আলায়াৰণ (आलायारन; Alayaron) বড়ো ভাষাৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ কাহিনী ছবি। আলায়াৰণ শব্দৰ অৰ্থ প্ৰভাত। ১৯৮৬ চনৰ ১৩ মাৰ্চত কোকৰাঝাৰৰ গঙ্গা টকীজত ছবিখনে মুক্তি পাইছিল। বডোচা ফিল্ম প্ৰডাকচনে প্ৰযোজনা কৰা ছবিখনৰ পৰিচালনা, চিত্ৰগ্ৰহণ আৰু সম্পাদনা আছিল জাংদাও বডোচা। মুখ্য চৰিত্ৰত অভিনয় কৰিছিল অমৰ নাৰ্জাৰী আৰু ৰহিলা ব্ৰহ্মই।১ নীলকমল ব্ৰহ্মৰ ১৯৮৫ চনত প্ৰকাশ পোৱা গল্প সংকলন ‘চিৰিনাই মান্দাৰ’ত প্ৰকাশিক Mwdwi Arw Gwlwmdwi শীৰ্ষক চুটিগল্প এটাৰ আধাৰত ছবিৰ চিত্ৰনাট্য ৰচনা কৰা হৈছিল।২৩
কাহিনীৰ সাৰাংশ
গোমবৰ নামৰ ডেকা এজন ধনী মহাজন মনবৰোৰ ঘৰত বন্ধা শ্ৰমিক হৈ থাকে; কিয়নো তাৰ দেউতাকে মহাজনৰ পৰা ধন ধাৰে লৈছিল। সেই ধন পৰিশোধ কৰিবলৈ গোমবৰ বন্ধা হৈ থাকিবলৈ বাধ্য হৈছিল। মহাজনৰ সৰুজনী ছোৱালী হিংমাশ্ৰীৰ অন্তৰত তাৰ প্ৰতি সহানুভূতিৰ উদ্ৰেক হয়। এই কাণ্ড দেখি মহাজনে খঙত গোমবৰক ঘৰৰ পৰা খেদি দিয়ে আৰু কয় যে দেউতাকে লোৱা ধাৰ যদি পাঁচবছৰৰ ভিতৰত পৰিশোধ কৰিব নোৱাৰে তেন্তে সিহঁতৰ মাটিবাৰী জব্দ কৰি ল’ব।১
গোমবৰে পৈতৃক মাটিখিনি মোকলোৱাৰ সংকল্প লৈ চহৰলৈ আহে। চহৰত সি খৰি ফলা, বোজা কঢ়িওৱা, ৰিক্সা চলোৱা, গাড়ী চলোৱা আদি বিভিন্ন কাম কৰে আৰু অৱশেষত এখন হোটেলত কাম পায়। সেই হোটেলতে সংযোগবশতঃ এজন সৎ ব্যৱসায়ী দিগম্বৰক লগ পায়। দিগম্বৰৰ সহযোগত গোমবৰ এজন চহকী উদ্যোগপতিলৈ পৰিণত হয়। অৱশেষত সি পৈতৃক মাটিখিনি মোকলোৱাৰ লগতে হিংমাশ্ৰীকো বিয়া কৰায়।১
অভিনয় শিল্পী
- অমৰ নাৰ্জাৰী (গোমবৰ)
- ৰহিলা ব্ৰহ্ম (হিংমাশ্ৰী)
- টিকেন্দ্ৰজিৎ নাৰ্জাৰী
- ৰমণী নাৰ্জাৰী
- ফিৰোজ ব্ৰহ্ম (শিশুশিল্পী)১
কলা-কুশলী
(তথ্যপেৰাত নথকা)
- শব্দগ্ৰহণ- সঞ্জীৱ পুঞ্জ্
- কলা নিৰ্দেশক/ সাজ-সজ্জা- মাখন ব্ৰহ্ম১
সঙ্গীত
ছবিখনত পাঁচটা গীত আছিল। গীত ৰচনা আৰু সঙ্গীত পৰিচালনা কৰিছিল মোহিনী মোহন নাৰ্জাৰীয়ে। গাইছিল সুলেখা বসুমতাৰী আৰু অৰুণ নাৰ্জাৰীয়ে।১
বঁটা
১৯৮৬ত অনুষ্ঠিত হোৱা ৩৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সংবিধানৰ অষ্টম অনুসূচী বহিৰ্ভূত ভাষাত নিৰ্মিত চলচ্চিত্ৰ শিতানত আলায়াৰণে বড়ো ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। বড়ো ভাষাৰ বাটকটীয়া এই ছবিখনত বড়ো সমাজৰ সামাজিক আৰু আৰ্থিক জীৱনৰ নিষ্ঠাপূৰ্ণ চিত্ৰায়ণৰ বাবে আগবঢ়োৱা হৈছিল। এই বঁটাত প্ৰযোজক আৰু পৰিচালকক ৰজত কমলৰ লগতে ক্ৰমে বিশ আৰু দহ হাজাৰকৈ টকা দিয়া হয়।১
তথ্যসূত্ৰ
- ↑ (1986). National Film Awards Archivesː33rd NFA. Directorate of Film Festivals, Govt. of India
- ↑ Brahma, Ronjoy. (2 February 2017). BODO FILM SOCIETY
- ↑ "Alayaron (1986 film)" Retrieved 11 April 2017
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলায়াৰণ” প্ৰবন্ধৰ সংশোধন ৩৮০০০১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।