অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

গুগল বুকছ

গুগল বুকছ (Google books; পূৰ্বতে গুগল বুক চাৰ্চ, গুগল প্ৰিণ্ট, আৰু ইয়াৰ ক'ড-নাম প্ৰজেক্ট অ'চেন) হৈছে গুগল ইনকৰ্পৰেশ্যনৰ এটা সেৱা যিয়ে গুগলে স্কেন কৰা কিতাপ আৰু আলোচনীৰ সম্পূৰ্ণ পাঠ্য সন্ধান কৰাৰ উপৰি এই পাঠ্য ব্যৱহাৰ কৰি লিখনীলৈ ৰূপান্তৰিত কৰে, আলোকীয় আখৰ চিনাক্তকৰণ (OCR), আৰু ইয়াৰ ডিজিটেল…

হালনাগাদ: ১৮ জানুৱাৰী ২০২৬ ১,৪৭৫ শব্দ · ৮ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

গুগল বুকছ (Google books; পূৰ্বতে গুগল বুক চাৰ্চ, গুগল প্ৰিণ্ট, আৰু ইয়াৰ ক'ড-নাম প্ৰজেক্ট অ'চেন)১ হৈছে গুগল ইনকৰ্পৰেশ্যনৰ এটা সেৱা যিয়ে গুগলে স্কেন কৰা কিতাপ আৰু আলোচনীৰ সম্পূৰ্ণ পাঠ্য সন্ধান কৰাৰ উপৰি এই পাঠ্য ব্যৱহাৰ কৰি লিখনীলৈ ৰূপান্তৰিত কৰে, আলোকীয় আখৰ চিনাক্তকৰণ (OCR), আৰু ইয়াৰ ডিজিটেল ডাটাবেছত সংৰক্ষণ কৰাত সহায় কৰে।২ কিতাপসমূহ হয় প্ৰকাশক আৰু লেখকসকলে গুগল বুকছ পাৰ্টনাৰ প্ৰগ্ৰেমৰ জৰিয়তে প্ৰদান কৰে, বা গুগলৰ লাইব্ৰেৰী অংশীদাৰসকলে লাইব্ৰেৰী প্ৰজেক্টৰ জৰিয়তে প্ৰদান কৰে।৩ ইয়াৰ উপৰিও গুগলে কেইবাখনো আলোচনী প্ৰকাশকৰ সৈতে অংশীদাৰিত্ব কৰি তেওঁলোকৰ আৰ্কাইভসমূহ ডিজিটেলাইজ কৰিছে।৪৫

২০০৪ চনৰ অক্টোবৰ মাহত ফ্ৰেংকফৰ্ট গ্ৰন্থমেলাত প্ৰৱৰ্তন কৰাৰ সময়ত প্ৰকাশক কাৰ্যসূচীক প্ৰথমে গুগল প্ৰিণ্ট নামেৰে জনাজাত হৈছিল। পুথিভঁৰালৰ অংশীদাৰসকলৰ সংগ্ৰহত থকা ৰচনাসমূহ স্কেন কৰি ডিজিটেল তথ্যত যোগ কৰা গুগল বুকছ লাইব্ৰেৰী প্ৰজেক্ট ২০০৪ চনৰ ডিচেম্বৰ মাহত ঘোষণা কৰা হৈছিল।

গুগল বুকছৰ পদক্ষেপে মানৱ জ্ঞানৰ সৰ্ববৃহৎ অনলাইন সংস্থা হ'ব পৰা বিষয়টোৰ অভূতপূৰ্ব প্ৰৱেশ প্ৰদান কৰাৰ সম্ভাৱনাৰ বাবে আৰু জ্ঞানৰ গণতান্ত্ৰিককৰণক প্ৰসাৰিত কৰাৰ বাবে প্ৰশংসিত হৈছে।৬৭৮ কিন্তু ইয়াক সম্ভাৱ্য কপিৰাইট উলংঘাৰ বাবে আৰু OCR প্ৰক্ৰিয়াৰ দ্বাৰা স্কেন কৰা লিখনীসমূহত প্ৰৱৰ্তিত বহুতো ভুল সংশোধন কৰিবলৈ সম্পাদনাৰ অভাৱৰ বাবেও সমালোচনা কৰা হৈছে।৮৯ ২০১৯ চনৰ অক্টোবৰ মাহলৈকে গুগলে গুগল বুকছৰ ১৫ বছৰ উদযাপন কৰিছিল আৰু স্কেন কৰা কিতাপৰ সংখ্যাক ৪ কোটিতকৈ অধিক শিৰোনাম হিচাপে প্ৰদান কৰিছিল।১০ গুগলে ২০১০ চনত অনুমান কৰিছিল যে বিশ্বত প্ৰায় ১৩ কোটি সুকীয়া গ্ৰন্থ আছে,১১১২ আৰু গুগল বুকচৰ উদ্দেশ্য হৈছে এই সকলোবোৰ স্কেন কৰা।১১ কিন্তু শেহতীয়া বছৰবোৰত আমেৰিকাৰ একাডেমিক লাইব্ৰেৰীসমূহত স্কেনিং প্ৰক্ৰিয়াৰ গতি মন্থৰ হৈছে।১৩১৪ গুগল বুকৰ স্কেনিং প্ৰচেষ্টাৰ ওপৰত আমেৰিকাত অথৰ্ছ গিল্ড বনাম গুগল নামৰ এটা ক্লাছ-একচন গোচৰ ৰুজু হৈছে। এই গোচৰটো এটা বিশেষ গোচৰ হিচাপে পৰিগণিত হৈছে কিয়নো ইয়াৰ বাবেই আমেৰিকাত নামবিহীন ৰচনাৰ বাবে কপিৰাইটৰ পদ্ধতি সলনি কৰাৰ আলোচনা হয়।১৫

ইতিহাস

২০০২ চনত গুগলৰ সদস্যসকলৰ এটা দলে আনুষ্ঠানিকভাৱে "চিক্ৰেট 'বুক' প্ৰজেক্ট" আৰম্ভ কৰে।১৬ গুগলৰ প্ৰতিষ্ঠাপক ছাৰ্গেই ব্ৰিন আৰু লেৰী পেজে ১৯৯৬ চনত ষ্টেনফৰ্ডত স্নাতক ছাত্ৰ হৈ থকাৰ সময়তে পিছলৈ গুগল বুকলৈ পৰিণত হোৱা গুগল বুকছৰ ৱেবছাইটৰ ইতিহাস পৃষ্ঠাত এই প্ৰকল্পৰ বাবে তেওঁলোকৰ প্ৰাৰম্ভিক দৃষ্টিভংগীৰ বিষয়ে বৰ্ণনা কৰা হৈছে: "যিখন ভৱিষ্যতৰ পৃথিৱীত কিতাপৰ বিশাল সংগ্ৰহসমূহ ডিজিটেলাইজ কৰা হয়, মানুহে কিতাপসমূহৰ বিষয়বস্তু সূচীভুক্ত কৰিবলৈ আৰু ইয়াৰ মাজৰ সংযোগসমূহ বিশ্লেষণ কৰিবলৈ এটা 'ৱেব ক্ৰ'লাৰ' ব্যৱহাৰ কৰিব, এই দলটোৱে সেই সময়ৰ কিছুমান বৃহৎ ডিজিটেলাইজেচন প্ৰচেষ্টাৰ স্থানসমূহ পৰিদৰ্শন কৰিছিল, য'ত আছিল লাইব্ৰেৰী অৱ কংগ্ৰেছৰ আমেৰিকান মেম'ৰী প্ৰজেক্ট, প্ৰজেক্ট গুটেনবাৰ্গ, আৰু ইউনিভাৰ্চেল লাইব্ৰেৰীত ইহঁতে কেনেকৈ কাম কৰে সেইটো জানিবলৈ, লগতে ইউনিভাৰ্চিটি অৱ মিচিগান, পেজৰ আলমা মেটাৰ, আৰু জে এছ টি অ' আৰ আৰু মেকিং অৱ আমেৰিকাৰ দৰে ডিজিটেলাইজেচন প্ৰকল্পৰ ভিত্তি। সেই সময়ৰ বিশ্ববিদ্যালয়ৰ সভানেত্ৰী মেৰী ছু ক’লমেনৰ সৈতে হোৱা এক বাৰ্তালাপত যেতিয়া পেজে গম পালে যে বিশ্ববিদ্যালয়খনৰ বৰ্তমানৰ লাইব্ৰেৰীটোৰ সকলো ভলিউম স্কেন কৰাৰ বাবে ১০০০ বছৰ লাগিব বুলি অনুমান কৰা হৈছিল, তেতিয়া পেজে কলমেনক কৈছিল যে তেওঁ “বিশ্বাস কৰে যে গুগলে ছয় বছৰত ইয়াক সম্ভৱ কৰাত সহায় কৰিব পাৰে।” ১৬

২০০৩ চনত দলটোৱে এটা উচ্চ গতিৰ স্কেনিং প্ৰক্ৰিয়াৰ লগতে অদ্ভুত ধৰণৰ আকাৰ, অস্বাভাৱিক ফণ্ট আৰু "অন্য অপ্ৰত্যাশিত বৈশিষ্ট্যসমূহ"ত সমস্যা সমাধানৰ বাবে চফ্টৱেৰ বিকশিত কৰাৰ কাম কৰে।১৬ ১৬

২০০৪ চনৰ ডিচেম্বৰ মাহত গুগলে গুগল প্ৰিণ্ট লাইব্ৰেৰী প্ৰজেক্ট নামেৰে জনাজাত গুগল প্ৰিণ্ট পদক্ষেপৰ সম্প্ৰসাৰণৰ সংকেত দিয়ে।১৭ কোম্পানীটোৱে কপিৰাইট অইন ভংগ কৰাৰ লগতে লেখক আৰু প্ৰকাশকসকলক সঠিকভাৱে ক্ষতিপূৰণ দিয়াত ব্যৰ্থ হৈছে বুলি ২০০৫ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰৰ ভিতৰত গুগলৰ বিৰুদ্ধে দুটাকৈ গোচৰ ৰুজু হয়। এটা লেখকৰ হৈ ক্লাছ একচন অভিযোগ (অথৰ্ছ গিল্ড বনাম গুগল, ২০ ছেপ্টেম্বৰ ২০০৫) আৰু আনটো হৈছে পাঁচটা বৃহৎ প্ৰকাশক আৰু এছ’চিয়েশ্যন অৱ আমেৰিকান পাব্লিচাৰ্ছে উত্থাপন কৰা দেৱানী গোচৰ। (মেকগ্ৰা হিল বনাম গুগল, ১৯ অক্টোবৰ ২০০৫)৯১৮১৯২০২১

নৱেম্বৰ ২০০৫ত গুগলে এই সেৱাৰ নাম গুগল প্ৰিণ্টৰ পৰা গুগল বুক চাৰ্চলৈ সলনি কৰে।২২ প্ৰকাশক আৰু লেখকসকলক তেওঁলোকৰ কিতাপসমূহ সেৱাত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম কৰা ইয়াৰ কাৰ্যসূচীৰ নাম সলনি কৰি গুগল বুকছ পাৰ্টনাৰ প্ৰগ্ৰেম ৰখা হয়,২৩ আৰু লাইব্ৰেৰীৰ সৈতে অংশীদাৰিত্বৰে গুগল বুকছ লাইব্ৰেৰী প্ৰজেক্ট হৈ পৰে।

২০০৬ চনত গুগলে ইয়াৰ সকলো কপিৰাইটৰ বাহিৰৰ, ৰাজহুৱা ডমেইনৰ কিতাপত "download a pdf" বুটাম যোগ কৰে। ইয়াৰ উপৰিও ই নতুন "এবাউট দিছ বুক" পৃষ্ঠাসমূহৰ সৈতে এটা নতুন ব্ৰাউজিং আন্তঃপৃষ্ঠও যোগ কৰে।১৬ ২০০৬ চনৰ আগষ্ট মাহত ইউনিভাৰ্চিটি অৱ কেলিফৰ্ণিয়া চিষ্টেমে বুকছ ডিজিটাইজেচন প্ৰকল্পত যোগদান কৰাৰ কথা ঘোষণা কৰে। ইয়াত ব্যৱস্থাপ্ৰণালীৰ দ্বাৰা পৰিচালিত প্ৰায় ১০০টা লাইব্ৰেৰীৰ ভিতৰত ৩৪ মিলিয়ন ভলিউমৰ এটা অংশ অন্তৰ্ভুক্ত কৰা হৈছে।২৪ ২০০৬ চনৰ ছেপ্টেম্বৰ মাহত মাদ্ৰিদৰ কম্প্লুটেন্স বিশ্ববিদ্যালয়ে গুগল বুকছ লাইব্ৰেৰী প্ৰজেক্টত যোগদান কৰা প্ৰথমটো স্পেনিছ ভাষাৰ পুথিভঁৰাল হিচাপে পৰিগণিত হয়।২৫ অক্টোবৰ ২০০৬ত উইচকনচিন–মেডিচন বিশ্ববিদ্যালয়ে ঘোষণা কৰে যে তেওঁলোকে উইচকনচিন হিষ্ট’ৰিক্যাল ছ’চাইটি লাইব্ৰেৰীৰ সৈতে বুক চাৰ্চ ডিজিটাইজেচন প্ৰকল্পত যোগদান কৰিব।২৬ ২০০৬ চনৰে নৱেম্বৰ মাহত ভাৰ্জিনিয়া বিশ্ববিদ্যালয়েও এই প্ৰকল্পত যোগদান কৰে। ইয়াৰ পুথিভঁৰালসমূহত পাঁচ মিলিয়নতকৈ অধিক খণ্ড আৰু ১ কোটি ৭০ লাখতকৈ অধিক পাণ্ডুলিপি, বিৰল কিতাপ আৰু আৰ্কাইভ আছে।২৭

২০০৭ চনৰ জানুৱাৰী মাহত অষ্টিনৰ টেক্সাছ বিশ্ববিদ্যালয়ে ঘোষণা কৰে যে তেওঁলোকে কিতাপ সন্ধান ডিজিটেলাইজেচন প্ৰকল্পত যোগদান কৰিব। বিশ্ববিদ্যালয়খনৰ ১৩টা পুথিভঁৰালৰ স্থানৰ পৰা কমেও ১০ লাখ খণ্ড ডিজিটেলাইজ কৰা হ’ব। আকৌ ২০০৭ চনৰে মাৰ্চ মাহত বাভাৰিয়ান ষ্টেট লাইব্ৰেৰীয়ে গুগলৰ সৈতে অংশীদাৰিত্ব ঘোষণা কৰি জাৰ্মান ভাষাৰ লগতে ইংৰাজী, ফৰাচী, ইটালীয়, লেটিন আৰু স্পেনিছ ভাষাৰ এক মিলিয়নতকৈ অধিক ৰাজহুৱা ডমেইন আৰু প্ৰিণ্টৰ বাহিৰত থকা গ্ৰন্থসমূহ স্কেন কৰে।২৮ মে' মাহত গুগল আৰু ল'জানৰ কেণ্টনেল আৰু ইউনিভাৰ্চিটি লাইব্ৰেৰীৰ যৌথভাৱে এখন কিতাপ ডিজিটেলাইজিং প্ৰকল্পৰ অংশীদাৰিত্ব ঘোষণা কৰা হয়।২৯ লগতে গেণ্ট বিশ্ববিদ্যালয়ৰ ব'কেণ্ট'ৰেন লাইব্ৰেৰীয়েও ঘোষণা কৰে যে তেওঁলোকে গুগলৰ সৈতে ১৯ শতিকাৰ ফৰাচী আৰু ডাচ ভাষাৰ কিতাপসমূহৰ ডিজিটেলাইজ আৰু ডিজিটেলাইজ সংস্কৰণ অনলাইনত উপলব্ধ কৰাত অংশগ্ৰহণ কৰিব।৩০ একেটা মাহতে মহীশূৰ বিশ্ববিদ্যালয়েও ৮ লাখতকৈ অধিক কিতাপ আৰু পাণ্ডুলিপি ডিজিটেলাইজ কৰিবৰ বাবে গুগলৰে সংযুক্ত হয়। তেওঁলোকৰ কাগজ আৰু সাঁচিপাত উভয়তে সংস্কৃত বা কানাড়া ভাষাত লিখা প্ৰায় এক লাখ পাণ্ডুলিপি আছে।৩১

২০০৭ চনৰ জুন মাহত প্ৰতিষ্ঠানিক সহযোগিতা সমিতিয়ে(২০১৬ চনত বিগ টেন একাডেমিক এলায়েন্স হিচাপে পুনৰ ব্ৰেণ্ড কৰা) ঘোষণা কৰে যে ইয়াৰ বাৰটা সদস্য পুথিভঁৰালে অহা ছবছৰৰ ভিতৰত এক কোটি কিতাপ স্কেন কৰাত অংশগ্ৰহণ কৰিব।৩২ জুলাই মাহত কেইঅ' বিশ্ববিদ্যালয়ে জাপানত গুগলৰ প্ৰথম লাইব্ৰেৰী পাৰ্টনাৰ হিচাপে পৰিগণিত হয় আৰু ঘোষণা কৰে যে তেওঁলোকে কমেও ১ লাখ ২০ হাজাৰ পাব্লিক ডমেইনৰ কিতাপ ডিজিটেলাইজ কৰিব।৩৩ আগষ্ট মাহত গুগলে ঘোষণা কৰে যে কৰ্নেল বিশ্ববিদ্যালয়ৰ পুথিভঁৰালৰ পৰা কপিৰাইটযুক্ত আৰু ৰাজহুৱা ডমেইন দুয়োটা বস্তুৱে ৫ লাখলৈকে ডিজিটেলাইজ কৰিব। গুগলে বিশ্ববিদ্যালয়খনৰ নিজা পুথিভঁৰাল ব্যৱস্থাত অন্তৰ্ভুক্ত কৰিবলৈ স্কেন কৰা সকলো ৰচনাৰ ডিজিটেল কপিও প্ৰদান কৰিব।৩৪

২০০৭ চনৰ ছেপ্টেম্বৰ মাহত গুগলে এটা বৈশিষ্ট্য যোগ কৰিলে যাৰ সহায়ত ব্যৱহাৰকাৰীয়ে ৰাজহুৱা ডমেইনত থকা কিতাপৰ স্নিপেটসমূহ শ্বেয়াৰ কৰিব পাৰে। স্নিপেটবোৰ কিতাপখনৰ স্কেনত যিদৰে দেখা যায়, বা সাধাৰণ লিখনী হিচাপে দেখা দিব পাৰে।৩৫ একেটা মাহতে গুগলে "মাই লাইব্ৰেৰী" নামৰ এটা নতুন বৈশিষ্ট্য আৰম্ভ কৰে যিয়ে ব্যৱহাৰকাৰীসকলক ব্যক্তিগত স্বনিৰ্বাচিত লাইব্ৰেৰী, তেওঁলোকে লেবেল, পৰ্যালোচনা, ৰেটিং বা সম্পূৰ্ণ পাঠ্য সন্ধান কৰিব পৰা কিতাপৰ নিৰ্বাচন সৃষ্টি কৰাৰ অনুমতি দিয়ে। ৩৬ সেইবছৰৰে ডিচেম্বৰ মাহত কলম্বিয়া বিশ্ববিদ্যালয়ক ৰাজহুৱা ডমেইনৰ কামসমূহ ডিজিটেলাইজ কৰাৰ অংশীদাৰ হিচাপে যোগ কৰা হয়।৩৭

২০০৮ চনৰ মে' মাহত মাইক্ৰ'ছফ্টে টেপাৰ অফ কৰি ইয়াৰ স্কেনিং প্ৰকল্পৰ অন্ত পেলোৱাৰ পৰিকল্পনা কৰে, যিয়ে ৭ লাখ ৫০ হাজাৰ কিতাপ আৰু ৮ কোটি আলোচনীৰ প্ৰবন্ধত উপনীত হৈছিল।৩৮ আনহাতে অক্টোবৰত দুবছৰৰ আলোচনাৰ অন্তত প্ৰকাশন উদ্যোগ আৰু গুগলৰ মাজত এক নিষ্পত্তি হয়। গুগলে লাখ লাখ কিতাপ জনসাধাৰণৰ বাবে উপলব্ধ কৰাৰ অধিকাৰৰ বিনিময়ত লেখক আৰু প্ৰকাশকসকলক ক্ষতিপূৰণ দিবলৈ সন্মত হয়।৯৩৯

২০০৮ চনৰ অক্টোবৰ মাহত হাথিট্ৰাষ্ট "শ্বেয়াৰড ডিজিটেল ৰিপ'জিটৰী" (পৰৱৰ্তী সময়ত হাথিট্ৰাষ্ট ডিজিটেল লাইব্ৰেৰী নামেৰে জনাজাত) কমিটি অন ইনষ্টিটিউচনেল ক'অপাৰেচন আৰু ইউনিভাৰ্চিটি অৱ কেলিফৰ্ণিয়া ব্যৱস্থাৰ ১১খন বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰী(যিবোৰ সকলো গুগলৰ অংশীদাৰ লাইব্ৰেৰী আছিল) ক্ৰম অনুসৰি আৰম্ভ কৰা হয় গুগল আৰু অন্যান্যই স্কেন কৰা তেওঁলোকৰ সংগ্ৰহৰ পৰা কিতাপসমূহক আৰ্কাইভ আৰু শৈক্ষিক প্ৰৱেশ প্ৰদান কৰা।৪০

২০০৮ চনৰ নৱেম্বৰ মাহত গুগলে আৰু তেওঁলোকৰ প্ৰকাশন অংশীদাৰসকলে স্কেন কৰা বস্তুৰ বাবে গুগলে ৭০ লাখ বুক মাৰ্কৰ সীমা অতিক্ৰম কৰে। ১০ লাখ সম্পূৰ্ণ পূৰ্বদৰ্শন ধৰণত আছিল আৰু ১০ লাখ সম্পূৰ্ণৰূপে চাব পৰা আৰু ডাউনলোড কৰিব পৰা ৰাজহুৱা ডমেইনৰ কাম আছিল। প্ৰায় পাঁচ মিলিয়ন ছপা নোহোৱা হিচাপে আছিল।৪১৪২ ডিচেম্বৰ মাহত গুগলে গুগল বুকছত আলোচনীসমূহ অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰে। এই আলোচনীৰ শিৰোনামসমূহৰ ভিতৰত আছে নিউয়ৰ্ক মেগাজিন, ইব'নি, আৰু পপুলাৰ মেকানিক্স।৪৩৪৪

২০০৯ চনৰ ফেব্ৰুৱাৰী মাহত গুগলে গুগল বুক চাৰ্চৰ এটা মোবাইল সংস্কৰণ মুকলি কৰে, যাৰ ফলত আইফোন আৰু এণ্ড্ৰইড ফোন ব্যৱহাৰকাৰীসকলে মোবাইল ব্ৰাউজাৰ ব্যৱহাৰ কৰি আমেৰিকাত (আৰু আমেৰিকাৰ বাহিৰত ৫ লাখতকৈ অধিক) ১৫ লাখতকৈ অধিক পাব্লিক ডমেইনৰ কাম পঢ়িব পাৰে। য'ত পৃষ্ঠাৰ ছবিৰ পৰিৱৰ্তে কিতাপখনৰ সাধাৰণ লিখনী প্ৰদৰ্শিত হয়।৪৫ মে' মাহত নিউয়ৰ্কত অনুষ্ঠিত বাৰ্ষিক বুকএক্সপ' সন্মিলনত গুগলে এনে এটা কাৰ্যসূচী প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যৰ সংকেত দিয়ে যিয়ে প্ৰকাশকসকলক তেওঁলোকৰ নতুন কিতাপৰ ডিজিটেল সংস্কৰণসমূহ গুগলৰ জৰিয়তে গ্ৰাহকক পোনপটীয়াকৈ বিক্ৰী কৰিবলৈ সক্ষম কৰিব।৪৬

২০০৯ চনৰ ডিচেম্বৰ মাহত ফ্ৰান্সত প্ৰকাশিত কপিৰাইটযুক্ত কিতাপৰ স্কেনিং বন্ধ কৰি দিয়ে ফ্ৰান্সৰ এখন আদালতে, ইয়াৰ দ্বাৰা কপিৰাইট আইন উলংঘা কৰা হৈছে বুলি কয়। স্কেনিং প্ৰকল্পৰ বাবে ই আছিল প্ৰথম বৃহৎ আইনী ক্ষতি।৪৭

এপ্ৰিল ২০১০ত ভিজুৱেল আৰ্টিষ্টসকলক পূৰ্বৰ গোচৰ আৰু নিষ্পত্তিত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল, আন এটা গোচৰত বাদপৰা গোটসমূহ। তেওঁলোকে কয় যে তেওঁলোকে কেৱল গুগল বুকছতকৈও অধিক তদাৰকীৰ আওতালৈ অনাৰ মনস্থ কৰিছে। বিবৃতিটোত আছিল: "নতুন শ্ৰেণী কাৰ্য্যই গুগলৰ লাইব্ৰেৰী প্ৰজেক্টৰ বাহিৰলৈ গতি কৰিছে, আৰু ইয়াত গুগলৰ ফটোগ্ৰাফাৰ, চিত্ৰকৰ আৰু অন্যান্য দৃশ্য শিল্পীৰ অধিকাৰৰ অন্যান্য পদ্ধতিগত আৰু ব্যাপক উলংঘাসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।" ৪৮

২০১০ চনৰ মে' মাহত গুগলে গুগল এডিচনছ নামৰ এক ডিজিটেল কিতাপৰ দোকান মুকলি কৰিব বুলি খবৰ ওলাইছিল।৪৯ ইয়াৰ নিজা ই-বুক ষ্ট’ৰৰ সৈতে এমাজন, বাৰ্নছ এণ্ড নোবেল, এপল আৰু অন্যান্য ইলেক্ট্ৰনিক কিতাপৰ খুচুৰা বিক্ৰেতাৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব। আনৰ দৰে নহয়, গুগল সংস্কৰণসমূহ সম্পূৰ্ণৰূপে অনলাইন হ’ব আৰু ইয়াৰ বাবে কোনো নিৰ্দিষ্ট ডিভাইচৰ প্ৰয়োজন নহ’ব (যেনে কিণ্ডল, নুক, বা আইপেড)। ২০১০ চনৰ জুন মাহত গুগলে ১ কোটি ২০ লাখ কিতাপৰ স্কেন সম্পূৰ্ণ কৰে।১১

আগষ্ট ২০১০ত ঘোষণা কৰা হয় যে গুগলে এটা দশকৰ ভিতৰত ১২৯,৮৬৪,৮৮০খন কিতাপ স্কেন কৰাৰ মনস্থ কৰিছে, যাৰ পৰিমাণ ৪ বিলিয়নতকৈ অধিক ডিজিটেল পৃষ্ঠা আৰু মুঠ ২ ট্ৰিলিয়ন শব্দ।১১ ডিচেম্বৰত আমেৰিকাত গুগল ই-বুকছ (গুগল সংস্কৰণ) মুকলি কৰা হয়।৫০ সেইমাহতে গুগলে এনগ্ৰাম ভিউয়াৰ মুকলি কৰে, যিয়ে ইয়াৰ গ্ৰন্থ সংগ্ৰহত শব্দৰ ব্যৱহাৰৰ তথ্য সংগ্ৰহ আৰু গ্ৰাফৰ কাম কৰে।

২০১১ চনৰ মাৰ্চ মাহত এজন ফেডাৰেল ন্যায়াধীশে প্ৰকাশন উদ্যোগ আৰু গুগলৰ মাজত হোৱা নিষ্পত্তি নাকচ কৰে।৫১ ২০১২ চনৰ মাৰ্চ মাহত গুগলে প্ৰকাশকৰ সৈতে এক চুক্তিত উপনীত হয়।৫২ ২০১৩ চনৰ নৱেম্বৰত অথৰ্ছ গিল্ড বনাম গুগলৰ গোচৰত ৰায়দান কৰি আমেৰিকাৰ জিলা ন্যায়াধীশ ডেনি চিনে ন্যায্য ব্যৱহাৰৰ উল্লেখ কৰি গুগলৰ পক্ষ লয়।৫৩ লেখকসকলে কয় যে তেওঁলোকে এই সম্পৰ্কে পুনৰ আপীল কৰিব।৫৪ ২০১৫ চনৰ অক্টোবৰ মাহত আপীল আদালতে গুগলৰ পক্ষ লয় আৰু ঘোষণা কৰে যে গুগলে কপিৰাইট আইন উলংঘা কৰা নাই।৫৫ নিউয়ৰ্ক টাইমছৰ মতে, গুগলে ২.৫ কোটিতকৈ অধিক কিতাপ স্কেন কৰিছে।১৩ ২০১৬ চনৰ এপ্ৰিলত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে অথৰ্ছ গিল্ডৰ আপীলৰ শুনানি ল'বলৈ অস্বীকাৰ কৰে, অৰ্থাৎ নিম্ন আদালতৰ সিদ্ধান্তত থিয় দিছিল, আৰু গুগলক আইন উলংঘা নকৰাকৈ লাইব্ৰেৰীৰ কিতাপসমূহ স্কেন কৰি সন্ধানৰ ফলাফলত স্নিপেটসমূহ প্ৰদৰ্শন কৰিবলৈ অনুমতি দিয়া হ'ব বুলি ঘোষণা কৰে।৫৬

তথ্যসূত্ৰ

  1. ↑ Love, Dylan. An Inside Look At One Of Google's Most Controversial Projects. Business Insider
  2. ↑ The basic Google book link is found at books.google.com/. The "advanced" interface allowing more specific searches is found at books.google.com/advanced_book_search
  3. ↑ Where do these books come from?. Google Books Help
  4. ↑ Mark O'Neill. (28 January 2009). Read Complete Magazines Online in Google Books. Make Use Of
  5. ↑ About Magazines search. Google Books Help
  6. ↑ Bergquist, Kevin. (2006-02-13). Google project promotes public good. The University Record. University of Michigan
  7. ↑ Pace, Andrew K. (January 2006). Is This the Renaissance or the Dark Ages?. American Libraries. American Library Association
  8. ↑ Malte Herwig, "Google's Total Library", Spiegel Online International, Mar. 28, 2007.
  9. ↑ Copyright infringement suits against Google and their settlement: Copyright Accord Would Make Millions More Books Available Online. Google Press Center
  10. ↑ (17 October 2019). 15 years of Google Books
  11. ↑ Google: 129 Million Different Books Have Been Published PC World
  12. ↑ (August 5, 2010). Books of the world
  13. ↑ Heyman, Stephen. (28 October 2015). Google Books: A Complex and Controversial Experiment. The New York Times
  14. ↑ (11 September 2015). What Ever Happened to Google Books?. The New Yorker
  15. ↑ James Somers. (20 April 2017). Torching the Modern-Day Library of Alexandria. The Atlantic
  16. ↑ Google Books History – Google Books
  17. ↑ O'Sullivan, Joseph and Adam Smith. "All booked up," Googleblog. December 14, 2004
  18. ↑ Authors Guild v. Google Settlement Resources Page. Authors Guild
  19. ↑ (October 30, 2008). A new chapter. The Economist
  20. ↑ Aiken, Paul. (2005-09-20). Authors Guild Sues Google, Citing "Massive Copyright Infringement". Authors Guild
  21. ↑ Gilbert, Alorie. (2005-10-19). Publishers sue Google over book search project. CNET News
  22. ↑ Jen Grant. (November 17, 2005). Judging Book Search by its cover. Googleblog
  23. ↑ Library partners. Google books
  24. ↑ Colvin, Jennifer. UC libraries partner with Google to digitize books. University of California
  25. ↑ University Complutense of Madrid and Google to Make Hundreds of Thousands of Books Available Online. Google
  26. ↑ New release: UW-Madison Joins Google's Worldwide Book Digitization Project. University of Wisconsin-Madison
  27. ↑ The University of Virginia Library Joins the Google Books Library Project. Google
  28. ↑ Mills, Elinor. Bavarian library joins Google book search project. Cnet
  29. ↑ Reed, Brock. "La Bibliothèque, C'est Google" (Wired Campus Newsletter), Chronicle of Higher Education. May 17, 2007
  30. ↑ Google Books @ UGent. Universiteitsbibliotheek Gent
  31. ↑ (20 May 2007). Google to digitise books at Mysore varsity. Hindustan Times
  32. ↑ Google Book Search Project - Menu. Big Ten Academic Alliance
  33. ↑ DeBonis, Laura. Keio University Joins Google's Library Project. Google Books Search
  34. ↑ Cornell University Library becomes newest partner in Google Book Search Library Project. Cornell University Library
  35. ↑ Tungare, Manas. Share and enjoy. Google Books Search
  36. ↑ Google Books
  37. ↑ Stricker, Gabriel. Columbia University joins the Google Book Search Library Project. Google Books Search
  38. ↑ Helft, Miguel. (May 24, 2008). Microsoft Will Shut Down Book Search Program. The New York Times
  39. ↑ Cohen, Noam. (February 1, 2009). Some Fear Google's Power in Digital Books. New York Times
  40. ↑ Launch of HathiTrust - October 13, 2008 · www.hathitrust.org · HathiTrust Digital Library. www.hathitrust.org
  41. ↑ (November 2008). Massive EU online library looks to compete with Google. Agence France-Presse
  42. ↑ Rich, Motoko. (January 4, 2009). Google Hopes to Open a Trove of Little-Seen Books. New York Times
  43. ↑ (December 10, 2008). Google updates search index with old magazines. NBC News. Associated Press
  44. ↑ Official Google Blog: Search and find magazines on Google Book Search. Official Google Blog
  45. ↑ (5 February 2009). 1.5 million books in your pocket. Inside Google Books
  46. ↑ Rich, Motoko. (2009-06-01). Preparing to Sell E-Books, Google Takes on Amazon. The New York Times
  47. ↑ Faure, Gaelle. (December 19, 2009). French court shuts down Google Books project. Los Angeles Times
  48. ↑ O'Dell, Jolie. (8 April 2010). Google Gets Sued by Photographers Over Google Books. Mashable
  49. ↑ Vascellaro, Jessica E. (4 May 2010). Google Readies Its E-Book Plan, Bringing in a New Sales Approach. The Wall Street Journal
  50. ↑ Google launches eBookstore with more than 3 million titles. MacWorld
  51. ↑ Archived copy
  52. ↑ Google and the world brain - Polar Star Films
  53. ↑ Google Books ruled legal in massive win for fair use
  54. ↑ "Siding With Google, Judge Says Book Search Does Not Infringe Copyright", Claire Cain Miller and Julie Bosman, New York Times, November 14, 2013. Retrieved November 17, 2013
  55. ↑ Google book-scanning project legal, says U.S. appeals court. Reuters
  56. ↑ US Supreme Court Rejects Challenge to Google Book-Scanning Project April 18, 2016

সম্পৰ্কিত শ্ৰেণী

গুগল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুগল বুকছ” প্ৰবন্ধৰ সংশোধন ৫৭০৩৮১ (১৮ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।