ৰিড এলং (পূৰ্বতে বলো নামে পৰিচিত) হৈছে শিশুসকলৰ বাবে এটা এণ্ড্ৰইড ভাষা-শিক্ষণ এপ, যাক গুগলে এণ্ড্ৰইড অপাৰেটিং ছিষ্টেমৰ বাবে উন্নয়ন কৰিছে। এই এপ্লিকেশ্যনটো গুগল প্লে’ত ৭ মাৰ্চ ২০১৯ তাৰিখে মুক্তি পায়।১২৩
এই এপত দিয়া নামৰ এটা চৰিত্ৰ থাকে, যিয়ে চিত্ৰসহ কাহিনীৰ জৰিয়তে শিশুসকলক পঢ়িবলৈ শিকোৱাত সহায় কৰে। ইয়াত ইংৰাজীৰ লগতে ভাৰতৰ মুখ্য ভাষাসমূহ যেনে হিন্দী ভাষা, বাংলা, তামিল, তেলুগু, মাৰাঠী আৰু উৰ্দু ভাষা ভাষা সমৰ্থন কৰে। ইয়াৰ উপৰিও স্পেনিছ, পৰ্তুগীজ আৰু আৰবী ভাষাও উপলব্ধ।
প্ৰযুক্তি
এই এপটোৱে টেক্সট-টু-স্পিচ প্ৰযুক্তি ব্যৱহাৰ কৰে, যাৰ জৰিয়তে দিয়া নামৰ চৰিত্ৰটোৱে কাহিনী পঢ়ি শুনায়। লগতে ইয়াত স্পিচ-টু-টেক্সট প্ৰযুক্তিও ব্যৱহৃত হয়, যিয়ে ব্যৱহাৰকাৰীৰ পঢ়ন আৰু মূল পাঠ্যৰ মাজৰ মিল যান্ত্ৰিকভাৱে চিনাক্ত কৰে।
২০১৯ চনৰ ছেপ্টেম্বৰ মাহত ছোটা ভীম আৰু কথাকিড্ছৰ কাহিনী এপত সংযোজন কৰা হয়।৪
২০২০ চনৰ এপ্ৰিল মাহত এপটোৰ এটা নতুন সংস্কৰণ মুক্তি পায়।৫ ২০২০ চনৰ ছেপ্টেম্বৰ মাহত ইয়াত আৰবী ভাষা সংযোজন কৰা হয়।৬
২০২২ চনৰ আগষ্ট মাহত ৰিড এলঙৰ এটা ৱেব সংস্কৰণো আৰম্ভ কৰা হয়।৭
তথ্যসূত্ৰ
- ↑ (8 August 2020). 'Google Read Along' to help 10 million UP school kids improve pronunciations. হিন্দুস্তান টাইমছ
- ↑ (13 August 2020). 'Google Bolo' to teach UP kids how to pronounce. ফ্ৰী প্ৰেছ জাৰ্নেল
- ↑ (6 March 2019). Google introduces educational app Bolo to improve children's literacy in India. টেকক্ৰাঞ্চ
- ↑ (19 September 2019). Google Lens, Bolo App Get Additional Indic Language Support. এনডিটিভি গেজেটছ ৩৬০
- ↑ (8 May 2020). Google Bolo Goes Global as 'Read Along' to Help Kids Learn Reading. এনডিটিভি গেজেটছ ৩৬০
- ↑ (8 September 2020). Google adds Arabic to Read Along app to improve children's reading. দা নেচনেল
- ↑ Chin, Monica. (August 9, 2022). Google launches new website for kids learning to read. দা ভাৰ্জ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিড এলং” প্ৰবন্ধৰ সংশোধন ৫৬৬৭৩৮ (৩০ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।