১৯৫০ দশকৰ অসমীয়া চলচ্চিত্ৰ
১৯ প্ৰবন্ধ
-
পিয়লী ফুকন (চলচ্চিত্ৰ)
পিয়লী ফুকন (Piyoli Phukan) ১৯৫৫ চনত মুক্তি পোৱা এখন অসমীয়া ভাষাৰ ক'লা-বগা চলচ্চিত্ৰ। বোলছবিখনৰ পৰিচালনা কৰিছিল ফণী শৰ্মাই। ভাৰতৰ স্বাধীনতা সংগ্ৰামী পিয়লি ফুকনৰ জীৱন আৰু তেওঁৰ দেশপ্ৰেমৰ আখ্যানেৰে ছবিখনৰ কাহিনীটো সমৃদ্ধ হৈছে।
-
পূবেৰুণ (চলচ্চিত্ৰ)
পূবেৰুণ (Puberun) ১৯৫৯ চনত মুক্তি লাভ কৰা আৰু বাংলা ছবিৰ পৰিচালক প্ৰভাত মুখাৰ্জীৰ দ্বাৰা পৰিচালিত এখন অসমীয়া কথাছবি। ১৯৫৯ত ছবিখনে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰে। পূবেৰুণ ১৯৬০ চনৰ জুলাই মাহত অনুষ্ঠিত বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰা হৈছিল।
-
আমাৰ ঘৰ
আমাৰ ঘৰ (Amar Ghar) ১৯৫৯ চনত মুক্তি পোৱা এখন অসমীয়া কথাছবি। কাহিনী আৰু পৰিচালনা নিপ বৰুৱাৰ। কামৰূপ কলা মন্দিৰৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল অমলেন্দু বাগচীয়ে। চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছিল লক্ষ্যধৰ চৌধুৰীয়ে। সঙ্গীত পৰিচালক আছিল ব্ৰজেন বৰুৱা। ছবিখনত চাৰিটা গীত আছিল।
-
এৰা বাটৰ সুৰ
এৰা বাটৰ সুৰ (Era Bator Sur) ভূপেন হাজৰিকা পৰিচালিত আৰু বি পি ফিল্মছ প্ৰযোজিত এখন ক'লা-বগা অসমীয়া বোলছবি। ৩০ নবেম্বৰ, ১৯৫৬ত ছবিখনে মুক্তি পাইছিল। এইখন ড॰ ভূপেন হাজৰিকা পৰিচালিত প্ৰথম ছবি। ছবিৰ কাহিনী, সঙ্গীত আৰু গীত ৰচনাও হাজৰিকাৰে আছিল।
-
নিমিলা অংক (চলচ্চিত্ৰ)
নিমিলা অংক (Nimila Anko) ১৯৫৫ চনত মুক্তি পোৱা একাদশ সংখ্যক অসমীয়া চলচ্চিত্ৰ। লক্ষ্যধৰ চৌধুৰীৰ একে নামৰ নাটক এখনক ভিত্তি কৰি এই চলচ্চিত্ৰৰ কাহিনী গঢ় লৈছিল। লক্ষ্যধৰ চৌধুৰীয়ে এই বোলছবিখনৰ চিত্ৰনাট্য লিখাৰ উপৰিও পৰিচালনা কৰিছিল।
-
মাক আৰু মৰম (চলচ্চিত্ৰ)
মাক আৰু মৰম (Maak Aru Moram) ১৯৫৭ চনৰ ১০ মে’ত মুক্তি পোৱা এখন সামাজিক অসমীয়া চলচ্চিত্ৰ। নিপ বৰুৱাই ছবিখন পৰিচালনা কৰাৰ উপৰিও ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্যও লিখিছিল। সঙ্গীত ব্ৰজেন বৰুৱাৰ। এইখন আছিল নিপ বৰুৱা পৰিচালিত দ্বিতীয়খন ছবি।
-
কেঁচা সোণ
কেঁচা সোণ (Kecha Son) ২৯ মাৰ্চ ১৯৫৯ত মুক্তি পোৱা অসমীয়া কথাছবি। চাহবাগিছাৰ বনুৱা জীৱনৰ ওপৰত আধাৰিত এই ছবিৰ পৰিচালক আছিল ফণী শৰ্মা। কাহিনী আৰু চিত্ৰনাট্য লিখিছিল ডিব্ৰুগড়ৰ ভৰত বৰপূজাৰীয়ে। আই.এন.টি.ইউ.চি.
-
সৰাপাত (চলচ্চিত্ৰ)
সৰাপাত (Sarapat) ১৯৫৬ চনত মুক্তি পোৱা আৰু আনোৱাৰ হুছেইনৰ পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। এইখন পৰিচালকগৰাকীৰ প্ৰথম ছবি। ছবিখন মুক্তি পোৱাৰ সময়ত পৰিচালকগৰাকীৰ বয়স হৈছিল ২১ বছৰ। ভাৰতত তেতিয়ালৈ ইমান কম বয়সতে ছবি পৰিচালনা কৰাৰ উদাহৰণ নাছিল। আনোৱাৰ ফিল্মচৰ বেনাৰত হুচেইনে ছবিখন প্ৰযোজনাও কৰিছিল।
-
চাকনৈয়া (১৯৫৯ চলচ্চিত্ৰ)
চাকনৈয়া হ'ল শৈল বৰুৱাই পৰিচালনা কৰা এখন অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখনে ১৯৫৯ চনত মুক্তি লাভ কৰিছিল। বোলছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ দুৰ্গেশ্বৰ বৰঠাকুৰৰ। সংগীত পৰিচালনা মুকুল বৰুৱাৰ। কলকাতাৰ ইন্দ্ৰপুৰী ষ্টুডিঅ'ত চলচ্চিত্ৰখনৰ শ্বুটিং হৈছিল আৰু সম্পাদনাৰ সকলো কাম কলকাতাতে কৰা হৈছিল।
-
নতুন পৃথিৱী
নতুন পৃথিৱী (Natun Prithibi) আনোৱাৰ ফিল্মচৰ বেনাৰত নিৰ্মিত আৰু আনোৱাৰ হুছেইন পৰিচালিত আৰু প্ৰযোজিত এখন অসমীয়া কথাছবি। আনোৱাৰ ফিল্মচৰ দ্বাৰা নিৰ্মিত এয়া দ্বিতীয় ছবি। ১৯৫৮ চনত ছবিখনে মুক্তি পাইছিল। কাহিনীটোৱো আনোৱাৰ হুচেইনে ৰচনা কৰিছিল। সংলাপ লিখিছিল পদ্ম বৰকটকী আৰু সৰ্বানন্দই।
-
পুৱতি নিশাৰ সপোন
পুৱতি নিশাৰ সপোন (Puwati Nishar Sapon) ১৯৫৯ত মুক্তি পোৱা এখন অসমীয়া কথাছবি। ফণী শৰ্মাই ছবিখন পৰিচালনা কৰাৰ উপৰিও কাহিনী আৰু চিত্ৰনাট্যও লিখিছিল। ৰূপজ্যোতি প্ৰডাকচনৰ বেনাৰত গামা প্ৰসাদ আগৰৱালাই ছবিখন প্ৰযোজনা কৰিছিল।
-
লখিমী (চলচ্চিত্ৰ)
লখিমী (Lakhimi) ১৯৫৬ত মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। প্ৰযোজনা লখিমী প্ৰডাকচনৰ। কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা ভবেন দাসৰ। ছবিৰ পৰিচালক ভবেন দাস কামৰূপ জিলাৰ ৰামপুৰ গাঁৱৰ সন্তান আছিল। তেওঁ বহুকেইখন অসমীয়া, বঙালী ছবিৰ সৈতে জড়িত আছিল।
-
স্মৃতিৰ পৰশ (চলচ্চিত্ৰ)
স্ম়তিৰ পৰশ (Smritir Parash) ১৯৫৬ত মুক্তি পোৱা এখন অসমীয়া বোলছবি।বৰুৱা আৰ্ট প্ৰডাকচনৰ বেনাৰত ছবিথন প্ৰযোজনা কৰে গৌৰী শংকৰ হিম্মৎসিংকাই আৰু পৰিচালনা কৰে নিপ বৰুৱাই। নিপ বৰুৱা পৰিচালিত এইখন প্ৰথম ছবি। এইখন ছবিতে প্ৰথমবাৰৰ বাবে হিন্দীগীত আৰু সম্পূৰ্ণ বিহুগীত আৰু নাচ সংযোজন কৰা হৈছিল।
-
ৰুণুমী (চলচ্চিত্ৰ)
ৰুণুমী (Runumi) অসমীয়া ভাষাত নিৰ্মিত নৱমখন অসমীয়া চলচ্চিত্ৰ। এই চলচ্চিত্ৰখন সুৰেশ চন্দ্ৰ গোস্বামীয়ে পৰিচালনা কৰিছিল আৰু ১৯৫২ চনত মুক্তিলাভ কৰিছিল। চলচ্চিত্ৰখন হেনৰিক ইবছেনৰ ৰচিত নাটক "দা ৱাৰিয়ৰ্ছ এট হেলগেলেণ্ড" (The Warriors at Helgeland) ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছিল।
-
ধুমুহা (চলচ্চিত্ৰ)
ধুমুহা (Dhumuha) ১৯৫৭ৰ ২৭ চেপ্তেম্ৰৰৰ দিনা মুক্তি পোৱা ফণী শৰ্মা পৰিচালিত এখন অসমীয়া কথাছবি। শোণিতপুৰ পিকচাৰ্চৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল হৃদয়ানন্দ আগৰৱালাই।
-
সতী বেউলা (চলচ্চিত্ৰ)
সতী বেউলা ১৯৫৪ চনত মুক্তি পোৱা দশম অসমীয়া অসমীয়া কথাছবি, পৌৰাণিক কাহিনীৰে নিৰ্মিত প্ৰথম কথাছবি। কলকাতাৰ ৰামনিকলাল প্ৰডাকছনৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন পৰিচালনা কৰিছিল সুনীল গাঙ্গুলীয়ে। সতী বেউলা বঙালী আৰু অসমীয়া দুটা ভাষাত নিৰ্মাণ কৰা হৈছিল।
-
ভক্ত প্ৰহ্লাদ (চলচ্চিত্ৰ)
ভক্ত প্ৰহ্লাদ (Bhakta Prahlad) পৌৰাণিক কাহিনীৰে নিৰ্মিত দ্বিতীয় অসমীয়া কথাছবি। ১৪ নবেম্বৰ ১৯৫৮ত মুক্তি পোৱা এই ছবিখন নিপ বৰুৱাই পৰিচালনা আৰু প্ৰযোজনা কৰিছিল। অমলেন্দু বাগচীয়ে ছবিখনৰ কাহিনী যুগুত কৰিছিল।
-
বিপ্লৱী (চলচ্চিত্ৰ)
বিপ্লৱী (Biplobi) ১৯৫০ চনত মুক্তি পোৱা অসিত সেন পৰিচালিত আৰু কৃষ্ণা ফিল্মচৰ বেনাৰ কালীপ্ৰসাদ বিহানীৰ দ্বাৰা প্ৰযোজিত এখন অসমীয়া কথাছবি। বিপ্লৱী আছিল পিছলৈ বঙালী আৰু হিন্দী চলচ্চিত্ৰৰ পৰিচালক হিচাপে খ্যাতি অৰ্জন কৰা পৰিচালক অসিত সেনৰ প্ৰথম ছবি।
-
১৯৫০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
Released Movies - enajori.com অসম ইয়াৰবুক - শৰাইঘাট প্ৰকাশন ১৯৬০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা