তিনিচুকীয়া জিলা
২০ প্ৰবন্ধ
-
তিনিচুকীয়া জিলা
তিনিচুকীয়া জিলা অসমৰ এটি গুৰুত্বপূৰ্ণ প্ৰশাসনিক একক, যাৰ সদৰ তিনিচুকীয়া নগৰত অবস্থিত। ইতিহাস, বনাঞ্চল আৰু খনিজ-ভিত্তিক উদ্যোগ একেলগে ধৰি এই জিলা উত্তৰ-পূব ভাৰতৰ অৰ্থনীতি আৰু সংস্কৃতিৰ সৈতে ঘনিষ্ঠভাৱে জড়িত।
-
শদিয়া
শদিয়া অসমৰ তিনিচুকীয়া জিলাৰ লোহিত নদীৰ পাৰত অৱস্থিত এখন সৰু নগৰ তথা মহকুমা-কেন্দ্ৰ। ঐতিহাসিকভাবে চুতীয়া ৰাজ্যৰ ৰাজধানী, সীমান্ত-বাণিজ্যৰ হাট-বজাৰ, আৰু ধৰ্মীয়-ঐতিহ্যিক স্থাপত্য-ভগ্নাৱশেষৰ বাবে শদিয়া বিশেষ গুৰুত্বপূৰ্ণ।
-
ডিগবৈ
ডিগবৈ অসমৰ তিনিচুকীয়া জিলাৰ এক নগৰাঞ্চল, যাক এছিয়াৰ প্ৰথম বাণিজ্যিক খাৰুৱা তেল উৎপাদনস্থল হিচাপে বিশেষ গুৰুত্ব দিয়া হয়। তেলক্ষেত্ৰ, শোধনাগাৰ আৰু উপনিবেশিক যুগৰ নগৰ-অৱকাঠামোৰ বাবে ডিগবৈক অসমত “তৈল নগৰ” বুলিও চিনি পোৱা যায়।
-
মাৰ্ঘেৰিটা মহকুমা
মাৰ্ঘেৰিটা মহকুমা তিনিচুকীয়া জিলাৰ তিনিটা মহকুমাৰ ভিতৰত এটি সীমামূৰীয়া প্ৰশাসনিক একক, য’ত কয়লা, চাহ আৰু প্লাইউড উদ্যোগে অঞ্চলটোৰ অৰ্থনীতি গঢ়ি তুলিছে। পাটকাই পৰ্বতশ্ৰেণী, বুঢ়ীদিহিং নদী আৰু বনাঞ্চলৰ বাবে ই পৰ্যটন আৰু প্ৰাকৃতিক বৈচিত্ৰ্যৰ দিশতো গুৰুত্বপূৰ্ণ।
-
সত্যব্ৰত নিৰালা
সত্যব্ৰত নিৰালা (জন্ম: ১০ অক্টোবৰ ১৯৮৮) অসমৰ ডিগবৈৰ এজন এজাইল ৰূপান্তৰ পৰামৰ্শদাতা, প্ৰশিক্ষক, উদ্ভাৱক আৰু গৱেষক। তেওঁ এজাইল শিক্ষা ঘোষণাপত্ৰৰ মুখ্য লেখক, HiMirrorly.comৰ সহ-প্ৰতিষ্ঠাপক আৰু উদ্ভাৱক, আৰু অসমীয়া বিশ্বকোষৰ প্ৰতিষ্ঠাতা।
-
ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান
ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান (Dibru-Saikhowa National Park) অসমৰ পৰ্য্যটন স্থান সমূহৰ ভিতৰত এখন উল্লেখযোগ্য স্থান। অসমৰ পূব প্ৰান্তত ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে অৱস্থিত। ই অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বিস্তৃত হৈ আছে।
-
মাকুম
মাকুম (IPA: mɑːkəm) অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত এখন নগৰ। 'মাকুম' শব্দটো চীনা শব্দৰ পৰা উৎপত্তি হোৱা যাৰ অৰ্থ "meeting point। " প্ৰকৃততে এই অঞ্চলতে অসমৰ তিনিখন প্ৰধান চহৰ তিনিচুকীয়া, ডিগবৈ আৰু ডুমডুমা লগ হোৱাৰ বাবে ইয়াৰ নাম মাকুম হৈ পৰে। আন এটা জনশ্ৰুতি অনুসৰি মাকুম এখন ইতিহাস প্ৰসিদ্ধ ঠাই।
-
লিডু
লিডু অসমৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত এখন সৰু চহৰ। লিডু ৰেলৱে ষ্টেচন ভাৰতৰ পূব প্ৰান্তৰ ব্ৰডগজ ৰেলৱে ষ্টেচন। এই চহৰখনৰ পৰাই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বাৰ্মাৰ মাজেদি চীনলৈ সামৰিক যোগানৰ পথ হিচাপে আমেৰিকান আৰু ইংৰাজ সেনাবাহিনীৰ ব্যৱহাৰৰ বাবে নিৰ্মাণ কৰা ষ্টিলৱেল পথৰ আৰম্ভণি ঘটিছে।
-
তিনিচুকীয়া মহাবিদ্যালয়
তিনিচুকীয়া মহাবিদ্যালয় তিনিচুকীয়া জিলাত অৱস্থিত উচ্চ শিক্ষাৰ এখন প্ৰধান শিক্ষানুষ্ঠান। তিনিচুকীয়া নগৰৰ পৰ্বতীয়াস্থিত এই মহাবিদ্যালয়খন ১৯৫৬ চনত প্ৰতিষ্ঠা হয়। তিনিচুকীয়া মহাবিদ্যালয়ত কলা, বিজ্ঞান, বাণিজ্য তিনিওটা শাখা উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতক পৰ্যন্ত অধ্যয়ন কৰাৰ সুবিধা আছে।
-
ডিগবৈ তেল শোধনাগাৰ
ডিগবৈ তেল শোধনাগাৰ (Digboi Refinery) অসমৰ তিনিচুকীয়া জিলাৰ ডিগবৈত অৱস্থিত এখন খাৰুৱা তেলৰ শোধনাগাৰ। ১৯০১ চনত অসম ৰে’লৱে আৰু ট্ৰেডিং কোম্পানীয়ে এই শোধনাগাৰটো স্থাপন কৰিছিল। সুদীৰ্ঘ ১০০ বছৰৰ ডেওনা পাৰ কৰা এইটোৱেই এছিয়াৰ সৰ্বপ্ৰথম শোধনাগাৰ।
-
তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়
তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (Tinsukia Medical College & Hospital) অসমৰ তিনিচুকীয়া জিলাৰ মাকুমত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়। ২০২৪ চনত চিকিৎসা মহাবিদ্যালয়খন কাৰ্যক্ষম হয়।
-
মাগুৰী মতাপুং বিল
মাগুৰী মতাপুং বিল বা মাগুৰী বিল অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত এখন বিল তথা আৰ্দ্ৰভূমি। ই ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই কাষত অৱস্থিত। এই বিলখন বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ প্ৰাকৃতিক আৱাসস্থলী আৰু স্থানীয় সম্প্ৰদায়সমূহৰ জীৱিকাৰ উৎস।
-
মাৰ্ঘেৰিটা বিধানসভা সমষ্টি
২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী ভাস্কৰ শৰ্মাই বিজয় সাব্যস্ত কৰি মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক হিচাপে একেৰাহে চতুৰ্থবাৰৰ বাবে নিৰ্বাচিত হয়।
-
ডিগবৈ বিধানসভা সমষ্টি
২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী সুৰেন ফুকনে বিজয় সাব্যস্ত কৰি ডিগবৈ সমষ্টিৰ বিধায়ক হিচাপে একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হয়।
-
মাকুম বিধানসভা সমষ্টি
২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী ৰূপেশ গোৱালাই এই সমষ্টিৰ প্ৰথম বিধায়ক হিচাপে বিজয় সাব্যস্ত কৰে। নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল: তিনিচুকীয়া জিলা অসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকা
-
টিলিঙা মন্দিৰ
টিলিঙা মন্দিৰ তিনিচুকীয়া জিলাৰ বৰডুবি নামৰ ঠাইত অৱস্থিত। দুলীয়াজানৰপৰা এই মন্দিৰলৈ ১০ কিলোমিটাৰ আৰু তিনিচুকীয়া নগৰৰপৰা ২৫ কিলোমিটাৰ দূৰত্ব। এই মন্দিৰটো শিৱপূজাৰ পীঠস্থানৰ দৰে হৈ পৰিছে।
-
ডিগবৈ যুদ্ধ সমাধিক্ষেত্ৰ
ডিগবৈ যুদ্ধ সমাধিক্ষেত্ৰ বা ডিগবৈ ৱাৰ চিমেট্ৰী অসমৰ তিনিচুকীয়া জিলাৰ ডিগবৈত অৱস্থিত এক সমাধিক্ষেত্ৰ। এই সমাধিক্ষেত্ৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ আৰু বৰ্তমান ইয়াত ২০০টা সমাধি আছে। ইয়াৰে ১৯৪টা সমাধি চিনাক্ত আৰু ৬টা অচিনাক্ত।
-
জাগুন
জাগুন উত্তৰ-পূব ভাৰতৰ ৰাজ্য অসমৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত এখন সৰু বজাৰ লগতে চহৰ। ই নিকটতম কয়লাক্ষেত্ৰ টিপঙৰ পৰা প্ৰায় ৭ কিমি (৪.৩ মাইল) দূৰত, লেখাপানীৰ পৰা ১১ কিমি (৬.৮ মাইল) দূৰত, তিৰাপ গাঁওৰ পৰা ১৭ কিমি (১১ মাইল) দূৰত আৰু লিডোৰ পৰা ২০ কিমি (১২ মাইল) দূৰত অৱস্থিত।জাগুন ৩১৫…
-
বাবু পূজা
বাবু পূজা (Babu Puja) অসমৰ তিনিচুকীয়া জিলাৰ ছৈখোৱাস্থিত শ্ৰী শ্ৰী কেঁচাখাইটী শালত প্ৰতিবছৰে অনুষ্ঠিত হয়। শালৰ এই বিশেষ পূজা আঘোণ মাহৰ এক বিশেষ দেওবাৰে অনুষ্ঠিত হয়।
-
বাৰেকুৰি
বাৰেকুৰি অসমৰ তিনিচুকীয়া জিলাৰ এখন গাঁও। ই তিনিচুকীয়া চহৰৰপৰা প্ৰায় ১৯ কিলোমিটাৰ দূৰত অৱস্থিত। বাৰেকুৰি কেইবাখনো সৰু সৰু গাঁও একেলগ হৈ গঠিত এক বৃহৎ গ্ৰাম্য বসতি। বাৰেকুৰি বিশেষকৈ হলৌ বান্দৰৰ সৈতে স্থানীয় লোকসকলৰ দীৰ্ঘদিনীয়া সহাৱস্থানৰ বাবে পৰিচিত।