অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তীজান বাঈ

তীজান বাঈ (জন্ম ২৪ এপ্ৰিল ১৯৫৬) এগৰাকী ভাৰতীয় লোক-সংগীতৰ শিল্পী। তেওঁ ছত্তীছগঢ়ৰ বিখ্যাত পৰিবেশ্য কলা পাণ্ডৱনীৰ লগত জড়িত। পাণ্ডৱনীত মহাভাৰতৰ কাহিনী গীত আৰু বাদ্যযন্ত্ৰৰ মাধ্যমৰে পৰিবেশন কৰা হয়। তেওঁক ভাৰত চৰকাৰে ১৯৮৭ চনত পদ্মশ্ৰী, ২০০৩ চনত পদ্মভূষণ আৰু ২০১৯ চনত পদ্মবিভূষণ প্ৰদান কৰিছিল।

হালনাগাদ: ৬ জুলাই ২০২৬ ৪৩২ শব্দ · ২ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

তীজান বাঈ (জন্ম ২৪ এপ্ৰিল ১৯৫৬) এগৰাকী ভাৰতীয় লোক-সংগীতৰ শিল্পী। তেওঁ ছত্তীসগঢ়ৰ বিখ্যাত পৰিবেশ্য কলা পাণ্ডৱনীৰ লগত জড়িত। পাণ্ডৱনীত মহাভাৰতৰ কাহিনী গীত আৰু বাদ্যযন্ত্ৰৰ মাধ্যমৰে পৰিবেশন কৰা হয়। তেওঁক ভাৰত চৰকাৰে ১৯৮৭ চনত পদ্মশ্ৰী, ২০০৩ চনত পদ্মভূষণ আৰু ২০১৯ চনত পদ্মবিভূষণ প্ৰদান কৰিছিল। ইয়াৰ লগতে তেওঁ ১৯৯৫ চনত সংগীত নাটক একাডেমী বঁটা আৰু ২০১৮ চনত জাপানৰ ফুকুওয়া প্ৰাইজ লাভ কৰিছিল। ২০০৩ চনত তেওঁৰ অৱদানৰ বাবে বিলাসপুৰ বিশ্ববিদ্যালয়ে সন্মানীয় ডি.লিট. ডিগ্ৰী প্ৰদান কৰিছিল।

প্ৰাৰম্ভিক জীৱন

১৯৫৬ চনৰ ২৪ এপ্ৰিল তাৰিখে ছত্তীসগঢ়ৰ ভিলাই চহৰ পৰা ১৪ কিঃমিঃ নিলগৰ গনীয়াৰী গাঁৱত তীজান বাঈৰ জন্ম হৈছিল। তেওঁৰ পিতৃ চুনুক লাল পাৰ্দ্ধি আৰু মাতৃ সুখৱতী।১ তেওঁলোক ছত্তীসগঢ়ৰৰ পাৰ্দ্ধি অনুসূচীত জনজাতি সম্প্ৰদায়ৰ। তীজান বাঈ তেওঁলোকৰ পাঁচ গৰাকী সন্তানৰ জ্যেষ্ঠ সন্তান।

তেওঁ শিশুকালত তেওঁৰ মাতৃফালৰ ককাকে ছত্তীছগঢ়ী হিন্দীত সবল সিং চৌহানে লিখা মহাভাৰতৰ আবৃত্তি শুনি ইয়াৰ প্ৰতি আকৃষ্ট হৈছিল। অতি কম সময়ৰ ভিতৰতে তেওঁ এই মহাভাৰতৰ অধিক অংশ মুখস্থ কৰিছিল। পিছলৈ তেওঁ উমেদ সিং দেশমুখৰ ওচৰত অনানুষ্ঠানিক ভাবে প্ৰশিক্ষিত হৈছিল।

তেওঁৰ ১২ বছৰ বয়সতে বিবাহ হৈছিল। তেওঁ মহিলা হোৱাৰ পিছতো পাণ্ডৱনী পৰিবেশন কৰাৰ বাবে পাৰ্দ্ধি সমাজৰ পৰা তেওঁক বহিষ্কৃত কৰা হৈছিল। তেওঁ নিজে এক সৰু কুটিৰ সাজি তাতে বসবাস কৰিছিল কিন্তু তেওঁ পৰিবেশন কেতিয়াও নেৰিল। তেওঁৰ প্ৰথম স্বামীৰ ওচৰত তেওঁ ঘূৰি নগল আৰু পিছলৈ বিবাহ বিচ্ছেদ কৰিলে। পিছলৈ তেওঁ টুক্কা ৰামৰ লগত বিবাহপাশত আবদ্ধ হয়।

কৰ্মজীৱন

১৩ বছৰ বয়সত তেওঁ চন্দ্ৰখুৰী নামৰ ওচৰৰ গাঁও এখনত প্ৰথম বাৰৰ ৰাজহুৱা মঞ্চত পৰিবেশন কৰিছিল। ইয়াত ১০ টকাৰ মাননিৰে প্ৰথম বাৰৰ বাবে পাণ্ডৱনী লোকসংগীতৰ কপালিক শৈলী পৰিবেশন কৰিছিল। সেই সময়ৰ প্ৰচলিত ৰীতি অনুসৰি মহিলা সকলে কেৱল বহি থকা বেদমতী শৈলী মতেহে পাণ্ডৱনী পৰিবেশন কৰিছিল। কিন্তু তীজান বাঈয়ে এই প্ৰচলিত ৰীতি ভংগ কৰি আগতে কেৱল পুৰুষ সকলে কৰা থিয় হৈ উচ্চস্বৰত পাণ্ডৱনী পৰিবেশন কৰিছিল।২

অতি কম সময়ৰ ভিতৰতে তেওঁ চুবুৰীয়া গাঁও সমূহত জনাজাত হল আৰু বিশেষ অনুষ্ঠান আৰু উৎসৱত পৰিবেশন বাবে নিমন্ত্ৰণ লাভ কৰিবলৈ ধৰিলে। মধ্য প্ৰদেশৰ এজন বিখ্যাত থিয়েটাৰ শিল্পী হাবিব তনবীৰে তেওঁৰ প্ৰতিভাৰ উমান পায়। তাৰ ফলশ্ৰুতিত তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সন্মুখত পৰিবেশন কৰিবলৈ সুযোগ লাভ কৰে।

১৯৮০ৰ দশকৰ আৰম্ভণিৰ পৰা তেওঁ দেশ-বিদেশৰ বিভিন্ন ঠাইত পাণ্ডৱনী পৰিবেশন কৰিবলৈ নিমন্ত্ৰণ লাভ কৰিছিল। তেওঁ যুক্তৰাজ্য, ফ্ৰান্স, ছুইজাৰলেণ্ড, জাৰ্মানী, তুৰস্ক, টুনিছিয়া, মাল্টা, চাইপ্ৰাছ, ৰোমানিয়া আৰু মৰিছাছ দেশত পৰিবেশনৰ সুবিধা লাভ কৰিছে।৩ তেওঁ জৱাহৰলাল নেহৰুৰ কিতাপৰ ওপৰত শ্যাম বেনেগালে নিৰ্মাণ কৰা দূৰদৰ্শন ধাৰাবাহিক ভাৰত এক খোজৰ এটা খণ্ডত মহাভাৰত পৰিবেশন কৰিছিল।৪

বঁটা আৰু সন্মান

ৰাম নাথ কোৱিন্দৰ সৈতে তীজান বাঈ]]

তীজান বাঈয়ে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰিছে। তাৰে ভিতৰত উল্লেখযোগ্য সমূহ হ'ল:

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Pandavani
  2. ↑ The Hindu, 13 December, 2004
  3. ↑ Teejan Bai, Rediff.com
  4. ↑ YouTube: Bharat Ek Khoj - Episode 5 - Mahabarata I
  5. ↑ সংগীত নাটক একাডেমী বঁটা বিজয়ী সকল
  6. ↑ The Times of India, 12 Oct 2003
  7. ↑ Indian government Padma Awards
  8. ↑ Teejan Bai|Laureates. Fukuoka Prize
  9. ↑ Ministry of Home Affairs, India. 25 January 2019

সম্পৰ্কিত শ্ৰেণী

পদ্মশ্ৰী বঁটা বিজয়ীপদ্মভূষণ বঁটা বিজয়ীপদ্মবিভূষণ বঁটা বিজয়ীসংগীত নাটক একাডেমী ফেলোশ্বিপ প্ৰাপকভাৰতৰ লোকশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তীজান বাঈ” প্ৰবন্ধৰ সংশোধন ৬১৬০১১ (৬ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।