ইণ্টাৰনেট আৰ্কাইভ (Internet Archive) হৈছে "সকলো জ্ঞানৰ সৰ্বজনীন প্ৰৱেশ"ৰ উল্লিখিত মিছন থকা এটা আমেৰিকান ডিজিটেল লাইব্ৰেৰী।১২ ই ৱেবছাইট, চফ্টৱেৰ এপ্লিকেচন/খেল, সংগীত, চলচ্চিত্ৰ/ভিডিঅ', চলন্ত ছবি, আৰু লাখ লাখ কিতাপৰ বাবে বিনামূলীয়া প্ৰৱেশৰ সেৱা আগবঢ়ায়। আৰ্কাইভিং কাৰ্য্যৰ উপৰিও আৰ্কাইভ হৈছে এটা সক্ৰিয় সংস্থা, যিয়ে বিনামূলীয়া আৰু মুক্ত ইণ্টাৰনেটৰ পোষকতা কৰে। ২০২২ চনৰ ৭ মে'লৈকে ইণ্টাৰনেট আৰ্কাইভত ৩৫ মিলিয়নতকৈ অধিক কিতাপ আৰু গ্ৰন্থ, ৭৯ লাখ চিনেমা, ভিডিঅ' আৰু টিভি শ্ব', ৮৪২ হাজাৰ চফ্টৱেৰ প্ৰগ্ৰেম, ১৪ মিলিয়ন অডিঅ' ফাইল, ৪ মিলিয়ন ছবি, ২৪ লাখ টিভি ক্লিপ, ২৩৭ হাজাৰ কনচাৰ্ট, আৰু ৱেবেক মেচিনত ৬৮২ বিলিয়নতকৈ অধিক ৱেব পৃষ্ঠা আছে। ইণ্টাৰনেট আৰ্কাইভে জনসাধাৰণক ইয়াৰ ডাটা ক্লাষ্টাৰত ডিজিটেল সামগ্ৰী আপলোড আৰু ডাউনলোড কৰাৰ অনুমতি দিয়ে, কিন্তু ইয়াৰ ডাটাৰ বেছিভাগেই ইয়াৰ ৱেব ক্ৰ’লাৰসমূহে স্বয়ংক্ৰিয়ভাৱে সংগ্ৰহ কৰে, যিয়ে ৰাজহুৱা ৱেবৰ যিমান পাৰি সংৰক্ষণ কৰাৰ কাম কৰে। ইয়াৰ ৱেব আৰ্কাইভ, ৱেইবেক মেচিনত শ শ বিলিয়ন ৱেব কেপচাৰ আছে।৩ আৰ্কাইভে বিশ্বৰ অন্যতম বৃহৎ কিতাপ ডিজিটাইজেচন প্ৰকল্পৰ তদাৰক কৰে।
ইতিহাস

ব্ৰুষ্টাৰ কাহলে ১৯৯৬ চনৰ মে' মাহত তেওঁৰ লাভজনক ৱেব ক্ৰলিং কোম্পানী এলেক্সা ইণ্টাৰনেট আৰম্ভ কৰাৰ লগতে এই আৰ্কাইভটোৰো প্ৰতিষ্ঠা কৰে।৪ সেই বছৰৰ অক্টোবৰ মাহত ইণ্টাৰনেট আৰ্কাইভে ৱৰ্ল্ড ৱাইড ৱেবক বৃহৎ পৰিমাণে আৰ্কাইভ আৰু সংৰক্ষণ কৰিবলৈ আৰম্ভ কৰিছিল৫ যদিও ই সংৰক্ষণ কৰা আটাইতকৈ প্ৰাচীন জ্ঞাত পৃষ্ঠাটো সংৰক্ষণ হৈছিল ১০ মে', ১৯৯৬ চনৰ বিয়লি ২:৪২ বজাত।৬৭৮৯ ৱেবেক যন্ত্ৰ প্ৰস্তুত হোৱাৰ পিছত আৰ্কাইভ কৰা বিষয়বস্তু প্ৰথমবাৰৰ বাবে সাধাৰণ জনতাৰ বাবে উপলব্ধ হয় ২০০১ চনত। ১৯৯৯ চনৰ শেষৰ ফালে আৰ্কাইভে প্ৰেলিংগাৰ আৰ্কাইভৰ পৰা আৰম্ভ কৰি ৱেব আৰ্কাইভৰ বাহিৰলৈকো নিজৰ সংগ্ৰহসমূহ সম্প্ৰসাৰণ কৰে। বৰ্তমান ইণ্টাৰনেট আৰ্কাইভত লেখা, অডিঅ’, চলন্ত ছবি, আৰু চফ্টৱেৰ অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াত আন কেইবাটাও প্ৰকল্পৰ আয়োজন কৰা হৈছে: নাছা ইমেজ আৰ্কাইভ, চুক্তি ক্ৰলিং সেৱা আৰ্কাইভ-ইট, আৰু ৱিকি-সম্পাদনাযোগ্য লাইব্ৰেৰী কেটেলগ আৰু কিতাপৰ ডাটা ছাইট মুক্ত লাইব্ৰেৰী। ইয়াৰ পিছতে আৰ্কাইভে প্ৰিণ্ট-অক্ষমসকলৰ তথ্য প্ৰৱেশৰ প্ৰয়োজনীয়তাৰ সৈতে জড়িত বিশেষ সেৱা প্ৰদানৰ বাবে কাম আৰম্ভ কৰে; ৰাজহুৱাভাৱে সুলভ কিতাপসমূহ সুৰক্ষিত ডিজিটেল অভিগম্য তথ্য ব্যৱস্থা (DAISY) আৰ্হিত উপলব্ধ কৰা হৈছিল।১০
পৰিচালনা
আৰ্কাইভ হৈছে আমেৰিকাত চলি থকা ৫০১(গ)(৩) এটি অলাভজনক সংস্থা। ইয়াৰ বাৰ্ষিক বাজেট ১ কোটি ডলাৰ, আৰু এই অৰ্থ ইয়াৰ ৱেব ক্ৰলিং সেৱা, বিভিন্ন অংশীদাৰিত্ব, অনুদান, বৰঙণি আৰু কাহলে-অষ্টিন ফাউণ্ডেশ্যনৰ পৰা পোৱা ৰাজহৰ পৰা আহৰণ কৰা হয়।১১ ইণ্টাৰনেট আৰ্কাইভে সময়ে সময়ে পুঁজিৰ অভিযানো পৰিচালনা কৰে। উদাহৰণস্বৰূপে, ২০১৯ চনৰ ডিচেম্বৰ মাহৰ এটা অভিযানত ৬ মিলিয়ন ডলাৰ অনুদান লাভ কৰাৰ লক্ষ্য আছিল। আৰ্কাইভৰ মুখ্য কাৰ্যালয় কেলিফৰ্ণিয়াৰ ছান ফ্ৰান্সিস্কোত। ১৯৯৬ চনৰ পৰা ২০০৯ চনলৈকে ইয়াৰ মুখ্য কাৰ্যালয় আছিল ছান ফ্ৰান্সিস্কোৰ প্ৰেচিডিঅ’ত, যিটো পূৰ্বৰ আমেৰিকাৰ সামৰিক ঘাটি আছিল। ২০০৯ চনৰ পৰা ইয়াৰ মুখ্য কাৰ্যালয়টো আছে ছান ফ্ৰান্সিস্কোৰ ৩০০ ফানষ্টন এভিনিউত। এইটো পূৰ্বতে খ্ৰীষ্টান বিজ্ঞান গীৰ্জা আছিল। এটা সময়ত ইয়াৰ বেছিভাগ কৰ্মচাৰীয়ে ইয়াৰ কিতাপ স্কেনিং কেন্দ্ৰত কাম কৰিছিল; ২০১৯ চনলৈকে বিশ্বজুৰি ১০০জন পেইড অপাৰেটৰে স্কেনিং কৰে।১২ আৰ্কাইভৰ কেলিফৰ্ণিয়াৰ তিনিখন চহৰত ডাটা চেণ্টাৰো আছে: ছান ফ্ৰান্সিস্কো, ৰেডউড চিটি, আৰু ৰিচমণ্ড। তথ্য হেৰুৱাৰ আশংকা হ্ৰাস কৰিবলৈ আৰ্কাইভে ইয়াৰ সংগ্ৰহৰ কিছু অংশৰ কপি অধিক দূৰৈৰ স্থানত সৃষ্টি কৰে, য'ত ইজিপ্তৰ বিব্লিঅ'থেকা আলেকজেণ্ড্ৰিনা১৩ আৰু আমষ্টাৰডামৰ এটা সুবিধাও অন্তৰ্ভুক্ত।১৪
এই আৰ্কাইভটো আন্তৰ্জাতিক ইণ্টাৰনেট সংৰক্ষণ কনচৰ্টিয়ামৰ সদস্য১৫ আৰু ২০০৭ চনত কেলিফৰ্ণিয়া ৰাজ্যই ইয়াক আনুষ্ঠানিকভাৱে পুথিভঁৰাল হিচাপে নিৰ্ধাৰণ কৰিছিল।১৬১৭
অসমীয়া কিতাপ
তথ্যসূত্ৰ
- ↑ Internet Archive Frequently Asked Questions. Internet Archive
- ↑ Internet Archive: Universal Access to all Knowledge. Internet Archive
- ↑ Grotke, A. (December 2011). "Web Archiving at the Library of Congress" . Computers In Libraries, v.31 n.10, pp. 15–19. Information Today
- ↑ (November 4, 1997). Brewster Kahle . In Scientific American. Internet Archive
- ↑ (June 6, 2000). Internet Archive: In the Collections. ৱেবেক মেচিন
- ↑ (1996-05-10). Microsoft Internet Explorer for Windows 95 Download. Internet Archive/Wayback Machine
- ↑ Internet Archive Forums: What is the oldest page on the Wayback Machine?. archive.org
- ↑ (May 12, 1996). MTV Online: Main Page – Wayback Machine. ৱেবেক মেচিন
- ↑ (May 12, 1996). Infoseek Guide – Wayback Machine. ৱেবেক মেচিন
- ↑ "Daisy Books for the Print Disabled", February 25, 2013. Internet Archive
- ↑ Womack, David. (Spring 2003). Who Owns History?. Cabinet Magazine
- ↑ Whitney Kimball. The Internet Archive Fights Wiki Citation Wars With Books. Gizmodo
- ↑ "Donation to the new Library of Alexandria in Egypt"; Alexandria, Egypt; April 20, 2002. Bibliotheca Alexandrina . Internet Archive
- ↑ Brewster Kahle: Universal Access to All Knowledge – The Long Now. longnow.org
- ↑ Members International Internet Preservation Consortium. Netpreserve.org
- ↑ "Internet Archive officially a library", May 2, 2007. Internet Archive
- ↑ McCoy, Adrian. (June 24, 2007). The Internet gives birth to an 'official' online library. Pittsburgh Post-Gazette
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইণ্টাৰনেট আৰ্কাইভ” প্ৰবন্ধৰ সংশোধন ৫৬৫২৯২ (১৯ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।