কোচি
১৮ প্ৰবন্ধ
-
কোচিন আন্তৰ্জাতিক বিমানবন্দৰ
কোচিন আন্তৰ্জাতিক বিমানবন্দৰ ভাৰতৰ কেৰালা ৰাজ্যৰ কোচি চহৰ আৰু ইয়াৰ মহানগৰ অঞ্চলত অৱস্থিত। এই বিমানবন্দৰটোক কোচি আন্তৰ্জাতিক বিমানবন্দৰ বুলিও জনা যায়। ইয়াৰ আই.এ.টি.এ. সংকেত হৈছে COK আৰু আই.চি.এ.অ’. সংকেত হৈছে VOCI। এই বিমান বন্দৰটো এৰ্ণাকুলাম জিলাৰ নেদুম্বাছেৰী নামৰ ঠাইত আছে।
-
কোচি-মুজিৰিছ বিয়েনেল
কোচি-মুজিৰিছ বিয়েনেল (ইংৰাজী: Kochi-Muziris Biennale) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ কোচি চহৰত অনুষ্ঠিত হোৱা সমসাময়িক কলাৰ এক আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী। এইখন দেশৰ আটাইতকৈ ডাঙৰ কলা প্ৰদৰ্শনী আৰু এছিয়াৰ আটাইতকৈ ডাঙৰ সমসাময়িক কলা মহোৎসৱ।
-
কোডুংগাল্লুৰ
কোডুংগাল্লুৰ (মালয়ালম: [koɖuŋːɐlːuːr]; পূৰ্বতে ক্ৰাংগানোৰ (ইংৰাজী:Cranganore), ক্ৰাংগানোৰ (পৰ্তুগীজ:Cranganor), মহোদয়াপুৰম, শ্বিংলি, ভাঞ্চি আৰু মুজিৰিছ/মুচিৰি/মুয়ৰিকোডে) নামেৰেও জনাজাত ভাৰতৰ কেৰেলা।
-
আন্তঃৰাষ্ট্ৰীয় কণ্টেইনাৰ ট্ৰেন্সশ্বিপমেণ্ট টাৰ্মিনেল, কোচি
কোচি আন্তৰ্জাতিক কণ্টেইনাৰ ট্ৰান্সশ্বিপমেণ্ট টাৰ্মিনেল (ইংৰাজীঃ-Kochi International Container Transshipment Terminal (ICTT))), যি স্থানীয়ভাৱে ভাল্লাৰপাদম টাৰ্মিনেল নামেৰে জনাজাত, হৈছে ভাৰতৰ প্ৰথমটো ট্ৰান্সশ্বিপমেণ্ট টাৰ্মিনেল আৰু বিশেষ অৰ্থনৈতিক অঞ্চলত কাৰ্যক্ষম হোৱা প্ৰথমটো কণ্টেইনাৰ টাৰ্মিনেল।
-
কোচিন বন্দৰ
কোচিন বন্দৰ বা কোচি বন্দৰ হ'ল আৰৱ সাগৰ – লাক্ষাদ্বীপ সাগৰ – ভাৰত মহাসাগৰ সামুদ্ৰিক পথত অৱস্থিত এক গুৰুত্বপূৰ্ণ প্ৰধান বন্দৰ। এই বন্দৰটো কেৰালা ৰাজ্যৰ এৰ্নাকুলম জিলাৰ কোচি চহৰত অৱস্থিত আৰু ই ভাৰতৰ অন্যতম বৃহত্তম বন্দৰ।
-
ভাইপিন
ভাইপিন (Vypin,, কোচিন পৰ্তুগীজ: ইছলা ছান্তা) ভাৰতৰ কেৰালা ৰাজ্যৰ কোচি চহৰৰ অন্তৰ্ভুক্ত এক দ্বীপপুঞ্জ। ভাইপিন এটা প্ৰাচীৰ দ্বীপ হিচাপে অৱস্থিত। ইয়াৰ পশ্চিম দিশত আৰৱ সাগৰ আৰু পূব দিশত পেৰিয়াৰ নদীৰ বিভিন্ন শাখা নদীৰদ্বাৰা গঠিত কেৰালাৰ কায়াল (কোচিন কায়াল) আছে।
-
ইনফ'পাৰ্ক কোচি
ইনফ’পাৰ্ক, কোচি ভাৰতৰ কেৰালাৰ কোচি চহৰত অৱস্থিত এখন তথ্য প্ৰযুক্তি উদ্যান। ২০০৪ চনত কেৰালা চৰকাৰে স্থাপন কৰা এই উদ্যানখন দুটা পৰ্যায়ত ৩২৩ একৰ (১৩০.৭ হেক্টৰ) কেম্পাছত বিস্তৃত, ইয়াত ৫৮২টা কোম্পানী আছে যিয়ে ২০২৫ চনলৈকে প্ৰায় ৭২,০০০ পেছাদাৰীক নিয়োজিত কৰিছে।
-
এডাপল্লী
এডাপল্লী (ইংৰাজী: Edappally) হৈছে ভাৰতৰ কোচি চহৰৰ এটা নগৰীয়া অঞ্চল। কেৰালাৰ এক অন্যতম প্ৰধান বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিগণিত এই অঞ্চলটো কেৰালাৰ আটাইতকৈ ব্যস্ত সংযোগস্থলসমূহৰ ভিতৰত অন্যতম।
-
কোচিন কাৰ্নিভেল
কোচিন কাৰ্নিভেল হৈছে প্ৰতি বছৰে ডিচেম্বৰ মাহৰ শেষ সপ্তাহত কেৰালাৰ কোচি চহৰৰ ফ’ৰ্ট কোচিত অনুষ্ঠিত হোৱা এক মনোৰঞ্জনমূলক অনুষ্ঠান। এই অনুষ্ঠানটো বেছিভাগেই ডিচেম্বৰৰ শেষৰ দুসপ্তাহত অনুষ্ঠিত হয় আৰু শেষত ১ জানুৱাৰীত শেষ হয়। ভাস্কো দা গামা চৌহদত ভাৰতৰ পতাকা উত্তোলনেৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়।
-
কোচিৰ সংস্কৃতি
কোচি, ভাৰতৰ কেৰালা ৰাজ্যৰ এটা চহৰ আৰু বন্দৰ। চহৰখনৰ সংস্কৃতি মূলতঃ দক্ষিণ ভাৰতীয়। কোচিৰ বাসিন্দাসকলক কোচিটিছ বুলি কোৱা হয়। তেওঁলোক দক্ষিণ ভাৰতীয় সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ অংশ। কেৰালাৰ সৰ্ববৃহৎ চহৰ হিচাপে, কোচিৰ সংস্কৃতি ৰাজ্যখনৰ অন্যান্য অঞ্চলৰ তুলনাত যথেষ্ট নগৰীয়া।
-
থোপ্পুম্পাড়ী
থোপ্পুম্পাড়ী (തോപ്പുംപടി) হৈছে কোচি, কেৰালাৰ অন্তৰ্গত এখন নগৰ। থোপ্পুম্পাড়ী দলঙে উইলিংডন দ্বীপক ফ’ৰ্ট কোচি উপদ্বীপৰ সৈতে সংযোগ কৰে।
-
পুথুৱাইপ
পুথুৱাইপ (পুথু ৱাইপ - নতুন ৱাইপিন) ভাৰতৰ কেৰালা ৰাজ্যৰ কোচিস্থিত এক উদীয়মান প্ৰধান উদ্যোগিক অঞ্চল। ই হাইকোৰ্ট জংশনৰপৰা ৫ কিলোমিটাৰ পশ্চিমে অৱস্থিত।
-
বল্লৰপাড়ম
বল্লৰপাড়ম ভাৰতৰ কেৰালা ৰাজ্যৰ কোচি চহৰৰ এটা দ্বীপ। এই দ্বীপটো ভেম্বনাদ হ্ৰদত অৱস্থিত। স্থানীয়ভাৱে ইয়াক কোচি হ্ৰদ বুলি কোৱা হয়। দ্বীপটোত ১০,০০০ তকৈও অধিক লোক থাকে। কোচি বন্দৰক কেন্দ্ৰ কৰি দুটা ঘাই দ্বীপ আছে। তাৰ ভিতৰত বল্লৰপাড়ম অন্যতম দ্বীপ। আনটো দ্বীপ হৈছে উইলিংডন দ্বীপ।
-
বৃহত্তৰ কোচিন উন্নয়ন কৰ্তৃপক্ষ
বৃহত্তৰ কোচিন উন্নয়ন কৰ্তৃপক্ষ (GCDA) হৈছে ১৯৭৬ চনত স্থাপিত ভাৰতৰ কেৰালাৰ কদবংথ্ৰাত মুখ্য কাৰ্যালয় থকা এটা বিধিগত সংস্থা। ই কোচি পৌৰ নিগম (দুটা ৱাৰ্ডৰ বাহিৰে), কাষৰীয়া নটা পৌৰসভা আৰু ২১টা হস্তক্ষেপকাৰী গ্ৰাম পঞ্চায়তৰ উন্নয়ন পৰিকল্পনাৰ দায়িত্ব লয়, যাৰ মুঠ আয়তন ৬৩২ কিলোমিটাৰ।
-
ভিটিলা
ভিটিলা (ইংৰাজী: Vyttila) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ কোচি চহৰৰ এটা গুৰুত্বপূৰ্ণ অঞ্চল। ই দক্ষিণ কোচিৰ এক প্ৰধান কেন্দ্ৰবিন্দু। ইয়াৰ ভিটিলা জংচন কেৰালাৰ আটাইতকৈ ব্যস্ত আৰু সৰ্ববৃহৎ পথ সংযোগস্থল। এই জংচনটোৱে কেৰালাৰ প্ৰধান উত্তৰ-দক্ষিণ ধমনী স্বৰূপ কোচি বাইপাছক চহৰখনৰ আন তিনখন প্ৰধান পথ— এছ. এ.
-
মডেল অভিযান্ত্ৰিক মহাবিদ্যালয়, কোচি
গৱৰ্ণমেণ্ট মডেল ইঞ্জিনিয়াৰিং কলেজ (ইংৰাজী: Model Engineering College) বা চমুকৈ ‘এম.ই.চি.’ হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ কোচিৰ থ্ৰিক্কাকাৰাত অৱস্থিত এটা চৰকাৰী ব্যয়-ভাগ-বটৰা সামৰ্থ্যৰে চলোৱা কাৰিকৰী শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান।
-
মাটানচেৰী
মাটানচেৰী (মালয়ালম ভাষাত: [mɐʈːaːɲd͡ʒeːɾi]; কোচিন পৰ্তুগীজ ক্ৰিয়েল: Cochim de Cima [ˈkoʃĩ ðɨ ˈsĩmɐ]) কেৰালাৰ কোচিৰ এটা ঐতিহাসিক ৱাৰ্ড। চহৰৰ মাজমজিয়াৰ পৰা প্ৰায় ৯ কিলোমিটাৰ দক্ষিণ-পশ্চিমে।
-
শান্তা থাম্পুৰান
ৰাম বৰ্মা কুঞ্জী পিল্লাই তাম্বুৰণ(১৭৫১–১৮০৫) বা নৱম ৰাম বৰ্মা, যাক জনপ্ৰিয়ভাৱে শান্তা থাম্পুৰান (শান্তা অৰ্থ শক্তিশালী) বুলি জনা যায়, কোচিন ৰাজ্যৰ শাসক আছিল। বৰ্তমানৰ দক্ষিণ ভাৰতৰ কোচি চহৰখন পূৰ্বৰ ৰাজকীয় ৰাজ্য কোচিৰ অংশ আছিল। তেওঁ থ্ৰিছুৰৰ ভাডাক্কেচিৰা পেলেচত বাস কৰিছিল।