কোম্পানী
২৭ প্ৰবন্ধ
-
ইষ্ট ইণ্ডিয়া কোম্পানী
ইষ্ট ইণ্ডিয়া কোম্পানী ( East India Company) গঠিত হয় ১৫৯৯ চনৰ ২২ছেপ্তেম্বৰত ইংলণ্ডত। এইটো কোম্পানীক ইংলিচ ইষ্ট ইণ্ডিয়া কোম্পানী নামেৰেও জনা যায়। ১৫৯৯ চনৰে ৩১ ডিছেম্বৰত ৰাণী এলিজাবেথে এই কোম্পানীক উত্তমাশা অন্তৰীপৰ পৰা উত্তৰ-পূব ভাৰতৰ লগতে পূব আৰু দক্ষিণ-পূব এছিয়াৰ যিকোনো অঞ্চলতে ব্যৱসায় কৰাৰ…
-
নেটফ্লিক্স
নেটফ্লিক্স (Netflix, Inc) হৈছে এটি আমেৰিকান কনটেণ্ট সেৱা আৰু প্ৰযোজনা উদ্যোগ। প্ৰতিষ্ঠানটিৰ মুখ্য কাৰ্যালয় কেলিফৰ্ণিয়াৰ লছ গেটোছত অৱস্থিত। ১৯৯৭ চনত ৰিড হেষ্টিংগছ আৰু মাৰ্ক ৰেণ্ডোলফৰ দ্বাৰা নেটফ্লিক্স কেলিফৰ্ণিয়াৰ স্কটচ ভেলিত প্ৰতিষ্ঠিত হয়।
-
গুগল
গুগল ইন্কৰ্পোৰেটেড (Google Incorporated) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা প্ৰযুক্তি কোম্পানী। গুগল সাধাৰণতে গুগল চাৰ্চ ইঞ্জিন আৰু অনলাইন বিজ্ঞাপন সেৱাৰ বাবে বিশ্ববিখ্যাত। ইয়াৰ প্ৰধান কাৰ্যালয় কেলিফৰ্নিয়াৰ মাউণ্টেইন ভিউ চহৰত অৱস্থিত।
-
য়শ ৰাজ ফিল্মছ
য়শ ৰাজ ফিল্মছ হৈছে য়শ চোপ্ৰাৰ দ্বাৰা প্ৰতিষ্ঠিত ভাৰতৰ এটা মনোৰঞ্জক কোম্পানী। য়শ চোপ্ৰাৰ পুত্ৰ আদিত্য চোপ্ৰাইও এই বেনাৰৰ অধীনত বোলছবি প্ৰযোজনা কৰে।
-
লিংকডইন
লিংকডইন পেশাদাৰী সকলৰ সামাজিক যোগাযোগৰ এটি ৱেবচাইট। চাইটটো ডিচেম্বৰ, ২০০২ চনত প্ৰতিষ্ঠিত হয় আৰু ৫ মে, ২০০৩ চনত আনুষ্ঠানিক ভাবে আৰম্ভ কৰা হয়। সামাজিক যোগাযোগৰ এই ৱেবচাইট পেশাদাৰী সকে বেছি ব্যৱহাৰ কৰে।
-
নুমলীগড় তেল শোধনাগাৰ
নুমলীগড় তেল শোধনাগাৰ (Numaligarh Refinery) অসমৰ গোলাঘাট জিলাৰ খুমটাই সমজিলাৰ নুমলীগড়ত অৱস্থিত এটা খাৰুৱা তেলৰ শোধনাগাৰ। অসম আন্দোলনৰ পাছত হোৱা স্বাক্ষৰিত হোৱা চুক্তি অনুসাৰে চতুৰ্থটো ৩ মিলিয়ন মেট্ৰিক টন ক্ষমতাৰ শোধনাগাৰটো স্থাপন কৰা হৈছিল। এই শোধনাগাৰটোৰ ১২.৩৪ শতাংশৰ অংশীদাৰ হৈছে অসম চৰকাৰ।
-
এবিপি গ্ৰুপ
আনন্দ বাজাৰ পত্ৰিকা (এবিপি) গোট (ইংৰাজী: Ananda Bazar Patrika (ABP) Group) হ'ল এটা ভাৰতীয় মিডিয়া কোম্পানী। ১৯২২ খ্ৰীষ্টাব্দত স্থাপিত এই কোম্পানীৰ মুখ্য কাৰ্যালয় পশ্চিম বংগৰ কলকাতাত অৱস্থিত। আনন্দ প্ৰকাশন এই এ.বি.পি. গোটৰেই এটা বিভাগ।
-
এয়াৰচে'ল
এয়াৰচেল গোট (Aircel group)ভাৰতবৰ্ষৰ এটা ম'বাইল নেটৱৰ্ক পৰিচালন প্ৰতিষ্ঠান। তামিলনাডুৰ চেন্নাইত মুখ্য কাৰ্যালয় অৱস্থিত এই প্ৰতিষ্ঠানটোৱে ৱায়াৰলেছ ভয়্চ, বাৰ্তা সৰবৰাহ আৰু তথ্য সৰবৰাহৰ সেৱা আগবঢ়ায়।
-
ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া
ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া (Serum Institute of India; এছ আই আই) এটা ভাৰতীয় জৈৱপ্ৰযুক্তিবিজ্ঞান আৰু জৈৱভেষজ কোম্পানী। কোম্পানীটোৱে বিশ্বৰ ভিতৰতে সৰ্বাধিক ছিটা উৎপাদন কৰে। মহাৰাষ্ট্ৰৰ পুনে চহৰত অৱস্থিত এই কোম্পানীটো ১৯৬৬ চনত চাইৰাছ পুনাৱালাই প্ৰতিষ্ঠা কৰিছিল।
-
তাজ হোটেল
তাজ হোটেল (Taj Hotels) হৈছে বিলাসী হোটেলৰ এটা শৃংখলা আৰু ইণ্ডিয়ান হোটেল কোম্পানী লিমিটেডৰ এটা সহায়ক কোম্পানী, মুম্বাইৰ নৰিমন পইণ্টৰ এক্সপ্ৰেছ টাৱাৰত মুখ্য কাৰ্যালয়।
-
নৱজীৱন ট্ৰাষ্ট
নৱজীৱন ট্ৰাষ্ট ভাৰতৰ গুজৰাট ৰাজ্যৰ আহমেদাবাদ চহৰত অৱস্থিত প্ৰকাশনগোষ্টী। ১৯২৯ চনত মহাত্মা গান্ধীয়ে ইয়াক স্থাপন কৰিছিল। বৰ্তমানলৈকে নৱজীৱন ট্ৰাষ্টে ইংৰাজী, গুজৰাটী, হিন্দী আৰু অন্যান্য ভাষাত ৮০০তকৈও অধিক গ্ৰন্থ প্ৰকাশিত কৰিছে।
-
এডিডাছ
এডিডাছ হৈছে জাৰ্মানীৰ এটা বহুজাতিক সংস্থা যিয়ে খেলৰ সাজ পোছাক, জোতা আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী নিৰ্মাণ কৰে আৰু ইয়াৰ মুখ্য কাৰ্যালয় হাৰ্জোজেনাৰ্ছ, বাভাৰিয়াত অৱস্থিত। এই সংস্থাটো ইউৰোপৰ সবাতোকৈ বৃহৎ আৰু বিশ্বৰ দ্বিতীয় বৃহৎ খেলৰ পোছাক নিৰ্মাণকাৰী হিচাপে জনাজাত।
-
খান একাডেমী
খান একাডেমী হৈছে ২০০৮ চনত বাংলাদেশী মূলৰ আমেৰিকান নাগৰিক ছলমান খানে ছাত্ৰ-ছাত্ৰীসকলক অনলাইনযোগে শিক্ষাপ্ৰদানৰ বাবে প্ৰতিষ্ঠা কৰা এটা অলাভজনক শিক্ষা সংস্থা। সংস্থাটোৱে সংক্ষিপ্ত ভিডিঅ'ৰ ৰূপত বিভিন্ন বিষয়ৰ শিক্ষাদান কৰে। খান একাডেমীৰ ৱেবছাইটটোত অনুশীলনীৰ বাবে প্ৰশ্ন আৰু পঠনসামগ্ৰীও উপলব্ধ আছে।
-
টাটা ড'ক'ম'
জনপ্ৰিয় ভাৱে ড'ক'ম নামেৰে জনাজাত টাটা ড'ক'ম (জাপানৰ NTT Docomo-ৰ পৰা পৃথক) এক ভাৰতীয় ম'বাইল পৰিসেৱা আগবঢ়োৱা প্ৰতিষ্ঠান। জাপানৰ বৃহৎ দূৰসংযোগ কোম্পানী NTT Docomo আৰু ভাৰতীয় দূৰসংযোগ কোম্পানী টাটা টেলিচাৰ্ভিছৰ মাজৰ পদ্ধতিগত যুগ্ম উদ্যম ৰূপে ২০০৮ চনৰ নৱেম্বৰ মাহত টাটা ড'ক'ম' গঢ় লৈ উঠিছিল।
-
ডলফিন ফিল্মছ প্ৰাইভেট লিমিটেড
ডলফিন ফ্লিমছ প্ৰাইভেট লিমিটেড (Dolphin Films Private Limited) প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাৰ দ্বাৰা প্ৰতিষ্ঠাপিত এটা চলচ্চিত্ৰ কোম্পানী। এই কোম্পানীটোৱে বৰ্তমানলৈকে বহুতো চলচ্চিত্ৰ নিৰ্মাণ কৰিছে যিবোৰে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বহুতো পুৰস্কাৰ লাভ কৰিব সক্ষম হৈছে।
-
ভোডাফ'ন ভাৰত
পূৰ্বতে ভোডাফ'ন এছাৰ আৰু হাটচিছন এছাৰ নামেৰে প্ৰখ্যাত বৰ্তমানৰ ভোডাফ'ন ভাৰত দেশৰ তৃতীয় বৃহত্তম ম'বাইল সেৱা যোগানকাৰী প্ৰতিষ্ঠান। গ্ৰাহকৰ পৰিসংখ্যাৰ তথ্যৰ পৰা এয়াৰটে'ল আৰু ৰিলায়েন্স কমিউনিকেছনছৰ পিছতেই ভোডাফ'ন ভাৰতৰ স্থান।
-
অয়' ৰুমছ্
অয়' ৰুমছ্ (OYO নামেৰে বিশেষ শৈলীত অংকিত, যি অয়' হোটেলছ্ & হোমছ্ নামেৰেও জনাজাত) হৈছে চুক্তিৰ বাবদ ভাৰাত লোৱা আৰু কৰ্তৃত্ব চলোৱা হোটেল, ঘৰ আৰু বাসস্থানৰ এটা ভাৰতীয় বহুজাতিক আতিথ্য শৃংখল কোম্পানী। ২০১২ চনত ৰিতেশ আগৰৱালে প্ৰতিষ্ঠা কৰা অয়' প্ৰথম অৱস্থাত মূলতঃ কমখৰছী হোটেলেৰে গঠিত হৈছিল।
-
এড'বি ইন্ক.
এড'বি ইন্কৰ্পৰেটেড (Adobe Inc., যাক ২০১৮ চনৰ ৩ অক্টোবৰ পৰ্যন্ত এড'বি ছিষ্টেম্চ ইন্কৰ্পৰেটেড বোলা হৈছিল) হ'ল আমেৰিকাৰ এটা বহুজাতিক ছ'ফ্টৱেৰ কোম্পানী। ইয়াৰ মুখ্য কাৰ্যালয় কেলিফ'ৰ্ণিয়াৰ ছেন হ'জে চহৰত অৱস্থিত।
-
কেডবেৰী
কেডবেৰী, (পূৰ্বে কেডবেৰী’ছ আৰু কেডবেৰী শ্বৱেপেছ), ২০১০ চনৰপৰা মণ্ডেলেজ ইণ্টাৰনেশ্যনেল (ক্ৰাফ্ট ফুডছৰপৰা বিচ্ছিন্ন)ৰ মালিকানাধীন এটা ব্ৰিটিছ বহুজাতিক মিঠাই কোম্পানী। ই বিশ্বৰ দ্বিতীয়–সৰ্বাধিক ডাঙৰ মিঠাই ব্ৰেণ্ড, মাৰ্ছৰ পিছত।
-
ভাৰত বায়'টেক
ভাৰত বায়'টেক ইণ্টাৰনেশ্বনেল লিমিটে'ড (বি বি আই এল) ভাৰতৰ এটা অগ্ৰণী জৈৱপ্ৰযুক্তিবিজ্ঞানভিত্তিক কোম্পানী। ভাৰতৰ হায়দৰাবাদত মুখ্য কাৰ্য্যালয় অৱস্থিত এই কোম্পানীটো ভেষজ আৱিষ্কাৰ আৰু বিকাশ, ছিটা প্ৰস্তুত, জৈৱআৰোগ্যবিজ্ঞান, জৈৱভেষজ আৰু স্বাস্থ্যৰ যতন বিষয়ক পণ্য উৎপাদনৰ লগত জড়িত।
-
মহীশূৰ বাৰ্ণিছ এণ্ড পেইণ্টচ্ লিমিটেড
মহীশূৰ পেইণ্টছ এণ্ড বাৰ্নিচ লিমিটেড, আগতে ইয়াৰ নাম আছিল মহীশূৰ লেক এণ্ড পেইণ্টছ লিমিটেড, দক্ষিণ ভাৰতৰ কৰ্ণাটকৰ মহীশূৰ চহৰত অৱস্থিত এটা কোম্পানী। ভাৰতৰ ই একমাত্ৰ কোম্পানী যিয়ে নিৰ্বাচনী চিয়াঁহী উৎপাদন কৰিবলৈ অনুমোদিত, যিটো নিৰ্বাচনত ব্যৱহাৰ কৰা হয় যাতে মানুহে একাধিকবাৰ ভোটদান কৰিব নোৱাৰে৷…
-
মাইক্ৰ’মেক্স ম’বাইল
মাইক্ৰ’মেক্স গুড়গাও, হাৰিয়ানা, ভাৰতত অৱস্থিত এটা ইলেকট্ৰনিকচ সামগ্ৰী নিৰ্মাতা ব্যৱসায়িক প্ৰতিষ্ঠান। বৰ্তমান ই ম’বাইল ফোন, ডাটাকাৰ্ড, এল ই ডি টেলিভিচন নিৰ্মাণ কৰে।
-
আৰ্ডুইন'
আৰ্ডুইন হ'ল এটি ছফ্টৱেৰ প্ৰতিষ্ঠান, প্ৰকল্প তথা ব্যৱহাৰকাৰী সমাজ যিয়ে পৰিকলন যন্ত্ৰৰ মুক্ত-উৎসৰ ছফ্টৱেৰ, মাইক্ৰ'কণ্ট্ৰলাৰ-আধাৰিত বহু সৰঞ্জাম আৰু আন ব্যৱহাৰ্য্য বস্তু নিৰ্মাণ কৰে। পূৰ্বতে সঠিক অৱস্থাত সজ্জিত বা নিজে সজাই ল'ব পৰা ৰূপত আৰ্ডুইন'ৰ কিট ক্ৰয় কৰিবলৈ পোৱা যায়।
-
গেইম্ল'ফ্ট
গেইম্ল'ফ্ট এছ ই হৈছে ফ্ৰান্সৰ এটা ভিডিঅ’ গেম প্ৰস্তুতকৰ্তা কোম্পানী আৰু ইয়াৰ মুখ্য কাৰ্যালয় পেৰিছত অৱস্থিত। এই কোম্পানীটোৱে ইতিমধ্যে ম’বাইল ফোন, টেবলেট ইত্যাদিৰ বাবে যথেষ্টসংখ্যক ভিডিঅ’ গেম প্ৰস্তুত কৰি উলিয়াইছে। ২০০০ চনত মাইকেল গিলিমটৰ দ্বাৰা গেইম্ল'ফ্টৰ উদঘাটন হৈছিল।
-
গ্ৰীণপ্লাই ইণ্ডাষ্ট্ৰীজ লিমিটেড
গ্ৰীণপ্লাই ইণ্ডাষ্ট্ৰীজ লিমিটেড (Greenply), এটা ভাৰতীয় গৃহ অভ্যন্তৰ আন্তঃগাঁথনি কোম্পানী। ইয়াৰ মুখ্য কাৰ্যালয় পশ্চিম বংগৰ কলকাতাত। কোম্পানীটো নেচনেল ষ্টক এক্সচেঞ্জ (NSE) আৰু বম্বে ষ্টক এক্সচেঞ্জত তালিকাভুক্ত কৰা হৈছে।
-
বাচ্ কীন-ৰবিনচ
বাচ্ কীন-ৰবিনচ (Baskin-Robbins) হৈছে আইচক্ৰীম ৰ'লাৰৰ এক আন্তঃৰাষ্ট্ৰীয় শৃংখলা। ইয়াত ৩০ৰো অধিক দেশত লাভ কৰা হৈছে। ৫৮০০ স্থানৰ ভিতৰত, ২৮০০খন আমেৰিকা যুক্তৰাষ্ট্ৰত আধাৰিত।
-
হিমালয়া ৱেলনেছ কোম্পানী
হিমালয়া ৱেলনেছ কোম্পানী (পূৰ্বতে হিমালয় ড্ৰাগ কোম্পানী) হৈছে ভাৰতবৰ্ষৰ বেংগালোৰত অৱস্থিত ভাৰতীয় বহুজাতিক ব্যক্তিগত যত্ন আৰু ঔষধ কোম্পানী। ইয়াক প্ৰথমে ১৯৩০ চনত ডেৰাডুনত মহম্মদ মানলে স্থাপন কৰিছিল।ইহ হিমালয় বনৌষধি স্বাস্থ্যসেৱা নামেৰে আয়ুৰ্বেদিক উপাদান যুক্ত স্বাস্থ্যসেৱাৰ সামগ্ৰী উৎপাদন কৰে।