মাধৱ বৈশ্য (Madhab Baishya) অসমৰ এগৰাকী বিশিষ্ট চিত্ৰশিল্পী। তেখেতে আৰ্টত বেংগল স্কুলৰ শৈলী (বংগীয় ধাৰা) অনুসৰণ কৰিছিল। শিল্পী প্ৰতাপ বৰুৱা আৰু বিষ্ণুৰাভাৰ পাছত এককভাৱে বংগীয় ধাৰা অনুসৰণ কৰা শিল্পীগৰাকীয়ে আছিল- চিত্ৰশিল্পী মাধৱ বৈশ্য।১ তেখেত ১৯৬২ চনত শান্তিনিকেতনৰপৰা পেইণ্টিং বিষয়ত সোণৰ পদকধাৰী।১
জন্ম আৰু শিক্ষা
১৯৩০ চনত শুৱালকুছিত তেখেতৰ জন্ম হয়। ১৯৫৮ চনত তেখেতে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰপৰা আৰ্টৰ বৃত্তি লাভ কৰে আৰু ছাত্ৰ ৰূপে বিশ্ব ভাৰতীত (শান্তিনিকেতন ) নামভৰ্তি কৰে। ১৯৬২ চনত তেখেতে পেইণ্টিং বিষয়ত ডিষ্টিংচন সহ প্ৰথম শ্ৰেণী লাভ কৰি বিশ্ব ভাৰতীৰপৰা উত্তীৰ্ণ হয়।১
কৰ্মজীৱন
১৯৫৩ চনত তেখেতে পাছিঘাট উচ্চতৰ মাধ্যমিক স্কুলত শিক্ষকতা কৰিছিল। ১৯৬২ চনত শান্তিনিকেতনৰপৰা উভতি আহি তেখেতে যোৰহাট স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ আৰ্টৰ প্ৰধান শিক্ষক ৰূপে চাকৰিত যোগদান কৰে। ১৯৯০ চনত তেখেতে এই পদবীৰপৰা অৱসৰ গ্ৰহণ কৰে। যোৰহাট স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ত কৰ্ম্মৰত অৱস্থাতে তেখেতে ১৯৭৬ চনত যোৰহাট ফাইন আৰ্ট ছ'চাইটি আৰু ১৯৭৭ চনত যোৰহাট ফাইন আৰ্ট স্কুলৰ জন্ম দিয়ে আৰু ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰে। তেখেত ১৯৮৭ ৰ পৰা ১৯৮৯ চনলৈ যোৰহাট কলা পৰিষদৰো প্ৰতিষ্ঠাপক সভাপতি আছিল। ১৯৬৩ চনৰপৰা ১৯৮৮ চনলৈ আৰু ১৯৮৭-৮৮ চনত ক্ৰমে যোৰহাট বাল্য ভৱন বিদ্যালয় আৰু যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰো ছবিৰ শিক্ষক ৰূপে নিযুক্ত আছিল।২
চিত্ৰশিল্প
ভাৰতীয় ধ্ৰুপদী সাহিত্যক বিষয়বস্তু ৰূপে লৈ তেখেতে ছবি আঁকিছিল। বংগীয় ধাৰাত সততে দেখা পোৱা চীন তথা জাপানী চিত্ৰৰ অনুৰণন তেখেতৰ শিল্পকৰ্মত দেখা পোৱা নাযায়। তেখেতৰ প্ৰিয় বিষয় আছিল পুৰাণ, মহাভাৰত, ৰামায়ণ, বৌদ্ধগাথা, কীৰ্তন-ঘোষা, দশম আদি। তেখেতে বৃহৎ আকাৰৰ ম্যুৰাল সদৃশ দৃশ্যপট আঁকিছিল। কম্পজিশ্যন, বলিষ্ঠ ৰেখা আৰু ৰঙত তেখেতৰ অংকন দক্ষতা ফুটি উঠিছিল।১
মৃত্যু
২০০১ চনৰ ১ এপ্ৰিল তাৰিখে শিল্পীগৰাকীৰ জীৱনাৱসান ঘটে।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাধৱ বৈশ্য” প্ৰবন্ধৰ সংশোধন ৪৬২৯২৫ (১০ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।