তামিল ব্যক্তি
১০ প্ৰবন্ধ
-
জানকী অম্মল (ৰামানুজনৰ পত্নী)
জানকী অম্মল (জন্ম ১৮৯৯ চন, ২১ মাৰ্চ - মৃত্যু ১৯৯৪ চন ১৩ এপ্ৰিল ) হৈছে ভাৰতীয় গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ পত্নী। মাত্ৰ দহ বছৰ বয়সতে বিয়া হোৱা জানকীৰ জীৱনটো কাৰুণ্যৰে ভৰা। ৩২ বছৰ বয়সত অকাল মৃত্যুক সাৱটি লোৱা ৰামানুজনৰ মৃত্যুৰ পিছত জানকীৰ জীৱন সহজ নাছিল।
-
ইন্দিৰা পাৰ্থসাৰথি
আৰ পাৰ্থসাৰথি (Indira Parthasarathy; জন্ম:৭ জুলাই, ১৯৩০) যাক সাধাৰণতে ইন্দিৰা পাৰ্থসাৰথি বা ঈ-পা বুলিও জনা যায়; এগৰাকী ভাৰতীয় তামিল লেখক আৰু নাট্যকাৰ। তেওঁ ঘাইকৈ ঔৰংগজেৱ, নন্দন কতাই আৰু ৰামানুজন নাটকৰ বাবে বিশেষ পৰিচিতি লাভ কৰিছিল।
-
প্ৰিয়ংকা মোহন
প্ৰিয়ংকা অৰুল মোহন (Priyanka Arul Mohan; জন্ম: ২০ নৱেম্বৰ ১৯৯৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ তামিল আৰু তেলেগু চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ কন্নড় ছবি অন্ধ কাথে হেল্লা (২০১৯)ৰ জৰিয়তে চলচ্চিত্ৰ জগতত খোজ পেলায়।
-
সৌন্দৰ্য ৰজনীকান্ত
সৌন্দৰ্য ৰজনীকান্ত (ইংৰাজী: Soundarya Rao Gaikwad; জন্ম: শকু বাই ৰাও গাইকৱাড; ২০ ছেপ্টেম্বৰ ১৯৮৪) এজন ভাৰতীয় গ্ৰাফিক ডিজাইনাৰ, চলচ্চিত্ৰ প্ৰযোজক আৰু চলচ্চিত্ৰ পৰিচালক যিয়ে মূলতঃ তামিল চিনেমাত কাম কৰে। তেওঁ অচেৰ পিকচাৰ প্ৰডাকচনৰ প্ৰতিষ্ঠাপক আৰু মালিক।
-
উদয়া সৌন্দৰী
উদয়া সৌন্দৰী (জন্ম ২৮ এপ্ৰিল ১৯৮৮) এগৰাকী ছিংগাপুৰিয়ান নাৰী তথা ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী আৰু দূৰদৰ্শন উপস্থাপক। তেওঁ পৰন্ধু ছেলা ভা (২০১৬) আৰু এ ইয়েল্লো বৰ্ড (২০১৬) চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ প্ৰধানা বিজা মহোৎসৱত একেটা বছৰত তিনিটা বঁটা জয় কৰা প্ৰথম ছিংগাপুৰিয়ান ব্যক্তি।
-
চিন্নাপন্নু
চিন্নাপন্নু (চিন্নাপন্নু কুমাৰ) তামিলনাডু ৰাজ্যৰ এগৰাকী লোক গায়িকা তথা প্লেবেক গায়িকা।
-
তঞ্জাই চেলভি
তঞ্জাই চেলভি এগৰাকী তামিল গায়িকা। তেওঁ লোকগীত বাবে জনপ্ৰিয়। তেওঁ ইছান ছবিৰ "ৱিট্টু" গীতটোৰে তামিল চিনেমাত নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। 'জিল ৱিট্টু (সেইবছৰ শ্ৰেষ্ঠ লোকগীতৰ বিজয় বঁটা) আৰু মাৰুথেলুৰ মাৰুথানী জনপ্ৰিয়। তেওঁ প্ৰধানকৈ তামিল চলচ্চিত্ৰ উদ্যোগত কাম কৰি আহিছে।
-
পাৰ্বতী মীৰা
পাৰ্বতী মীৰা (ইংৰাজী: Parvathy Meera) তামিল চলচ্চিত্ৰ জগতত কৰ্মৰত এগৰাকী ভাৰতীয় গীতিকাৰ। চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁ সংবাদ মাধ্যমৰ বিভিন্ন ক্ষেত্ৰত কাম কৰিছিল আৰু তাতেই তেওঁ 'বহুমুখী প্ৰতিভাশালী' বুলি পৰিচিতি লাভ কৰিছিল।
-
শক্তি অৰুলানন্দম
অৰুলমোলি (জন্ম: ১৯৬২) এগৰাকী ভাৰতীয় পৰিৱেশ-নাৰীবাদী কবি, লেখিকা আৰু শিল্পী। তেওঁ তামিলনাডু ৰাজ্যৰ বাসিন্দা আৰু শক্তি অৰুলানন্দম ছদ্ম নামেৰে পৰিচিত। তেওঁৰ কবিতাৰ বাবে তেওঁ তাঞ্জাই প্ৰকাশ বঁটা, শিখৰম বঁটা আৰু তিৰুপুৰ অৰিমা শক্তি বঁটা লাভ কৰিছে।
-
ৰাজা ৰাজেশ্বৰী ছেঠা ৰমন
ৰাজা ৰাজেশ্বৰী ছেঠা ৰমন (ইংৰাজী: Raja Rajeswari Seetha Raman; জন্ম: ১৯ আগষ্ট, ১৯৬১) এগৰাকী মালয়েছিয়ান কবি আৰু অনুবাদক। তেওঁ মূলতঃ তামিল বংশৰ ভাৰতীয় মহিলা আৰু মালয় ভাষা কেম্পাছৰ শিক্ষক শিক্ষা প্ৰতিষ্ঠানৰ প্ৰবক্তা। তেওঁ মালয় ভাষাত কবিতা ৰচনা কৰা একমাত্ৰ অনা-মালয় ব্যক্তি।