বিংশ শতিকাৰ ভাৰতীয় বিজ্ঞানী
২১ প্ৰবন্ধ
-
আন্না মণি
আন্না মোডায়িল মণি (২৩ আগষ্ট, ১৯১৮ – ১৬ আগষ্ট, ২০০১) আছিল এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী তথা বতৰ বিজ্ঞানী। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সাধাৰণ উপসঞ্চালক হিচাপে তেওঁ অৱসৰ গ্ৰহণ কৰিছিল আৰু পাছলৈ তেওঁ ৰমণ গৱেষণা প্ৰতিষ্ঠানত অতিথি অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
বিদিতা অশোক বৈদ্য
বিদিতা অশোক বৈদ্য (জন্ম: ১৫ নৱেম্বৰ ১৯৭০) এগৰাকী ভাৰতীয় স্নায়ুবিজ্ঞানী আৰু টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ অধ্যাপক। ইয়াৰ আগতে তেওঁ ৱেলকাম ট্ৰাষ্টত জেষ্ঠ্য গৱেষণা ফেল' আৰু ভাৰতীয় বিজ্ঞান একাডেমীত সহকাৰী হিচাপে কৰ্মৰত আছিল। তেওঁৰ গৱেষণাৰ মূল ক্ষেত্ৰ হৈছে স্নায়ুবিজ্ঞান আৰু আণৱিক মনস্তত্ব।
-
অৰুন্ধতী বিৰমণি
অৰুন্ধতী বিৰমণি (Arundhati Virmani; জন্ম ১৯৫৭) এগৰাকী ভাৰতীয় ইতিহাসবিদ। ১৯৯২ চনলৈকে তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক আছিল। তেওঁ মাৰ্চেইলৰ ইক’ল ডেছ হ’টছ এটুডছ এন চাইন্সেছ ছ’চিয়েলছত অধ্যাপনা কৰে। তেওঁ জিন বাউটিয়েৰৰ সৈতে বিয়েনালে ইউৰোপিয়ান ডি হিষ্ট’ৰ লোকেলৰ সহ-প্ৰতিষ্ঠাপক।
-
ঊষা থোৰাট
ঊষা থোৰাট (Usha Thorat; জন্ম ২০ ফেব্ৰুৱাৰী ১৯৫০)-এ ২০০৫ চনৰ ১০ নৱেম্বৰৰ পৰা ২০১০ চনৰ ৮ নৱেম্বৰলৈকে ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰবিআই) (ভাৰতৰ কেন্দ্ৰীয় বেংক)ৰ উপ-গৱৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ আৰবিআইৰ কাৰ্যবাহী সঞ্চালক আছিল।
-
কবিতা সিং (পণ্ডিত)
কবিতা সিং (Kavita Singh; ৫ নৱেম্বৰ ১৯৬৪ – ৩০ জুলাই ২০২৩) এগৰাকী ভাৰতীয় শিল্পকলা ইতিহাসবিদ। শিল্পকলা ইতিহাসৰ অধ্যাপিকা কবিতা সিঙে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ শিল্পকলা আৰু নান্দনিক বিদ্যালয়ৰ ডীন হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
-
কাশ্মীৰা কাকতি
কাশ্মীৰা কাকতি (Kashmira Kakati) হ'ল ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ বনাঞ্চলত কাম কৰা এগৰাকী বন্যপ্ৰাণী জীৱবিজ্ঞানী আৰু পৰিৱেশ কৰ্মী। ২০১০ চনত তেওঁ অসমৰ জয়পুৰ-দিহিং অভয়াৰণ্যত মেকুৰী পৰিয়ালৰ অন্তৰ্গত সাতবিধ প্ৰজাতিৰ মেকুৰীজাতীয় প্ৰাণীৰ উপস্থিতি আৱিষ্কাৰ কৰাৰ কথা ঘোষণা কৰিছিল।
-
গীতা কাপুৰ (কলা সমালোচক)
গীতা কাপুৰ (Geeta Kapur; জন্ম ১৯৪৩) হ'ল নতুন দিল্লীত বসবাস কৰা এগৰাকী বিশিষ্ট ভাৰতীয় কলা সমালোচক, কলা ইতিহাসবিদ আৰু কিউৰেটৰ। সমালোচনামূলক কলা লিখনিৰ তেওঁ হ'ল ভাৰতবৰ্ষৰ এগৰাকী আগশাৰীৰ ব্যক্তি; ইণ্ডিয়ান এক্সপ্ৰেছ মতে তেওঁ, "তিনি দশক ধৰি ভাৰতীয় সমসাময়িক কলা তত্ত্বৰ ক্ষেত্ৰত আধিপত্য বিস্তাৰ কৰি…
-
গীতা মুখোপাধ্যায়
গীতা মুখোপাধ্যায় (Geeta Mukherjee) (৮ জানুৱাৰী ১৯২৪ – ৪ মাৰ্চ ২০০০) আছিল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু সমাজকৰ্মী। তেওঁ ১৯৬৭ চনৰ পৰা ১৯৭৭ চনলৈকে পাঁশকুড়া পূৰ্ব বিধানসভা সমষ্টিৰ পৰা একেৰাহে চাৰিবাৰ বিধায়ক নিৰ্বাচিত হৈছিল।
-
টেছি থমাছ
টেছি থমাছ (ইংৰাজী: Tessy Thomas, জন্ম: ১৯৬৩) এগৰাকী ভাৰতীয় বিজ্ঞানী তথা অভিযন্তা। তেওঁ ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠনত অগ্নি-৪ মিছাইল প্ৰকল্পটোৰ সঞ্চালক আছিল। ভাৰতত মিছাইল প্ৰকল্পৰ দায়িত্ব লোৱা তেৱেঁই প্ৰথম মহিলা বিজ্ঞানী। তেওঁক ভাৰতৰ ‘মিছাইল মহিলা’ হিচাপে গণ্য কৰা হয়।
-
তানিকা সৰকাৰ
তানিকা সৰকাৰ (Tanika Sarkar) জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতৰ এগৰাকী ইতিহাসবিদ৷ সৰকাৰৰ কামবোৰে ঔপনিৱেশিক আৰু উত্তৰ-ঔপনিৱেশিকা দক্ষিণ এছিয়াৰ ধৰ্ম, লিংগ আৰু ৰাজনীতিৰ সংযোগস্থলত আৰোপ কৰে আৰু বিশেষকৈ মহিলা আৰু হিন্দুৰ অধিকাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।
-
দীপা কুমাৰ
দীপা কুমাৰ (Deepa Kumar) এগৰাকী ভাৰতীয় আমেৰিকান পণ্ডিত আৰু সক্ৰিয় কৰ্মী। তেওঁ ৰাটজাৰ্ছ বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু মিডিয়া অধ্যয়নৰ অধ্যাপক। মিডিয়া এডুকেশ্বন ফাউণ্ডেশ্যনে কুমাৰক "ইছলাম ফ'বিয়াৰ বিষয়ত দেশৰ অন্যতম আগশাৰীৰ পণ্ডিত" বুলি উল্লেখ কৰিছে আৰু আৰু নিউয়ৰ্ক টাইমছৰ দ্বাৰা "ইছলামোফ'বিয়া…
-
দুলাৰি কুৰেশি
দুলাৰি কুৰেশি (Dulari Qureshi; জন্ম: ২৪ ছেপ্টেম্বৰ ১৯৫০) এগৰাকী ভাৰতীয় শিক্ষাবিদ, শিল্প ইতিহাসবিদ আৰু লেখক। তেওঁ শিল্প, সংস্কৃতি আৰু পৰ্যটন উন্নয়ন আৰু কীৰ্তিচিহ্নসমূহৰ ওপৰত ইয়াৰ প্ৰভাৱৰ ওপৰত ১০০০ৰো অধিক প্ৰবন্ধ লিখিছে।
-
পাপিয়া ঘোষ
পাপিয়া ঘোষ (Papiya Ghosh) এগৰাকী দক্ষিণ এছিয়াৰ ইতিহাসৰ ইতিহাসবিদ আৰু ভাৰতৰ পাটনা বিশ্ববিদ্যালয় অধ্যাপক আছিল। ২০০৬ চনৰ ৩ ডিচেম্বৰত তেওঁক বৃদ্ধ গৃহ সহায়িকা মালতী দেৱীৰ সৈতে হত্যা কৰি থোৱা অৱস্থাত পোৱা গৈছিল, এই ঘটনা মূলতঃ চুৰিৰ চেষ্টাৰ ফলত হৈছিল। ঘোষ জাতিগতভাৱে এগৰাকী বাঙালী।
-
প্ৰীতি শংকৰ
প্ৰীতি শংকৰ (Priti Shankar; ছেপ্টেম্বৰ ১৯৪৭ – অক্টোবৰ ২০১১) এগৰাকী ভাৰতীয় শিক্ষয়িত্ৰী, গৱেষক আৰু শিক্ষাবিদ। তেওঁৰ গৱেষণাবোৰ কম্পাইলাৰ ডিজাইন, আনুষ্ঠানিক ভাষা তত্ত্ব আৰু এল্গৰিথ্মিক কোডিং তত্ত্বৰ ক্ষেত্ৰসমূহত কেন্দ্ৰীভূত আছিল।
-
বিজয় অটলুৰি
বিজয়ল্ক্ষী অটলুৰি (Vijay Atluri; জন্মঃ ১৯৫৬) ভাৰতীয় তথ্য প্ৰণালী সুৰক্ষা আৰু ডাটাবেছ ব্যৱস্থাপনাৰ বিশেষজ্ঞ কম্পিউটাৰ বিজ্ঞানী। তেওঁ নিউৱৰ্কৰ ৰাটজাৰ্ছ বিজনেছ স্কুলৰ ব্যৱস্থাপনা বিজ্ঞান আৰু তথ্য প্ৰণালীৰ অধ্যাপক। অটলুৰি হৈছে ইউনিভাৰ্চিটি অৱ দ্য পিপলৰ কম্পিউটা বিজ্ঞান বিভাগৰ উপদেষ্টা পৰিষদৰ সদস্য।
-
মঞ্জু জয়ডকা
মঞ্জু জয়ডকা (Manju Jaidka) এগৰাকী ভাৰতীয় লেখিকা, ভাৰতত আমেৰিকান ষ্টাডিজত তেওঁৰ অৱদানৰ বাবে পৰিচিত। তেওঁ সমালোচনাৰ এনে চিন্তামূলক অৱদান আগবঢ়াইছিল যিবোৰ মানক প্ৰসংগ হিচাপে বহুলভাৱে স্বীকৃত হৈছে। তেওঁ ভাৰতৰ চণ্ডীগড়ৰ পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ চেয়াৰপাৰ্চন আৰু অধ্যাপিকা আছিল।
-
মুথৈয়া ভণিতা
মুথৈয়া ভণিতা (Muthayya Vanitha) এগৰাকী ভাৰতীয় ইলেকট্ৰনিক্স চিষ্টেম অভিযন্তা। তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ এগৰাকী বিজ্ঞানী। তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰে অধীনৰ কেইবাটাও কৃত্ৰিম উপগ্ৰহৰ প্ৰকল্পক নেতৃত্ব বহন কৰিছে।
-
শশীকলা সিনহা
শশীকলা সিনহা (Shashikala Sinha) এগৰাকী ভাৰতীয় বিজ্ঞানী। ভাৰতীয় বেলিষ্টিক মিছাইল প্ৰতিৰক্ষা কাৰ্যসূচীৰ অংশ এণ্ডো-এটম’স্ফেৰিক ইন্টাৰচেপ্টৰ মিছাইল এডভান্সড এৰিয়া ডিফেন্স প্ৰগ্ৰেমত প্ৰজেক্ট ডাইৰেক্টৰ হিচাপে ভূমিকা লোৱাৰ বাবে তেওঁ পৰিচিত।
-
শ্ৰুবৱতী গোস্বামী
শ্ৰুবৱতী গোস্বামী (Srubabati Goswami) হৈছে এগৰাকী ভাৰতীয় বিজ্ঞানী। তেখেতে উচ্চ শক্তিৰ পদাৰ্থ বিজ্ঞানত গৱেষণা কৰিছে। তদুপৰি জ্যোতিকণিকা পদাৰ্থ বিজ্ঞান আৰু নিউট্ৰিনো পদাৰ্থ বিজ্ঞানৰ লগতো তেখেত ঘনিষ্ঠভাৱে জড়িত।
-
ৰাধিকা কুলকাৰ্ণী
ৰাধিকা বিদ্যাধৰ কুলকাৰ্ণী (জন্ম ১৯৫৬) এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় আৰু আমেৰিকান অপাৰেশ্যনচ ৰিচাৰ্ছাৰ, আৰু ২০২২ চনত INFORMSৰ সভাপতি। বেচহোফাৰ-কুলকাৰ্নি নিৰ্বাচন পদ্ধতি বা বেচহোফাৰ-কুলকাৰ্ণী বন্ধ কৰা নিয়ম, বাৰ্ন'লি প্ৰক্ৰিয়াত সৰ্বোচ্চকৰণৰ বাবে বন্ধ কৰাৰ নিয়ম, তেওঁৰ ডক্টৰেট উপদেষ্টা ৰবাৰ্ট ই…
-
ৰীতা বহুগুণা যোশী
ৰীতা বহুগুণা যোশী (Rita Bahuguna Joshi; জন্মঃ ২২ জুলাই ১৯৪৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু এসময়ত উত্তৰ প্ৰদেশ চৰকাৰৰ কেবিনেট মন্ত্ৰী আছিল। তেওঁ ২০০৭ চনৰ পৰা ২০১২ চনলৈকে উত্তৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আছিল। ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমৱতী নন্দন বহুগুণাৰ তেওঁ কন্যা।