নাট্যকাৰ
৪৭ প্ৰবন্ধ
-
ৰবীন্দ্ৰনাথ ঠাকুৰ
ৰবীন্দ্ৰনাথ ঠাকুৰ (Rabindranath Tagore, ব়বীন্দ্ৰনাথ ঠাকুব়; ৭ মে', ১৮৬১–৭ আগষ্ট, ১৯৪১) বঙালী সাহিত্যৰ দিকদৰ্শক কবি, ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু দাৰ্শনিক। ঊনবিংশ শতিকাৰ শেষ ভাগৰ পৰা বিংশ শতিকাৰ মাজভাগলৈকে ৰবীন্দ্ৰনাথে বঙালী সাহিত্যত এক যুগান্তকাৰী পৰিবৰ্তনৰ সূচনা কৰে।
-
ৱিলিয়াম শ্বেইক্সপিয়াৰ
ৱিলিয়াম শ্বেইক্সপিয়াৰ (William Shakespeare,; (২৬ এপ্ৰিল ১৫৬৪ – ২৩ এপ্ৰিল ১৬১৬) আছিল এজন ইংৰাজ কবি আৰু নাট্যকাৰ যাক ইংৰাজী ভাষাৰ সৰ্বশ্ৰেষ্ঠ লেখক আৰু বিশ্বৰ এজন শ্ৰেষ্ঠ নাট্যকাৰ হিচাপে আখ্যা দিয়া হয়। তেওঁক প্ৰায়ে ইংলেণ্ডৰ জাতীয় কবি আৰু "এভনৰ চাৰণকবি" বুলি উল্লেখ কৰা হয়।
-
কালিদাস
কালিদাস (সংস্কৃত: कालिदासः) (অৰ্থ: কালি বা চিঞাহীৰ দাস বা উপাসক) আছিল এজন ধ্ৰুপদী সংস্কৃত ৰচয়িতা যাক সংস্কৃত ভাষাৰ শ্ৰেষ্ঠ কবি আৰু নাট্যকাৰ বুলিও গণ্য কৰা হয়। তেওঁৰ জীৱনকাল সম্বন্ধে অধিকাংশ তথ্যই অজ্ঞাত। মাত্ৰ তেওঁৰ কাব্য আৰু নাট্যৰ পৰা সামান্য পাঠোদ্ধাৰ সম্ভৱ।
-
উৎপল দত্ত (অভিনেতা)
উৎপল দত্ত (Utpal Dutt) এজন ভাৰতীয় অভিনেতা, পৰিচালক, লেখক আৰু নাট্যকাৰ আছিল। তেওঁ মুলতঃ বঙালী থিয়েটাৰৰ এজন অভিনেতা আৰু আধুনিক ভাৰতীয় থিয়েটাৰৰ এজন অগ্ৰণী ব্যক্তি আছিল। তেওঁ ১৯৪৯ চনত "লিটল থিয়েটাৰ গ্ৰুপ" প্ৰতিষ্ঠা কৰে।
-
বিজয় টেণ্ডুলকাৰ
বিজয় টেণ্ডুলকাৰ (Vijay Tendulkar; विजय तेंडुलकर; ৬ জানুৱাৰী, ১৯২৮ - ১৯ মে, ২০০৮) মাৰাঠী ভাষাৰ এজন আগশাৰীৰ ভাৰতীয় নাট্যকাৰ, চলচ্চিত্ৰ আৰু ধাৰাবাহিক লিখক, সাহিত্যিক, ৰাজনৈতিক সংবাদকৰ্মী। মহাৰাষ্ট্ৰত পাঁচোটা দশক ধৰি, তেখেতৰ নাটক আৰু থিয়েটাৰ সমূহে প্ৰভাৱিত কৰি ৰাখিছিল।
-
প্ৰফুল্ল বৰা
প্ৰফুল্ল বৰা (ইংৰাজী: Prafulla Borah ) স্বাধীনোত্তৰ কালৰ অসমৰ এগৰাকী প্ৰতিষ্ঠিত নাট্যকাৰ, কবি, গীতিকাৰ, গল্পকাৰ, ঔপন্যাসিক, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ নিৰ্মাতা।
-
হেনৰিক ইবছেন
হেনৰিক জোহান ইবছেন (;; ২০ মাৰ্চ ১৮২৮- ২৩ মে' ১৯০৬) এজন নৰৱেদেশীয় নাট্যকাৰ আৰু নাট পৰিচালক আছিল। নাটকত আধুনিকতাবাদৰ অন্যতম প্ৰতিষ্ঠাতা ইবছেনক বাস্তৱবাদৰ পিতৃ তথা তেওঁৰ সময়ৰ সকলোতকৈ প্ৰভাৱশালী নাট্যকাৰ হিচাপে উল্লেখ কৰা হয়।
-
পি. বি. শ্বেলী
পি. বি. শ্বেলী বা পাৰ্চি বাইশ্বে শ্বেলী চমুকৈ শ্বেলী (Percy Bysshe Shelley) (৪ আগষ্ট ১৭৯২ – ৮ জুলাই ১৮২২) এজন ইংৰাজী লেখক আছিল যাক ইংৰাজী ৰোমান্টিক কবিসকলৰ অন্যতম বুলি গণ্য কৰা হয়।
-
অশ্বঘোষ
অশ্বঘোষ (अश्वघोष; গ. ৮০ – গ. ১৫০ খ্ৰীষ্টাব্দ) ভাৰতৰ এজন সৰ্বাষ্টিবাদ বা মহাসংঘিক বৌদ্ধ দাৰ্শনিক, নাট্যকাৰ, কবি আৰু বক্তা আছিল। তেওঁ উত্তৰ ভাৰতৰ সাকেতত জন্মগ্ৰহণ কৰিছিল যাক অযোধ্যা বুলিও কোৱা হয়।
-
বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰ
বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰ (Birendra krishna Bhadra) (১৯০৫–১৯৯১) ভাৰতৰ কলিকতাৰ এগৰাকী ৰেডিঅ' সম্প্ৰচাৰক, নাট্যকাৰ, অভিনেতা, কথক তথা নাট পৰিচালক আছিল। তেওঁ কণ্ঠশিল্পী পংকজ মল্লিক আৰু কবি কাজী নজৰুল ইছলামৰ সমসাময়িক আছিল।
-
ৰতন থিয়াম
ৰতন থিয়াম (Ratan Thiyam; জন্ম: ২০ জানুৱাৰী, ১৯৪৮-২৩ জুলাই ২০২৫) এজন ভাৰতীয় নাট্যকাৰ আৰু থিয়েটাৰ পৰিচালক৷ ১৯৭০ চনৰ পৰা আৰম্ভ হোৱা ভাৰতীয় নাট্যক্ষেত্ৰৰ "শিপাৰ থিয়েটাৰ" (theatre of roots) আন্দোলনৰ অগ্ৰগণ্য ব্যক্তি হিচাপে ১৯৮৭ চনত তেওঁ সংগীত নাটক অকাডেমী বঁটা লাভ কৰে।
-
চৈয়দ ছাদুল্লা
চৈয়দ ছাদুল্লা (Syed Sadullah) অসমৰ এগৰাকী কণ্ঠশিল্পী, গীতিকাৰ, অভিনেতা, আবৃত্তিকাৰ,সুৰকাৰ তথা অনাতাঁৰ ঘোষক। ১৯৪৮ চনৰ ১ ফেব্ৰুৱাৰীত ডিব্ৰুগড় জিলাত তেওঁ জন্মগ্ৰহণ কৰে। তেওঁ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ এগৰাকী ঘোষক আছিল।
-
জয়শংকৰ প্ৰসাদ
জয়শংকৰ প্ৰসাদ (৩০ জানুৱাৰী ১৮৮৯ আধুনিক হিন্দী সাহিত্য আৰু হিন্দী নাট্যশালাৰ প্ৰধান ব্যক্তিত্ব আছিল। প্ৰসাদ আছিল তেওঁৰ ছদ্মনাম। তেওঁক ছায়াবাদী কবি বুলিও জনা যায়।
-
শান্তা গান্ধী
শান্তা কালিদাস গান্ধী ( R. Nagarathnamma; ২০ ডিচেম্বৰ ১৯১৭ – ৬ মে' ২০০২) ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সাংস্কৃতিক শাখা ভাৰতীয় গণনাট্য সংঘৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ভাৰতীয় নাট্ পৰিচালক, নৃত্যশিল্পী আৰু নাট্যকাৰ।
-
সোণালী বসু
সোণালী বসু (Shonali Bose; জন্ম: ৩ জুন ১৯৬৫) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, লেখক আৰু চলচ্চিত্ৰ প্ৰযোজক। ২০০৫ চনত চলচ্চিত্ৰ পৰিচালনাত আত্মপ্ৰকাশ কৰা বসুৱে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ব্ৰীজষ্টোন নেৰেটিভ বঁটা, চানডান্স মহিন্দ্ৰা গ্ল'বেল ফিল্মমেকাৰ বঁটা আদি বিভিন্ন স্বীকৃতি লাভ কৰিছে।
-
ৰিচাৰ্ড ৱেগনাৰ
উইলহেম ৰিচাৰ্ড ৱেগনাৰ ( /ˈvɑːɡnər/ ভাগ্নাৰ; Wilhelm Richard Wagner [ˈʁɪçaʁt ˈvaːɡnɐ]; ২২ মে' ১৮১৩ – ১৩ ফেব্ৰুৱাৰী ১৮৮৩) এজন জাৰ্মান সুৰকাৰ, নাট্য পৰিচালক, ৰচনাকাৰ আৰু পৰিচালক আছিল, যি মূলতঃ তেওঁৰ অপেৰা (বা, পিছলৈ তেওঁৰ কিছুমান পৰিপক্ব ৰচনাৰ ক্ষেত্ৰত "সংগীত নাটক")ৰ বাবে পৰিচিত।
-
আৰ্থাৰ মিলাৰ
আৰ্থাৰ মিলাৰ (১৭ অক্টোবৰ ১৮১৫-১০ ফেব্ৰুৱাৰী ২০০৫) কুৰি শতিকাৰ এগৰাকী বিশিষ্ট আমেৰিকান নাট্যকাৰ। তেওঁৰ আটাইতকৈ জনপ্ৰিয় নাটকসমূহ হৈছে All My Sons (1947), Death of a Salesman (1949), The Crucible (1953), আৰু A View from the Bridge (1955)।
-
ইন্দিৰা পাৰ্থসাৰথি
আৰ পাৰ্থসাৰথি (Indira Parthasarathy; জন্ম:৭ জুলাই, ১৯৩০) যাক সাধাৰণতে ইন্দিৰা পাৰ্থসাৰথি বা ঈ-পা বুলিও জনা যায়; এগৰাকী ভাৰতীয় তামিল লেখক আৰু নাট্যকাৰ। তেওঁ ঘাইকৈ ঔৰংগজেৱ, নন্দন কতাই আৰু ৰামানুজন নাটকৰ বাবে বিশেষ পৰিচিতি লাভ কৰিছিল।
-
উইলিয়াম শ্বেইকছপীয়েৰৰ ৰচনাৱলীৰ তালিকা
ৱিলিয়াম শ্বেইক্সপিয়াৰ (১৫৬৪–১৬১৬) এগৰাকী ইংৰাজ কবি আৰু নাট্যকাৰ আছিল। তেওঁ প্ৰায় ৩৯খন (অৱশ্যে এই সংখ্যা ৩৮ বুলিও কিছুমানে ক’ব কয়) নাটক আৰু ১৫৪টা ছনেট, লগতে বিভিন্ন অন্যান্য কবিতা ৰচনা কৰিছিল।
-
দীনবন্ধু মিত্ৰ
দীনবন্ধু মিত্ৰ ( জন্ম-১০ এপ্ৰিল,১৮২৯ মৃত্যু-১ নভেম্বৰ,১৮৭৩) আছিল বঙালী ভাষাৰ এজন লেখক তথা নাট্যকাৰ। দীনবন্ধু মিত্ৰৰ 'নীল দৰ্পণ' (১৮৬০) নাটকখন বিশেষ ভাৱে উল্লেখযোগ্য।
-
পলি সেনগুপ্তা
পলি সেনগুপ্তা (Poile Sengupta; জন্ম: অম্বিকা গোপালকৃষ্ণন; জন্ম ১৯৪৮) ইংৰাজী ভাষাৰ এগৰাকী ভাৰতীয় লেখক।[1] বিশেষকৈ শিশুৰ বাবে নাট্যকাৰ আৰু লেখিকা হিচাপে তেওঁ সুপৰিচিত। তেওঁৰ আনুষ্ঠানিক প্ৰথম নাম অম্বিকা যদিও তেওঁৰ পলি সেনগুপ্তা নামেৰেহে অধিক পৰিচিত।
-
বসন্ত কুমাৰ ভট্টাচাৰ্য
ড° বসন্ত কুমাৰ ভট্টাচাৰ্য ( Dr Basanta Kumar Bhattacharyya) ৰ জন্ম হয় ১ ফেব্ৰুৱাৰী, ১৯৪২ তাৰিখে। তেওঁ অসমৰ এগৰাকী সাহিত্যিক, শিক্ষাবিদ, গল্পকাৰ, কবি, প্ৰৱন্ধকাৰ, নাট্যকাৰ, সমালোচক। নলবাৰীত জন্মগ্ৰহণ কৰা ভট্টাচাৰ্যক ২০১৬ চনত অসম সাহিত্য সভাই “সাহিত্যচাৰ্য” উপাধি প্ৰদান কৰে।
-
বেন জনচন
বেঞ্জামিন জনছন (Benjamin Jonson; ১১ জুন ১৫৭২ – ১৮ আগষ্ট, ১৬৩৭) এজন ইংৰাজ নাট্যকাৰ আৰু কবি আছিল। জনছনৰ শিল্পীত্বই ইংৰাজী কবিতা আৰু মঞ্চ কৌতুকৰ ওপৰত এক স্থায়ী প্ৰভাৱ পেলাইছিল।
-
মলিয়েৰ
মলিয়েৰ (Molière), জন্মনাম Jean-Baptiste Poquelin (১৫ জানুৱাৰী ১৬২২ – ১৭ ফেব্ৰুৱাৰী ১৬৭৩), আছিল ফ্ৰান্সৰ এগৰাকী নাট্যকাৰ আৰু অভিনেতা, যাক ফ্ৰেঞ্চ হাস্যনাট্যৰ জনক হিচাপে গণ্য কৰা হয়। তেওঁৰ নাটকবোৰ ফ্ৰান্সৰ সমাজ, ধৰ্মীয় ভণ্ডামি, চিকিৎসাশাস্ত্ৰ আৰু ৰাজনৈতিক দম্ভৰ ওপৰত বিদ্ৰূপ কৰি ৰচিত।
-
মহম্মদ হানিফ
মহম্মদ হানিফ (Mohammed Hanif; জন্ম: নৱেম্বৰ ১৯৬৪) এগৰাকী ব্ৰিটিছ পাকিস্তানী লেখক আৰু সাংবাদিক। তেওঁ দ্য নিউয়ৰ্ক টাইমছৰ মাহেকীয়া স্তম্ভলেখক। হানিফৰ ‘আ কেচ অৱ এক্সপ্লডিং মেংগ’জ’ কিতাপখনে সমালোচকৰ প্ৰশংসা লাভ কৰিছিল আৰু কিতাপখন ‘মেন বুকাৰ প্ৰাইজ’ তথা ‘গাৰ্ডিয়ান ফাৰ্ষ্ট বুক প্ৰাইজ’ৰ বাবে মনোনয়নৰ…
-
মহেশ এলকুঞ্চৱাৰ
মহেশ এলকুঞ্চৱাৰ (Mahesh Elkunchwar; জন্ম: ৯ অক্টোবৰ ১৯৩৯) মাৰাঠী ভাষাৰ এগৰাকী ভাৰতীয় লেখক আৰু চিত্ৰনাট্যকাৰ। তেওঁ তাত্ত্বিক লিখনি, সমালোচনামূলক ৰচনাৰ উপৰিও প্ৰায় ২০খনতকৈও অধিক নাটক লিখিছে।
-
হানিফ কুৰেছি
হানিফ কুৰেছি চিবিই ( ইংৰাজী: Hanif Kureishi CBE; জন্ম: ৫ ডিচেম্বৰ ১৯৫৪) এজন ব্ৰিটিছ পাকিস্তানী নাট্যকাৰ, চিত্ৰনাট্যকাৰ, চলচ্চিত্ৰ নিৰ্মাতা আৰু ঔপন্যাসিক। তেওঁ ‘মাই বিউটিফুল লণ্ড্ৰেট’ চলচ্চিত্ৰ আৰু ‘দ্য বুদ্ধা অৱ চাবাৰ্বিয়া’ উপন্যাসৰ বাবে পৰিচিত।
-
আলাউদ্দিন আল আজাদ
আলাউদ্দিন আল আজাদ (Alauddin Al-Azad; জন্ম: ৬ মে' ১৯৩২ - মৃত্যু: ৩ জুলাই ২০০৯)) বাংলাদেশৰ এজন ঔপন্যাসিক, প্ৰবন্ধকাৰ, কবি, নাট্যকাৰ, গৱেষক আৰু অধ্যাপক। তেওঁৰ লিখনিবিলাক আছিল সংগ্ৰামী আৰু আশাবাদী। সমসাময়িক নাগৰিক জীৱনৰ সমস্যাসমূহ তেওঁ লিখিছিল। ১৯৫২ চনৰ ভাষা আন্দোলনৰ সক্ৰিয় কৰ্মী আছিল তেওঁ।
-
ইয়ন ফ'ছে
ইয়ন অলাভ ফ'ছে (Jon Olav Fosse,; জন্ম ২৯ ছেপ্টেম্বৰ ১৯৫৯) এগৰাকী নৰৱেৰ লেখক, অনুবাদক আৰু নাট্যকাৰ। ২০২৩ চনত তেওঁ "অব্যক্ত কথাবোৰক কণ্ঠদান কৰা উদ্ভাৱনীমূলক নাটক আৰু গদ্যৰ বাবে" সাহিত্যৰ নোবেল বঁটা লাভ কৰে।
-
ক্লাৰা এণ্ডাৰচন
ক্লাৰা এলিজাবেথ এণ্ডাৰছন ( Clara Elisabeth Andersen) জন্ম ১৩ মে ১৮২৬ চন আৰু মৃত্যু ২৮ আগষ্ট ১৮৯৫ চন, এগৰাকী ডেনিছ নাট্যকাৰ আৰু ঔপন্যাসিক। তেওঁ ৰচনা কৰা বহু নাটকৰ বাবেই তেওঁ ১৯ শতিকাৰ আটাইতকৈ সফল ডেনিছ নাট্যকাৰ হিচাপে পৰিগণিত হয়।