১৯৫৯ বৰ্ষৰ চলচ্চিত্ৰ
১১ প্ৰবন্ধ
-
পূবেৰুণ (চলচ্চিত্ৰ)
পূবেৰুণ (Puberun) ১৯৫৯ চনত মুক্তি লাভ কৰা আৰু বাংলা ছবিৰ পৰিচালক প্ৰভাত মুখাৰ্জীৰ দ্বাৰা পৰিচালিত এখন অসমীয়া কথাছবি। ১৯৫৯ত ছবিখনে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰে। পূবেৰুণ ১৯৬০ চনৰ জুলাই মাহত অনুষ্ঠিত বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰা হৈছিল।
-
আমাৰ ঘৰ
আমাৰ ঘৰ (Amar Ghar) ১৯৫৯ চনত মুক্তি পোৱা এখন অসমীয়া কথাছবি। কাহিনী আৰু পৰিচালনা নিপ বৰুৱাৰ। কামৰূপ কলা মন্দিৰৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল অমলেন্দু বাগচীয়ে। চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছিল লক্ষ্যধৰ চৌধুৰীয়ে। সঙ্গীত পৰিচালক আছিল ব্ৰজেন বৰুৱা। ছবিখনত চাৰিটা গীত আছিল।
-
কেঁচা সোণ
কেঁচা সোণ (Kecha Son) ২৯ মাৰ্চ ১৯৫৯ত মুক্তি পোৱা অসমীয়া কথাছবি। চাহবাগিছাৰ বনুৱা জীৱনৰ ওপৰত আধাৰিত এই ছবিৰ পৰিচালক আছিল ফণী শৰ্মা। কাহিনী আৰু চিত্ৰনাট্য লিখিছিল ডিব্ৰুগড়ৰ ভৰত বৰপূজাৰীয়ে। আই.এন.টি.ইউ.চি.
-
চাকনৈয়া (১৯৫৯ চলচ্চিত্ৰ)
চাকনৈয়া হ'ল শৈল বৰুৱাই পৰিচালনা কৰা এখন অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখনে ১৯৫৯ চনত মুক্তি লাভ কৰিছিল। বোলছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ দুৰ্গেশ্বৰ বৰঠাকুৰৰ। সংগীত পৰিচালনা মুকুল বৰুৱাৰ। কলকাতাৰ ইন্দ্ৰপুৰী ষ্টুডিঅ'ত চলচ্চিত্ৰখনৰ শ্বুটিং হৈছিল আৰু সম্পাদনাৰ সকলো কাম কলকাতাতে কৰা হৈছিল।
-
পুৱতি নিশাৰ সপোন
পুৱতি নিশাৰ সপোন (Puwati Nishar Sapon) ১৯৫৯ত মুক্তি পোৱা এখন অসমীয়া কথাছবি। ফণী শৰ্মাই ছবিখন পৰিচালনা কৰাৰ উপৰিও কাহিনী আৰু চিত্ৰনাট্যও লিখিছিল। ৰূপজ্যোতি প্ৰডাকচনৰ বেনাৰত গামা প্ৰসাদ আগৰৱালাই ছবিখন প্ৰযোজনা কৰিছিল।
-
বিচাৰক
বিচাৰক ( Bicharak ) প্ৰভাত মুখাৰ্জী পৰিচালিত বঙালী ভাষাৰ চাইক’লজীকেল থ্ৰিলাৰ ছবি। তাৰাশংকৰ বন্দ্যোপাধ্যায়ৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত এই ছবিখনৰ প্ৰযোজক আছিল অৰুন্ধতী দেৱী।
-
বৰখা (চলচ্চিত্ৰ)
বৰখা (Barkha; ) হʼল ১৯৫৯ চনত মুক্তিপ্ৰাপ্ত, কৃষ্ণন–পাঞ্জুৰ দ্বাৰা পৰিচালিত আৰু এ. ভি. মেইয়াপ্পানৰ প্ৰযোজিত, ভাৰতীয় হিন্দী ভাষাৰ নাট্যধৰ্মী চলচ্চিত্ৰ। ই তামিল ছবি থাই পিৰান্ধল ৱাজি পিৰাক্কুম (১৯৫৮)ৰ পুনৰ্নিৰ্মাণ। অভিনেতা জগদীপ আৰু অভিনেত্ৰী নন্দাই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
মৰুতীৰ্থ হিংলাজ
মৰুতীৰ্থ হিংলাজ (Marutirtha Hinglaj) ১৯৫৯ চনৰ বিকাশ ৰায় পৰিচালিত আৰু প্ৰযোজিত এখন ভাৰতীয় বঙালী ভাষাৰ এখন নাট্যধৰ্মী ছবি। এই ছবিখন হিংলাজ তীৰ্থক মহিমামণ্ডিত কৰি বঙালী ঔপন্যাসিক কালিকানন্দ অৱধূতে ৰচনা কৰা একে নামৰ ভ্ৰমণ কাহিনীৰ ওপৰত ভিত্তি ৰচনা কৰা হৈছিল।
-
সাগৰ সংগমে
সাগৰ সংগমে ( Sagar Sangamey ) ১৯৫৯ চনত মুক্তি পোৱা আৰু দেৱকী বসু পৰিচালিত এখন বঙালী চলচ্চিত্ৰ। ছবিখনে ১৯৫৯ চনত সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি, শ্ৰেষ্ঠ শিশুশিল্পী আৰু শ্ৰেষ্ঠ বঙালী ভাষাৰ ছবি শিতানত তিনিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।
-
সুজাতা (১৯৫৯ চলচ্চিত্ৰ)
সুজাতা Sujata ) ১৯৫৯ চনৰ বিমল ৰায় পৰিচালিত এখন হিন্দী ভাষাৰ ছবি। ইয়াত নূতন আৰু সুনীল দত্তই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। সহযোগী চৰিত্ৰত আছে- শশীকলা, ললিতা পাৱাৰ, সুলোচনা লটকাৰ আৰু তৰুণ বসু। লেখক সুবোধ ঘোষৰ একে নামৰ বাংলা চুটিগল্পৰ আধাৰত নিৰ্মিত এই ছবিখনত ভাৰতৰ জাতিগত পৰিস্থিতি বিষয়ে বিবৃত হৈছে।
-
হীৰা মোতি
হীৰা মোতি (Heera Moti) ১৯৫৯ চনৰ এখন হিন্দীভাষাৰ নাট্যধৰ্মী ছবি। ছবিখনৰ পৰিচালক কৃষণ চোপ্ৰা। মুন্সি প্ৰেমচান্দৰ গল্পৰ আধাৰত নিৰ্মিত ছবিখন ছবিৰ চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছে ক্ৰমে কৃষণ চোপ্ৰা আৰু বৈজ শৰ্মাই। মুখ্য চৰিত্ৰত অভিনয় কৰিছে বলৰাজ সাহনী আৰু নিৰূপা ৰয়ে।