অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মাধৱ চন্দ্ৰ বৰা

মাধৱ চন্দ্ৰ বৰা (ইংৰাজী: Madhab Chandra Bora) এগৰাকী অধ্যাপক, গৱেষক আৰু অসমত কম্পিউটাৰ শিক্ষাৰ অন্যতম বাটকটীয়া। তেজপুৰ বিশ্ববিদ্যালয়ৰ বাণিজ্য প্ৰশাসন বিভাগৰ মুৰব্বী অধ্যাপক ড° মাধৱ চন্দ্ৰ বৰা এগৰাকী লেখক আৰু সুবক্তা ৰূপেও পৰিচিত।

হালনাগাদ: ৯ ছেপ্তেম্বৰ ২০২৬ ৪৩৬ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

মাধৱ চন্দ্ৰ বৰা (ইংৰাজী: Madhab Chandra Bora) এগৰাকী অধ্যাপক, গৱেষক আৰু অসমত কম্পিউটাৰ শিক্ষাৰ অন্যতম বাটকটীয়া।১ তেজপুৰ বিশ্ববিদ্যালয়ৰ বাণিজ্য প্ৰশাসন বিভাগৰ মুৰব্বী অধ্যাপক ড° মাধৱ চন্দ্ৰ বৰা এগৰাকী লেখক আৰু সুবক্তা ৰূপেও পৰিচিত। ড° মাধৱ চন্দ্ৰ বৰা আছিল এগৰাকী সত্ৰীয়া সংস্কৃতিৰ সাধক আৰু অসম সত্ৰ মহাসভাৰ অন্যতম উদ্যোক্তা। ২০০৪ চনৰ ১৬ নৱেম্বৰ তাৰিখে নগাঁও জিলাৰ চামগুৰিত সংঘটিত এক পথ দুৰ্ঘটনাত ড° মাধৱ চন্দ্ৰ বৰাৰ মৃত্যু হয়।২ ড° মাধৱ চন্দ্ৰ বৰাৰ সোঁৱৰণত তেজপুৰ বিশ্ববিদ্যালয়ৰ বাণিজ্য প্ৰশাসন বিভাগে প্ৰতি বছৰে আয়োজন কৰি আহিছে স্মাৰক বক্তৃতানুষ্ঠান।৩

প্ৰাৰম্ভিক জীৱন

ড° মাধৱ চন্দ্ৰ বৰাৰ জন্ম হয় ১৯৪৭ চনৰ ১ মাৰ্চ তাৰিখে নগাঁও জিলাৰ ডিফলুত। তেখেতৰ পিতৃ প্ৰয়াত হেমচন্দ্ৰ বৰা আৰু মাতৃৰ নাম প্ৰয়াত জয়ন্তী বৰা। শৈশৱৰ পৰাই অত্যন্ত মেধাৰ পৰিচয় দিয়া মাধৱ চন্দ্ৰ বৰাই ১৯৬৪ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম দহটাৰ ভিতৰত স্থান লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল।

শিক্ষা জীৱন

১৯৬৪ চনত প্ৰথম দহটাৰ ভিতৰত স্থান লাভ কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় মাধৱ চন্দ্ৰ বৰা। ১৯৬৯ চনত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰে। ১৯৭১ চনত বেংকৰ প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানৰ পৰা ইণ্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰিং এণ্ড মেনেজমেন্ট শাখাত সুখ্যাতিৰে এম ই ডিগ্ৰী লাভ কৰে। ১৯৮৩ চনত মাধৱ চন্দ্ৰ বৰাই আই আই টি খড়গপুৰৰ পৰা চিষ্টেম ডাইনমিক্স বিষয়ত পি এইচ ডি ডিগ্ৰী লাভ কৰে।৪

কৰ্ম জীৱন

ড° মাধৱ চন্দ্ৰ বৰাৰ কৰ্ম জীৱন আৰম্ভ হয় অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ এগৰাকী প্ৰবক্তা হিচাপে। পৰৱৰ্তীকালত যোৰহাট জিলাত নতুনকৈ প্ৰতিষ্ঠা লাভ কৰা যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত এগৰাকী সহ অধ্যাপক হিচাপে ড° মাধৱ চন্দ্ৰ বৰাই যোগদান কৰে। এইখন শিক্ষা প্ৰতিষ্ঠানতে অসমত প্ৰথমবাৰৰ বাবে কম্পিউটাৰ শিক্ষাৰ এম চি এ পাঠ্যক্ৰম আৰম্ভ কৰাত ড° মাধৱ চন্দ্ৰ বৰাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।৫ ১৯৯৬ চনত ড° মাধৱ চন্দ্ৰ বৰাই তেজপুৰ বিশ্ববিদ্যালয়ৰ বাণিজ্য প্ৰশাসন বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে যোগদান কৰে।৪

বিবাহ আৰু পৰিয়াল

১৪ অক্টোবৰ, ১৯৭৭ চনত ড° মাধৱ চন্দ্ৰ বৰাৰ বিবাহ হয় নগাঁও জিলাৰ দীঘলীআটী গাঁৱৰ শুক্লেশ্বৰ ভূঞা আৰু তৰুণী ভূঞাৰ দুহিতা কণ্ঠশিল্পী দুৰ্গাময়ী ভূঞাৰ সৈতে। বিয়াৰ পাছত দুৰ্গাময়ী ভূঞাই নিজৰ উপাধি সলনি কৰি স্বামীৰ উপাধি গ্ৰহণ কৰে। ড° মাধৱ চন্দ্ৰ বৰা আৰু দুৰ্গাময়ী বৰাৰ দুই পুত্ৰ সন্তান ভাস্কৰ বৰা আৰু দীপাংকৰ বৰা। স্বামীৰ সহযোগ আৰু অনুপ্ৰেৰণাত দুৰ্গাময়ী বৰাই শিক্ষকতা, সংগীত সাধনা আৰু অভিনয় জগতখনতো মনোনিৱেশ কৰে। এগৰাকী সংগীত অনুৰাগী ড° মাধৱ চন্দ্ৰ বৰাই পত্নী তথা কণ্ঠশিল্পী দুৰ্গাময়ী বৰাৰ আঠোটা গীতৰ শ্ৰব্য সঁফুৰা তোমাৰ বাবে প্ৰযোজনা কৰিছিল। ড° মাধৱ চন্দ্ৰ বৰা প্ৰযোজিত দুৰ্গাময়ী বৰাৰ শ্ৰব্য চিডি তোমাৰ বাবে মুক্তিৰ সময়ৰ পৰা প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰে।৬ আৰু

সামাজিক জীৱন

অধ্যাপনা আৰু গৱেষণাৰ সমান্তৰালকৈ ড° মাধৱ চন্দ্ৰ বৰা সমাজৰ বিভিন্ন গঠনমূলক কামত ওতঃপ্ৰোতভাৱে জড়িত এগৰাকী সক্ৰিয় ব্যক্তি আছিল। অসম সত্ৰ মহাসভাৰ পৰীক্ষা পৰিষদৰ সঞ্চালক, যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী সমিতিৰ সম্পাদক, শোণিতপুৰ জিলাৰ নটৰাজম মইনা পাৰিজাতৰ সভাপতি, দৰং মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য, শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্য, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিষদৰ সদস্য, আই ডি বি আইৰ উপদেষ্টা মণ্ডলীৰ সদস্য, অসম কৃষি বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিষদৰ সদস্য, অৰুণাচল বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্য, তেজপুৰ বিশ্ববিদ্যালয়ৰ ব'ৰ্ড অৱ মেনেজমেন্টৰ সদস্য, তেজপুৰ বিশ্ববিদ্যালয়ৰ পি এ চি আৰু বিত্ত সমিতিৰ সদস্য, তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ডীন, তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য আদিৰ লগতে বিভিন্ন সময়ত NAAC, UGC, AICTE আদিৰো সদস্য আছিল। ইয়াৰোপৰি তেখেত Fellow of Institution of Engineers, India, Computer Society of India, Indian Society of Technical Education, System Dynamics Society of India আদি অনুষ্ঠানৰ আজীৱন সদস্য আছিল। ড° মাধৱ চন্দ্ৰ বৰাক ভাৰতৰ চিষ্টেম ডাইনামিক্স আৰু অসমত কম্পিউটাৰ শিক্ষাৰ বাটকটীয়া বুলি অভিহিত কৰা হয়।৪

বঁটা, সন্মান আৰু স্বীকৃতি

ড° মাধৱ চন্দ্ৰ বৰাৰ সোঁৱৰণত তেজপুৰ বিশ্ববিদ্যালয়ৰ বাণিজ্য প্ৰশাসন বিভাগে প্ৰতি বছৰে কুইজ প্ৰতিযোগিতা আৰু স্মাৰক বক্তৃতানুষ্ঠান আয়োজন কৰি আহিছে।

তথ্যসূত্ৰ

  1. ↑ ডি আসাম ট্ৰিবিউন | পৃষ্ঠা নং ৪ | ১০ নৱেম্বৰ, ২০০৫
  2. ↑ দৈনিক জনমভূমি | প্ৰথম পৃষ্ঠা | ১৭ নৱেম্বৰ, ২০০৪ চন।
  3. ↑ ড° মাধৱ চন্দ্ৰ বৰা স্মাৰক বক্তৃতানুষ্ঠান. assamtribune com
  4. ↑ "অসমত কম্পিউটাৰ শিক্ষাৰ অন্যতম বাটকটীয়া অধ্যাপক ড° মাধৱ চন্দ্ৰ বৰা"। লেখক: পংকজ বৰুৱা।মহাজাতি, পৃষ্ঠা নং ৭, নৱেম্বৰ ১৬,২০০৫ চন
  5. ↑ ড° মাধৱ বৰা: এক বিচিত্ৰ ব্যক্তিত্ব। লেখক: ড° পৰিমল বকুল বৰুৱা, প্লাৱন কাকতি। দৈনিক জনমভূমি, পৃষ্ঠা নং ২। ২৬ নৱেম্বৰ, ২০০৪ চন।
  6. ↑ গ্ৰন্থ: মোৰ গান মোৰ প্ৰাণ | পৃষ্ঠা নং ১০১, ১০২ | লেখক: দুৰ্গাময়ী বৰা | প্ৰথম প্ৰকাশ: ফেব্ৰুৱাৰী, ২০২২ | প্ৰকাশক: জেজি বুকছ, গুৱাহাটী।

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাধৱ চন্দ্ৰ বৰা” প্ৰবন্ধৰ সংশোধন ৬৩৪৭০২ (৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।