অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

পাঞ্জাবাৰী

পাঞ্জাবাৰী গুৱাহাটী মহানগৰৰ এক কাৰ্যালয় আৰু আবাসিক এলেকা। ই দিশপুৰ সমষ্টিৰ ৫২ নং ৱাৰ্ডৰ অন্তৰ্ভূক্ত। ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত ই মহানগৰখনৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ অঞ্চল। ইয়াত বিভিন্ন চৰকাৰী কাৰ্যালয় আৰু উন্নত মানদণ্ডৰ আবাসিক আন্তঃগাথঁনিৰ দ্বাৰা পৰিবেষ্টিত।

হালনাগাদ: ২৭ নৱেম্বৰ ২০২২ ৩১৮ শব্দ · ২ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

পাঞ্জাবাৰী গুৱাহাটী মহানগৰৰ এক কাৰ্যালয় আৰু আবাসিক এলেকা। ই দিশপুৰ সমষ্টিৰ ৫২ নং ৱাৰ্ডৰ অন্তৰ্ভূক্ত। ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত ই মহানগৰখনৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ অঞ্চল। ইয়াত বিভিন্ন চৰকাৰী কাৰ্যালয় আৰু উন্নত মানদণ্ডৰ আবাসিক আন্তঃগাথঁনিৰ দ্বাৰা পৰিবেষ্টিত। মহানগৰীৰ ছয়মাইল অঞ্চল পাৰ হৈ সম্পূৰ্ণ সাতগাৱলৈ এই বিস্তীৰ্ণ অংশ পাঞ্জাবাৰীৰ অন্তৰ্গত।

ইতিহাস

প্ৰাচীনকালত পাঞ্জাবাৰী কামৰূপ সাম্ৰাজ্যৰ অন্তৰ্গত আছিল। পিছলৈ ই কোচ সাম্ৰাজ্যৰ প্ৰত্যক্ষ নিয়ন্ত্ৰাধীন হয়। মোগল সাম্ৰাজ্যৰ আগমণত এই অঞ্চল কামৰূপৰ আন ঠাইসমূহৰ দৰে কামৰূপ পৰগণাৰ অন্তৰ্ভূক্ত হয়। মোগলৰ শাসন শেষ হোৱাৰ অন্তত ই কোচ হাজোৰ ভিতৰলৈ আহে। ব্ৰিটিছৰ আগমণৰ লগে লগে কোচ ৰাজ্য বিভক্ত হৈ বিভিন্ন জমিদাৰীলৈ পৰিৱৰ্তন হয়। পাঞ্জাবাৰী বেলতলাজমিদাৰী আৰু পিছলৈ বেলতলা মৌজাৰ অন্তৰ্গত হয়। পাঞ্জাবাৰীৰ গাওঁ পঞ্চয়ত বাঘৰবড়ীলৈ সলনি হয়। পিছলৈ গুৱাহাটীৰ বহুমুখী পৰিকল্পনাত পাঞ্জাবাৰী এক অভিজাত বসতিলৈ ৰূপান্তৰিত হয়। লগতে অসমৰ কলা-সংস্কৃতিৰ সৈতে জড়িত কাৰ্যালয়সমূহ ইয়ালৈ অনা হয়।

লোককথা মতে, পাঞ্জাবাৰীত ভূতপূৰ্ব জমিদাৰসকলৰ পাচখন বাৰী আছিল। সংক্ষেপে পঞ্চবাৰী। কিন্তু ইয়াত বসবাস কৰা জনজাতীয় লোক সকলৰ মুখত অপভ্ৰংশ হৈ পাঞ্জাবাৰীলৈ সলনি হয়। এই অঞ্চলত এতিয়াও পৰি থকা পুখুৰী আৰু বহু বছৰ পুৰণি গছ-গছনি আৰু ফলৰ বাগানসমূহে তাৰে ইংগিত বহন কৰে। দূৰ্ভাগ্যবশত মহানগৰীৰ দ্ৰুত উন্নয়নৰ নামত সংৰক্ষণ কৰিব পৰা নগ'ল। কিন্তু আবাসিক এলেকাৰ মাজে মধ্যে পৰা পুৰণি গছ আৰু পুখুৰী আৰু ভিতৰৰ জনজাতীয় বসতিয়ে গৌৰৱোজ্বল ইতিহাসৰ নিদৰ্শন দাঙি ধৰে।

পথ সমূহ আৰু বিখ্যাত ভৱন

উল্লখযোগ্য পথ সমূহ হ'ল- দ্বাৰান্ধা, জুৰিপাৰ, আমতল(মেংগ লেন), জিলিকা পথ, শিল্পগ্ৰাম, বাঘৰবড়ী, নৱজ্যোতি, নামঘৰ পথ, অমূল্য নগৰ,বতাহঘূলি, অৰবিন্দ মাৰ্গ। ইয়াত অৱস্থিত ভৱনসমূহৰ ভিতৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, ছিক্কিম হাউছ, এন.চি.চি. মূখ্য কাৰ্যালয়, গুৱাহাটী মানসিক চিকিৎসালয়, শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ, অৰণ্য ভৱন, পশ্চিম অসম দুগ্ধ সমবায় উৎপাদন কেন্দ্ৰ লিমিটেড, পুষ্প বিপণী, বিপণন ক্ষেত্ৰ, শ্ৰী অৰবিন্দ কেন্দ্ৰ, কেন্দ্ৰীয় শিক্ষা বিভাগৰ মূখ্য কাৰ্যালয়, অসম চলচ্চিত্ৰ সংগ্ৰহালয়, বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয় (ভূতপূৰ্বৰ আৰ্ল ল' কলেজ), অসম ৰাজ্যিক চলচিত্ৰ বিনিয়োগ আৰু উন্নয়ন কাৰ্যালয় পৰিসীমিত আদি। পাঞ্জাবাৰীৰ মাজেৰে পাৰ হৈছে সম্পূৰ্ণ এক টু লেন। প্ৰত্যেক শনিবাৰে বতাহঘূলিত এখন নিয়মীয়া হাট বহে প্ৰাচীন ঐতিহ্য লৈ। ইয়াত মূখ্য আকৰ্ষণ থলুৱা সা-সামগ্ৰী আৰু শাক-পাচলি।

কৰ-খাজনা

এই অঞ্চলটো অৰ্থনৈতিকভাৱে শক্তিশালী। গুৱাহাটী পৌৰনিগম তথা কামৰূপ মহানগৰৰ এক বৃহৎ বিনিয়োগ আৰু খাজনা ইয়াৰ পৰাই আহে।

সম্পৰ্কিত শ্ৰেণী

গুৱাহাটী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাঞ্জাবাৰী” প্ৰবন্ধৰ সংশোধন ৩৩৯০৪৪ (২৭ নৱেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।