ভাৰতৰ লোকশিল্পী
১১ প্ৰবন্ধ
-
প্ৰতিমা বৰুৱা পাণ্ডে
প্ৰতিমা বৰুৱা পাণ্ডে অসমৰ লোক-সংগীত জগতৰ এক উল্লেখযোগ্য কণ্ঠ, বিশেষকৈ গোৱালপৰীয়া লোকগীতক জনপ্ৰিয় কৰি তোলাত তেখেতৰ ভূমিকা গুৰুত্বপূর্ণ। ৰাজপৰিয়ালৰ পটভূমিৰ পৰা আহিও তেখেতে চলচ্চিত্ৰ, মঞ্চ আৰু ৰেকৰ্ডিংৰ মাধ্যমেৰে লোকসংগীতক আধুনিক শ্ৰোতাৰ মাজলৈ আগবঢ়াই নিলে।
-
ৰামেশ্বৰ পাঠক
ৰামেশ্বৰ পাঠক(ইংৰাজী:Rameshwar Pathak) অসমৰ এগৰাকী প্ৰসিদ্ধ কামৰূপী লোকগীত শিল্পী।
-
মোহন ভাৱৰীয়া
মোহন ভাইৰা আছিল অসমৰ এজন ঢোল বাদক, লোকশিল্পী তথা সাংস্কৃতিক কৰ্মী। কামৰূপী ঢুলীয়া সংস্কৃতিৰ তেওঁ আছিল এগৰাকী পুৰোধা ব্যক্তি। থিতাতে সংলাপ যুগুত কৰি ব্যংগাত্মক অভিনয়েৰে সমাজৰ বিভিন্ন দিশ উন্মোচন কৰি মনোৰঞ্জন দিয়াৰ লগতে জনসচেতনতাৰ সৃষ্টি কৰাত বিশেষ ভূমিকা লোৱা কামৰূপী ঢুলীয়াৰ চং লোকসমাজত অতি…
-
ইলা অৰুণ
ইলা অৰুণ এগৰাকী ভাৰতীয় গায়িকা, অভিনেত্ৰী, টেলিভিছন ব্যক্তিত্ব, ৰাজস্থানী লোক কণ্ঠশিল্পী। লমহে, জোধা আকবৰ, ছাদি কে ছাইদ এফেক্টছ আৰু বেগম জান আদি ছবিত তেখেতে অভিনয় কৰিছে। হিন্দী ছবি "খলনায়ক"ত কণ্ঠদান কৰা "ছোলী কে পিছে ক্যা হ্যে" গীতটোৰ বাবে তেখেতে শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ শিতানত বঁটা লাভ কৰিছিল।
-
তীজান বাঈ
তীজান বাঈ (জন্ম ২৪ এপ্ৰিল ১৯৫৬) এগৰাকী ভাৰতীয় লোক-সংগীতৰ শিল্পী। তেওঁ ছত্তীছগঢ়ৰ বিখ্যাত পৰিবেশ্য কলা পাণ্ডৱনীৰ লগত জড়িত। পাণ্ডৱনীত মহাভাৰতৰ কাহিনী গীত আৰু বাদ্যযন্ত্ৰৰ মাধ্যমৰে পৰিবেশন কৰা হয়। তেওঁক ভাৰত চৰকাৰে ১৯৮৭ চনত পদ্মশ্ৰী, ২০০৩ চনত পদ্মভূষণ আৰু ২০১৯ চনত পদ্মবিভূষণ প্ৰদান কৰিছিল।
-
ধনদা পাঠক
ধনদা পাঠক (বিবাহৰ পূৰ্বে বৰ্মন; Dhanada Pathak) এগৰাকী অসমীয়া কণ্ঠশিল্পী। তেওঁ বিশেষকৈ কামৰূপী লোকগীতৰ বাবে জনাজাত। তেওঁ এগৰাকী অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতি প্ৰাপ্ত কণ্ঠশিল্পী। তাৰোপৰি তেওঁ মঞ্চতো গীত পৰিবেশন কৰি আহিছে।
-
প্ৰসেন বৰা
প্ৰসেন বৰা (১৯৬১-২০১৫) অসমৰ এগৰাকী প্ৰসিদ্ধ ঢুলীয়া আছিল। অসমৰ লগতে ভাৰতৰ বাহিৰতো বিভিন্ন অনুষ্ঠানত ঢোলবাদন কৰি তেওঁ খ্যাতি লাভ কৰিছিল। বহুকেইখন শ্ৰব্য কেছেটত তেওঁৰ ঢোলৰ চাপৰ সন্নিবিষ্ট হৈ আছে।
-
ৰেকিবুদ্দিন আহমেদ
ৰেকিবুদ্দিন আহমেদ(Rekibuddin Ahmed) আছিল আজান পীৰ চাহাবৰ দ্বাৰা প্ৰচলিত জিকিৰ আৰু জাৰী গীতৰ শিল্পী। ৰেকিবুদ্দিন আহমেদক অসমৰ ' জিকিৰ সম্ৰাট 'বুলি কোৱা হয়। বিলুপ্ত হ'বলৈ ধৰা জিকিৰ গীতসমূহ ৰেকিবুদ্দিন আহমেদে পুনৰ্জীৱিত কৰি তুলিছিল।
-
গুলাব বাই
গুলাব বাই (জন্ম ১৯২৬, মৃত্যু ১৯৯৬), জনপ্ৰিয় ভাবে গুলাব জান নামে বিখ্যাত, এগৰাকী ভাৰতীয় নৌটংকী অভিনেত্ৰী। নৌটংকী মূলতঃ উত্তৰ প্ৰদেশৰ লোক গীতিনাট্য। তেওঁ প্ৰচলিত লোক গীতিনাট্য নৌটংকীৰ প্ৰথম মহিলা শিল্পী। বহুতেই তেওঁক নৌটংকীৰ অগ্ৰণী খ্যাতিমান শিল্পী হিচাপে অভিহিত কৰে।
-
ডলী গুলেৰীয়া
ডলী গুলেৰীয়া (জন্ম: ১৪ এপ্ৰিল ১৯৪৯) এগৰাকী ভাৰতীয় গায়ক, মুখ্যতঃ পঞ্জাবী লোক সংগীত, শাবাদ গুৰবাণী, চুফী আৰু গজল ধাৰাৰ সংগীতত দক্ষতাৰ সৈতে পঞ্জাবীত এজন লোক গায়ক। তেওঁ অধ্যাপক যোগিন্দ্ৰ সিং আৰু কিংবদন্তী লোক গায়ক সুৰিন্দৰ কৌৰৰ কন্যা, যাক 'পঞ্জাবৰ দি নাইটিঙল' বুলি জনা যায়।
-
দ্বিজেন গগৈ
দ্বিজেন গগৈ অসমৰ এজন লোকশিল্পী আৰু লোকবাদ্য নিৰ্মাতা। বিদ্যালয়ত পঢ়ি থকা কালৰ পৰাই ঢোল, পেঁপা আদি বাদ্যবযন্ত্ৰ তৈয়াৰ কৰিবলৈ আৰম্ভ কৰা গগৈয়ে নিজৰ প্ৰচেষ্টাৰে এইপৰ্যন্ত অসমৰ বিভিন্ন জনগোষ্ঠীৰ পয়ষষ্ঠিবিধ লোকবাদ্য বাণিজ্যিকভাৱে তৈয়াৰ কৰি উলিয়াইছে।