ভাৰতীয় মহিলা বিজ্ঞানী
২৭ প্ৰবন্ধ
-
অৰ্চনা শৰ্মা (উদ্ভিদ বিজ্ঞানী)
অৰ্চনা শৰ্মা (১৬ ফেব্ৰুৱাৰী ১৯৩২ - ১৪ জানুৱাৰী ২০০৮) এগৰাকী ভাৰতীয় উদ্ভিদ বিজ্ঞানী, কোষ বংশগতিবিজ্ঞানী, কোষ জীৱবিজ্ঞানী আৰু কোষবিষবিজ্ঞানী। তেওঁ বিশেষকৈ অযৌন প্ৰজনন কৰা উদ্ভিদৰ শ্ৰেণীবিভাজনৰ অধ্যয়ন, প্ৰাপ্ত বয়স্ক কোষকেন্দ্ৰৰ আৱেশিত কোষ বিভাজন, উদ্ভিদৰ বিভিন্ন কলাৰ পলিটেনিৰ শ্ৰেণীবিভাজন, সপুষ্পক…
-
আন্না মণি
আন্না মোডায়িল মণি (২৩ আগষ্ট, ১৯১৮ – ১৬ আগষ্ট, ২০০১) আছিল এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী তথা বতৰ বিজ্ঞানী। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সাধাৰণ উপসঞ্চালক হিচাপে তেওঁ অৱসৰ গ্ৰহণ কৰিছিল আৰু পাছলৈ তেওঁ ৰমণ গৱেষণা প্ৰতিষ্ঠানত অতিথি অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
কমল ৰণদিৱে
কমল ৰণদিৱে (Kamal Ranadive, ৮ নৱেম্বৰ ১৯১৭ – ১১ এপ্ৰিল ২০০১) এগৰাকী ভাৰতীয় কোষ জীৱবিজ্ঞানী আৰু কৰ্কট ৰোগ বিশেষজ্ঞ। তেওঁ বিশেষকৈ কৰ্কট ৰোগ আৰু ভাইৰাছৰ মাজৰ সম্পৰ্কৰ বিষয়ে গৱেষণাৰ বাবে জনাজাত। তেওঁ ভাৰতীয় মহিলা বিজ্ঞানী সন্থাৰ এজন প্ৰতিষ্ঠাপক সদস্য আছিল।
-
মঞ্জু শৰ্মা
মঞ্জু শৰ্মা (Manju Sharma, জন্ম: ১৩ ডিচেম্বৰ ১৯৪০) এগৰাকী ভাৰতীয় জৈৱ প্ৰযুক্তিবিদ। তেওঁ ভাৰতৰ কেইবাটাও বৈজ্ঞানিক গৱেষণা আৰু নীতি নিৰ্ধাৰণকাৰী সংস্থাৰ প্ৰশাসক আছিল। শেহতীয়াকৈ গুজৰাটৰ গান্ধীনগৰৰ উন্নত গৱেষণা প্ৰতিষ্ঠানৰ অধ্যক্ষ আৰু কাৰ্যবাহী সঞ্চালক আছিল।
-
ৰাজেশ্বৰী চেটাৰ্জী
ৰাজেশ্বৰী চেটাৰ্জী (২৪ জানুৱাৰী ১৯২২– ৩ ছেপ্টেম্বৰ ২০১০) আছিল এগৰাকী ভাৰতীয় বিজ্ঞানী আৰু শিক্ষাবিদ। তেখেত কৰ্ণাটকৰ প্ৰথমগৰাকী মহিলা অভিযন্তা। বেংগালুৰুস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান কাৰ্যনিৰ্বাহৰ কালছোৱাত তেখেতে প্ৰথমে অধ্যাপক আৰু শেষলৈ বৈদ্যুতিক যোগাযোগ অভিযান্ত্ৰিকৰ অধ্যক্ষৰ পদ অলংকৃত কৰে।
-
আদিতি পণ্ট
আদিতি পণ্ট (Aditi Pant) এগৰাকী ভাৰতীয় সমুদ্ৰ বিজ্ঞানী। তেওঁ ভূবিজ্ঞানী সুদীপ্তা সেনগুপ্তাৰ সৈতে এণ্টাৰ্কটিকাত পদাৰ্পণ কৰা প্ৰথম মহিলা। তেওঁলোক ১৯৮৩ চনৰ ভাৰতৰ এণ্টাৰ্কটিকা প্ৰগ্ৰেমৰ সহায়ত এণ্টাৰ্কটিকা অভিযানৰ সুযোগ লাভ কৰিছিল।
-
বিদিতা অশোক বৈদ্য
বিদিতা অশোক বৈদ্য (জন্ম: ১৫ নৱেম্বৰ ১৯৭০) এগৰাকী ভাৰতীয় স্নায়ুবিজ্ঞানী আৰু টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ অধ্যাপক। ইয়াৰ আগতে তেওঁ ৱেলকাম ট্ৰাষ্টত জেষ্ঠ্য গৱেষণা ফেল' আৰু ভাৰতীয় বিজ্ঞান একাডেমীত সহকাৰী হিচাপে কৰ্মৰত আছিল। তেওঁৰ গৱেষণাৰ মূল ক্ষেত্ৰ হৈছে স্নায়ুবিজ্ঞান আৰু আণৱিক মনস্তত্ব।
-
সুদীপ্তা সেনগুপ্তা
সুদীপ্তা সেনগুপ্তা (Sudipta Sengupta) এগৰাকী ভাৰতীয় ভূবিজ্ঞানী। তেওঁ কলকাতাত অৱস্থিত যাদৱপুৰ বিশ্ববিদ্যালয়ৰ গাথঁনিক ভূবিজ্ঞান বিভাগৰ অধ্যাপক। তেওঁ এগৰাকী প্ৰশিক্ষিত পৰ্বতাৰোহী। তেওঁ সমুদ্ৰ বিজ্ঞানী আদিতি পণ্টৰ সৈতে এণ্টাৰ্কটিকাত পদাৰ্পণ কৰা প্ৰথম মহিলা।
-
ৰেণী বৰ্গিজ
ৰেণী মাৰিয়া বৰ্গিজ (Renee Maria Borges) (জন্ম ২৫ ফেব্ৰুৱাৰী, ১৯৫৯) এগৰাকী ভাৰতীয় জীৱবিজ্ঞানী (evolutionary biologist)৷ বৰ্তমান তেওঁ ভাৰতীয় জীৱবিজ্ঞান প্ৰতিষ্ঠানৰ ’চেন্টাৰ ফৰ ইক’ল’জিকেল চায়েন্সেছ’ বিভাগত অধ্যাপক ৰূপে কৰ্মৰত৷ তেওঁৰ জীৱন আৰু বৈজ্ঞানিক গৱেষণা সম্পৰ্কে ’ইণ্ডিয়া টুডে’ আলোচনীয়ে…
-
আৰতি আগৰৱালা (বিজ্ঞানী)
আৰতি আগৰৱালা এজন বিজ্ঞানী আৰু অভিযান্ত্ৰিকবিদ যি গণনাত্মক ফট’নিক্স আৰু বৈচিত্ৰ্য, ন্যায়সঙ্গতা, আৰু অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে পৰিচিত। তেওঁ এই দুয়োটা ক্ষেত্ৰতে বিভিন্ন পুৰস্কাৰে স্বীকৃতি লাভ কৰিছে।
-
চন্দা জ'গ
চন্দা জয়ন্ত জ'গ (Chanda Jayanth Jog) হৈছে এগৰাকী ভাৰতীয় জ্যোতিৰ্পদাৰ্থবিজ্ঞানী। তেখেতে বাংগালোৰস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান অৰ্থাৎ আইআইএছচিত কৰ্মৰত। তেখেতৰ গৱেষণাক্ষেত্ৰ হৈছে-তাৰকাপুঞ্জীয় গতিবিজ্ঞান(Galactic Dynamics), ইণ্টাৰএক্টিং এণ্ড ষ্টাৰ বাষ্ট তাৰকাৰাজ্য, আৰু অন্তৱৰ্তী আণৱিক মেঘ।
-
টেছি থমাছ
টেছি থমাছ (ইংৰাজী: Tessy Thomas, জন্ম: ১৯৬৩) এগৰাকী ভাৰতীয় বিজ্ঞানী তথা অভিযন্তা। তেওঁ ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠনত অগ্নি-৪ মিছাইল প্ৰকল্পটোৰ সঞ্চালক আছিল। ভাৰতত মিছাইল প্ৰকল্পৰ দায়িত্ব লোৱা তেৱেঁই প্ৰথম মহিলা বিজ্ঞানী। তেওঁক ভাৰতৰ ‘মিছাইল মহিলা’ হিচাপে গণ্য কৰা হয়।
-
নিগাৰ শ্বাজী
নিগাৰ শ্বাজী (Nigar Shaji; জন্ম: ১৯৬৪) এগৰাকী ভাৰতীয় মহাকাশ বিজ্ঞানী তথা অভিযন্তা। বৰ্তমান তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত কৰ্মৰত। তেওঁ ভাৰতৰ প্ৰথম সৌৰ অভিযান আদিত্য-এল১ৰ প্ৰকল্প সঞ্চালক আছিল।
-
নেথা হুছেইন
নেথা হুছেইন (Netha Hussain;; জন্ম: ১১ জুন ১৯৯০) এগৰাকী ভাৰতীয় চিকিৎসক আৰু ৱিকিপিডিয়ান। কৰ’ণা ভাইৰাছৰ উৎপত্তি সম্পৰ্কে ৱিকিপিডিয়াত বিয়পা ভুল তথ্যসমূহ ৰোধ কৰিবলৈ তেওঁ আগবঢ়োৱা প্ৰচেষ্টাৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
প্ৰীতি শংকৰ
প্ৰীতি শংকৰ (Priti Shankar; ছেপ্টেম্বৰ ১৯৪৭ – অক্টোবৰ ২০১১) এগৰাকী ভাৰতীয় শিক্ষয়িত্ৰী, গৱেষক আৰু শিক্ষাবিদ। তেওঁৰ গৱেষণাবোৰ কম্পাইলাৰ ডিজাইন, আনুষ্ঠানিক ভাষা তত্ত্ব আৰু এল্গৰিথ্মিক কোডিং তত্ত্বৰ ক্ষেত্ৰসমূহত কেন্দ্ৰীভূত আছিল।
-
বিনোদ কৃষন
বিনোদ কৃষন (Vinod Krishan), হৈছে এগৰাকী পদাৰ্থ বিজ্ঞানী, এগৰাকী জ্যেষ্ঠ অধ্যাপক, আৰু বাংগালোৰস্থিত ভাৰতীয় জ্যোতিপদাৰ্থবৈজ্ঞানিক প্ৰতিষ্ঠানৰ বিজ্ঞানৰ "ডিন"। তেখেত প্লাজমা পদাৰ্থ বিজ্ঞানৰ গৱেষণা আৰু শিক্ষণৰ সৈতে জড়িত। তদুপৰি, তেখেত ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী, ভাৰতৰো সভ্য।
-
বুলবুল চক্ৰৱৰ্তী
বুলবুল চক্ৰৱৰ্তী (en-Bulbul Chakraborty) হৈছে ব্ৰাণ্ডেইছ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ "এনিড আৰু নাটে আনচেল অধ্যাপক"। তেখেত হৈছে ঘনীভূত পদাৰ্থৰ তত্ত্ববিদ, সাম্যৱস্থাৰ পৰা বহু আঁতৰত থকা কেতবোৰ প্ৰণালী যেনে-কণিকাসদৃশ পদাৰ্থৰ তেখেতে অধ্যয়ন কৰে। .
-
মহাৰাণী চক্ৰৱৰ্তী
মহাৰাণী চক্ৰৱৰ্তী (Maharani Chakravorty, (১৯৩৭-২০১৫)) আছিল এগৰাকী ভাৰতীয় আণৱিক জীৱবিজ্ঞানী৷ এছিয়া আৰু দূৰৱৰ্তী এছিয়াত পুনৰসংমিশ্ৰিত ডিএনএ পদ্ধতিত তেখেতে ১৯৮১ চনত পোনপ্ৰথমবাবৰৰ বাবে গৱেষণাগাৰৰ পাঠ্যক্ৰম আৰম্ভ কৰিছিল৷
-
মিনাল দাখৱে ভোঁচলে
মিনাল দাখৱে ভোঁচলে (Minal Dakhave Bhosale) হৈছে এগৰাকী ভাৰতীয় বিজ্ঞানী আৰু ভাইৰাছ বিশেষজ্ঞ। তেখেত পুণেস্থিত জৈৱ-প্ৰযুক্তিবিদ্যাৰ কোম্পানী "মাইলেব ডিস্ক'ভাৰি ছলিউশনছ"ত কৰ্মৰত। কোম্পানীটোৰ "গৱেষণা আৰু উন্নয়ন" শাখাৰ তেখেত মুৰব্বী।
-
মিনাল ৰোহিত
মিনাল ৰোহিত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ এজন ভাৰতীয় বিজ্ঞানী আৰু চিষ্টেম অভিযন্তা। তেখেতে মঙ্গলগ্ৰহত মঙ্গলযান মহাকাশ অনুসন্ধান প্ৰেৰণ কৰাত সহযোগ কৰিছিল। নিৰ্মা ইনষ্টিটিউট অফ টেকন'লজীৰ পৰা স্নাতক হোৱাৰ পিছত, ৰোহিতে ইছৰোত যোগদান কৰে। তেওঁ এম.ও.এম.-ৰ দলত যান্ত্ৰিক অভিযন্তাসকলৰ সৈতে কাম কৰিছিল।
-
মুথৈয়া ভণিতা
মুথৈয়া ভণিতা (Muthayya Vanitha) এগৰাকী ভাৰতীয় ইলেকট্ৰনিক্স চিষ্টেম অভিযন্তা। তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ এগৰাকী বিজ্ঞানী। তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰে অধীনৰ কেইবাটাও কৃত্ৰিম উপগ্ৰহৰ প্ৰকল্পক নেতৃত্ব বহন কৰিছে।
-
শশী ৱাধৱা
শশী ৱাধৱা (Shashi Wadhwa, জন্ম: ৩০ জুলাই ১৯৪৮) এগৰাকী ভাৰতীয় চিকিৎসা বিজ্ঞানী। ২০১২ চনত তেওঁ নতুন দিল্লীত অৱস্থিত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ দেহতত্ত্ব বিভাগৰ ডিন পদত অধিষ্ঠিত হৈছিল।
-
শ্ৰুবৱতী গোস্বামী
শ্ৰুবৱতী গোস্বামী (Srubabati Goswami) হৈছে এগৰাকী ভাৰতীয় বিজ্ঞানী। তেখেতে উচ্চ শক্তিৰ পদাৰ্থ বিজ্ঞানত গৱেষণা কৰিছে। তদুপৰি জ্যোতিকণিকা পদাৰ্থ বিজ্ঞান আৰু নিউট্ৰিনো পদাৰ্থ বিজ্ঞানৰ লগতো তেখেত ঘনিষ্ঠভাৱে জড়িত।
-
স্বাতি মোহন
ড° স্বাতি মোহন এগৰাকী ভাৰতীয়-আমেৰিকান মহাকাশ অভিযন্তা আৰু নাচা মঙ্গল ২০২০ ৰ মিচনৰ পথপদৰ্শন আৰু চলাচল নিয়ন্ত্ৰণৰ অধ্যক্ষা আছিল।
-
ৰজনী এ. ভিছেই
ৰজনী এ. ভিছেই (Rajani A. Bhisey) (জন্ম:২০জানুৱাৰি ১৯৪১) এগৰাকী ভাৰতীয় বিজ্ঞানী। তেখেতে "পাৰিপাৰ্শ্বিক কাৰ্ছিনোজেনেছিছ", কৰ্কটৰ আণৱিক মহামাৰীবিদ্যা (molecular epidemiology of cancer), আৰু ব্যৱসায়িক বিপত্তিৰ ক্ষেত্ৰত কাম কৰিছে।
-
ৰাধিকা পিৰামল
ৰাধিক পিৰামল ২০১০ চনৰ পৰা ভি আই পি ইণ্ডাষ্ট্ৰিজ-ৰ উপসভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। তাৰ আগতে, তেওঁ এক্সিকিউটিভ ডাইৰেক্টৰ আৰু মেনেজিং ডাইৰেক্টৰ হিচাপে কোম্পানীটোত কৰ্মৰত আছিল। তেওঁ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু হাৰ্ভাৰ্ড বিজনেছ স্কুলৰ পৰা এমবিএ লাভ কৰিছে।
-
ৰোহিনী গোডবোলে
ৰোহিনী গোডবোলে হৈছে এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী আৰু শিক্ষাবিদ। তেখেতে বাংগালোৰস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ উচ্চ শক্তিৰ পদাৰ্থ বিজ্ঞান বিভাগত অধ্যাপনা কৰে। তেখেতে বিগত তিনিটা দশকত কণিকা প্ৰপঞ্চবিজ্ঞানৰ কেইবাটাও দিশত উল্লেখনীয় কাম কৰিছে। তেখেতে ভাৰতৰ তিনিওটা বিজ্ঞান একাডেমীৰে সভ্য।