১৯৭৬ বৰ্ষৰ চলচ্চিত্ৰ
৫ প্ৰবন্ধ
-
গঙা চিলনীৰ পাখি (চলচ্চিত্ৰ)
গঙা চিলনীৰ পাখি (Ganga Chilonir Pakhi ) ১৯৭৬ চনত মুক্তিপ্ৰাপ্ত এখন ক'লা-বগা অসমীয়া চলচ্চিত্ৰ। ছবিৰ পৰিচালনা আৰু সঙ্গীত আছিল পদুম বৰুৱাৰ। পদুম বৰুৱা পৰিচালিত এইখন একমাত্ৰ কথাছবি। মুক্তিৰ পিছত গঙা চিলনীৰ পাখিয়ে দৰ্শকৰ বিশেষ সঁহাৰি লাভ কৰা নাছিল। কিন্তু পিছলৈ ই ধ্ৰুপদী ছবিৰ মৰ্যাদা পাইছিল।
-
আদালত (চলচ্চিত্ৰ)
আদালত (Adalat) ১৯৭৬ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। লাচিত চিত্ৰমৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা দিলীপ ডেকাৰ। সঙ্গীত জীতু-তপনৰ। উপদেষ্টা হ’ল স্যামা মেধী৷ মূল ভূমিকাত অভিনয় কৰিছে জৰ্জ বেকাৰ দীনেশ দাস, অনুপমা ভট্টাচাৰ্য আদিয়ে।
-
পুতলা ঘৰ
পুতলা ঘৰ (Putala Ghar) ১৯৭৬ চনত মুক্তিপ্ৰাপ্ত সমৰেন্দ্ৰ নাৰায়ণ দেৱ পৰিচালিত এখন ক'লা-বগা ছবি। ছবিখন প্ৰযোজনা কৰিছিল মঙ্গলদৈৰ ইউনাইটেড প্ৰডাকচনে। সঙ্গীত তফজ্জুল আলিৰ।
-
বীৰ মংগদবলো
বীৰ মংগদবলো (Vir Mangdavalo) ১৯৭৬ চনৰ এখন গুজৰাটী ৰোমান্টিক ফেণ্টাচি ছবি। বাবুভাই মিষ্ট্ৰী পৰিচালিত ছবিখনত গুজৰাটৰ এক লোককথা চিত্ৰিত হৈছে। মুখ্য চৰিত্ৰত অভিনয় কৰিছিল উপেন্দ্ৰ ত্ৰিবেদী, অৰবিন্দ ত্ৰিবেদী আৰু স্নেহলতাই। সংগীত ৰচনা কৰিছিল অবিনাশ ব্যাসে। ছবিখন ব্যৱসায়িকভাৱে সফল হৈছিল।
-
লাইলা মজনু (১৯৭৬ চলচ্চিত্ৰ)
লাইলা মজনু (Laila Majnu) ১৯৭৬ চনৰ ভাৰতীয় হিন্দুস্তানী ভাষাৰ এখন ৰোমান্টিক নাট্যধৰ্মী ছবি, যাৰ পৰিচালক আছিল হৰনাম সিং ৰাৱাইল। মুখ্য চৰিত্ৰত ঋষি কাপুৰ, ৰঞ্জিতা আৰু ডেনী ডেনজংপাই অভিনয় কৰিছিল। ছবিখনৰ সংগীত মদন মোহন আৰু জয়দেৱৰ।