অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

বৰফুকন

ফু-কন -লৌঙ বা বৰফুকন (Borphukan, আহোম ভাষা:𑜇𑜥 𑜀𑜨𑜃𑜫 𑜎𑜤𑜂𑜫) আহোম ৰাজ্যৰ পাঁচজন পাত্ৰ মন্ত্ৰী সকলৰ মাজৰ এজন। এই পদটো আহোম চাওফা চুচেংফাই সৃষ্টি কৰিছিল। ইয়াৰ ‌উপৰিও কলিয়াবৰৰ পশ্চিম অঞ্চল বৰফুকন-এ নিয়ন্ত্ৰণ কৰিছিল। বৰফুকনৰ মুখ্য কাৰ্য্যালয় কলিয়াবৰত আছিল।

হালনাগাদ: ১৭ জুন ২০২৬ ২৫৩ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

ফু-কন -লৌঙ বা বৰফুকন (Borphukan, টাই-আহোম ভাষা:𑜇𑜥 𑜀𑜨𑜃𑜫 𑜎𑜤𑜂𑜫) আহোম ৰাজ্যৰ পাঁচজন পাত্ৰ মন্ত্ৰী সকলৰ মাজৰ এজন। এই পদটো আহোম চাওফা চুচেংফাই সৃষ্টি কৰিছিল। ইয়াৰ ‌উপৰিও কলিয়াবৰৰ পশ্চিম অঞ্চল বৰফুকন-এ নিয়ন্ত্ৰণ কৰিছিল। বৰফুকনৰ মুখ্য কাৰ্য্যালয় কলিয়াবৰত আছিল। কিন্তু পাছত লাচিত বৰফুকনৰ সময়ত গুৱাহাটীৰ ইটাখুলিলৈ স্থানান্তৰ কৰা হয়। আহোমৰ ৰাজধানীৰ পৰা এই অঞ্চলটো যথেষ্ট দূৰত হোৱা বাবে এই পদটো গুৰত্বপূৰ্ণ আছিল। আনহাতে, কলিয়াবৰৰ পূব অঞ্চলটো বৰবৰুৱা-ই নিয়ন্ত্ৰণ কৰিছিল।

বৰফুকনৰ ঘৰটো বৰ্তমানৰ গুৱাহাটীৰ ফাঁচী বজাৰ অঞ্চলত অৱস্থিত আছিল। ভৰলু নদীৰ পশ্চিমত তেওঁৰ চ’ৰাটো দোপদৰ বুলি জনা যায়) অৱস্থিত আছিল। এই চ’ৰাটো আহোমৰ ৰাজধানীত অৱস্থিত বৰ-চ’ৰাৰ নিচিনা আছিল আৰু পাঁচজন ফুকনৰ দ্বাৰা গঠিত আছিল। তেওঁলোকক একেলগে গুৱাহাটীয়া অথবা দোপদৰীয়া ফুকন বোলা হৈছিলBaruah 1992, পৃ. 200–201। বৰফুকনক প্ৰশাসনিক কাম-কাজত মজিন্দাৰ বৰুৱাই সহায় কৰিছিল। তেওঁৰ ঘৰটো বৰ্তমানৰ উপায়ুক্তৰ ঘৰটোৰ ঠাইত আছিল।

বৰফুকন সকলৰ তালিকা

  • লাঙি পানীছিয়া বৰফুকন
  • লান মুঙ ছেন
  • চিৰিং পিকচাই বৰফুকন
  • দমাই ডেকা বৰফুকন
  • লাঙি বৰফুকন
  • পিকচাই বৰফুকন
  • চেঙমুন বৰফুকন (নামনিয়াল ৰজাশহুৰ)
  • বাদুলী বৰফুকন (গড়গঞা ৰজাশহুৰ) লানফিমা
  • ঘোঁৰাকোঁৱৰ বৰফুকন
  • লাচিত বৰফুকন (লুখুৰাখুন ফৈদ) লানফিমা
  • লালুকসোলা বৰফুকন (লুখুৰাখুন ফৈদ) লানফিমা
  • ভাৰধৰা বৰফুকন (লুখুৰাখুন ফৈদ) লানফিমা
  • বান্দৰ (লানচিঙ) বৰফুকন (লানমাখৰু ফৈদ)
  • কাশী বৰফুকন
  • লাহন বৰফুকন
  • হৰনাথ বৰফুকন (ৰঙাচিলা দুৱৰা)
  • মেধি বৰফুকন
  • শিৱনাথ বৰফুকন
  • বুঢ়া চেতিয়া বৰফুকন
  • ঘিনাই বদনচন্দ্ৰ বৰফুকন (ৰঙাচিলা দুৱৰা)
  • গেন্ধেলা কলীয়া ভোমোৰা বৰফুকন
  • বদন চন্দ্ৰ বৰফুকন (ৰঙাচিলা দুৱৰা)
  • দিহিঙীয়া ঘনশ্যাম বৰফুকন
  • ভীষ্ম গগৈ বৰফুকন
  • গগৈ (সৰু অভয়াপুৰীয়া ৰাজখোৱা) বৰফুকন
  • গগৈ ডেকা বৰফুকন
  • জন্মী বৰফুকন (ৰঙাচিলা দুৱৰা)
  • ভদ্ৰচন্দ্ৰ
  • লম্বোদৰ বৰফুকন (লানমাখৰু)

তথ্যসূত্ৰ

  • Baruah, S. L. (1993). Last Days of Ahom Monarchy. Munshiram Manoharlal Publishers Pvt Ltd, New Delhi
  • Gogoi, Padmeshwar. (1968). The Tai and the Tai kingdoms. Gauhati University, Guwahati

সম্পৰ্কিত শ্ৰেণী

উপাধিআহোম ৰাজ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰফুকন” প্ৰবন্ধৰ সংশোধন ৬১২৭৫৯ (১৭ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।