পাঠক (Pathak) হৈছে ব্ৰাহ্মণৰ এটা সম্প্ৰদায়। পাঠকসকলে ভাৰতৰ ন্যায়াধীশ আৰু উপ-ৰাষ্ট্ৰপতি ৰূপে কাৰ্য্যনিৰ্বাহ কৰিছিল। পাঠক শব্দটো সংস্কৃত ভাষাৰ পৰা আহিছে। ইয়াৰ অৰ্থ হৈছে পঢ়ুৱৈ অথবা যি জানিবলৈ বা জ্ঞান লাভ কৰিবলৈ উৎসুক।
পুৰণি কালত ব্যৱহাৰ
হিন্দু ধৰ্মত, ধৰ্মৰ বাণী প্ৰচাৰ কৰা আৰু শিক্ষা প্ৰদান কৰা লোকসকল ব্ৰাহ্মণ সম্প্ৰদায়ৰ অন্তৰ্গত। হিন্দু ধৰ্মৰ মতে, পাঠকেই হৈছে আটাইতকৈ উচ্চ শ্ৰেণী। ৰামায়ণ আৰু মহাভাৰতত ব্ৰাহ্মণ লোকৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ আছে। বৈদিক সময়ত, ব্ৰাহ্মণ সকল অকলশৰীয়াকৈ বাস কৰি ভাল পাইছিল। সেই সময়ত তেওঁলোকে নিজৰ জীৱনটো জ্ঞান আৰু ধৰ্মৰ প্ৰসাৰত উৎসৰ্গা কৰিছিল।
সাম্প্ৰতিক কালত ব্যৱহাৰ
পাঠক উপাধিটো গুজৰাট, পঞ্জাব, ভাৰত, মহাৰাষ্ট্ৰ, ৰাজস্থান, উত্তৰ প্ৰদেশ, বিহাৰ, অসম, উত্তৰাখণ্ডৰ লোকসকলে ব্যৱহাৰ কৰে। ইয়াৰ উপৰিও নেপালৰ কাঠমাণ্ডু, ঝাপা আদি ঠাইৰ লোকে এই উপাধি ব্যৱহাৰ কৰে।
পাঠক উপাধিৰ প্ৰসিদ্ধ ব্যক্তি
- বিনয় পাঠক, অভিনেতা
- ফাল্গুনি পাঠক, গায়িকা
- সুপ্ৰিয়া পাঠক, অভিনেত্ৰী
- ৰামেশ্বৰ পাঠক, কামৰূপী লোকগীত শিল্পী
- ৰত্না শ্বাহ পাঠক, অভিনেত্ৰী
লগতে চাওক
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাঠক” প্ৰবন্ধৰ সংশোধন ২৩২৫৫১ (২৯ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।