অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কন্দৰ্পেশ্বৰ সিংহ

কন্দৰ্পেশ্বৰ সিংহ (Kandarpeswar Singha) আহোম ৰাজবংশৰ এগৰাকী কোঁ‌ৱৰ আছিল। তেওঁৰ জন্ম ১৮৪০ চনত হৈছিল। ১৮৪৮ চনত তেওঁ চাৰিং ৰজাৰ খিতাপ লাভ কৰে। মণিৰাম দেৱানে তেওঁক অসমৰ স্বৰ্গদেউ হিচাপে স্থাপন কৰিবলৈ কলিকতাত গৱৰ্ণৰ জেনেৰেলৰ ওচৰত আবেদন কৰিছিল।

হালনাগাদ: ২ ছেপ্তেম্বৰ ২০২৩ ৩২২ শব্দ · ২ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

কন্দৰ্পেশ্বৰ সিংহ (Kandarpeswar Singha) আহোম ৰাজবংশৰ এগৰাকী কোঁ‌ৱৰ আছিল। তেওঁৰ জন্ম ১৮৪০ চনত হৈছিল। ১৮৪৮ চনত তেওঁ চাৰিং ৰজাৰ খিতাপ লাভ কৰে। মণিৰাম দেৱানে তেওঁক অসমৰ চাওফা হিচাপে স্থাপন কৰিবলৈ কলিকতাত গৱৰ্ণৰ জেনেৰেলৰ ওচৰত আবেদন কৰিছিল। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত মণিৰাম দেৱানৰ লগতে তেওঁক ইংৰাজ চৰকাৰৰ বিৰুদ্ধাচৰণ কৰাৰ অভিযোগত আটক কৰা হৈছিল। ইয়াৰ বাবে তেওঁ ৰাজ্যিক বন্দী হিচাপে প্ৰথমে আলিপুৰ আৰু পিছলৈ বৰদোৱানলৈ প্ৰেৰণ কৰা হৈছিল।১২

বংশ পৰিচয়

কন্দৰ্পেশ্বৰ সিংহ আহোমৰ শেষ তথা ইংৰাজৰ কৰতলীয়া ৰজা পুৰন্দৰ সিংহৰ নাতি। তেওঁৰ পিতৃৰ নাম কামেশ্বৰ সিংহ আৰু মাতৃৰ নাম লক্ষিপ্ৰিয়া। তেওঁ ভাৰতৰ ৪৬তম মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ পূৰ্বপুৰুষ।৩

চিপাহী বিদ্ৰোহত ভূমিকা

অসমীয়া মানুহৰ বিপৰ্যয়ৰ মূলতে ব্ৰিটিছৰ শাসন বুলি উপলব্ধি কৰি মণিৰাম দেৱানে কন্দৰ্পেশ্বৰ সিংহক উজনি অসমৰ ৰাজসিংহাসনত বহুৱাবলৈ উঠি-পৰি লাগিছিল। তেওঁ ম’ফাট মিলছ চাহাবক আহোম ৰাজ্যৰ উত্তৰাধিকাৰী দুজনৰ এজনক স্বৰ্গদেউ পাতিবলৈ স্মাৰক পত্ৰ দিয়ে। ম’ফাট মিলছ্ চাহাবে এই দাবী অগ্ৰাহ্য কৰাত ১৮৫৪ চনত মণিৰামে পুনৰ কন্দৰ্পেশ্বৰৰ হতুৱাই আন এখন দাবী পত্ৰ দিয়ায়। তথাপি কোনো ফল নধৰাত কন্দৰ্পেশ্বৰ সিংহই বছৰি এহেজাৰ টকাৰ পেন্সন বিচাৰে। কিন্তু কোম্পানী চৰকাৰে কন্দৰ্পেশ্বৰৰ পূৰ্বপুৰুষে বহু সম্পদ থৈ গৈছে বুলি সেই দাবীও অগ্ৰাহ্য কৰিলে। সেয়ে, মণিৰাম দেৱানে আহোম ৰাজতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠাৰ দাবীৰে ১৮৫৭ চনত কোম্পানীৰ চৰকাৰৰ উৰ্দ্ধতন কৰ্তৃপক্ষক এই বিষয়ে পতিয়ন নিয়াবলৈ বুলি তেওঁ কলিকতাত উপস্থিত হয়। মণিৰাম দেৱানক এই যাত্ৰাৰ চাৰিং ৰজা কন্দৰ্পেশ্বৰ সিংহই কিছু সোণ ৰূপ দি সহায় কৰিছিল।৪ সেই সময়তে ভাৰতত আৰম্ভ হোৱা চিপাহী বিদ্ৰোহৰ সম্ভেদ পাই তেওঁ বিদ্ৰোহৰ জৰিয়তে নিজৰ প্ৰাপ্য হস্তগত কৰাৰ পৰিকল্পনা কৰি কন্দৰ্পেশ্বৰ সিংহ, আহোম ডা-ডাঙৰীয়া, কমলাবাৰীৰ সত্ৰাধিকাৰ আদিলৈ পত্ৰযোগে বিদ্ৰোহৰ বাবে সাজু হ'বলৈ জনায়। এই বিষয়ে সম্ভেদ পাই ফাৰ্ষ্ট আছাম লাইট ইনফেণ্ট্ৰীৰ মেজৰ হেনে ১৮৫৭ চনৰ ছেপ্টেম্বৰত কন্দৰ্পেশ্বৰ সিংহ আৰু আন এজন অভিযুক্ত মধু মল্লিকক আটক কৰে। কন্দৰ্পেশ্বৰ সিংহক কলিকতালৈ প্ৰেৰণ কৰাৰ পিছত গৱৰ্ণৰ জেনেৰেলৰ আদেশ মৰ্মে তেওঁক আলিপুৰ জেইলত ৰাজবন্দীৰূপে ৰখা হয়।৫

পৰৱৰ্তী জীৱন

১৮৫৮ চনত মণিৰাম দেৱানক যোৰহাটত ফাঁ‌চী দিয়ে আৰু কন্দৰ্পেশ্বৰ সিংহক নাবালক গণ্য কৰি কলিকতাৰ আলিপুৰ জেলৰ পৰা মুকলি কৰি দিয়া হয়৬ যদিও অসমলৈ আহিবলৈ নিদি ১৮৬০ চনলৈ বৰ্দ্ধমানত ৰখা হয়।৪ তেওঁক মাহিলী ৫০০ টকাকৈ ভাট্টাও প্ৰদান কৰা হৈছিল।

মৃত্যু

কন্দৰ্পেশ্বৰ সিংহই গুৱাহাটীত ইহলীলা সম্বৰণ কৰে।

তথ্যসূত্ৰ

  1. ↑ ড° সূৰ্য্য কুমাৰ ভূঞা. তুংখুঙীয়া বুৰঞ্জী. বুৰঞ্জী আৰু প্ৰত্নতত্ত্ব অধ্যয়ন বিভাগ, অসম চৰকাৰ. পৃ. ২১২
  2. ↑ হিতেশ্বৰ বৰবৰুৱা. (২০১৮). আহোমৰ দিন. অসম প্ৰকাশন পৰিষদ. পৃ. ৩৪১. ISBN 978-93-84733-87-2
  3. ↑ Damayanti Datta Kaushik Deka. (October 1, 2018). Ranjan Gogoi: A judge with a difference. India Today
  4. ↑ কলিতা, ড° ৰমেশ চন্দ্ৰ. (২০২০). স্বাধীনতা আন্দোলন আৰু অসম. অসম প্ৰকাশন পৰিষদ. পৃ. ৩৩৩
  5. ↑ আহোম ৰাজ্যৰ পতন. বিকাশপেডিয়া
  6. ↑ বৰ্মন, শিৱনাথ. (২০১৮). জীৱনী অভিধান. বনলতা. পৃ. ১৪৭. ISBN 978-81-7339-428-7

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কন্দৰ্পেশ্বৰ সিংহ” প্ৰবন্ধৰ সংশোধন ৩৭৬৬১৭ (২ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।