২০১৫ বৰ্ষৰ চলচ্চিত্ৰ
৮ প্ৰবন্ধ
-
বজৰংগী ভাইজান
বজৰংগী ভাইজান (Brother Bajrangi) কবীৰ খানৰ দ্বাৰা পৰিচালিত এখন ভাৰতীয় ড্ৰামা চলচ্চিত্ৰ। কে ভি ৱিজয়েন্দ্ৰ প্ৰসাদৰ দ্বাৰা লিখিত এই ছবি ছলমান খান আৰু ৰকলাইন ভেংকতেশৰ দ্বাৰা নিৰ্মিত। ছলমান খান, হৰ্ষালী মলহোত্ৰা, কৰীণা কাপোৰ, নাৱাজুদ্দিন ছিদ্দিকী এই ছবিৰ মুখ্য চৰিত্ৰ।
-
ডাও হুদুনি মেথাই
ডাও হুদুনি মেথাই (दाव हुदुनि मेथाइ, Song of the Horned Owl) হৈছে মঞ্জু বৰাৰ দ্বাৰা পৰিচালিত ২০১৫ চনৰ বড়ো ভাষাৰ এখন চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ কাহিনী ৰশ্মিৰেখা বৰাৰ অসমীয়া উপন্যাস ডাও হুদুৰ গান -ৰ ওপৰত আধাৰিত।
-
দ্য মেন হু নিউ ইনফিনিটি (চলচ্চিত্ৰ)
দ্য মেন হু নিউ ইনফিনিটি (The Man Who Knew Infinity) ভাৰতীয় গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনক লৈ নিৰ্মিত তথা ২০১৫ বৰ্ষত মুক্তি লাভ কৰা এখন ইংৰাজী চলচ্চিত্ৰ। ১৯৯১ চনত প্ৰকাশিত ৰবাৰ্ট কানিগেলৰ দ্য মেন হু নিউ ইনফিনিটি কিতাপখনৰ আধাৰত চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছে।
-
পাৰব না আমি ছাড়তে তোকে
পাৰব না আমি ছাড়তে তোকে (অনু. মই তোক এৰিব নোৱাৰো) হৈছে ৰাজ চক্ৰৱৰ্তীৰ দ্বাৰা পৰিচালিত, ২০১৫ বৰ্ষৰ ভাৰতীয় বাংলা ভাষাৰ এখন ৰোমাণ্টিক কমেডী চলচ্চিত্ৰ। ছবিখন প্ৰযোজনা কৰিছে শ্ৰী ভেংকটেশ ফিল্মছ আৰু সুৰিন্দৰ ফিল্মছে। এই ছবিখন ২০১৩ চনৰ তেলেগু ছবি উয়্যালা জাম্পালাৰ পুনৰ্নিৰ্মাণ।
-
শুধু তোমাৰই জন্য
শুধু তোমাৰই জন্য (Shudhu Tomari Jonyo; ) হৈছে বীৰছা দাসগুপ্তৰ দ্বাৰা পৰিচালিত ২০১৫ বৰ্ষৰ ভাৰতীয় বাংলা ভাষাৰ এখন ৰোমান্টিক নাট্য চলচ্চিত্ৰ৷ শ্ৰী ভেংকটেশ ফিল্মছে ছবিখনৰ প্ৰযোজনা কৰিছে। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে দেব, শ্ৰাবন্তী চট্টোপাধ্যায়, সোহম আৰু মিমি চক্ৰৱৰ্তীয়ে।
-
কেলেণ্ডাৰ গাৰ্লছ (২০১৫ চলচ্চিত্ৰ)
কেলেণ্ডাৰ গাৰ্লছ ( Calendar Girls ) ২০১৫ চনৰ ভাৰতীয় হিন্দী ভাষাৰ এখন নাট্যধৰ্মী ছবি, যাৰ পৰিচালনা মধুৰ ভাণ্ডাৰকাৰে কৰিছে। সংগীতা আহীৰ আৰু ভাণ্ডাৰকাৰ এণ্টাৰটেইনমেণ্টে ছবিখন প্ৰযোজনা কৰিছে।
-
৩৬ বায়াধিনিলে
৩৬ বায়াধিনিলে (অনু. ৩৬ বছৰ বয়সত; 36 Vayadhinile) ৰছান এণ্ড্ৰিউছ পৰিচালিত, ২০১৫ চনৰ ভাৰতীয় তামিল ভাষাৰ এখন কমেডী নাট্যধৰ্মী ছবি। এইখন তেওঁৰ মালয়ালম ছবি হাউ অল্ড আৰ ইউৰ (২০১৪) পুনৰ্নিৰ্মাণ। আঠ বছৰৰ বিৰতিৰ পিছত এই ছবিযোগে জ্যোতিকাই চলচ্চিত্ৰ জগতলৈ উভতি আহে।
-
ৰাণী পদ্মিনী (চলচ্চিত্ৰ)
ৰাণী পদ্মিনী ( Rani Padmini ) আশিক আবু পৰিচালিত এখন ভাৰতীয় মালয়ালম ছবি, য'ত ৰীমা কলিংগাল আৰু মঞ্জু ৱাৰিয়ৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিৰ প্ৰযোজক ফ’ৰ্ট এণ্টাৰটেইনমেণ্ট কোম্পানী। চিত্ৰনাট্য লিখিছিল শ্যাম পুষ্কৰণ আৰু ৰবিশংকৰে ৷ সংগীত ৰচনা কৰিছিল বিজীবালে।