একবিংশ শতিকাৰ ভাৰতীয় বিজ্ঞানী
৯ প্ৰবন্ধ
-
অৰুন্ধতী বিৰমণি
অৰুন্ধতী বিৰমণি (Arundhati Virmani; জন্ম ১৯৫৭) এগৰাকী ভাৰতীয় ইতিহাসবিদ। ১৯৯২ চনলৈকে তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক আছিল। তেওঁ মাৰ্চেইলৰ ইক’ল ডেছ হ’টছ এটুডছ এন চাইন্সেছ ছ’চিয়েলছত অধ্যাপনা কৰে। তেওঁ জিন বাউটিয়েৰৰ সৈতে বিয়েনালে ইউৰোপিয়ান ডি হিষ্ট’ৰ লোকেলৰ সহ-প্ৰতিষ্ঠাপক।
-
ইন্দিৰা নাথ
ইন্দিৰা নাথ (Indira Nath; ১৪ জানুৱাৰী ১৯৩৮ – ২৪ অক্টোবৰ ২০২১ ) এগৰাকী ভাৰতীয় ইমিউন'লজিষ্ট। চিকিৎসা বিজ্ঞানত তেওঁৰ প্ৰধান অৱদান মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ অপ্ৰতিক্ৰিয়াশীলতাৰ অন্তৰ্নিহিত ব্যৱস্থা, কুষ্ঠ ৰোগত প্ৰতিক্ৰিয়া আৰু স্নায়ুৰ ক্ষতি আৰু কুষ্ঠ বেচিলাছৰ জীৱনমুখীতাৰ বাবে চিহ্নিতকাৰীৰ সন্ধানৰ…
-
টেছি থমাছ
টেছি থমাছ (ইংৰাজী: Tessy Thomas, জন্ম: ১৯৬৩) এগৰাকী ভাৰতীয় বিজ্ঞানী তথা অভিযন্তা। তেওঁ ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠনত অগ্নি-৪ মিছাইল প্ৰকল্পটোৰ সঞ্চালক আছিল। ভাৰতত মিছাইল প্ৰকল্পৰ দায়িত্ব লোৱা তেৱেঁই প্ৰথম মহিলা বিজ্ঞানী। তেওঁক ভাৰতৰ ‘মিছাইল মহিলা’ হিচাপে গণ্য কৰা হয়।
-
তানিকা সৰকাৰ
তানিকা সৰকাৰ (Tanika Sarkar) জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতৰ এগৰাকী ইতিহাসবিদ৷ সৰকাৰৰ কামবোৰে ঔপনিৱেশিক আৰু উত্তৰ-ঔপনিৱেশিকা দক্ষিণ এছিয়াৰ ধৰ্ম, লিংগ আৰু ৰাজনীতিৰ সংযোগস্থলত আৰোপ কৰে আৰু বিশেষকৈ মহিলা আৰু হিন্দুৰ অধিকাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।
-
পাপিয়া ঘোষ
পাপিয়া ঘোষ (Papiya Ghosh) এগৰাকী দক্ষিণ এছিয়াৰ ইতিহাসৰ ইতিহাসবিদ আৰু ভাৰতৰ পাটনা বিশ্ববিদ্যালয় অধ্যাপক আছিল। ২০০৬ চনৰ ৩ ডিচেম্বৰত তেওঁক বৃদ্ধ গৃহ সহায়িকা মালতী দেৱীৰ সৈতে হত্যা কৰি থোৱা অৱস্থাত পোৱা গৈছিল, এই ঘটনা মূলতঃ চুৰিৰ চেষ্টাৰ ফলত হৈছিল। ঘোষ জাতিগতভাৱে এগৰাকী বাঙালী।
-
বিজয় অটলুৰি
বিজয়ল্ক্ষী অটলুৰি (Vijay Atluri; জন্মঃ ১৯৫৬) ভাৰতীয় তথ্য প্ৰণালী সুৰক্ষা আৰু ডাটাবেছ ব্যৱস্থাপনাৰ বিশেষজ্ঞ কম্পিউটাৰ বিজ্ঞানী। তেওঁ নিউৱৰ্কৰ ৰাটজাৰ্ছ বিজনেছ স্কুলৰ ব্যৱস্থাপনা বিজ্ঞান আৰু তথ্য প্ৰণালীৰ অধ্যাপক। অটলুৰি হৈছে ইউনিভাৰ্চিটি অৱ দ্য পিপলৰ কম্পিউটা বিজ্ঞান বিভাগৰ উপদেষ্টা পৰিষদৰ সদস্য।
-
মুথৈয়া ভণিতা
মুথৈয়া ভণিতা (Muthayya Vanitha) এগৰাকী ভাৰতীয় ইলেকট্ৰনিক্স চিষ্টেম অভিযন্তা। তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ এগৰাকী বিজ্ঞানী। তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰে অধীনৰ কেইবাটাও কৃত্ৰিম উপগ্ৰহৰ প্ৰকল্পক নেতৃত্ব বহন কৰিছে।
-
শশীকলা সিনহা
শশীকলা সিনহা (Shashikala Sinha) এগৰাকী ভাৰতীয় বিজ্ঞানী। ভাৰতীয় বেলিষ্টিক মিছাইল প্ৰতিৰক্ষা কাৰ্যসূচীৰ অংশ এণ্ডো-এটম’স্ফেৰিক ইন্টাৰচেপ্টৰ মিছাইল এডভান্সড এৰিয়া ডিফেন্স প্ৰগ্ৰেমত প্ৰজেক্ট ডাইৰেক্টৰ হিচাপে ভূমিকা লোৱাৰ বাবে তেওঁ পৰিচিত।
-
ৰীতা বহুগুণা যোশী
ৰীতা বহুগুণা যোশী (Rita Bahuguna Joshi; জন্মঃ ২২ জুলাই ১৯৪৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু এসময়ত উত্তৰ প্ৰদেশ চৰকাৰৰ কেবিনেট মন্ত্ৰী আছিল। তেওঁ ২০০৭ চনৰ পৰা ২০১২ চনলৈকে উত্তৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আছিল। ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমৱতী নন্দন বহুগুণাৰ তেওঁ কন্যা।