গুগল যোগাযোগ (Google Contacts) হৈছে গুগলৰ দ্বাৰা বিকশিত এটা যোগাযোগ ব্যৱস্থাপনা সেৱা। ই এটা এণ্ড্ৰইড মোবাইল এপ, এটা ৱেব এপ, বা গুগল ৱৰ্কস্পেচৰ অংশ হিচাপে জিমেইলৰ চাইডবাৰত উপলব্ধ।
ইতিহাস
Google Contactsৰ আৰম্ভণি হৈছিল জিমেইলত অন্তৰ্ভুক্ত থকা যোগাযোগ ব্যৱস্থাপক হিচাপে, যিটো ২০০৭ চনত প্ৰৱৰ্তন কৰা হৈছিল।১ পিছলৈ, ২০১০ চনত Nexus ডিভাইচসমূহৰ বাবে ইয়াক এণ্ড্ৰইড এপ হিচাপে মুক্তি দিয়া হয়,২ আৰু ২০১৫ চনত সকলো এণ্ড্ৰইড ফোনৰ বাবে উপলব্ধ কৰা হয়।৩ একে বছৰতে, নতুনকৈ সজোৱা ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠসহ এটা স্বতন্ত্ৰ ৱেব এপ্লিকেশ্যনো মুক্তি দিয়া হৈছিল।৪ ২০২০ চনত Google Workspaceৰ অংশ হিচাপে Gmailৰ চাইডবাৰ ৰূপে ই পুনৰ অন্তৰ্ভুক্ত হয়।৫
সমন্বয়
এই সেৱাটো সমন্বয় কৰি এপ্লৰ Contacts এপ (iOS-ত) আৰু চেমচাঙৰ গেলেক্সি ডিভাইচসমূহৰ Contacts এপৰ সৈতে ব্যৱহাৰ কৰিব পাৰি।৬৭ ইয়াৰ লগতে, বন্ধ কৰা হোৱাৰ আগলৈকে Google Sync-ৰ জৰিয়তেও ইয়াক সমন্বয় কৰিব পৰা গৈছিল।৮
গ্ৰহণযোগ্যতা
২০১১ চনত, এণ্ড্ৰইড ডিভাইচসমূহত অধিক ঘনত্বৰ স্ক্ৰিন আৰু ডাঙৰ আভ্যন্তৰীণ মেম’ৰি প্ৰৱৰ্তনৰ পিছতো, Android Jelly Beanত Google Contacts এ কেৱল কম ৰিজ’লিউশ্যনৰ ফ’টো সমৰ্থন কৰাৰ বাবে কঠোৰ সমালোচনাৰ সন্মুখীন হৈছিল।৯ এই সীমাবদ্ধতাটো পৰৱৰ্তী বছৰটোত আঁতৰোৱা হয়।১০
তথ্যসূত্ৰ
- ↑ McKinley, Joanne. (October 15, 2007). Updated Gmail for mobile application. Official Gmail Blog
- ↑ Sequin, Molly. (August 14, 2017). Google is now letting you use its Contacts app on any Android phone. Mashable
- ↑ Hall, Stephen. (December 2, 2015). Google puts two more stock Android apps on the Play Store: Phone & Contacts. 9to5Google
- ↑ Whitwam, Ryan. (March 3, 2015). Google Releases Preview Of The New Google Contacts Web Interface. Android Police
- ↑ Vonau, Manuel. (November 24, 2020). Gmail is getting a Contacts side panel. Android Police
- ↑ Witman, Emma. (September 25, 2019). How to import Google contacts to your iPhone through a Gmail account, to properly sync all of your contacts. Business Insider
- ↑ (April 29, 2021). Syncing my Contacts to my Google Account on my Samsung Phone. Samsung Australia
- ↑ Perez, Sarah. (September 27, 2012). Google Introduces An Easier Way To Sync Gmail Contacts To Your iPhone. TechCrunch
- ↑ Russakovskii, Artem. (July 2, 2012). Jelly Bean Bumps Contact Photos To Hi-Res 720x720. Android Police
- ↑ Russakovskii, Artem. (October 10, 2012). Hallelujah: Google Finally Fixes High Resolution Contact Sync, Updates Web Contact Sync With Brand New UI. Android Police
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুগল যোগাযোগ” প্ৰবন্ধৰ সংশোধন ৫৬৬৩৩২ (২৬ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।