অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

অসম চাহ

অসম চাহ ভাৰতৰ অসমত উৎপাদিত এক প্ৰকাৰৰ ৰঙা চাহ। অসমৰ চাহ বিশেষকৈ Camellia sinensis var. assamica (Masters) নামৰ এবিধ চাহ গছৰ পৰা তৈয়াৰ কৰা হয়। এই চাহ, যিবোৰৰ অধিকাংশ সমুদ্ৰ পৃষ্ঠৰ উচ্চতাত বৃদ্ধি হয়, ইয়াৰ গঠন, স্ফুৰ্টিদায়ক, সুগন্ধ, আৰু অধিক উজ্জ্বল ৰঙৰ বাবে জনাজাত।

হালনাগাদ: ৪ আগষ্ট ২০২৪ ৪৪৯ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

অসম চাহ ভাৰতৰ অসমত উৎপাদিত এক প্ৰকাৰৰ ৰঙা চাহ। অসমৰ চাহ বিশেষকৈ Camellia sinensis var. assamica (Masters) নামৰ এবিধ চাহ গছৰ পৰা তৈয়াৰ কৰা হয়।১২ এই চাহ, যিবোৰৰ অধিকাংশ সমুদ্ৰ পৃষ্ঠৰ উচ্চতাত বৃদ্ধি হয়, ইয়াৰ গঠন, স্ফুৰ্টিদায়ক, সুগন্ধ, আৰু অধিক উজ্জ্বল ৰঙৰ বাবে জনাজাত। অসম চাহ, বা অসম নাম সংযোজিত চাহ, সাধাৰণতে "পুৱাৰ পানীয়" হিচাপে বিক্ৰী কৰা হয়। উদাহৰণ স্বৰূপে, আইৰিছ ব্ৰেকফাষ্ট টি, নামৰ মনোমোহা আৰু শক্তিশালী পুৱাৰ চাহত, ক্ষুদ্ৰ-আকৃতিৰ অসম চাহৰ পাত থাকে।৩

বাংলাদেশ আৰু ম্যানমাৰৰ (ম্যানমাৰ) সীমান্তত, ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে অৱস্থিত, অসম হৈছে পৃথিৱীৰ ভিতৰত সৰ্বাধিক চাহ-উৎপাদনকাৰী ৰাজ্য। ভাৰতৰ এই অঞ্চলত বৃষ্টিপাতৰ হাৰ অতি বেছি, মৌচুমী ঋতুত প্ৰতিদিনৰ সৰ্বাধিক বৃষ্টিপাত ১০ ৰ পৰা ১২ ইঞ্চি (২৫০-৩০০ মিমি) পৰ্যন্ত হোৱা দেখা যায়। দিনৰ ভাগত প্ৰায় ১০৩ ফাৰেনহাইট (৪০ °ছে)লৈকে বৰ্ধিত উষ্ণতাই, বিৰল জলীয় বাষ্প আৰু উত্তাপৰ সেউজগৃহ সদৃশ পৰিৱেশৰ সৃষ্টি কৰে। এই বিশেষ জলবায়ুৱেই অসম চাহক প্ৰসিদ্ধ মনোমোহা সোৱাদ আৰু বৈশিষ্ট্য প্ৰদান কৰে।

যদিও অসমত সাধাৰণতে "ৰঙা চাহ" উৎপাদন কৰা হয়, কিছু পৰিমাণৰ "সেউজীয়া",৪ আৰু নিজস্ব বৈশিষ্টৰ "বগা চাহ"ৰো উৎপাদন কৰে।৫

ঐতিহাসিকভাৱে, অসম দক্ষিণ চীনৰ পাছতেই দ্বিতীয় সৰ্বাধিক ব্যৱসায়িক চাহ উৎপাদনকাৰী অঞ্চল আছিল। সমগ্ৰ বিশ্বৰ ভিতৰতেই কেৱল অসম আৰু দক্ষিণ চীনতহে থলুৱা প্ৰজাতিৰ চাহ গছ পোৱা যায়।

আৱিষ্কাৰ

অধিক তথ্য: ভাৰতত চাহৰ ইতিবৃত্ত

এই ১৮৫০ চনৰ চিত্ৰখনত অসম চাহ উৎপাদনৰ বিভিন্ন স্তৰবোৰ দেখুওৱা হৈছে।
এই ১৮৫০ চনৰ চিত্ৰখনত অসম চাহ উৎপাদনৰ বিভিন্ন স্তৰবোৰ দেখুওৱা হৈছে।ছবি: Joseph Lionel Williams after Thomas Brown, 1850 · Public domain

অসম চাহৰ "আৱিষ্কাৰ" ৰবাৰ্ট ব্ৰুচ, নামৰ এজন স্কট অভিযানকাৰীয়ে ১৮২৩ চনত আকস্মিকভাৱে কৰিছিল বুলি কোৱা হয়। অসমৰ হাবি-বননিত ঘূৰি ফুৰোতে তেওঁ এই গছবিধ "বন্য"অৱস্থাত গজি থকা দেখিছিল। মণিৰাম দেৱানে তেওঁক এজন স্থানীয় চিংফৌ গাঁৱৰ মুখিয়াল বিছা গামৰ ঘৰলৈ লৈ গৈছিল।৬ তাত তেওঁ স্থানীয় চিংফৌ লোকসকলক এই গছৰ পাতৰ পৰা প্ৰস্তুত কৰা পানীয় গ্ৰহণ কৰা দেখিছিল আৰু তেওঁ বিছা গামৰ পৰা সেই গছৰ পাত আৰু বীজ বৈজ্ঞানিকভাৱে পৰীক্ষণৰ বাবে সংগ্ৰহ কৰি অনাৰ যো-যা চলাইছিল। ইয়াৰ কিছু দিনৰ পিছতেই তেওঁৰ মৃত্যু হোৱাত, তেওঁ এই গছৰ প্ৰকৃত শ্ৰেণীবিভাজন জানিবলৈ সক্ষম নহ'ল। ১৮৩০ চনত তেওঁৰ ভাতৃ চাৰ্লছে অসম চাহৰ পাত কলিকতাৰ উদ্ভিদবিদ্যাৰ উদ্যানলৈ সঠিক পৰীক্ষণৰ বাবে প্ৰেৰণ কৰিছিল। অৱশেষত তাতে এই উদ্ভিদক চাহ গছ, বা Camellia sinensisৰ এটা প্ৰকাৰ বুলি চিনাক্তকৰণ কৰা হৈছিল, যিটো চীনা প্ৰকাৰ Camellia sinensis var. sinensisৰ সৈতে একে নহয়।

সুকীয়া মান সময়

অসমৰ চাহ বাগিছাবোৰত ভাৰত আৰু শ্ৰীলংকাত ব্যৱহাৰ কৰা ভাৰতীয় মান সময় (IST) অনুসৰণ কৰা নহয়। অসমৰ চাহ বাগিছাৰ স্থানীয সময়, যাক "চাহ বাগান সময়" বা "বাগানটাইম" বুলি কোৱা হয়, ভাৰতীয় মান সময়তকৈ এঘণ্টা আগবঢ়া।৭ দেশৰ এই অঞ্চলত আগতীয়াকৈ সূৰ্যোদয় হোৱাটোক গুৰুত্ব দি, ব্ৰিটিছৰ দিনতেই এই পদ্ধতিটোৰ প্ৰচলন কৰা হৈছিল।

এই পদ্ধতিটোক এটা সফল পদ্ধতি বুলিব পাৰি, কাৰণ ইয়াৰ বাবেই চাহ বাগিচাৰ কৰ্মীসকলে দিনৰ ভাগত আন্ধাৰ হোৱাৰ আগতেই নিজৰ কাম সামৰিব পাৰে আৰু ই বাগিছাৰ উৎপাদনো বৃদ্ধি কৰে। চাহ বাগিচাৰ কৰ্মীসকলৰ কামকৰাৰ সময় পুৱা ৯ বজা (ভা. মা. স. পুৱা ৮ বজা)ৰ পৰা সন্ধ্যা ৫ বজা (ভা. মা. স. সন্ধ্যা ৪ বজা)লৈ, কিন্তু বাগিচা লৈ এই সময়ৰ কিছু সালসলনি দেখা যায়।

উল্লেখ্য যে, চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাইও উত্তৰ-পূৱৰ বাবে এটা সুকীয়া মান সময় প্ৰচলন কৰাৰ বাবে প্ৰচাৰ চলাইছিল।৭

তথ্যসূত্ৰ

  1. ↑ Tea Classification from Tea Research Association, Toklai (retrieved 2009/03/25)
  2. ↑ ITIS Standard Report Page for Camellia sinensis var. assamica retrieved on 2009-03-28
  3. ↑ Campbell 1995, পৃ. 203
  4. ↑ Pettigrew 2004, পৃ. 106
  5. ↑ Goswami, Roopak. (2011-12-29). Assam CTC fetches record price. The Telegraph
  6. ↑ Nitin Aant Gokhale. (1998). The hot brew: the Assam tea industry's most turbulent decade, 1987-1997. Spectrum Publications. পৃ. 4. ISBN 978-81-85319-82-7
  7. ↑ "Assam tea gardens an hour 'ahead' of India - ZeeNews.com". Retrieved 18 July 2013

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ভৌগোলিক স্বীকৃতিপানীয়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম চাহ” প্ৰবন্ধৰ সংশোধন ৪২৭৯৯০ (৪ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।