অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

গুৰু গ্ৰন্থ চাহিব

গুৰু গ্ৰন্থ চাহিব বা সাম্মাণিক উপাধি সহ শ্ৰী গুৰু গ্ৰন্থ চাহিব জি (ਸ਼੍ਰੀ ਗੁਰੂ ਗ੍ਰੰਥ ਸਾਹਿਬ ਜੀ, শ্ৰী গুৰু গ্ৰান্‌থ্‌ চাহিব্‌ জি ) বা আদি গ্ৰন্থ শিখ ধৰ্মৰ পবিত্ৰ ধৰ্মগ্ৰন্থ। প্ৰতিষ্ঠানিকভাবে এই গ্ৰন্থখন শিখসকলৰ সৰ্বশেষ গুৰু।

হালনাগাদ: ৮ অক্টোবৰ ২০২৪ ২৯৮ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

গুৰু গ্ৰন্থ চাহিব বা সাম্মাণিক উপাধি সহ শ্ৰী গুৰু গ্ৰন্থ চাহিব জি (ਸ਼੍ਰੀ ਗੁਰੂ ਗ੍ਰੰਥ ਸਾਹਿਬ ਜੀ, শ্ৰী গুৰু গ্ৰান্‌থ্‌ চাহিব্‌ জি ) বা আদি গ্ৰন্থ শিখ ধৰ্মৰ পবিত্ৰ ধৰ্মগ্ৰন্থ। প্ৰতিষ্ঠানিকভাবে এই গ্ৰন্থখন শিখসকলৰ সৰ্বশেষ গুৰু।১ গুৰু গ্ৰন্থ চাহিব ১৪৩০টা অংগত বিভক্ত, যিবোৰ ১৪৬৯ চনৰ পৰা ১৭০৮ চনৰ মধ্যবৰ্তী সময়ত বিভিন্ন শিখ গুৰু কৰ্তৃক ৰচিত আৰু সংকলিত হয়।১ ই এক শবদ বা স্তোত্ৰ সংকলন। ইয়াৰ মূল উপজীৱ্য ঈশ্বৰৰ গুণাণুকীৰ্তন২ আৰু ঈশ্বৰৰ নাম জপ কৰাৰ কাৰণ ব্যাখ্যা।

গুৰু গ্ৰন্থ চাহিব
গুৰু গ্ৰন্থ চাহিবছবি: J Singh · CC BY-SA 2.0

দশম শিখ গুৰু গোবিন্দ সিংহয়ে (১৬৬৬-১৭০৮) পৱিত্ৰ ধৰ্মগ্ৰন্থ আদি গ্ৰন্থ-ক তেওঁৰ উত্তৰসূৰি ঘোষণা কৰে আৰু ইয়াক গুৰু গ্ৰন্থ চাহিব সম্মানেৰে ভূষিত কৰে।৩ সেই তেতিয়াৰ পৰা এই গ্ৰন্থই দহ গুৰুৰ শিক্ষাৰ প্ৰতিনিধিৰূপে শিখসকলৰ পৱিত্ৰ ধৰ্মগ্ৰন্থৰ মৰ্যাদা পাই আহিছে।৪ শিখধৰ্মৰ উপাসনাৰ ক্ষেত্ৰত প্ৰাৰ্থনাত সহায়ক বা সূ্ত্ৰ হিচাপে এই গ্ৰন্থৰ স্থান সৰ্বোচ্চ।৫

পঞ্চম শিখ গুৰু অৰ্জুন দাসে(১৫৬৩-১৬০৬) প্ৰথম পাচ শিখ গুৰু আৰু হিন্দু, মুছলমান সন্ত সহ বিভিন্ন মহান সন্তৰ ৰচিত স্তোত্ৰাৱলীৰ পৰা ৰচনা চয়ন কৰি প্ৰথম আদি গ্ৰন্থ সংকলন কৰিছিল।২ দশম শিখ গুৰুৰ মহাপ্ৰয়াণৰ পিছত বাবা দীপ সিংহয়ে বিতৰণৰ বাবে এই গ্ৰন্থৰ একাধিক সম্পাদিত নকল প্ৰস্তুত কৰিছিল।

মানচিত্ৰ গুৰু গ্ৰন্থ চাহিবৰ বিভিন্ন লেখকৰ জন্মস্থানৰ বৰ্ণনা Mānacitra guru grantha sāhēbēra bibhinna lēkhaka janma jāẏagā barṇanā
মানচিত্ৰ গুৰু গ্ৰন্থ চাহিবৰ বিভিন্ন লেখকৰ জন্মস্থানৰ বৰ্ণনা Mānacitra guru grantha sāhēbēra bibhinna lēkhaka janma jāẏagā barṇanāছবি: Guglani · CC0

গ্ৰন্থখন গুৰুমুখী হৰফত লিখিত। প্ৰধানত প্ৰাচীন পঞ্জাবী ভাষা ব্যৱহৃত হলেও কোনো কোনো স্থলত ব্ৰজাৱলী, পঞ্জাবী, খড়িবোলি (হিন্দী ভাষা), সংস্কৃত ভাষা, বিভিন্ন স্থানীয় উপভাষা আৰু ফাৰ্চী ভাষা ব্যৱহৃত হৈছে। এই গ্ৰন্থৰ ভাষাক সন্ত ভাষা বোলা হয়।

বহিঃসংযোগ

ভিডিঅ'

অডিঅ'

পাঠ্য

অন্যান্য

তথ্যসূত্ৰ

  1. ↑ Keene, Michael. (2003). Online Worksheets. Nelson Thornes. পৃ. 38. ISBN 074877159X
  2. ↑ Penney, Sue. Sikhism. Heinemann. পৃ. 14. ISBN 0435304704
  3. ↑ Partridge, Christopher Hugh. (2005). Introduction to World Religions. পৃ. 223
  4. ↑ Kashmir, Singh. SRI GURU GRANTH SAHIB — A JURISTIC PERSON. Global Sikh Studies
  5. ↑ Singh, Kushwant. (2005). A history of the sikhs. Oxford University Press. ISBN 0195673085

সম্পৰ্কিত শ্ৰেণী

ধৰ্ম গ্ৰন্থশিখ ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুৰু গ্ৰন্থ চাহিব” প্ৰবন্ধৰ সংশোধন ৪৩৬১২৮ (৮ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।