অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ননী বৰপূজাৰী

ননী বৰপূজাৰী (Noni Borpuzari) অসমৰ এজন চিত্ৰশিল্পী। অসম তথা ভাৰতৰ বিভিন্ন ঠাইৰ লগতে বিভিন্ন দেশত আন্তৰ্জাতিক স্তৰত তেওঁৰ ছবি প্ৰদৰ্শিত হৈছে। শিল্পী প্ৰণৱ বৰুৱাৰ পৰা চিত্ৰকলাৰ প্ৰাথমিক জ্ঞান লাভ কৰা বৰপূজাৰীয়ে তেওঁৰ শিল্পকৰ্মৰ বাবে 'এন ই টিভি জনতাৰ বাছনি বঁটা', 'প্ৰণৱ বৰুৱা জীৱনজোৰা সাধনা বঁটা' আৰু…

হালনাগাদ: ৯ ফেব্ৰুৱাৰী ২০২৬ ৪৩০ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ননী বৰপূজাৰী (Noni Borpuzari) অসমৰ এজন চিত্ৰশিল্পী। অসম তথা ভাৰতৰ বিভিন্ন ঠাইৰ লগতে বিভিন্ন দেশত আন্তৰ্জাতিক স্তৰত তেওঁৰ ছবি প্ৰদৰ্শিত হৈছে। শিল্পী প্ৰণৱ বৰুৱাৰ পৰা চিত্ৰকলাৰ প্ৰাথমিক জ্ঞান লাভ কৰা১ বৰপূজাৰীয়ে তেওঁৰ শিল্পকৰ্মৰ বাবে 'এন ই টিভি জনতাৰ বাছনি বঁটা', 'প্ৰণৱ বৰুৱা জীৱনজোৰা সাধনা বঁটা' আৰু বিষ্ণু ৰাভা বঁটা লাভ কৰে।২ শিল্পীগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিছৌৰীত অৱস্থিত আন্তৰ্জাতিক শিল্প সংস্থা 'দ্য প্ৰিণ্ট কনছৰিয়াম'ৰ সদস্য তথা ভাৰতীয় প্ৰতিনিধি। সত্তৰৰ দশকৰ মাজভাগত অঁকা তেওঁৰ 'কাউৰী ডকোঁৱা' (স্কেয়াৰ-ক্ৰ) শীৰ্ষক ছবিলানিৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।১

শিক্ষা

দেউতাকৰ চাকৰিসূত্ৰে বৰপূজাৰীয়ে শৈশৱ আৰু কৈশোৰৰ সময়ছোৱা শ্বিলঙত কটায়। তেওঁ শ্বিলং বিদ্যালয়ত শিক্ষাজীৱন আৰম্ভ কৰে আৰু পিছলৈ শংকৰদেৱ কলেজত পঢ়া-শুনা কৰে। এই সময়ছোৱাত তেওঁ চিত্ৰাংকন প্ৰতিযোগিতাসমূহত ভাগ লোৱাৰ লগতে নিজৰ ছবিৰ দুখন একক প্ৰদৰ্শনী অনুষ্ঠিত কৰিছিল।১

বৰপূজাৰী মহাবিদ্যালয় ক্ৰীড়া বিভাগৰ সম্পাদকো নিৰ্বাচিত হৈছিল।

১৯৮১-৮২ চনত শিল্পীগৰাকীয়ে দিল্লীৰ গাৰহি ষ্টুডিঅ'ত গ্ৰাফিকচৰ এবছৰীয়া এক প্ৰশিক্ষণ লয়। ১৯৮৩ চনত এক জলপানি লাভ কৰি তেওঁ ললিত কলা একাডেমীৰ এবছৰীয়া এক পাঠ্যক্ৰমত অংশ লয়।১

কৰ্মজীৱন

প্ৰথমাৱস্থাত বৰপূজাৰীয়ে গুৱাহাটীত থাকি আলোচনী, উপন্যাস আদিৰ বেটুপাত, ইলাষ্ট্ৰেছন, নক্সা আদিৰ কাম কৰি ৰং-তুলিকা আৰু কেনভাছৰ বাবে অৰ্থ যোগাৰ কৰিছিল। ১৯৭৬ চনত তেওঁ গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ সৈতে জড়িত হয়। সত্তৰৰ দশকতে তেওঁ 'কাউৰী ডকোঁৱা' (স্কেয়াৰ-ক্ৰ) শীৰ্ষক এলানি ছবি আঁকে আৰু গ্ৰাফিক্স মাধ্যমতো এনে প্ৰিণ্ট নিৰ্মাণ কৰে। সেই সময়তে তেওঁ অসম চৰকাৰৰ পশুপালন বিভাগৰ চাকৰিত যোগদান কৰে।

১৯৭৯ চনত শিল্পী ভবেশ স্যানালৰ সহযোগত দিল্লীৰ লিটল থিয়েটাৰ গেলেৰীত এখন একক চিত্ৰ প্ৰদৰ্শনী পাতে। ১৯৮১-৮২ চনত বৰপূজাৰীয়ে দিল্লীৰ গাৰহি ষ্টুডিঅ'ত এবছৰীয়া গ্ৰাফিকচৰ এক প্ৰশিক্ষণ লয়। ১৯৮২ চনত নেপালৰ নেপাল এছ'চিয়েশ্যন অৱ ফাইন আৰ্টছৰ আমন্ত্ৰণক্ৰমে সেই দেশত এক চাৰিদিনীয়া প্ৰদৰ্শনীত যোগ দিয়ে। ১৯৮৩ চনত অসম চৰকাৰৰ এক জলপানি পাই তেওঁ ললিত কলা একাডেমীৰ এক এবছৰীয়া পাঠ্যক্ৰম গ্ৰহণ কৰে। একে বছৰতে তেওঁ ইউনিভাৰ্চিটী অফ ছাউদাৰ্ণ কেলফৰ্ণিয়াত 'ইণ্টাৰনেচনেল আৰ্টিষ্ট ইন ৰেচিদেন্স' হিচাপে অংশগ্ৰহণ কৰে। ইয়াৰ পিছতে তেওঁ চানডিয়েগ' ষ্টেট ইউনিভাৰ্চিটীৰ এক প্ৰিণ্ট মেকিং কৰ্মশালাত প্ৰশিক্ষক হিচাপে অংশ লয়। ১৯৮৩ চনৰপৰা ১৯৮৬ চনলৈকে বৰপূজাৰীয়ে ভাৰতকে ধৰি স্পেইন, আমেৰিকা আৰু বাংলাদেশৰ বিভিন্ন ঠাইৰ চিত্ৰ আৰু প্ৰিণ্টৰ প্ৰদৰ্শনীত যোগদান কৰে।

১৯৯১ চনত তেওঁ কানাডাৰ বাঁফ চেণ্টাৰৰ তিনিমহীয়া আন্তঃৰাষ্ট্ৰীয় কৰ্মশালাত অংশ লয়। এক বছৰতে শিল্পীগৰাকীয়ে আমেৰিকাৰ মিছৌৰীত অৱস্থিত আন্তৰ্জাতিক শিল্প সংস্থা 'দ্য প্ৰিণ্ট কনছৰিয়াম'ৰ সদস্য পদ লাভ কৰে।১

প্ৰদৰ্শনী

  • ১৯৭৯: লিটল থিয়েটাৰ গেলেৰী, নতুন দিল্লী।
  • ১৯৭৯-১৯৮৪: ৰাজ্যিক কলা ভৱন, গুৱাহাটী।
  • ১৯৮১: নেচনেল একাডেমী অফ ফাইন আৰ্টছ (নাফা), কাঠমাণ্ডু, নেপাল।
  • ১৯৮৩: ব'মেন গেলেৰী, দক্ষিণ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, ইউএছএ।
  • ১৯৮৩: মিনি প্ৰিণ্ট আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী, স্পেইন।
  • ১৯৮৪: নৱম আন্তঃৰাষ্ট্ৰীয় সমসাময়িক চিত্ৰকলা প্ৰদৰ্শনী।
  • ১৯৮৫: ফেষ্টিভেল অফ ইণ্ডিয়া, আমেৰিকা।
  • ১৯৮৫: এগেইনষ্ট ৱাৰ, পোলেণ্ড।
  • ১৯৮৬: বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় দ্বি-বাৰ্ষিক প্ৰদৰ্শনী।
  • ১৯৮৭, ২০০১: জাহাংগীৰ কলা ভৱন, মুম্বাই।
  • ১৯৯১: বাঁফ চেণ্টাৰ, কানাডা।
  • ২০০৩: ইজিপ্সিয়ান ইণ্টাৰনেশ্যনেল প্ৰিণ্ট ট্ৰাইনেল - ২০০৩, কাইৰো।

স্বীকৃতি আৰু সন্মান

  • ২০০৫: এন ই টিভি জনতাৰ বাছনি বঁটা
  • ২০০৯: বিষ্ণু ৰাভা বঁটা
  • ২০১০: প্ৰণৱ বৰুৱা জীৱনজোৰা সাধনা বঁটা২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ স্মৃতিৰ এখিলা পাত, ননী বৰপূজাৰী; জনমভূমি (আলোচনী): ৰঙালী বিহু সংখ্যা ২০০৪; পৃষ্ঠা ২২৬-২৩১
  2. ↑ Noni Borpuzari. artexdirect.com

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ চিত্ৰশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ননী বৰপূজাৰী” প্ৰবন্ধৰ সংশোধন ৫৭৫৭৬০ (৯ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।