সৰস্বতী সন্মান বিজয়ী
২১ প্ৰবন্ধ
-
সুনীল গংগোপাধ্যায়
সুনীল গঙ্গোপাধ্যায় বা সুনীল গাংগুলী (Sunil Gangopadhyay; ৭ ছেপ্টেম্বৰ ১৯৩৪ – ২৩ অক্টোবৰ ২০১২) বিংশ শতিকাৰ শেষ ভাগত তেওঁ সক্ৰিয় হৈছিল আৰু মৃত্যুৰ আগলৈকে প্ৰায় চাৰি দশক জুৰি বঙালী ভাষা সাহিত্যৰ এগৰাকী অন্যতম সাহিত্যিক ৰূপে পৰিচিতি লাভ কৰিছিল। তেওঁ কলিকতাৰ এগৰাকী প্ৰাক্তন শ্বেৰিফ আছিল।
-
হৰিবংশ ৰায় বচ্চন
হৰিবংশ ৰায় শ্ৰীবাস্তব "বচ্চন" (২৭ নৱেম্বৰ, ১৯০৭ - ১৮ জানুৱাৰী, ২০০৩) আছিল হিন্দী ভাষাৰ এগৰাকী কবি আৰু লেখক। 'হালাবাদ'ৰ প্ৰৱৰ্তক বচ্চন হ'ল হিন্দী কবিতাৰ উত্তৰ ছায়াবাদ কালৰ মুখ্য কবিবোৰৰ ভিতৰত অন্যতম। মধুশালা হ'ল তেখেতৰ প্ৰসিদ্ধ কৃতি।
-
বালামণি আম্মা
নালাপাত বালামণি আম্মা (Nalapat Balamani Amma; জন্ম: ১৯ জুলাই ১৯০৯ – মৃত্যু: ২৯ ছেপ্টেম্বৰ ২০০৪) মালয়ালম ভাষাৰ এগৰাকী ভাৰতীয় কবি। তেওঁ মহাদেৱী বৰ্মাৰ সমসাময়িক আৰু বিংশ শতিকাৰ বিখ্যাত আৰু বিশিষ্ট মালয়ালম কবিসকলৰ মাজৰ এগৰাকী আছিল।
-
কে আয়াপ্পা পানিকাৰ
ড° কে. আয়াপ্পা পানিকাৰ, বা আয়াপ্পা পানিকাৰ (Ayyappa Paniker জন্ম: ১২ ছেপ্টেম্বৰ ১৯৩০ - ২৩ আগষ্ট ২০০৬) এগৰাকী মালায়ালম কবি আৰু সাহিত্য সমালোচক। তেওঁ আধুনিক আৰু উত্তৰ-আধুনিক সাহিত্য তত্ত্বৰ লগতে প্ৰাচীন ভাৰতীয় নান্দনিকতা আৰু সাহিত্য পৰম্পৰাৰ এগৰাকী শিক্ষাবিদ আৰু পণ্ডিতো আছিল।
-
কে শিৱ ৰেড্ডী
কে শিৱ ৰেড্ডী (K Siva Reddy) এগৰাকী ভাৰতীয় তেলেগু ভাষাৰ কবি। অন্ধ্ৰ প্ৰদেশৰ গুন্তুৰত তেওঁৰ জন্ম হৈছিল। ১৯৯৬ চনত তেওঁ তেওঁৰ কাব্য-সংকলন ‘মহানা-অ’-মহানা’ৰ বাবে তেলেগু ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
-
বাসদেৱ মহী
বাসদেৱ মহী (জন্ম: ২ মাৰ্চ ১৯৪৪ - ২৭ আগষ্ট ২০২১) বা Vasdev Vensimal Sidhnani হৈছে এগৰাকী সিন্ধী কবি, অনুবাদক, সমালোচক, চুটি গল্প লেখক আৰু অৱসৰপ্ৰাপ্ত প্ৰবক্তা।
-
শমচুৰ ৰহমান ফাৰুকী
শমচুৰ ৰহমান ফাৰুকী (Shamsur Rahman Faruqi; ৩০ ছেপ্টেম্বৰ ১৯৩৫ – ২৫ ডিচেম্বৰ ২০২০) এগৰাকী ভাৰতীয় উৰ্দু ভাষাৰ কবি, লেখক, সমালোচক আৰু তাত্ত্বিক আছিল। তেওঁ আধুনিক উৰ্দু সাহিত্যৰ ধ্বজাবাহক।
-
সীতাংশু য়শচন্দ্ৰ
সীতাংশু য়শচন্দ্ৰ মেহতা (জন্ম ১৯ আগষ্ট ১৯৪১), যাক সীতাংশু য়শচন্দ্ৰ বুলি জনা যায়, এগৰাকী গুজৰাটী ভাষাৰ কবি, নাট্যকাৰ, অনুবাদক আৰু ভাৰতীয় শিক্ষাবিদ। তেওঁ গুজৰাটী সাহিত্য পৰিষদৰ সভাপতি আছিল।
-
সুৰজিৎ পাটৰ
সুৰজিৎ পাটৰ (জন্ম: সুৰজিৎ হুঞ্জন) এজন পাঞ্জাৱী ভাষা লেখক আৰু ভাৰতৰ পাঞ্জাৱৰ কবি। তেওঁৰ কবিতাসমূহে সাধাৰণ ৰাইজৰ মাজত প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰাৰ লগতে সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰিছে।
-
এচ এল ভৈৰপ্পা
সান্তাশিৱাৰা লিঙ্গন্নায়াহ ভৈৰপ্পা (জন্ম ২০ আগষ্ট ১৯৩১) এগৰাকী কানাড়া ভাষাৰ ভাৰতীয় ঔপন্যাসিক, দাৰ্শনিক আৰু চিত্ৰনাট্যকাৰ। কেৱল কৰ্ণাটকৰে নহয়, তেওঁক আধুনিক ভাৰতৰ জনপ্ৰিয় ঔপন্যাসিকসকলৰ এগৰাকী হিচাপে গণ্য কৰা হয়। তেওঁৰ উপন্যাসসমূহ বিষয়বস্তু, গাঁথনি আৰু চৰিত্ৰায়নৰ ক্ষেত্ৰত অনন্য।
-
গোৱিন্দ চন্দ্ৰ পাণ্ডে
গোৱিন্দ প্ৰসাদ পাণ্ডে (Govind Chandra Pande; জন্ম: ৩০ জুলাই, ১৯২৩ – ২১ মে’, ২০১১) এগৰাকী প্ৰতিষ্ঠিত ভাৰতীয় পণ্ডিত, দাৰ্শনিক আৰু বুৰঞ্জীবিদ। তেওঁৰ সৃষ্টিশীল সাহিত্য সম্ভাৰে বৈদিক আৰু বৌদ্ধ যুগক প্ৰতিনিধিত্ব কৰে।
-
গোৱিন্দ মিশ্ৰ
গোৱিন্দ মিশ্ৰ (জন্ম ১ আগষ্ট ১৯৩৯) এগৰাকী ভাৰতীয় ঔপন্যাসিক। তেওঁ ৫৩ খনতকৈও অধিক কিতাপ লিখিছে। তেওঁ ভাৰতীয় ৰাজহ সেৱা (আইআৰএছ)ৰ এজন অসামৰিক কৰ্মচাৰী আছিল আৰু ১৯৯৭ চনত কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদৰ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।
-
চৰণকুমাৰ লিম্বালে
চৰণকুমাৰ লিম্বালে (Sharankumar Limbale; জন্ম: ১ জুন, ১৯৫৬) এগৰাকী মাৰাঠী ভাষাৰ লেখক, কবি আৰু সাহিত্য সমালোচক। তেওঁ ৪০ খনতকৈও অধিক কিতাপ লিখিছে। ১৯৮৪ চনত প্ৰকাশিত তেওঁৰ আত্মজীৱনী অক্কৰ্মাশী হৈছে তেওঁৰ আটাইতকৈ জনাজাত আৰু বহুপঠিত গ্ৰন্থ।
-
দলিপ কৌৰ তিৱানা
দলিপ কৌৰ তিৱানা (Dalip Kaur Tiwana; ৪ মে’ ১৯৩৫ – ৩১ জানুৱাৰী ২০২০) হ’ল সমসাময়িক পাঞ্জাৱী সাহিত্যৰ এগৰাকী আগশাৰীৰ ঔপন্যাসিক আৰু চুটি-গল্প লেখক। তেওঁ ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃত সাহিত্যিক আছিল আৰু এই দুয়ো ক্ষেত্ৰতে বিভিন্ন বঁটা-বাহন লাভ কৰিছিল।
-
নাইয়াৰ মাছুদ
নাইয়াৰ মাছুদ(Naiyer Masud; (জন্ম: ১৯৩৬ – ২৪ জুলাই, ২০১৭) এগৰাকী ভাৰতীয় উৰ্দু পণ্ডিত আৰু উৰ্দু চুটি গল্প অফছানাৰ লেখক।
-
পদ্মা সচদেৱ
পদ্মা সচদেৱ (Padma Sachdev; ১৭ এপ্ৰিল ১৯৪০ – ৪ আগষ্ট ২০২১) এগৰাকী ভাৰতীয় কবি আৰু ঔপন্যাসিক আছিল। তেওঁ ডোগ্ৰী ভাষাৰ প্ৰথম আধুনিক মহিলা কবি। তেওঁ হিন্দীতো লিখিছিল। তেওঁৰ প্ৰকাশিত কেইবাটাও কবিতা সংকলনৰ ভিতৰত মেৰী কবিতা মেৰে গীত সংকলনটোৱে ১৯৭১ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
-
মনুভাই পাঞ্চলি
মনুভাই পাঞ্চলি (Manubhai Pancholi) এগৰাকী ভাৰতীয় গুজৰাটী ৰাজনীতিবিদ। তেওঁ দৰ্শক উপনামেৰে লেখা-মেলা কৰে আৰু ঘাইকৈ এই নামেৰেই পঢ়ুৱৈৰ মাজত পৰিচিত। তেওঁ ভাৰতীয় স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু স্বাধীনতাৰ পিছত শিক্ষাবিদ আৰু ৰাজনীতিক ৰূপে সেৱা আগবঢ়াইছিল।
-
মহাবালেশ্বৰ চৈল
মহাবলেশ্বৰ চৈল (Mahabaleshwar Sail; জন্ম ৪ আগষ্ট ১৯৪৩) এগৰাকী ভাৰতীয় লেখক। ২০১৬ চনত, তেওঁক তেওঁৰ উপন্যাস 'হাবটন' (हावटण)ৰ বাবে সৰস্বতী সন্মানেৰে সন্মানিত কৰা হৈছিল।
-
মহেশ এলকুঞ্চৱাৰ
মহেশ এলকুঞ্চৱাৰ (Mahesh Elkunchwar; জন্ম: ৯ অক্টোবৰ ১৯৩৯) মাৰাঠী ভাষাৰ এগৰাকী ভাৰতীয় লেখক আৰু চিত্ৰনাট্যকাৰ। তেওঁ তাত্ত্বিক লিখনি, সমালোচনামূলক ৰচনাৰ উপৰিও প্ৰায় ২০খনতকৈও অধিক নাটক লিখিছে।
-
সুগতা কুমাৰী
সুগতা কুমাৰী (২২ জানুৱাৰী ১৯৩৪ – ২৩ ডিচেম্বৰ ২০২০) এগৰাকী ভাৰতীয় কবি আৰু সমাজকৰ্মী আছিল। তেওঁ দক্ষিণ ভাৰতৰ কেৰালাৰ পৰিৱেশ বিষয়ক আৰু নাৰীবাদী আন্দোলনৰ এগৰাকী শীৰ্ষস্থানীয় নেত্ৰী আছিল। সুগতা কুমাৰীৰ পিতৃ কবি আৰু স্বাধীনতা সংগ্ৰামী বোধেশ্বৰণ আৰু মাতৃ সংস্কৃত পণ্ডিত ভি কে কাৰ্তিয়ায়িনী আম্মা।
-
হৰভজন সিং (কবি)
হৰভজন সিং (Harbhajan Singh; ৮ আগষ্ট ১৯২০-২১ অক্টোবৰ ২০০২) এগৰাকী ভাৰতীয় কবি, সমালোচক, সাংস্কৃতিক পৰিৱেশক তথা পাঞ্জাৱী ভাষাৰ অনুবাদক। অমৃতা প্ৰীতমৰ সৈতে, তেওঁক পাঞ্জাৱী কাব্য সাহিত্যৰ লিখন শৈলীলৈ বিপ্লৱ কঢ়িয়াই অনাৰ কৃতিত্ব দিয়া হয়।