জহা চাউল হৈছে চুটি বা মধ্যম আকাৰৰ এবিধ সুগন্ধি চাউল। অসমৰ মাটি আৰু জলবায়ু জহাধানৰ বাবে উপযোগী হোৱাৰ হেতুকে চাউলবিধ মূলতঃ অসমতেই উৎপাদিত হয়। জহা চাউলত যথেষ্ট পৰিমাণে প্ৰাকৃতিক সুগন্ধি ২-এচিটাইল-১-পাইৰ’লাইন নিহিত হৈ থকাৰ বাবে চাউলবিধ নিজস্ব গোন্ধযুক্ত হয়।১
২০০৭ চনত প্ৰথমবাৰৰ বাবে জাৰ্মেনী, যুক্তৰাজ্য আৰু চুইজাৰলেণ্ডলৈ ১৭ মেট্ৰিক টন জহা চাউল ৰপ্তানি কৰা হয়। কিন্তু ২০০৮ চনৰ এপ্ৰিলত বাচমতি চাউলৰ বাদে আন চাউলৰ ৰপ্তানিত কেন্দ্ৰীয় চৰকাৰে নিষেধাজ্ঞা জাৰী কৰাৰ বাবে অসমে ৩৩ মেট্ৰিক টন জহা চাউলৰ ৰপ্তানিৰ চুক্তি বাতিল কৰিব লগাত পৰে। ২০১১ চনত এই নিষেধাজ্ঞা উঠাই লোৱা হয়।২
২০১৩ চনত অসম কৃষি বিশ্ববিদ্যালয়ে জহা চাউলক ভৌগোলিক স্বীকৃতি দিবলৈ চেন্নাইত অৱস্থিত ভৌগোলিক স্বীকৃতি পঞ্জীয়কৰ উদ্দেশ্যে এক বিতং প্ৰস্তাৱ প্ৰস্তুত কৰি উলিয়ায়।২ সেই বছৰৰে ছেপ্টেম্বৰত কেন্দ্ৰীয় প্ৰতিষ্ঠানটোত সৰ্থেবাৰীৰ কাঁহ-পিতলৰ শিল্প, কাৰ্বি বস্ত্ৰশিল্প আৰু গোৱালপাৰাৰ শীতল পাটী দলিচা শিল্পৰ লগতে জহা চাউলৰ ভৌগোলিক স্বীকৃতি বিচাৰি আবেদন পত্ৰ (ক্ৰমিক নং ৪৩৯) দাখিল কৰে। ভাৰতীয় পেটেণ্ট, ডিজাইন আৰু ট্ৰেডমাৰ্ক নিয়ন্ত্ৰকে প্ৰকাশ কৰা তথ্য মতে ২০১৫ চনৰ ৩১ মাৰ্চলৈকে জহা চাউলৰ ভৌগোলিক স্বীকৃতি প্ৰাৰম্ভিক পৰীক্ষণ পৰ্যায়ত আছিল।৩ ২০১৭ চনৰ মাৰ্চ মাহত জহা চাউলে ভৌগোলিক স্বীকৃতি লাভ কৰে।৪
ইতিহাস
৪ৰ্থ শতিকাত মাধৱ কন্দলিয়ে ৰচনা কৰা সপ্তকাণ্ড ৰামায়ণত খৰিকা জহাৰ উল্লেখ আছে।১
উৎপাদন আৰু কৃষি পদ্ধতি
অসমৰ প্ৰায় ২০,০০০ হেক্টৰ কৃষিভূমিত জহা ধানৰ খেতি কৰা হয় আৰু ৰাজ্যখনত বছৰি প্ৰায় ৩০,০০০ মেট্ৰিক টন জহা চাউল উৎপাদিত হয়।২
অসমৰ অধিকাংশ অঞ্চলত কৰা ধানখেতিৰ দৰে৫ জহাধানৰ খেতিও দ্বি-ৰোপণ পদ্ধতিত কৰা হয়। সাধাৰণতে জেঠ-আহাৰমহীয়া কঠীয়াতলিত ছটিয়াই শাওণ-ভাদ মাহত এই কঠীয়া পথাৰত ৰোৱা হয় আৰু আঘোণ-পুহ মাহত চাপোৱা হয়। ভাৰতীয় কৃষি পদ্ধতিৰ কালভিত্তিক ভাগসমূহৰ ফালৰ পৰা (শালিধান, আহুধান, বাওধান আৰু বড়োধান) জহা ধানক শালিধানত অন্তৰ্ভুক্ত কৰিব পাৰি। চাউলৰ প্ৰকাৰৰ ভিত্তিত জহা এবিধ লাহিধান, অৰ্থাৎ জহা চাউলৰ পৰা জলপানো প্ৰস্তুত কৰিব পাৰি।
প্ৰকাৰ

বিভিন্ন প্ৰকাৰৰ জহা ধানসমূহ হৈছে এনেধৰণৰ:
| নাম | বিৱৰণ |
|---|---|
| ক'লা জহা | মধ্যম আকাৰৰ, ক'লা চানেকীয়া বাকলি |
| বগা জহা | মধ্যম আকাৰৰ, শেঁতা হালধীয়া বাকলি, প্ৰতিটো ধানৰ গুৰি অংশত একোডাল দীঘল শুংযুক্ত |
| ৰামপাল জহা | |
| কণ জহা | চুটি আকাৰৰ, শেঁতা হালধীয়া বাকলি |
| মাণিকীমধুৰি জহা | |
| কেতেকী জহা | চুটি আকাৰৰ, হালধীয়া বাকলি |
| তুলসী জহা | |
| গোবিন্দ তুুুুলসী জহা | |
| ঘুগুলী জহা |
তথ্যসূত্ৰ
- ↑ Roopak Goswami. (19 April 2015). Joha in race to topple 'aroma queen'. The Telegraph
- ↑ Sushanta Talukdar. (14 April 2013). Retaining the aroma. The Hindu
- ↑ Break up & Status of GI Application Pending before the GI Registry as on March 31, 2015. Intellectual Property India (Govt. of India)
- ↑ (29 March, 2020). GI tag for Joha rice. The Telegraph
- ↑ শালি ধান চপোৱাৰ পাছত ঘাঁহ খেতি. as.vikaspedia.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জহা চাউল” প্ৰবন্ধৰ সংশোধন ৫৪০৫৫৫ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।