অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

গুগল আৰু ৱিকিপিডিয়াৰ মাজত সম্পৰ্ক

গুগল আৰু ৱিকিপিডিয়াৰ মাজৰ সম্পৰ্কটো ৱিকিপিডিয়াৰ ইতিহাসৰ আৰম্ভণিতে সহযোগমূলক আছিল, যেতিয়া গুগলে ব্যাপকভাৱে বিস্তৃত, সম্পাদনাযোগ্য নহোৱা আৰু বিজ্ঞাপনভিত্তিক ৱিকিপিডিয়া ক্লোনসমূহৰ পেইজৰেংক হ্ৰাস কৰাত সহায় কৰিছিল।

হালনাগাদ: ৭ এপ্ৰিল ২০২৫ ২৭৬ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

গুগল আৰু ৱিকিপিডিয়াৰ মাজৰ সম্পৰ্কটো ৱিকিপিডিয়াৰ ইতিহাসৰ আৰম্ভণিতে সহযোগমূলক আছিল, যেতিয়া গুগলে ব্যাপকভাৱে বিস্তৃত, সম্পাদনাযোগ্য নহোৱা আৰু বিজ্ঞাপনভিত্তিক ৱিকিপিডিয়া ক্লোনসমূহৰ পেইজৰেংক হ্ৰাস কৰাত সহায় কৰিছিল। ২০০৭ চনত গুগলে ক্ন'ল আৰম্ভ কৰিছিল, যি এক সম্প্ৰদায়চালিত বিশ্বকোষ প্ৰকল্প আছিল, যি ২০১২ চনত বন্ধ কৰা হয়। তাৰ পাছত গুগলে ৱিকিমিডিয়াক বহু অনুদান আগবঢ়ায় আৰু ইউটিউবত বিভ্ৰান্তিকৰ তথ্যসমূহৰ সমাধান বিচাৰিবলৈ ৱিকিপিডিয়াত নিৰ্ভৰ কৰিব ধৰিছিল। ২০২১ চনত গুগল আৰু ৱিকিমিডিয়া এণ্টাৰপ্ৰাইজ-ৰ মাজত অংশীদাৰিত্ব আৰম্ভ হয়।১

ইতিহাস

২০০৭ চনত গুগল-এ ক্ন'ল নামৰ এটি বিশ্বকোষিক প্ৰকল্প আৰম্ভ কৰে য’ত ব্যৱহাৰকাৰীৰ দ্বাৰা সৃষ্টি কৰা বিষয়বস্তু থাকে। দ্য নিউয়ৰ্ক টাইমছে সেই সময়ত ইয়াক ৱিকিপিডিয়াৰ সৈতে তুলনা কৰিছিল।২ ক্ন'লৰ প্ৰকল্পটো বেয়াকৈ চলি ২০১২ চনত বন্ধ হয় আৰু ডিলিট কৰা হয়।৩৪

২০০৮ চনত কেইবাটাও সংবাদ উৎসত প্ৰকাশ পোৱা অনুসৰি, উইকিপিডিয়াৰ অধিকাংশ যাতায়াত গুগল অনুসন্ধানৰ পৰা আহিছিল।৫

ফেব্ৰুৱাৰী ২০১০ চনত, গুগলে প্ৰথম অনুদান হিচাপে ৱিকিমিডিয়া ফাউণ্ডেশ্যনক আগবঢ়ায়।৬৭ গুগল প্ৰতিষ্ঠাপক ছাৰ্গেই ব্ৰিনে কয় যে "ৱিকিপিডিয়া ইণ্টাৰনেটৰ অন্যতম মহান বিজয়।"

মে' ২০১২ চনত, গুগলে গুগল নলেজ গ্ৰাফ নামৰ এটি প্ৰকল্প আৰম্ভ কৰে, যিয়ে অনুসন্ধান ফলাফলৰ লগত লগত উত্তৰ পেনেল দেখুৱাবলৈ আৰম্ভ কৰে। এই ইনফ’বক্সবোৰত দেখুওৱা অধিকাংশ তথ্য উইকিপিডিয়া আৰু চিআইএ ৱৰ্ল্ড ফেক্টবুকৰ পৰা সংগ্ৰহ কৰা হয়।৮

জানুৱাৰী ২০১৯ চনত, গুগলে ৱিকিমিডিয়া ফাউণ্ডেশ্যনলৈ ৩ নিযুত ডলাৰ অনুদান আগবঢ়ায়।৯১০১১১২

জুন ২০২২ চনত, গুগল আৰু ইণ্টাৰনেট আৰ্ছিভক ৱিকিমিডিয়া এণ্টাৰপ্ৰাইজৰ প্ৰথম গ্ৰাহক হিচাপে ঘোষণা কৰা হয়, যদিও কেৱল গুগলেই সেৱাটোৰ বাবে মূল্য দিব।১৩

ভ্ৰান্ত তথ্যৰ বিৰুদ্ধে অভিযান

মাৰ্চ ২০১৮ চনত ইউটিউবে ঘোষণা কৰে যে তেওঁলোকে বিভ্ৰান্তিকৰ তথ্যৰ সমস্যা সমাধানৰ বাবে উইকিপিডিয়াৰ তথ্য ব্যৱহাৰ কৰিব।১৪ September 11 attacks, Apollo program, ২০২০ চনৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচন, আৰু COVID-19 pandemic সম্পৰ্কীয় ভিডিঅ'সমূহৰ তলত তথ্য পেনেল সংলগ্ন কৰা হয়।১৫১৬ এই পেনেলবোৰত তথ্য ৱিকিপিডিয়া, এনচাইক্লেডিয়া ব্ৰিটানিকা, দ্য ৱৰ্ল্ড ফ্যাক্টবুক'', এছ'চিয়েটেড প্ৰেছ, চেণ্টাৰছ ফৰ ডিজেজ কণ্ট্ৰ'ল এণ্ড প্ৰিভেনচনৰ পৰা সংগৃহীত।

লিংক

*, ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ বিবৃতি

তথ্যসূত্ৰ

  1. ↑ Wikipedia Is Finally Asking Big Tech to Pay Up. Wired
  2. ↑ Helft, Miguel. (15 December 2007). Wikipedia Competitor Being Tested by Google. The New York Times
  3. ↑ Sullivan, Danny. (23 July 2008). Google's Knol Launches: Like Wikipedia, With Moderation - Search Engine Land. Search Engine Land
  4. ↑ (22 November 2011). Google Announces Plans To Shutter Knol, Friend Connect, Wave, And More. TechCrunch
  5. ↑ Teglet, Traian. (15 May 2008). Wikipedia Traffic, Mostly from Google. softpedia
  6. ↑ Johnson, Bobbie. (18 February 2010). Wikipedia wins the Google lottery - but why?. the Guardian
  7. ↑ Walsh, Jay. Wikimedia Foundation announces $2 million grant from Google. wikimediafoundation.org. Wikimedia Foundation
  8. ↑ Singhal, Amit. (May 16, 2012). Introducing the Knowledge Graph: Things, Not Strings. Google Official Blog
  9. ↑ Dickey, Megan Rose. (22 January 2019). Google.org donates $2 million to Wikipedia's parent org. TechCrunch
  10. ↑ Litman-Navarro, Kevin. (23 January 2019). Google will conquer the world one charitable donation at a time. The Outline
  11. ↑ Gomes, Ben; Fuller, Jacquelline. (22 January 2019). Expanding knowledge access with the Wikimedia Foundation. Google
  12. ↑ Gruwell, Lisa. (22 January 2019). Google and Wikimedia Foundation partner to increase knowledge equity online. Wikimedia Foundation
  13. ↑ Roth, Emma. (June 22, 2022). Google is paying the Wikimedia Foundation for better access to information. The Verge
  14. ↑ Etherington, Darrell. (14 March 2018). Wikipedia wasn't aware of YouTube's conspiracy video plan. TechCrunch
  15. ↑ Election information panels - YouTube Help. support.google.com
  16. ↑ Information panel giving topical context - YouTube Help. support.google.com

সম্পৰ্কিত শ্ৰেণী

গুগলৱিকিমিডিয়া ফাউণ্ডেশ্যনইণ্টাৰনেটৱেবছাইট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুগল আৰু ৱিকিপিডিয়াৰ মাজত সম্পৰ্ক” প্ৰবন্ধৰ সংশোধন ৫০২৭১৩ (৭ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।