অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

লিচু

লিচু (বৈজ্ঞানিক নাম: Litchi chinensis) এবিধ নিৰক্ষীয় তথা ক্ৰান্তীয় অঞ্চলৰ ফল। ৰসাল ১-১.৫ ইঞ্চি ব্যাস বিশিষ্ট ফল। গা গছ প্ৰায় ১০-৩৫ ফুট উচ্চতা বিশিষ্ট হয়। লিচু Sapindaceae পৰিয়ালৰ অন্তৰ্গত Litchi গণৰ একমাত্ৰ সদস্য। আদিতে লিচু চীনত পোৱা গৈছিল। বৰ্তমান বিশ্বৰ বহু স্থানত লিচুৰ খেতি কৰা হয়।

হালনাগাদ: ৫ জুন ২০২৪ ২৭৩ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

লিচু (বৈজ্ঞানিক নাম: Litchi chinensis) এবিধ নিৰক্ষীয় তথা ক্ৰান্তীয় অঞ্চলৰ ফল। ৰসাল ১-১.৫ ইঞ্চি ব্যাস বিশিষ্ট ফল। গা গছ প্ৰায় ১০-৩৫ ফুট উচ্চতা বিশিষ্ট হয়।

লিচু
লিচুছবি: No machine-readable author provided. Mamun2a assumed (based on copyright claims) · CC BY-SA 2.5
তেজপুৰৰ এজোপা গছত লোমালোমে লগা লিচু
তেজপুৰৰ এজোপা গছত লোমালোমে লগা লিচুছবি: Baruah ranuj · CC BY-SA 4.0

লিচু Sapindaceae পৰিয়ালৰ অন্তৰ্গত Litchi গণৰ একমাত্ৰ সদস্য। আদিতে লিচু চীনত পোৱা গৈছিল। বৰ্তমান বিশ্বৰ বহু স্থানত লিচুৰ খেতি কৰা হয়।

বিৱৰণ

গছ

লিচি চাইনেনছিছ হৈছে এবিধ চিৰসেউজ উদ্ভিদ আৰু সাধাৰণতে ১৫ মিটাৰ (৪৯ ফুট)তকৈ কম ওখ যদিও কেতিয়াবা ২৮ মিটাৰ (৯২ ফুট) পৰ্যন্ত ওখ হয়। ইয়াৰ চিৰসেউজ পাতবোৰ ১২.৫ৰ পৰা ২০ চে.মি. দীঘল হোৱা দেখা যায়। গছৰ বাকলিৰ বৰণ ধূসৰ-ক’লা, ডালবোৰ বাদামী-ৰঙা।

ফল

লিচুৰ ফলবোৰ মঙহাল আৰু জলবায়ু, স্থান আৰু জাতৰ ওপৰত নিৰ্ভৰ কৰি ৮০–১১২ দিনত পূৰ্ণবয়স্ক হয়। ফলৰ আকৃতি ঘূৰণীয়া, ডিম্বাকৃতি বা হৃদয় আকৃতিৰ। ফলবোৰ ৫ চে.মি. দীঘল আৰু ৪ চে.মি. পৰ্যন্ত বহল (২.০ ইঞ্চি × ১.৬ ইঞ্চি) আৰু ওজন প্ৰায় ২০ গ্ৰাম।১২

লিচুৰ বাহিৰৰ কঠিন ছালখন কেঁচাতে সেউজীয়া, পকিলে ৰঙা বা গোলাপী-ৰঙা বৰণৰ। ছালখন খোৱাৰ যোগ্য নহয় যদিও ইয়াক সহজে আঁতৰাই খাব পৰা মিঠা সোৱাদ আৰু গোন্ধযুক্ত অৰ্ধস্বচ্ছ বগা মঙহাল তৰপ এটা দেখা পোৱা যায়।১ ফল চিঙাৰ পিছত ছালখন শুকান আৰু বাদামী ৰঙৰ হৈ পৰে।

ফলৰ খাব পৰা মঙহাল অংশটোৰ ভিতৰত এটা গাঢ় বাদামী ৰঙৰ বীজ থাকে যিটো ১ৰ পৰা ৩.৩ চে.মি. দীঘল আৰু ০.৬ৰ পৰা ১.২ চে.মি. বহল (০.৩৯–১.৩০ × ০.২৪–০.৪৭ ইঞ্চি)। এই বীজবোৰ খাব নোৱাৰি। যিহেতু কেনিং প্ৰক্ৰিয়াত ফলৰ সোৱাদ কমি যায়, সেয়েহে লিচুৰ ফলবোৰ সাধাৰণতে সতেজকৈ খোৱা হয়।১

পোষকদ্ৰৱ্য

লিচুৰ পকা/কেঁচা ফলত ৮২% পানী, ১৭% কাৰ্বহাইড্ৰেট, ১% প্ৰ’টিন আৰু নগণ্য পৰিমানৰ চৰ্বি থাকে। ১০০ গ্ৰাম লিচুৱে ৬৬ কেলৰি খাদ্য শক্তিৰ যোগান ধৰে। লিচুত প্ৰচুৰ ভিটামিন চি পোৱা যায়, প্ৰতি ১০০ গ্ৰামত ৭২ মিলিগ্ৰাম ভিটামিন চি থাকে – যিটো পৰিমাণে দৈনিক মূল্যৰ ৮৬% প্ৰতিনিধিত্ব কৰে – কিন্তু ইয়াত উল্লেখযোগ্য পৰিমাণত অন্য কোনো অণুপুষ্টিকাৰক পদাৰ্থ নাথাকে।

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Davidson, Jane L.; Davidson, Alan; Saberi, Helen. (2006). The Oxford companion to food. Oxford University Press. পৃ. 467. ISBN 978-0-19-280681-9
  2. ↑ Hosahalli Ramaswamy; Diane Barrett; Laszlo P. Somogyi. (2005). Processing fruits: science and technology. CRC Press. পৃ. 687. ISBN 978-0-8493-1478-0

সম্পৰ্কিত শ্ৰেণী

ফল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিচু” প্ৰবন্ধৰ সংশোধন ৪২২৩০৬ (৫ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।