জীৱনীমূলক উপন্যাস
৪ প্ৰবন্ধ
-
আগবাৰীত ফুলিলে সোণে মোৰ চম্পা
আগবাৰীত ফুলিলে সোণে মোৰ চম্পা (Aag Barit Fulile Xune Mur Champa) কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাৰ জীৱনভিত্তিক এখন উপন্যাস। উপন্যাসখন লিখিছে আৰাধনা পটংগীয়া গোস্বামীয়ে।
-
জছনাৰ ঝিটাছ
জছনাৰ ঝিটাছ ( Josnar Jhitas) হৈছে অসমীয়া সাহিত্যিক অৰূপা পটঙ্গীয়া কলিতাৰ দ্বাৰা ৰচিত এখন জীৱনীমূলক উপন্যাস। উপন্যাসখন চাহ জনগোষ্ঠীয় মহিলা দুৰ্গী ভূমিজৰ জীৱনৰ ওপৰত আধাৰিত। দুৰ্গী ভূমিজ এটি সঁচা চৰিত্ৰ।
-
অগ্ৰগামিনী
অগ্ৰগামিনী হৈছে নিৰুপমা বৰগোহাঞি ৰচিত এখন জীৱনীমূলক উপন্যাস। উপন্যাসখন ইন্দিৰা মিৰিৰ জীৱনৰ আধাৰত ৰচিত। অসমীয়া সাহিত্যত ইন্দিৰা মিৰিৰ জীৱনৰ আধাৰত ৰচিত এইখন প্ৰথম উপন্যাস। অসমৰ শৈক্ষিক ক্ষেত্ৰলৈ নিজৰ কঠোৰ পৰিশ্ৰম আৰু ত্য়াগেৰে অৱদান আগবঢ়াই যোৱা মিৰিৰ জীৱন প্ৰতিগৰাকী নাৰীৰ বাবে এক আদৰ্শ।
-
মৃত্যু গচকি আনা জয়জিনি
মৃত্যু গচকি আনা জয়জিনি সাহিত্যিক বীৰেন বৰকটকী ৰচিত এখন জীৱনীভিত্তিক উপন্যাস। উপন্যাসখন কনকলতা বৰুৱাৰ জীৱনৰ আধাৰত ৰচিত। ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি ১৬ বছৰ বয়সতে দেশৰ হকে ছহীদ হোৱা কনকলতা বৰুৱা গহপুৰৰ নিবাসী আছিল।