অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অৰ্চনা মহন্ত

অৰ্চনা মহন্ত (Archana Mahanta; জন্ম: ১৮ মাৰ্চ, ১৯৪৯ - মৃত্যু: ২৭ আগষ্ট, ২০২০) অসমৰ এগৰাকী কণ্ঠশিল্পী। তেখেতে অসমীয়া আধুনিক গীত, ভক্তিমূলক গীত, বিহুগীতত কণ্ঠদান কৰিছিল। বহুকেইখন অসমীয়া কথাছবিতো তেখেতে কণ্ঠ নিগৰাইছিল।

হালনাগাদ: ৩০ নৱেম্বৰ ২০২৪ ২৭৯ শব্দ · ২ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

অৰ্চনা মহন্ত (Archana Mahanta; জন্ম: ১৮ মাৰ্চ, ১৯৪৯ - মৃত্যু: ২৭ আগষ্ট, ২০২০) অসমৰ এগৰাকী কণ্ঠশিল্পী। তেখেতে অসমীয়া আধুনিক গীত, ভক্তিমূলক গীত, বিহুগীতত কণ্ঠদান কৰিছিল। বহুকেইখন অসমীয়া কথাছবিতো তেখেতে কণ্ঠ নিগৰাইছিল। শাস্ত্ৰীয় সংগীত, লোকগীতৰ পদ্ধতিগতভাৱে শিক্ষা গ্ৰহণ কৰা অৰ্চনা মহন্ত আকাশবাণীৰ এগৰাকী বিশিষ্ট গায়িকা আছিল। আকাশবাণীৰ পৰা 'বি হাই গ্ৰেড' স্বীকৃতি লাভ কৰা তেওঁ প্ৰথমগৰাকী শিল্পী।১২ অৰ্চনা মহন্তই কণ্ঠদান কৰা কেইটিমান উল্লেখযোগ্য গীত হৈছে- 'হোমৰ জুই জ্বলিছে', 'কিমান নাও যে ঘাটত লাগিল', 'শালিকী অ' অবুজন চৰাইজনী'। অষ্টম শ্ৰেণীত মাটিৰ স্বৰ্গ নামৰ কথাছবিখনত অভিনয় কৰা অৰ্চনা মহন্তই অভিনেত্ৰী হিচাপেও একাধিক নাটকত অভিনয় কৰিছিল। অৱশ্যে সংগীতৰ প্ৰতিহে তেওঁৰ প্ৰচুৰ ধাউতি আছিল। উল্লেখনীয় যে, অৰ্চনা মহন্ত আৰু তেওঁৰ স্বামী বিহুসম্ৰাট খগেন মহন্তৰ যুটিটো অসমীয়া সংগীত জগতৰ এটি সমাদৃত যুটি। তেওঁলোকে একেলগে মঞ্চত অসমীয়া গীত পৰিৱেশন কৰি শ্ৰোতা-দৰ্শকৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিছিল।১

শৈশৱ আৰু সাংগীতিক জীৱন

অৰ্চনা মহন্তৰ জন্ম হৈছিল ১৯৪৯ চনৰ ১৮ মাৰ্চত। গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত তেখেতে জন্মগ্ৰহণ কৰিছিল। পিতৃৰ নাম আছিল মাধৱ দাস আৰু মাতৃ আছিল লাবণ্য দাস। আচল ঘৰ বৰপেটাত আছিল যদিও তেওঁলোকৰ পৰিয়ালটোৱে পাছলৈ গুৱাহাটীতহে বাস কৰিছিল। অৰ্চনা মহন্তৰ পিতৃ-মাতৃৰো সংগীতৰ প্ৰতি অনুৰাগ আছিল। বিশেষকৈ মাতৃ লাবণ্য দাসে তেওঁৰ মনত সংগীতৰ প্ৰতি আকৰ্ষণ জগাই তুলিছিল আৰু সংগীতৰ অ-আ-ক-খ শিকাবলৈ প্ৰয়াস কৰিছিল। মাতৃ লাবণ্য দাসে জীয়েক অৰ্চনাক আবুল হুছেইন নামৰ এগৰাকী সংগীতজ্ঞৰ ওচৰত সংগীতৰ শিক্ষা দিয়াইছিল। আনহাতে জীতেন দেৱৰ ওচৰত তেখেতে আধুনিক সংগীতৰ প্ৰাৰম্ভিক শিক্ষা লৈছিল।১ সৰুৰেপৰাই অৰ্চনা মহন্তই ভজন, লোকগীত আদি পৰিৱেশন কৰিছিল।

আৰু পৰিয়াল]]

অৰ্চনা মহন্তই শাস্ত্ৰীয় সংগীতৰ প্ৰণালীবদ্ধ আৰু পদ্ধতিগত শিক্ষা গ্ৰহণ কৰিছিল। বিভিন্ন অনুষ্ঠানত মোহনদাস কৰমচান্দ গান্ধীৰ ভজন গাই তেওঁ শ্ৰোতাক মোহিত কৰিছিল। তেওঁ গোকুল পাঠকৰ পৰা কামৰূপী লোকগীত শিকিছিল। অৰ্চনা মহন্তই গ্ৰামোফোন ৰেকৰ্ডত সত্তৰৰ দশকতে 'অ সুন্দৰী ৰাধে মাই, বৃন্দাবন চাৰিয়া কৃষ্ণই মথুৰাক যায়' আদি লোকগীত গাইছিল।২ ১৯৬৫ চনত তেখেতে আকাশবাণীৰ শিল্পী ৰূপে স্বীকৃতি লাভ কৰিছিল। অষ্টম মান শ্ৰেণীত পঢ়ি থাকোঁতে অৰ্চনা মহন্তই এখন ছবিতো অভিনয় কৰিছিল। ছবিখনৰ নাম আছিল 'মাটিৰ স্বৰ্গ'। অৰ্চনা মহন্তৰ মোমায়েক আছিল গিৰীশ চৌধুৰী আৰু অনিল চৌধুৰী। এই ছবিখন তেওঁলোকেই প্ৰযোজনা কৰিছিল।১ তেওঁলোকৰ পৰা উৎসাহ পাই অৰ্চনাই নাটকতো অভিনয় কৰিছিল। একাধিক অপেছাদাৰী মঞ্চত অৰ্চনা মহন্তই অভিনয় কৰিছিল।

পৰৱৰ্তী পৰ্যায়ত

, অৰ্চনা মহন্ত আৰু হীৰেন ভট্টাচাৰ্য]]

পুৰষোত্তম দাসে অৰ্চনা মহন্তক ৰেডিঅ' চেণ্টাৰত গান গাবলৈ লৈ গৈছিল। নিৰ্মলপ্ৰভা বৰদলৈই ৰচনা কৰা 'সুৰৰ আকাশত হ'লোঁ মই দিশহাৰা/কত যে মনৰ কত যে পদূলি' আছিল তেওঁৰ প্ৰথমটো গীত। ১৯৬৬ চনত অৰ্চনা মহন্তই প্ৰথমটো গীত ৰেকৰ্ড কৰিছিল।৩ পৰৱৰ্তী পৰ্যায়ত অৰ্চনা মহন্তই আকাশবাণীৰ 'বি হাই গ্ৰেড' শিল্পীৰূপে স্বীকৃতি পাইছিল। বহুকেইখন অসমীয়া ছবিত কণ্ঠ নিগৰোৱা অৰ্চনা মহন্তই ললিতা, উপগ্ৰহ, ৰশ্মি ৰেখা, প্ৰাণগংগা, ৰতনলাল, মেঘমুক্তি, মইনাজান, সোণটি আদিৰ দৰে ছবিৰ লগত জড়িত হৈছিল। তেখেতে প্ৰায় তিনি শতাধিক গীতত কণ্ঠ নিগৰাইছিল। খগেন মহন্তৰ লগত বিবাহপাশত আবদ্ধ হোৱাৰ পাছতো অৰ্চনা মহন্তই শাস্ত্ৰীয় সংগীত শিকি আছিল। সেই সময়ত তেওঁৰ গুৰু আছিল অনিমেষ দত্ত।

আকাশবাণীৰ এখন সংগীতালেখ্যত অৰ্চনা মহন্ত আৰু খগেন মহন্তই একেলগে গোৱা প্ৰথমটো গীত গাইছিল। গীতটো আছিল 'বাঁহৰ কাঠি তোলাই বাঁহনিতাৰ সাজিলোঁ'।২ উল্লেখ্য যে, খগেন মহন্ত-অৰ্চনা মহন্ত অসমীয়া সংগীত জগতৰ এটা বিখ্যাত যুটি। তেওঁলোকে একেলগে মঞ্চত আৰু এলবামত কণ্ঠদান কৰা গীতসমূহে শ্ৰোতা-দৰ্শকৰ মাজত বিপুল জনপ্ৰিয়তা লাভ কৰিছিল।৩ ক্ৰমাৎ তেওঁলোকৰ যুটিটোৰ সমাদৰ বাঢ়ি গৈছিল আৰু ১৯৯৩ চনত তেওঁলোকে আমেৰিকাকে ধৰি বিদেশৰ একাধিক মঞ্চত গীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ পাইছিল।১

অৰ্চনা মহন্তই কলকাতাত আয়োজিত 'ৱৰ্ল্ড পীচ ফেষ্টিভেল' (১৯৭২), ইণ্ডিয়া ইণ্টাৰনেচনেল ফক মিউজিক ফেষ্টিভেল (১৯৯৩), আকাশবাণীৰ আঞ্চলিক গীতৰ ৰাষ্ট্ৰীয় কাৰ্যক্ৰমত (১৯৭২,'৭৮)ত গীত পৰিৱেশন কৰিছিল। ইয়াৰ লগতে ১৯৯৪ চনত আকাশবাণী কলিকতাৰ জনপ্ৰিয় 'ৰম্যগীতি' অনুষ্ঠানত বঙালী ভাষাত একক গীত পৰিৱেশন কৰিছিল। তেখেতৰ অৰ্ধশতাধিক গীত এইচ এম ভি ৰেকৰ্ড আৰু কেছেটত বাণীবদ্ধ হৈছিল।৪

ব্যক্তিগত জীৱন

১৯৭৩ চনত অৰ্চনা মহন্ত আৰু বিহু সম্ৰাট খগেন মহন্তৰ মাজত বিবাহ সম্পন্ন হয়। তেওঁলোকৰ পুত্ৰ অংগৰাগ মহন্ত (পাপন) দেশৰ এগৰাকী প্ৰতিষ্ঠিত কণ্ঠশিল্পী। তেওঁৰ জীয়ৰী হৈছে কিংকিনী মহন্ত। ২০১৪ চনত তেওঁৰ স্বামী খগেন মহন্তৰ দেহাৱসান হৈছিল।৩

কেইটামান জনপ্ৰিয় গীত

অৰ্চনা মহন্তই কণ্ঠদান কৰা কেইটামান জনপ্ৰিয় গীত হৈছে:২

ক্ৰমিক নংগীতৰ শীৰ্ষকগীতিকাৰসুৰকাৰ
১হোমৰ জুই জ্বলিছেকেশৱ মহন্তখগেন মহন্ত
২কিমান নাও যে ঘাটত লাগিলকেশৱ মহন্তঅমিয়ধৰ বৰুৱা
৩শালিকী অ' অবুজন চৰাইজনীকেশৱ মহন্তনলিনী চৌধুৰী
৪আগ চোতাল ভাৰত পৰি, কাউৰীজনীৰ কলকলনিনগেন বৰাবিপুল বৰুৱা
৫অ' ফুলপাহ হালিছ জালিছকেশৱ মহন্তখগেন মহন্ত
৬মই কেতিয়াবা অকলশৰে তোমাৰ কথাকে ভাবোঁইদ্ৰিছ আলীহীৰালাল বেনাৰ্জী

স্বীকৃতি আৰু সন্মান

অসম চৰকাৰে অৰ্চনা মহন্তক 'শিল্পী বঁটা'ৰে সন্মানীত কৰিছিল।২

মৃত্যু

২০২০ চনৰ ২৭ আগষ্টত অৰ্চনা মহন্তৰ দেহাৱসান ঘটে। গুৱাহাটীৰ হেল্‌থ চিটি হাস্পতালত তেখেতে প্ৰায় এমাহকাল চিকিৎসাধীন হৈ আছিল। ২০২০ চনৰ ২৪ জুলাই তাৰিখে ষ্ট্ৰোকত আক্ৰান্ত হোৱাত তেখেতক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭২ বছৰ।২

তথ্য সংগ্ৰহ

[শ্ৰেণী:অসমৰ কণ্ঠশিল্পী

তথ্যসূত্ৰ

  1. ↑ (২৮ আগষ্ট ২০২০). অসীমত হেৰাল এটি জীৱন্ত সুৰ, অমিয়া কণ্ঠৰ ঠিকনা. অসমীয়া খবৰ
  2. ↑ (২৮ আগষ্ট ২০২০). সুকণ্ঠী গায়িকা অৰ্চনা মহন্তৰ দেহাৱসান. দৈনিক অসম
  3. ↑ অৰ্চনা মহন্ত আৰু নাই!. Pratidin
  4. ↑ (২৮ আগষ্ট ২০২০). প্ৰাণপৰশা গীতৰ সুৰ এৰি সুকণ্ঠী গায়িকা অৰ্চনা মহন্তৰ চিৰবিদায়. অসমীয়া প্ৰতিদিন

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰ্চনা মহন্ত” প্ৰবন্ধৰ সংশোধন ৪৪৯৮৩৪ (৩০ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।