সমাজ সংস্কাৰক
৩৩ প্ৰবন্ধ
-
আন্না হাজাৰে
আন্না হাজাৰে (Anna Hazare; জন্ম: ১৫ জুন, ১৯৪০) হ'ল ভাৰতৰ সমাজ সংস্কাৰক। তেওঁৰ প্ৰকৃত নাম কিচান বাবুৰাও হাজাৰে (Kisan Baburao Hazare)। তেওঁ ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ আহমেদনগৰ জিলাৰ ৰালেগন সিদ্ধি গাঁৱৰ উন্নয়ন কাৰ্যসূচীৰ কাৰণে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছিল।
-
ৰামমোহন ৰায়
ৰাজা ৰামমোহন ৰায় (মে ২২, ১৭৭২ – ছেপ্টেম্বৰ ২৭, ১৮৩৩) প্ৰথম ভাৰতীয় ধৰ্মীয়-সামাজিক পুনৰ্গঠন আন্দোলন ব্ৰাহ্মসমাজৰ প্ৰতিষ্ঠাতা আৰু বঙালী দাৰ্শনিক। তৎকালীন ৰাজনীতি, জনপ্ৰশাসন, ধৰ্মীয় আৰু শিক্ষাক্ষেত্ৰত তেওঁ উল্লেখযোগ্য প্ৰভাৱ ৰাখিব পাৰিছিল।
-
দয়ানন্দ সৰস্বতী
প্ৰতিটো ধৰ্মৰে অনুগামীসকলৰ মাজত তৰ্কাতীতভাৱে অনেক শিক্ষিত লোক আছে। তেওঁলোকে প্ৰচলিত বিশ্বাসৰ পৰা নিজকে পৃথক কৰিব লাগে আৰু সৰ্বজনীন সত্যক আঁকোৱালি ল'ব লাগে। যিবোৰ সত্য সকলো ধৰ্মতে বিদ্যমান আৰু যিবোৰ সত্যৰ সৰ্বজনীন প্ৰয়োগ সম্ভৱ।
-
সাৱিত্ৰীবাই ফুলে
সাৱিত্ৰীবাই জ্যোতিৰাও ফুলে (सावित्रीबाई जोतीराव फुले; ৩ জানুৱাৰী ১৮৩১ - ১০ মাৰ্চ ১৮৯৭) এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক আৰু কবি। তেওঁ আৰু তেওঁৰ স্বামী জ্যোতিৰাও ফুলে একেলগে ব্ৰিটিছ শাসনৰ কালছোৱাত মহিলাৰ অধিকাৰৰ বাবে কাম কৰিছিল।
-
ফ্লোৰেন্স নাইটিংগেল
ফ্লোৰেন্স নাইটিংগেল (Florence Nightingale; ১২ মে', ১৮২০ – ১৩ আগষ্ট, ১৯১০) এগৰাকী ব্ৰিটিছ সমাজ সংস্কাৰক, পৰিসংখ্যাবিদ আৰু ধাত্ৰীবিদ্যাৰ বাট-কটকীয়া। তেওঁক আধুনিক ধাত্ৰীবিদ্যাৰ প্ৰতিষ্ঠাপক হিচাপে জনা যায়।
-
ছুফিয়া কামাল
বেগম ছুফিয়া কামাল ( Sufia Kamal; ২০ জুন ১৯১১-২০ নৱেম্বৰ ১৯৯৯) এগৰাকী বাংলাদেশী কবি, নাৰীবাদী নেত্ৰী আৰু ৰাজনৈতিক কৰ্মী আছিল। তেওঁ ১৯৫০ৰ দশকৰ বঙালী জাতীয়তাবাদী আন্দোলনত অংশ লৈছিল আৰু স্বাধীন বাংলাদেশৰ নাগৰিক সমাজৰ এগৰাকী নেতৃস্থানীয় ব্যক্তি আছিল।
-
মহাদেৱ গোবিন্দ ৰানডে
ৰাও বাহাদুৰ মহাদেৱ গোবিন্দ ৰানডে (Mahadev Govind Ranade, ১৮ জানুৱাৰী ১৮৪২ – ১৬ জানুৱাৰী ১৯০১)ৰ জনপ্ৰিয় নাম আছিল বিচাৰপতি ৰানডে (Justice Ranade')। ৰানডে এজন ভাৰতীয় পণ্ডিত, সমাজ সংস্কাৰক, বিচাৰপতি আৰু লেখক। তেখেত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য আছিল।
-
ধন্দ কেশৱ কৰ্ৱে
ধন্দ কেশৱ কৰ্ৱে (১৮ এপ্ৰিল ১৮৫৮ – ৯ নৱেম্বৰ ১৯৬২), জনপ্ৰিয়ভাৱে মহৰ্ষি কৰ্ৱে, এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক, অধ্যাপক আৰু লেখক আছিল। তেওঁ মহিলা সৱলীকৰণ আৰু মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত ভালেমান পদক্ষেপ গ্ৰহণ কৰিছিল। তেওঁৰ সন্মানৰ্থে মুম্বাইৰ কুইনছ ৰ'ডৰ নাম সলনি কৰি মহৰ্ষি কৰ্ৱে পথ ৰখা হৈছে।
-
অবলা বসু
অবলা বসু (Abala Bose, ৮ আগষ্ট ১৮৬৫ – ২৫ এপ্ৰিল ১৯৫১) এগৰাকী ভাৰতীয় সামাজিক কৰ্মী আছিল। নাৰীশিক্ষা আৰু বিধৱাসকলক কল্যাণৰ বাবে তেওঁ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত। তেওঁ বিজ্ঞানী জগদীশ চন্দ্ৰ বসুৰ পত্নী।
-
কালিচৰণ ব্ৰহ্ম
কালিচৰণ ব্ৰহ্ম (कालिचरन ब्रह्म ১৮৬০ – ১৯৩৮), পূৰ্বতে কালিচৰণ মেচ এগৰাকী ভাৰতীয় সমাজ আৰু ধৰ্মীয় সংস্কাৰক। তেওঁ বিংশ শতিকাত বড়ো সমাজৰ সামাজিক আৰু ধৰ্মীয় সংস্কাৰৰ বাবে বিখ্যাত। ১৯০৬ চনৰ আশে-পাশে তেওঁ কলিকতাত ৰাজা ৰামমোহন ৰায়ে প্ৰতিষ্ঠা কৰা ব্ৰহ্ম সমাজত যোগদান কৰিছিল।
-
সৰলা দেৱী চৌধুৰাণী
সৰলা দেৱী চৌধুৰাণী ( Sarala Devi Chaudhurani, জন্ম: সৰলা ঘোষাল, ৯ ছেপ্টেম্বৰ ১৮৭২ – ১৮ আগষ্ট ১৯৪৫) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু ৰাজনৈতিক কৰ্মী আছিল। তেওঁ ১৯১০ চনত এলাহাবাদত ভাৰত স্ত্ৰী মহামণ্ডল প্ৰতিষ্ঠা কৰিছিল। এই সংগঠনটো ভাৰতৰ প্ৰথম মহিলা সংগঠন আছিল।
-
পণ্ডিতা ৰমাবাঈ
পণ্ডিতা ৰমাবাঈ সৰস্বতী (Pandita Ramabai, ২৩ এপ্ৰিল ১৮৫৮ - ৫ এপ্ৰিল ১৯২২) এগৰাকী নাৰী অধিকাৰ আৰু শিক্ষা কৰ্মী। তেওঁ ভাৰতত মহিলাৰ শিক্ষা আৰু মুক্তিৰ অগ্ৰদূত আৰু সমাজ সংকাৰক আছিল। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ দ্বাৰা 'পণ্ডিতা' আৰু 'সৰস্বতী' উপাধি লাভ কৰা প্ৰথম মহিলা আছিল।
-
বেগম ৰোকেয়া
ৰোকেয়া সাখাৱাত হোচেইন (Rokeya Sakhawat Hossain; ৯ ডিচেম্বৰ ১৮৮০- ৯ ডিচেম্বৰ ১৯৩২) ব্ৰিটিছ ভাৰতত (বৰ্তমানৰ বাংলাদেশত) জন্মগ্ৰহণ কৰা এগৰাকী নাৰীবাদী চিন্তাবিদ, শিক্ষাবিদ তথা সমাজ সংস্কাৰক। তেওঁক ভাৰতীয় উপমহাদেশৰ নাৰী জাগৰণৰ অগ্ৰদূত বুলি গণ্য কৰা হয়।
-
হংসা জীৱৰাজ মেহতা
হংসা জীৱৰাজ মেহতা (Hansa Jivraj Mehta, ৩ জুলাই ১৮৯৭ – ৪ এপ্ৰিল ১৯৯৫) এগৰাকী ভাৰতীয় শিক্ষাবিদ, ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী, সমাজ সংস্কাৰক, সাহিত্যিক তথা নাৰীবাদী আছিল। তেওঁৰ পিতৃ মনুভাই মেহতা বৰোদা আৰু বিকানেৰ ৰাজকীয় ৰাজ্যৰ দিৱান আছিল।
-
জ্যোতিৰাও ফুলে
জ্যোতিৰাও ফুলে ( জন্ম:১১ এপ্ৰিল ১৮২৭ –মৃত্যু: ২৮ নৱেম্বৰ, ১৮৯০) জ্যোতিবা ফুলে নামেৰেও পৰিচিত। জ্যোতিৰাও ফুলে মহাৰাষ্ট্ৰৰ এজন ভাৰতীয় সমাজ কৰ্মী, ব্যৱসায়ী, জাতি বিৰোধী সমাজ সংস্কাৰক আৰু লেখক আছিল।
-
বাবু হৰদাস
বাবু হৰদাস নামেৰে জনপ্ৰিয় হৰদাস লক্ষ্মণৰাও নাগ্ৰালে(৬ জানুৱাৰী ১৯০৪ – ১২ জানুৱাৰী ১৯৩৯) এজন ভাৰতীয় দলিত নেতা, ৰাজনীতিবিদ আৰু সমাজ সংস্কাৰক আছিল। তেওঁ বি আৰ আম্বেদকাৰৰ তীব্ৰ অনুগামী আছিল আৰু দলিতসকলৰ মাজত জয় ভীমৰ শুভেচ্ছাবাণী আদান-প্ৰদান প্ৰথাৰ পথ-প্ৰদৰ্শক আছিল।
-
বালকদাস
গুৰু বালকদাস (Guru Balakdas, ১৮০৫-১৮৬০) মহান ক্ৰান্তিকাৰী, সমাজ সুধাৰক, যোগ পুৰুষ আৰু মানৱাধিকাৰৰ কাৰণে সৎনাম আন্দোলনৰ প্ৰণেতা তথা সৎনাম ধৰ্মৰ সংস্থাপক গুৰু ঘাসীদাসদেৱৰ দ্বিতীয় পুত্ৰ তথা উত্তৰাধিকাৰী আছিল।
-
ললিতাম্বিকা অন্তৰ্জনম
ললিতাম্বিকা অন্তৰ্জনম (Lalithambika Antharjanam; ৩০ মাৰ্চ, ১৯০৯ – ৬ ফেব্ৰুৱাৰী, ১৯৮৭) এগৰাকী ভাৰতীয় লেখিকা আৰু সমাজ সংস্কাৰক আছিল যি মালয়ালম ভাষাৰ সাহিত্যিক ৰচনাৰ বাবে বেছিকৈ পৰিচিত।
-
জ্ঞানদানন্দিনী দেৱী
জ্ঞানদানন্দিনী ঠাকুৰ (অন্য নাম: জ্ঞানদানন্দিনী মুখোপাধ্যায়; ২৬ জুলাই ১৮৫০ – ১ অক্টোবৰ ১৯৪১) কলিকতা নিবাসী এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক আছিল। তেওঁ বিভিন্ন সাংস্কৃতিক উদ্ভাৱনৰ পথপ্ৰদৰ্শন কৰাই নহয় উনবিংশ শতিকাৰ বংগত মহিলা সৱলীকৰণৰ প্ৰাৰম্ভিক পৰ্যায়ত উল্লেখনীয় প্ৰভাৱ পেলাইছিল।
-
দত্তাত্ৰেয় বালকৃষ্ণ কলেলকাৰ
দত্তাত্ৰেয় বালকৃষ্ণ কলেলকাৰ (১ ডিচেম্বৰ ১৮৮৫ – ২১ আগষ্ট ১৯৮১) জনপ্ৰিয়ভাৱে কাকা কালেলকাৰ নামেৰে পৰিচিত, ভাৰতীয় স্বাধীনতা কৰ্মী, সমাজ সংস্কাৰক, সাংবাদিক আৰু মহাত্মা গান্ধীৰ দৰ্শন (গান্ধীবাদ) আৰু পদ্ধতিৰ বিশিষ্ট অনুগামী লোক আছিল।
-
ফাতিমা শ্বেখ
ফাতিমা শ্বেখ (Fatima Sheikh, ৯ জানুৱাৰী ১৮৩১ - অজ্ঞাত) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু সমাজ সংস্কাৰক আছিল। তেওঁ সমাজ সংস্কাৰক জ্যোতিৰাও ফুলে আৰু সাৱিত্ৰীবাই ফুলেৰ সহকৰ্মী আছিল। তেওঁক ভাৰতৰ প্ৰথম মুছলমান শিক্ষয়িত্ৰী বুলি গণ্য কৰা হয়। ফুলেই প্ৰতিষ্ঠা কৰা পাঁচোখন বিদ্যালয়তে তেওঁ অধ্যাপনা কৰিছিল।
-
লীলা ৰায়
লীলা ৰয় নাগ (Leela Roy,২ অক্টোবৰ ১৯০০ – ১১ জুন ১৯৭০), এগৰাকী উগ্ৰ বাওঁপন্থী ভাৰতীয় মহিলা ৰাজনীতিবিদ, সংস্কাৰক, আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ ঘনিষ্ঠ সহযোগী আছিল। অসমৰ গোৱালপাৰা জিলাৰ উপ-দণ্ডাধীশ গিৰীশ চন্দ্ৰ নাগৰ বাসগৃহত জন্মগ্ৰহণ কৰা লীলা ৰয়ৰ মাতৃ আছিল কুঞ্জলতা নাগ।
-
সত্যেন্দ্ৰনাথ ঠাকুৰ
সত্যেন্দ্ৰনাথ ঠাকুৰ (Satyendranath Tagore) (১ জুন ১৮৪২ - ৯ জানুৱাৰী ১৯২৩) আছিল এগৰাকী ভাৰতীয় অসামৰিক সেৱা বিষয়া, কবি, সুৰকাৰ, লেখক, সমাজ সংস্কাৰক আৰু ভাষাতত্ত্ববিদ। তেওঁ বংগৰ কলিকতা চহৰৰ বাসিন্দা আছিল। তেওঁ আছিল ১৮৬৩ চনত ভাৰতীয় অসামৰিক সেৱা বিষয়া হোৱা প্ৰথমগৰাকী ভাৰতীয় ব্যক্তি।
-
ৰমাবাঈ ৰানডে
ৰমাবাঈ ৰানডে (Ramabai Ranade; रमाबाई रानडे; ২৫ জানুৱাৰী ১৮৬২ – ২৫ জানুৱাৰী ১৯২৪) এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু ১৯শ শতিকাৰ প্ৰথম মহিলা অধিকাৰ কৰ্মীসকলৰ অন্যতম। ১১ বছৰ বয়সত ভাৰতৰ প্ৰখ্যাত পণ্ডিত আৰু সমাজ সংস্কাৰক মহাদেৱ গোবিন্দ ৰানডেৰ লগত বিবাহ হয়।
-
ৰুখমাবাই
ৰুখমাবাই ( Rukhmabai; ২২ নবেম্বৰ ১৮৬৪- ২৫ চেপ্তেম্বৰ ১৯৫৫) এগৰাকী ভাৰতীয় চিকিৎসক আৰু নাৰীবাদী আছিল। তেওঁ উপনিবেশ ভাৰতবৰ্ষৰ চিকিৎসা বৃত্তিত জড়িত প্ৰথম নাৰী চিকিৎসক আছিল। লগতে তেওঁক ১৮৮৪ চনৰ পৰা ১৮৮৮ চনলৈ চলা শিশু কন্যা বিবাহৰ এটা যুগান্তকাৰী গোচৰত জড়িত হোৱাৰ বাবে বিশেষবাবে জনা যায়।
-
কালীকৃষ্ণ মিত্ৰ
কালীকৃষ্ণ মিত্ৰ (Kalikrishna Mitra; ১৮২২ – ২ আগষ্ট ১৮৯১) আছিল এগৰাকী ভাৰতীয় সমাজহিতৈষী, শিক্ষাবিদ আৰু সাহিত্যিক। তেওঁ ভাৰতৰ প্ৰথমখন বেচৰকাৰী বালিকা বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল।
-
কৰ্ছনদাস মুলজী
কৰ্ছনদাস মুলজী ( Karsandas Mulji; জন্ম: ২৫ জুলাই ১৮৩২ – মৃত্যু: ২৮ আগষ্ট ১৮৭৫) এজন সাংবাদিক, সমাজ সংস্কাৰক আৰু প্ৰশাসক আছিল। এলফিনষ্টন কলেজৰ প্ৰাক্তন ছাত্ৰ, ইংৰাজী শিক্ষাৰে শিক্ষিত গুজৰাটী সাংবাদিকজনৰ প্ৰতিষ্ঠানিক ধৰ্মীয় কৰ্তৃত্বৰ প্ৰতি তীব্ৰ অসন্তুষ্টি আৰু খ্ৰীষ্টান ধৰ্মধ্বনি পঢ়াৰ প্ৰতি ধাউতি…
-
জোহৰাবেন চাৱড়া
জোহৰাবেন আকবৰভাই চাৱড়া (১৯২৩–১৯৯৭) এগৰাকী গান্ধীবাদী সমাজ সংস্কাৰক আৰু বানাস্কান্তৰ পৰা তৃতীয় লোকসভাৰ সদস্য আছিল।
-
তাৰাবাই শিন্দে
তাৰাবাই শিন্দে (Tarabai Shinde, ১৮৫০-১৯১০) এগৰাকী ভাৰতীয় নাৰীবাদী, নাৰী অধিকাৰ কৰ্মী আৰু লেখিকা। তেওঁ ঊনবিংশ শতিকাৰ ভাৰতত পিতৃতান্ত্ৰিকতা আৰু জাতিবাদৰ প্ৰতিবাদ কৰিছিল। ১৮৮২ চনত মাৰাঠী ভাষাত প্ৰকাশিত তেওঁৰ ৰচনা 'স্ত্ৰী পুৰুষ তুলনা'ৰ বাবে তেওঁ বিশেষভাৱে জনাজাত।
-
ফৈজুন্নেছা চৌধুৰাণী
নৱাব বেগম ফৈজুন্নেছা চৌধুৰাণী (Nawab Begum Faizunnesa Choudhurani; ১৮৩৪-১৯০৩) বৰ্তমানৰ বাংলাদেশৰ কমিল্লা জিলাৰ হোমনাবাদ পশ্চিমগাঁও ইষ্টেটৰ জমিদাৰ আছিল। তেওঁ বিশেষকৈ নাৰী শিক্ষা আৰু অন্যান্য সামাজিক সমস্যাৰ বাবে তেওঁৰ প্ৰচাৰৰ বাবে জনাজাত।