ভাৰতীয় মহিলা অভিযন্তা
১৪ প্ৰবন্ধ
-
ৰাজেশ্বৰী চেটাৰ্জী
ৰাজেশ্বৰী চেটাৰ্জী (২৪ জানুৱাৰী ১৯২২– ৩ ছেপ্টেম্বৰ ২০১০) আছিল এগৰাকী ভাৰতীয় বিজ্ঞানী আৰু শিক্ষাবিদ। তেখেত কৰ্ণাটকৰ প্ৰথমগৰাকী মহিলা অভিযন্তা। বেংগালুৰুস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান কাৰ্যনিৰ্বাহৰ কালছোৱাত তেখেতে প্ৰথমে অধ্যাপক আৰু শেষলৈ বৈদ্যুতিক যোগাযোগ অভিযান্ত্ৰিকৰ অধ্যক্ষৰ পদ অলংকৃত কৰে।
-
এ ললিতা
এ ললিতা (Ayyalasomayajula Lalitha)(২৭ আগষ্ট ১৯১৯ - ১৯৭৯) আছিল এগৰাকী বৈদ্যুতিক অভিযন্তা যাক ভাৰতৰ প্ৰথমগৰাকী মহিলা অভিযন্তা হিচাপে স্মৰণ কৰা হয়। ইয়াৰোপৰি ললিতা আছিল মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ অধীনস্থ কলেজ অৱ ইঞ্জিনিয়াৰিঙ, গিণ্ডীৰ পৰা ডিগ্ৰীপ্ৰাপ্ত প্ৰথমগৰাকী ভাৰতীয় মহিলা।
-
ইলা ঘোষ
ইলা ঘোষ (২৪ জুলাই ১৯৩০ - ১১ ডিচেম্বৰ ২০১৯) এগৰাকী মেকানিকেল ইঞ্জিনীয়াৰ আৰু বাংলা অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰথমগৰাকী মহিলা প্ৰাক্তন ছাত্ৰী।
-
গুৰুমূৰ্তী ভুৱনেশ্বৰী
গুৰুমূৰ্তি ভুৱনেশ্বৰী (জন্ম ১৯৬৫ চন) এগৰাকী ভাৰতীয় বৈদ্যুতিক অভিযন্তা, যাৰ গৱেষণাত শক্তি ইলেক্ট্ৰনিক্স, বৈদ্যুতিক শক্তি ৰূপান্তৰ, আৰু বৈদ্যুতিক মেচিন জড়িত হৈ আছে। তেওঁ মহিন্দ্ৰা বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপিকা।
-
চিত্ৰা দত্ত
চিত্ৰা দত্ত এগৰাকী প্ৰাক্তন মুখ্য বিজ্ঞানী আৰু ভাৰতৰ কলকাতাস্থিত চি এছ আই আৰ-ৰসায়ন জীৱবিজ্ঞানৰ ভাৰতীয় প্ৰতিষ্ঠানৰ গঠনমূলক জীৱবিজ্ঞান আৰু জৈৱ তথ্যবিজ্ঞান বিভাগৰ মুৰব্বী। তেওঁ জৈৱ তথ্যবিজ্ঞান আৰু কম্পিউটেচনেল জীৱবিজ্ঞানৰ ক্ষেত্ৰত কাম কৰা এগৰাকী পদাৰ্থবিজ্ঞানী।
-
টেছি থমাছ
টেছি থমাছ (ইংৰাজী: Tessy Thomas, জন্ম: ১৯৬৩) এগৰাকী ভাৰতীয় বিজ্ঞানী তথা অভিযন্তা। তেওঁ ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠনত অগ্নি-৪ মিছাইল প্ৰকল্পটোৰ সঞ্চালক আছিল। ভাৰতত মিছাইল প্ৰকল্পৰ দায়িত্ব লোৱা তেৱেঁই প্ৰথম মহিলা বিজ্ঞানী। তেওঁক ভাৰতৰ ‘মিছাইল মহিলা’ হিচাপে গণ্য কৰা হয়।
-
নাগিন কক্স
জয়নাব নগিন কক্স (জন্ম ১৯৬৫ চন ) জেট প্ৰপালচন লেবৰেটৰীৰ মহাকাশযান পৰিচালনা অভিযন্তা, যিয়ে নাছাৰ ব্যতিক্ৰমী সেৱা পদক লাভ কৰে। ২০১৫ চনত তেওঁৰ নামেৰে ১৪০৬১ গ্ৰহাণুৰ নাম "নেগিনকক্স" ৰখা হৈছিল।
-
পদ্মশ্ৰী ৱাৰিৱৰ
পদ্মশ্ৰী ৱাৰিৱৰ (Padmasree Warrior, জন্মতে- য়েল্লেপেড়ি পদ্মশ্ৰী; তেলেগু: పద్మశ్రీ వారియర్) হৈছে এগৰাকী ভাৰতীয় মূলৰ আমেৰিকান উদ্যোগী আৰু প্ৰযুক্তিবিদ্যাৰ কাৰ্যবাহী৷ ছিছকো ছিষ্টেমৰ দৰে প্ৰযুক্তিগত কোম্পানীৰ নেতৃত্ব প্ৰদান কৰি তেখেত চৰ্চালৈ আহিছে৷ এইটো কোম্পানীত তেখেতে মুখ্য কাৰিকৰী বিষয়া হিচাপে…
-
প্ৰভা চেটাৰ্জী
প্ৰভা আৰ. চেটাৰ্জী (Prabha Chatterji) ভাৰতৰ বাংগালুৰুৰ জন এফ ৱেলচ টেকন'লজি চেণ্টাৰ (পূৰ্বৰ জেনেৰেল ইলেক্ট্ৰিক গ্ল'বেল ৰিচাৰ্চ এণ্ড টেকন'লজি ডেভেলপমেণ্ট চেণ্টাৰ)ৰ এগৰাকী ভাৰতীয় বিজ্ঞানী।
-
বিভূষিতা দাস
বিভুষিতা দাস এগৰাকী ভাৰতীয় মেৰাইন ইঞ্জিনিয়াৰ। তেওঁ প্ৰথমগৰাকী ওড়িয়া মহিলা যিয়ে মেৰাইন ইঞ্জিনিয়াৰ হৈছিল। দাস হৈছে ওড়িশাৰপৰা অহা প্ৰথমগৰাকী মহিলা যিয়ে জাহাজত জাহাজ বিষয়া হিচাপে কাম কৰিছিল।
-
মুথৈয়া ভণিতা
মুথৈয়া ভণিতা (Muthayya Vanitha) এগৰাকী ভাৰতীয় ইলেকট্ৰনিক্স চিষ্টেম অভিযন্তা। তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ এগৰাকী বিজ্ঞানী। তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰে অধীনৰ কেইবাটাও কৃত্ৰিম উপগ্ৰহৰ প্ৰকল্পক নেতৃত্ব বহন কৰিছে।
-
শশীকলা সিনহা
শশীকলা সিনহা (Shashikala Sinha) এগৰাকী ভাৰতীয় বিজ্ঞানী। ভাৰতীয় বেলিষ্টিক মিছাইল প্ৰতিৰক্ষা কাৰ্যসূচীৰ অংশ এণ্ডো-এটম’স্ফেৰিক ইন্টাৰচেপ্টৰ মিছাইল এডভান্সড এৰিয়া ডিফেন্স প্ৰগ্ৰেমত প্ৰজেক্ট ডাইৰেক্টৰ হিচাপে ভূমিকা লোৱাৰ বাবে তেওঁ পৰিচিত।
-
স্মিতা ৰাও বেলুৰ
স্মিতা ৰাও বেলুৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত, বিশেষকৈ খেয়াল ধাৰা আৰু চুফী ভক্তি সংগীতৰ এগৰাকী ভাৰতীয় গায়িকা। তেওঁ কিৰণ ঘৰাণাৰ সৈতে জড়িত, যিটো জয়পুৰৰপৰা উৎপত্তি হোৱা এটা বিশিষ্ট সংগীত ধাৰা।
-
ৰাজী আৰাছু
ৰাজী আৰাছু এজন ভাৰতীয় আমেৰিকান প্ৰযুক্তিৰ কাৰ্যবাহী বিষয়া। বৰ্তমান তেওঁ অটোডেস্কৰ কাৰ্যবাহী উপ-সভানেত্ৰী আৰু মুখ্য প্ৰযুক্তি বিষয়া, য’ত তেওঁ গ্ৰাহক, অংশীদাৰ আৰু উন্নয়ন দলৰ বাবে সংযোগ, চোৰাংচোৱা, আৰু উৎপাদনশীলতা ত্বৰান্বিত কৰাৰ বাবে কোম্পানীটোৰ প্ৰযুক্তি কৌশলক পৰিচালিত কৰে।