মুথৈয়া ভণিতা (Muthayya Vanitha) এগৰাকী ভাৰতীয় ইলেকট্ৰনিক্স চিষ্টেম অভিযন্তা। তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ এগৰাকী বিজ্ঞানী। তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰে অধীনৰ কেইবাটাও কৃত্ৰিম উপগ্ৰহৰ প্ৰকল্পক নেতৃত্ব বহন কৰিছে। তেওঁ চন্দ্ৰযান-১ ৰ১২৩ পিছত ভাৰতৰ দ্বিতীয়টো চন্দ্ৰ অভিযান চন্দ্ৰযান-২ৰ প্ৰকল্প সঞ্চালক আছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
ভাৰতৰ তামিলনাডু ৰাজ্যৰ ৰাজধানী চেন্নাইত মুথৈয়া ভণিতাৰ জন্ম হৈছিল। তেওঁ প্ৰথমতে এগৰাকী ডিজাইন অভিযন্তা হিচাপে প্ৰশিক্ষিত হৈছিল।৪৫ তেওঁ কলেজ অফ ইঞ্জিনিয়াৰিং, গুইণ্ডেৰ পৰা অভিযান্ত্ৰিক বিভাগৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল।৬
কৰ্ম জীৱন
মুথৈয়া ভণিতা তিনি দশক জুৰি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ লগত জড়িত হৈ আছে।৫ তেওঁ ইছৰোত এগৰাকী কণিষ্ঠ অভিযন্তা হিচাপে যোগদান কৰিছিল আৰু বিভিন্ন হাৰ্ডৱেৰ পৰীক্ষণ আৰু উন্নয়নৰ লগত জড়িত আছিল।৫ তেওঁৰ কৰ্মনিষ্ঠাৰ বলত পিছলৈ ব্যৱস্থাপকৰ পদ লাভ কৰে আৰু ইছৰো কৃত্ৰিম উপগ্ৰহ কেন্দ্ৰৰ টেলিকমাণ্ড ডিভিছন আৰু ডিজিটেল চিষ্টেম গোটক নেতৃত্ব প্ৰদান কৰে। বিভিন্ন কৃত্ৰিম উপগ্ৰহ যেনে - কাৰ্ট'ছেট-১, অচেনছেট-২ আৰু মেঘা ট্ৰপিকছ প্ৰকল্পৰ তেওঁ উপ-সঞ্চালক আছিল। ইয়াত তেওঁ ডেটা অপাৰেচনৰ বাবে দায়িত্বশীল আছিল।৭৮ তেওঁ ২০১৩ চনৰ মংগল গ্ৰহলৈ ভাৰতৰ প্ৰথম অভিযান মংগল গ্ৰহৰ কক্ষপথ অভিযানৰ লগতো জড়িত আছিল।৭
চন্দ্ৰযান-২
মুথৈয়া ভণিতায়ে চন্দ্ৰলৈ ভাৰতৰ দ্বিতীয় অভিযান চন্দ্ৰযান-২লৈ সহযোগী সঞ্চালক পদৰ পৰা সঞ্চালক পদলৈ পদোন্নতি লাভ কৰিছিল। তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ আন্তঃগ্ৰহ মিছনৰ নেতৃত্ব দিয়া প্ৰথম গৰাকী ভাৰতীয় বিজ্ঞানী।৪ তদুপৰি তেওঁ ইছৰোৰ প্ৰথম মহিলা প্ৰকল্প সঞ্চালক।৯ চন্দ্ৰযান-১ৰ সঞ্চালক ডঃ মাইলস্বামী আন্নাদুৰাইয়ে তেওঁৰ ডেটা হেণ্ডেলিঙ, টীম মেনেজমেণ্ট আৰু সমস্যা সমাধান কৰিব পৰা দক্ষতাৰ বাবে এই পদবীৰ বাবে উপযুক্ত বুলিছিল আৰু এই পদবী গ্ৰহণ কৰিবলৈ তেওঁক মান্তি কৰাইছিল।১০১১ ২০১৯ চনৰ ২২ জুলাই তাৰিখে সফল ভাবে চন্দ্ৰযান-২ উৎক্ষেপন কৰা হৈছিল।৭
বঁটা আৰু সন্মান
মুথৈয়া ভণিতায়ে ২০০৬ চনত এষ্ট্ৰ'নমিকেল ছ'চাইটি অফ ইণ্ডিয়াৰ শ্ৰেষ্ঠ মহিলা বিজ্ঞানী বঁটা লাভ কৰিছিল।৪ ২০১৯ চনত তেওঁক নেচাৰ পত্ৰিকায়ে দৃষ্টিগোচৰ কৰিবলগীয়া পাঁচগৰাকী বিজ্ঞানীৰ অন্যতম বুলি অভিহিত কৰিছে।১২
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (25 October 2017). ISRO begins flight integration activity for Chandrayaan-2, as scientists tests lander and rover. The Indian Express. Press Trust of India
- ↑ Chandrayaan-2 nearly ready for July launch
- ↑ ISRO gears up for Chandrayaan-2 mission
- ↑ (14 July 2019). Meet the 'Rocket Women of India' Who are Going to be Steering Chandrayaan-2. News18
- ↑ Sharma, Aditya. (23 July 2019). Muthayya Vanitha: ISRO's Rocket Woman Who Shattered the Glass Ceiling and Aimed for the Moon. News18
- ↑ Vanitha: 32 years at ISRO to leading India's Chandrayaan 2 project. gulfnews.com
- ↑ Krishnan, Madhuvanti S. (2019-07-29). Off to the moon. The Hindu
- ↑ Ritu Karidhal and M Vanitha: Meet the two women leading Chandrayaan 2 team. Moneycontrol
- ↑ A mission designer and a data cruncher: Meet the women heading Chandrayaan-2. www.thenewsminute.com
- ↑ Balakrishnan, Deepa. (23 July 2019). How ISRO's Former Director Had to Persuade Chandrayaan-2 Project Director to Take the Wheel. News18
- ↑ Johnson, T A. (14 June 2019). Two women steer moon mission: a 'simple girl' and an award winner. The Indian Express
- ↑ Nature's 10. www.nature.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুথৈয়া ভণিতা” প্ৰবন্ধৰ সংশোধন ৩৮২৬৬৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।