বড়ো চলচ্চিত্ৰ
৫ প্ৰবন্ধ
-
আলায়াৰণ
আলায়াৰণ (आलायारन; Alayaron) বড়ো ভাষাৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ কাহিনী ছবি। আলায়াৰণ শব্দৰ অৰ্থ প্ৰভাত। ১৯৮৬ চনৰ ১৩ মাৰ্চত কোকৰাঝাৰৰ গঙ্গা টকীজত ছবিখনে মুক্তি পাইছিল। বডোচা ফিল্ম প্ৰডাকচনে প্ৰযোজনা কৰা ছবিখনৰ পৰিচালনা, চিত্ৰগ্ৰহণ আৰু সম্পাদনা আছিল জাংদাও বডোচা।
-
ডাও হুদুনি মেথাই
ডাও হুদুনি মেথাই (दाव हुदुनि मेथाइ, Song of the Horned Owl) হৈছে মঞ্জু বৰাৰ দ্বাৰা পৰিচালিত ২০১৫ চনৰ বড়ো ভাষাৰ এখন চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ কাহিনী ৰশ্মিৰেখা বৰাৰ অসমীয়া উপন্যাস ডাও হুদুৰ গান -ৰ ওপৰত আধাৰিত।
-
হাগ্ৰামায়াও জিনাহাৰি
হাগ্ৰামায়াও জিনাহাৰি ( Hagramayao Jinahari) জাংদাও বডোচা পৰিচালিত ১৯৯৬ চনত মুক্তি পোৱা এখন বড়ো ভাষাৰ চলচ্চিত্ৰ। এইখন বডোচাই পৰিচালনা কৰা দ্বিতীয় কাহিনী ছবি। পৰিচালনাৰ উপৰিও তেওঁ ছবিৰ প্ৰযোজনা আৰু সম্পাদনা কৰাৰ উপৰিও চিত্ৰনাট্যও লিখিছে।
-
জৗলৌ: দ্য ছীড
জৗলৌ: দ্য ছীড (Jwlwi: The Seed) হৈছে ২০১৯ চনৰ বড়ো ভাষাৰ ভাৰতীয় চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ পৰিচালক ৰজনী বসুমতাৰী৷ নব্বৈ দশকত অসমত হোৱা বিদ্ৰোহৰ পটভূমিত এই চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছে।
-
ৱাইল্ড ছ'ৱানচ
ৱাইল্ড ছ'ৱানচ (Wild Swans, বড়ো ভাষাত: গোৰাই ফাখৰী, অৰ্থ: বনৰীয়া হাঁহ) হ'ল ২০২৩ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় বড়ো ভাষাৰ নাট্য চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ ৰচনা আৰু পৰিচালনা কৰিছে ৰজনী বসুমতাৰীয়ে আৰু ইয়াৰ প্ৰযোজক হ'লজনী বিশ্বনাথ। চলচ্চিত্ৰখনৰ সকলো চৰিত্ৰই নাৰী চৰিত্ৰ।