ডিগবৈ যুদ্ধ সমাধিক্ষেত্ৰ বা ডিগবৈ ৱাৰ চিমেট্ৰী অসমৰ তিনিচুকীয়া জিলাৰ ডিগবৈত অৱস্থিত এক সমাধিক্ষেত্ৰ।১ এই সমাধিক্ষেত্ৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ আৰু বৰ্তমান ইয়াত ২০০টা সমাধি আছে। ইয়াৰে ১৯৪টা সমাধি চিনাক্ত আৰু ৬টা অচিনাক্ত। চিনাক্ত সমাধি সমূহৰ ১৯৭জন সৈনিক কমনৱেলথ ৰাষ্ট্ৰসমূহৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ, ইটালী আৰু বেলজিয়ামৰ এজনকৈ সৈনিক আছে।২
অৱস্থান
ডিগবৈ যুদ্ধ সমাধিক্ষেত্ৰ অসমৰ তিনিচুকীয়া জিলাৰ ডিগবৈত অৱস্থিত। ই ম্যানমাৰৰ সীমাৰ নিচেই কাষৰ লিডু পথত অৱস্থিত। ডিগবৈ যুদ্ধ সমাধিক্ষেত্ৰ ডিগবৈ তৈল নগৰীৰ প্ৰায় ১.৫ কিঃমিঃ নিলগত পেঙেৰী চাহ বাগিচাত অৱস্থিত।২৩
ইতিহাস
ইয়াণ্ডাবু সন্ধিৰ পিছত ১৮২৬ চনৰ পৰা অসম ব্ৰিটিছৰ অধীনলৈ গৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ভাৰত ব্ৰিটিছ কমনৱেলথৰ অংশ আছিল। সেইসময়ত অসমত ব্ৰিটিছ ভাৰতীয় সন্যৰ পূব প্ৰান্তীয় কমাণ্ড হিচাপে বাৰ্মা অঞ্চলত কাৰ্যকৰী আছিল। উত্তৰ-পূব ভাৰতৰ পূব প্ৰান্তত অৱস্থিত ডিগবৈ চহৰ বাৰ্মা সীমাৰ নিচেই কাষত অৱস্থিত হোৱা বাবে এই দুই অঞ্চলৰ যুগসূত্ৰত পৰিগণিত হৈছিল। সেয়ে ব্ৰিটিছ সকলে লিডু পথত অৱস্থিত ডিগবৈত এখন সৈন্য চিকিৎসালয় স্থাপন কৰিছিল। পিছলৈ চিকিৎসালয় খনৰ কাষতে এখন সমাধিক্ষেত্ৰ গঢ় লৈ উঠে। যুদ্ধৰ সময়ত চিকিৎসালয় খনত মৃত ঘোষিত সৈন্য সকলক ইয়াতেই সমাধিস্থ কৰা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ শেষলৈকে ইয়াত ৭০টা সমাধি আছিল। পিছলৈ সন্য সমাধি সেৱাৰ বিষয়া সকলে ইয়ালৈ পানীতোলা, যোৰহাট, মাৰ্ঘেৰিটা মহকুমা, তিনিচুকীয়া, লিডু আদি অঞ্চলৰ পৰা কেইবাটাও সমাধি আনে। স্থায়ী সংৰক্ষণৰ অভাৱৰ বাবে এই সমাধি সমূহ ডিগবৈলৈ স্থানান্তৰ কৰা হৈছিল। সেইদৰে বাৰ্মাৰ শ্বিংভৌয়াংত অৱস্থিত আমেৰিকা যুক্তৰাষ্ট্ৰ সৈন্য সমাধিক্ষেত্ৰৰ পৰাও এজন সৈনিকৰ সমাধি ইয়ালৈ অনা হৈছিল।২
প্ৰথমতে ডিগবৈ সমাধিক্ষেত্ৰ মুখ্য পথৰ পৰা উঠি যোৱা টিলা এটাত স্থাপন কৰা হৈছিল। পিছলৈ ১৯৫০ চনৰ প্ৰবল অসম ভূমিকম্পত ই বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। ১৯৫৩ চনৰ বৃষ্টিপাত আৰু ভূমিস্খলনৰ বাবে ইয়াক সেই ঠাইৰ পৰা স্থানান্তৰ কৰি বৰ্তমান স্থানলৈ অনা হৈছিল। বৰ্তমান ইয়াত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ ১৯৭জন কমনৱেলথ ৰাষ্ট্ৰসমূহৰ সৈনিক আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ, ইটালী আৰু বেলজিয়ামৰ এজনকৈ সৈনিকৰ সমাধি আছে।২
যাতায়ত
ডিগবৈৰ পৰা যুদ্ধ সমাধিক্ষেত্ৰলৈ অতি সহজে যাব পাৰি। ডিগবৈ স্থল পথেৰে তিনিচুকীয়া, দুলীয়াজান, মাৰ্ঘেৰিটা মহকুমা আদি উল্লেখযোগ্য চহৰৰ লগত সংযোগিত। ই ডিগবৈ ৰে'ল ষ্টেচনৰ পৰা ৩ কিঃমিঃ নিলগত। ইয়াৰ নিকটৱৰ্তী বিমানবন্দৰ হৈছে ডিব্ৰুগড় বিমানবন্দৰ। ই সমাধিক্ষেত্ৰৰ পৰা ৭৮ কিঃমিঃ নিলগত অৱস্থিত।
পৰ্যটন
তিনিচুকীয়া জিলাৰ ডিগবৈ সমাধিক্ষেত্ৰ এক উল্লেখযোগ্য পৰ্যটন স্থল। বিশ্বযুদ্ধৰ সময়ৰ এই সমাধিক্ষেত্ৰ খনে অতীতত স্বাক্ষৰ বহন কৰিছে। সমাধিক্ষেত্ৰখন গ্ৰীষ্মকালত পুৱা ৮ বজাৰ পৰা আবেলি ৫ বজালৈ আৰু শীতকালত পুৱা ৮ বজাৰ পৰা আবেলি ৪ বজালৈ খোলা থাকে। প্ৰতি বছৰে নৱেম্বৰ মাহৰ দ্বিতীয় শনিবাৰে ইয়াত সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়। এই সভাত বিদেহী সাহসী আত্মাৰ সদগতিৰ বাবে পৱিত্ৰ বাইবেল, শ্ৰীমদ্ভগৱতগীতা, গুৰু গ্ৰন্থ চাহিব আৰু কোৰআনৰ পাঠ কৰা হয়।৪
তথ্যসূত্ৰ
- ↑ বৰা, অলী. (2016-10-26). সমাধিক্ষেত্ৰৰ সুকীয়া ৰূপ. janambhumi.in
- ↑ DIGBOI WAR CEMETERY. cwgc.org
- ↑ The Digboi War Cemetery. tripadvisor.in
- ↑ War Cemetery. bharatonline.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিগবৈ যুদ্ধ সমাধিক্ষেত্ৰ” প্ৰবন্ধৰ সংশোধন ৩৮৫১৬১ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।