বিংশ শতিকাৰ ভাৰতীয় অভিযন্তা
৪ প্ৰবন্ধ
-
জেচি পাল
জেচি পাল (Jessie Paul) এগৰাকী ভাৰতীয় বিপণনকাৰী, বিপণন পৰামৰ্শদাতা প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া, ৰাজহুৱা বক্তা, আৰু লেখক। তেওঁ তেওঁ উইপ্ৰ' আই টি বিজনেছৰ মুখ্য বিপণন বিষয়া আৰু ইনফোচিছৰ গ্ল'বেল ব্ৰেণ্ড মেনেজাৰ আছিল।।
-
টেছি থমাছ
টেছি থমাছ (ইংৰাজী: Tessy Thomas, জন্ম: ১৯৬৩) এগৰাকী ভাৰতীয় বিজ্ঞানী তথা অভিযন্তা। তেওঁ ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠনত অগ্নি-৪ মিছাইল প্ৰকল্পটোৰ সঞ্চালক আছিল। ভাৰতত মিছাইল প্ৰকল্পৰ দায়িত্ব লোৱা তেৱেঁই প্ৰথম মহিলা বিজ্ঞানী। তেওঁক ভাৰতৰ ‘মিছাইল মহিলা’ হিচাপে গণ্য কৰা হয়।
-
প্ৰভা চেটাৰ্জী
প্ৰভা আৰ. চেটাৰ্জী (Prabha Chatterji) ভাৰতৰ বাংগালুৰুৰ জন এফ ৱেলচ টেকন'লজি চেণ্টাৰ (পূৰ্বৰ জেনেৰেল ইলেক্ট্ৰিক গ্ল'বেল ৰিচাৰ্চ এণ্ড টেকন'লজি ডেভেলপমেণ্ট চেণ্টাৰ)ৰ এগৰাকী ভাৰতীয় বিজ্ঞানী।
-
মুথৈয়া ভণিতা
মুথৈয়া ভণিতা (Muthayya Vanitha) এগৰাকী ভাৰতীয় ইলেকট্ৰনিক্স চিষ্টেম অভিযন্তা। তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ এগৰাকী বিজ্ঞানী। তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰে অধীনৰ কেইবাটাও কৃত্ৰিম উপগ্ৰহৰ প্ৰকল্পক নেতৃত্ব বহন কৰিছে।