱেৰাকোণ্ডাই অভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰাৰ পাছত ডেলয়টত কিছুদিন কৰ্মৰত আছিল।৪ তেওঁ কেইবছৰমান আমেৰিকাত কাম কৰি ভাৰতলৈ উভতি আহে আৰু চলচ্চিত্ৰ জগতত পূৰ্ণকালীন কেৰিয়াৰ গঢ়িবলৈ সিদ্ধান্ত লয়।৫

কৰ্মজীৱন

২০১৯ চনত কেভিআৰ মহেন্দ্ৰৰ দ্বাৰা পৰিচালিত আৰু শিৱত্মিকা ৰাজেশেকাৰ অভিনীত পিৰিয়ড লাভ ষ্ট’ৰী ড’ৰাছানীৰ জৰিয়তে দেৱৰকোণ্ডাই চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। যদিও ছবিখনে ব্যৱসায়িকভাৱে ভাল ফলাফল দেখুৱাব পৰা নাছিল, তথাপিও দেৱৰকোণ্ডাই জি চিনে এৱাৰ্ডছ তেলেগু, ২০২০ত শ্ৰেষ্ঠ নৱাগত অভিনেতাৰ বঁটা লাভ কৰে।৬৭

২০২০ চনত আমাজন প্ৰাইম ভিডিঅ'ত পোনপটীয়াকৈ প্ৰিমিয়াৰ হোৱা দেৱৰকোণ্ডাৰ দ্বিতীয়খন বৈশিষ্ট্যপূৰ্ণ ছবি আছিল মিডল ক্লাছ মেল'ডিজ। পিছলৈ ২০২১ চনত তেওঁ পুষ্পক বিমানম শীৰ্ষক ছবিখনত অভিনয় কৰে।৮ কে. ভি. গুহানৰ পৰিচালনাত নিৰ্মিত তেওঁৰ পৰৱৰ্তী ছবি হাইৱে ২০২২ চনৰ ১৯ আগষ্টত আহাত প্ৰিমিয়াৰ হয়।৯ ২০২৩ চনত তেওঁ নতুন যুগৰ ৰোমান্টিক নাট্য ছবি বেবীত অভিনয় কৰে। তেওঁৰ শেহতীয়াকৈ মুক্তি লাভ কৰা ছবিখনৰ নাম হ'ল গম গম গণেশ।১০

চলচ্চিত্ৰপুঞ্জী

বৰ্ষশিৰোনামভূমিকাটোকা
২০১৯ড'ৰাছানীৰাজুশ্ৰেষ্ঠ নৱাগত অভিনেতাৰ জি চিনে বঁটা তেলেগু৭ মনোনীত — শ্ৰেষ্ঠ নৱাগত অভিনেতাৰ সাইমা বঁটা – তেলেগু
২০২০মিডল ক্লাছ মেল'ডিজৰাঘৱ
২০২১পুষ্পক বিমানমচিত্তিলংকা সুন্দৰ
২০২২হাইৱেবিষ্ণু৯
২০২৩বেবীআনন্দসন্তোষম শ্ৰেষ্ঠ অভিনেতাৰ বঁটা মনোনীত — শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা – তেলেগু
২০২৪গম গম গণেশগণেশ
ডুৱেটচিত্ৰগ্ৰহণ

তথ্যসূত্ৰ

  1. ↑ (2022-03-15). Anand Deverakonda celebrates his birthday with Vijay Deverakonda and their parents; PICS. PINKVILLA
  2. ↑ (2021-11-23). Anand Deverakonda: Will Let Audience Decide What Kind Of An Actor I am. Outlook India
  3. ↑ (2021-12-13). Anand Deverakonda: Vijay and I Developed Interest In Cinema Because Of Our Father. Outlook India
  4. ↑ (2021-10-27). Vijay Deverakonda, Anand opens up about brother things in super candid interview. Telangana Today
  5. ↑ Ist. (13 July 2019). Vijay Deverakonda reviews brother Anand's Dorasani: The storytelling was beautiful to watch. India Today
  6. ↑ Dundoo, Sangeetha Devi. (9 November 2021). Anand Deverakonda: Vijay had warned me early on that it wouldn't be easy. The Hindu
  7. ↑ (2020-01-12). Zee Cine awards Telugu 2020: Samantha Akkineni, Chiranjeevi and Nani win top laurels. Hindustan Times
  8. ↑ (11 November 2021). Anand Deverakonda: Pushpaka Vimanam is right blend of fun and organic emotions
  9. ↑ (9 October 2021). Anand Deverakonda wraps up 'Highway'. Telangana Today
  10. ↑ (8 July 2023). 'Baby' trailer: Anand Deverakonda and Vaishnavi Chaitanya se .. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেতাভাৰতীয় চলচ্চিত্ৰ অভিনেতাতেলেগু চলচ্চিত্ৰৰ অভিনেতাদক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আনন্দ দেৱৰকোণ্ডা” প্ৰবন্ধৰ সংশোধন ৫৬৯০৯০ (১১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।