বিজ্ঞাপন হৈছে এক জনসংযোগ, যাৰ দ্বাৰা কোনো বস্তু বা সেৱাৰ বিষয়ে উপভোক্তা সকলক জনোৱা হয়। বিজ্ঞাপনৰ বাবে বিভিন্ন ধৰণৰ মাধ্যম ব্যৱহাৰ কৰা হয়, যেনে বাতৰি কাকত, আলোচনী, টেলিলভিছন, ৰেডিও, ইণ্টাৰনেট, বিলবৰ্ড, ভিডিও গেম, দেৱাল লিখন, প'ষ্টাৰ, বেনাৰ ইত্যাদি ইত্যাদি। বিজ্ঞাপনবোৰ সাধাৰণতে বস্তু বা সেৱাৰ নিৰ্মাতাৰ হৈ একোটা বিজ্ঞাপন সংস্থাই নিৰ্মাণ আৰু প্ৰচাৰ কৰে। নিৰ্মাতা সকলে তেওঁলোকৰ বস্তু/সেৱাৰ প্ৰচাৰৰ বাবে বিজ্ঞাপনত যথেষ্ট টকা খৰচ কৰে।
আৱিস্কৃত সমল অনুযায়ী বিজ্ঞাপনৰ আৰম্ভণি হৈছিল প্ৰায় খৃষ্টপূৰ্ব সাতশ বছৰ আগতে চীনৰ ইনান নগৰত।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিজ্ঞাপন” প্ৰবন্ধৰ সংশোধন ৩৮৯৪২২ (২৯ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।