অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আমিনুল হক

আমিনুল হক (ইংৰাজী: Aminul Haque; জন্ম: ফেব্ৰুৱাৰী, ১৯৫৬) অসমৰ এগৰাকী প্ৰথিতযশা চিত্ৰশিল্পী।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ২৪৭ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

আমিনুল হক (ইংৰাজী ভাষা: Aminul Haque; জন্ম: ফেব্ৰুৱাৰী, ১৯৫৬) অসমৰ এগৰাকী প্ৰথিতযশা চিত্ৰশিল্পী।

জন্ম

১৯৫৬ চনৰ ফেব্ৰুৱাৰীত গুৱাহাটীৰ হেদায়েৎপুৰত আমিনুল হকৰ জন্ম হয়।১ পিতৃ মফিজুদ্দিন আহমেদ আৰু মাতৃ আনোৱাৰা বেগম। তেখেতে গীতিকাৰ ৰূপেও খ্যাতি আৰ্জিছে আৰু কেবাটাও সংগীতৰ এলবামত তেখেতে লিখা গীতত বিভিন্নজন সংগীতশিল্পীয়ে সুৰাৰোপন কৰাই নহয় তেখেতে ভূপেন হাজৰিকাৰ 'শীতৰে সেমেকা ৰাতি'২, কেশৱ মহন্তৰ 'কলৰে আগতে কাউৰী পৰিলে' আদি গীতৰ ওপৰত একোখন চিত্ৰও অংকন কৰিছে।

শিক্ষা

তেখেতে সৈনিক স্কুল, গোৱালপাৰা পৰা মেট্ৰিক পাছ কৰে আৰু গুৱাহাটী আৰ্যবিদ্যাপীঠ মহ্যাবিদ্যালয়ৰপৰা স্নাতক (বিজ্ঞান শাখা) পৰীক্ষাত উত্তীৰ্ণ হয়।

কৰ্ম জীৱন

আমিনুল হক আছিল অসমৰ ‘চিত্ৰকলা আন্দোলন’ৰ সৈতে সক্ৰিয়ভাৱে জড়িত। তেখেত আছিল ‘গুৱাহাটী আৰ্টিষ্ট গীল্ড’ৰ প্ৰতিষ্ঠাপক সদস্য। তেখেত একেৰাহে তিনিবছৰ- ২০১৬, ১৭ আৰু ১৮ চনত ‘গুৱাহাটী আৰ্টিষ্ট গীল্ড’ৰ কাৰ্যবাহী সভাপতি পদত নিয়োজিত হৈ থকাৰ উপৰিও গীল্ডৰ সম্পাদক আৰু কেইবাবছৰো আলোচনী সম্পাদকো আছিল।

তেখেতৰ প্ৰথম একক প্ৰদৰ্শনী অনুষ্ঠিত হয় ১৯৭৫ চনত হাজী মুচাফিৰখানা গুৱাহাটীত। তাৰপিছত ক্ৰমান্বয়ে ১৯৮৫ চনত গুৱাহাটী ৰাজ্যিক আৰ্ট গেলেৰী, ১৯৯৬ চনত কলিকতাৰ একাডেমি অৱ ফাইন আৰ্ট, ২০০৮ চনত গুৱাহাটী আৰ্টিষ্ট গীল্ডত আৰু ২০১৭ চনত দিল্লী ললিত কলা একাডেমিত আমিনুল হকৰ একক চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। ইয়াৰোপৰি যুটীয়াভাৱে তেখেতে শ্বিলং(১৯৭৭), কলিকতা(১৯৯৯), বৰোডা(২০০৮), দিল্লী(২০০২) আৰু ক’হিমাত (২০০১) চিত্ৰকলা প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছে। ২০১৫ চনত তেখেতে ভাৰতীয় খাদ্য নিগমৰ চাকৰিৰপৰা অৱসৰ গ্ৰহণ কৰে। কৃতি চিত্ৰ-সমালোচকে তেখেতৰ ছবি এম.এফ.হুছেইন আৰু পিকাছোৰ ছবিৰ সৈতে তুলনা কৰিছে।

কেৱল ছবি অঁকাতে নিয়োজিত হৈ নাথাকি তেখেতে চিত্ৰকলা সম্পৰ্কীয় যথেষ্ট প্ৰৱন্ধ পাতিও লিখিছে।

ব্যক্তিগত জীৱন

খ্যাতনামা অসমীয়া কবি-সাহিত্যিক ডাঃ নীলিমা টি হকৰ সৈতে ১৯৮৬ চনৰ ৫ জানুৱাৰী তাৰিখে আমিনুল হকৰ বিয়া হয়। ৰাহাত আমিন শিল্পী দম্পত্তীৰ একমাত্ৰ পুত্ৰ।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ বৰ্ণিল জীৱনৰ ছন্দ, দৈনিক অগ্ৰদূত
  2. ↑ Melody in colours- Jayashree Borah, Article published in Assam Tribune on 11March, 2017

সম্পৰ্কিত শ্ৰেণী

অসমৰ চিত্ৰশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আমিনুল হক” প্ৰবন্ধৰ সংশোধন ৩৮৪৭৭৩ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।