ভৌগোলিক স্বীকৃতি (বা চমুকৈ জি আই; geographical indication) হৈছে কোনো এক সামগ্ৰীত ব্যৱহাৰ কৰা বিশেষ নাম বা চিহ্ন। এই নাম বা চিহ্ন নিৰ্দিষ্ট সামগ্ৰীবিধৰ ভৌগোলিক অৱস্থিতি বা মূল (যেনে- এখন দেশ, একোটা অঞ্চল বা চহৰ) অনুসাৰে নিৰ্ধাৰণ কৰা হয়। ভৌগোলিক স্বীকৃতিয়ে সামগ্ৰীবিধৰ নিৰ্দিষ্ট গুণগত মানদণ্ড বা নিৰ্দিষ্ট প্ৰস্তুত প্ৰণালী নাইবা বিশেষত্ব নিশ্চিত কৰে। উদাহৰণস্বৰূপে- ভৌগোলিক স্বীকৃতিপ্ৰাপ্ত অসমৰ মুগা সূতাৰ১২ চিহ্নই৩ মুগা সূতাৰে নিৰ্মিত বস্ত্ৰ বা অন্যান্য সামগ্ৰীৰ গুণগত মানদণ্ডৰ নিশ্চিতি প্ৰদান কৰে। ভৌগোলিক স্বীকৃতিয়ে কোনো এবিধ সামগ্ৰী নিৰ্দিষ্ট অঞ্চলটোতহে বাণিজ্যিকভাৱে উৎপাদন কৰাৰ অধিকাৰ আৰু আইনী সুৰক্ষা প্ৰদান কৰে।
অসমৰ সামগ্ৰীৰ ভৌগোলিক স্বীকৃতি
ভৌগোলিক স্বীকৃতি প্ৰাপ্ত অসমৰ সামগ্ৰীসমূহ হৈছে:
- অসমৰ চাহ
- অসমৰ মুগা
- কাৰ্বি-আংলংৰ আদা
- তেজপুৰৰ লিচু
- জহা চাউল
- বোকা চাউল
- কাজিনেমু
- চকোৱা চাউল
- জুডিমা
- অসমৰ গামোচা
- মাজুলীৰ মুখা শিল্প
- মাজুলীৰ সাঁচিপাতৰ চিত্ৰ
- অৰুণাচল প্ৰদেশ চিংফৌ ফানাপ (অসম আৰু অৰুণাচল প্ৰদেশ যুটীয়াভাৱে)
- বড়ো দখনা
- বড়ো এৰী ৰেচম
- বড়ো জৌমগ্ৰা
- বড়ো গামচা
- বড়ো কোডাপিনি
- বড়ো থুড়খা
- বড়ো গংগাৰ দুনিজা
- বড়ো খাম
- বড়ো ছেৰজা
- বড়ো চিফুং
- বড়ো খাৰদৈ
- বড়ো গংগনা
- বড়ো জথা
- অসম জাপি
- অসম আশাৰীকান্দি মৃৎশিল্প
- অসম মিচিং বস্ত্ৰশিল্প (অসম আৰু অৰুণাচল প্ৰদেশ যুটীয়াভাৱে)
- অসম বিহু ঢোল
- অসমৰ মেটেকা শিল্প
- সৰ্থেবাৰীৰ কাঁহ শিল্প
- আৰ্নাই
- জো গৈৰান
- মাইব্ৰা জো বিডেই
- জো গিচি
- বড়ো নাফাম
- ওগুলা
- বড়ো গোখা
- বড়ো নাৰ্জি
ইয়াৰ উপৰিও কাৰ্বি বস্ত্ৰশিল্প আৰু গোৱালপাৰাৰ শীতল পাটীৰ বাবে ভৌগোলিক স্বীকৃতি বিচাৰি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আৱেদন কৰা হৈছে।৪
তথ্যসূত্ৰ
- ↑ (2013). G.I. – APPLICATION NUMBER 384. GEOGRAPHICAL INDICATIONS JOURNAL GOVERNMENT OF INDIA. পৃ. 28-38
- ↑ Samudra Gupta Kashyap. (24 August 2007). Assam’s muga silk gets GI registration. The Indian Express
- ↑ (28 April 2014). Finally, muga gets GI logo. The Telegraph
- ↑ Break up & Status of GI Application Pending before the GI Registry as on September 10, 2019. Intellectual Property India (Govt. of India}
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভৌগোলিক স্বীকৃতি” প্ৰবন্ধৰ সংশোধন ৪৩৫০০৪ (৩ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।