অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

অসম সাহিত্য সভা পত্ৰিকা

অসম সাহিত্য সভা পত্ৰিকা অসমীয়া ভাষা সাহিত্যৰ গৱেষণাধৰ্মী, বিশ্লেষণাত্মক তথা অন্যান্য বিষয়ৰ আলোচনামূলক প্ৰবন্ধৰ এখন তিনিমহীয়া আলোচনী। আলোচনীখন প্ৰথম প্ৰকাশ হয় ১৯২৬ চনত। ইয়াৰ প্ৰথম সম্পাদক চন্দ্ৰধৰ বৰুৱা।

হালনাগাদ: ১২ মাৰ্চ ২০২৬ ২১৮ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

অসম সাহিত্য সভা পত্ৰিকা অসমীয়া ভাষা সাহিত্যৰ গৱেষণাধৰ্মী, বিশ্লেষণাত্মক তথা অন্যান্য বিষয়ৰ আলোচনামূলক প্ৰবন্ধৰ এখন তিনিমহীয়া আলোচনী। আলোচনীখন প্ৰথম প্ৰকাশ হয় ১৯২৬ চনত। ইয়াৰ প্ৰথম সম্পাদক চন্দ্ৰধৰ বৰুৱা।

ইতিহাস

প্ৰথম সংখ্যাৰ প্ৰকাশৰ সময় আছিল ‘আহিন, ১৯৪৮- ভাদ, ১৮৪৯ শক’ আৰু প্ৰকাশক: অসম সাহিত্য সভা, চন্দ্ৰকান্ত সন্দিকৈ ভৱন, যোৰহাট। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পত্ৰিকাখনৰ প্ৰকাশ বন্ধ কৰিবলগীয়া হয়। কেইবছমান প্ৰকাশ বন্ধ হৈ থাকি ১৯৫৪ চনৰ পৰা ই পুনৰ নিয়মিতভাৱে প্ৰকাশ হৈ আছে। এই পত্ৰিকাত শতিকাটোৰ প্ৰায় সকলোখিনি লব্ধপ্ৰতিষ্ঠ লেখক-সাহিত্যিকৰে লেখা প্ৰকাশ হৈছে।১ সম্প্ৰতি বিশ্ববিদ্যালয় অনুদান আয়োগৰ নীতি-নিৰ্দেশনা অনুযায়ী গৱেষণা পত্ৰিকা হিচাপে অসম সাহিত্য সভা পত্ৰিকাই অনুমোদন লাভ কৰিবলৈ সক্ষম হৈছে।২

‘অসম সাহিত্য সভা পত্ৰিকা’ আমাৰ জাতীয় জীৱনৰ উৎকৃষ্ট আলোচনীৰ দাবীদাৰ হ’ব পাৰিলহেঁতেন যদিও যথোচিত প্ৰচাৰ আদিৰ অভাৱত সি আজিও সম্ভৱ হৈ উঠা নাই।

- শান্তনু কৌশিক বৰুৱা ৩

সম্পাদকসকল

  1. চন্দ্ৰধৰ বৰুৱা
  2. দেবানন্দ ভৰালি
  3. পূৰ্ণানন্দ শৰ্মা পাঠক
  4. ডিম্বেশ্বৰ নেওগ
  5. ৰামেশ্বৰ বৰুৱা
  6. ৰজনীকান্ত দেৱশৰ্মা
  7. প্ৰেমধৰ ৰাজখোৱা
  8. সত্যেন্দ্ৰনাথ শৰ্মা
  9. যতীন্দ্ৰনাথ গোস্বামী
  10. বিশ্বনাৰায়ণ শাস্ত্ৰী
  11. যোগেশ দাস
  12. সত্যেন্দ্ৰ নাৰায়ণ গোস্বামী
  13. দুৰ্গেশ্বৰ শৰ্মা
  14. হৰিচন্দ্ৰ ভট্টাচাৰ্য
  15. যতীন গোস্বামী
  16. আব্দুল ছাত্তাৰ
  17. পৰেশমল্ল বৰুৱা
  18. হেমন্ত কুমাৰ শৰ্মা
  19. মহেন্দ্ৰ বৰা
  20. যোগেন্দ্ৰ নাৰায়ণ ভূঞা
  21. পৰীক্ষিত হাজৰিকা
  22. নাহেন্দ্ৰ পাদুন
  23. ছামছিং হাঞ্চে
  24. ড° প্ৰহ্লাদ কুমাৰ বৰুৱা
  25. ভগগিৰী ৰায়চৌধুৰী
  26. ড° নৰেন কলিতা
  27. ৰামচৰণ ঠাকুৰীয়া
  28. উপেন্দ্ৰ বৰকটকী
  29. দয়ানন্দ পাঠক
  30. খগেন্দ্ৰ নাথ তালুকদাৰ
  31. প্ৰকাশ গোস্বামী
  32. বসন্ত কুমাৰ গোস্বামী
  33. পৰমানন্দ ৰাজবংশী
  34. সূৰ্যকান্ত হাজৰিকা
  35. মদন শৰ্মা
  36. দীপ্তি ফুকন পাটগিৰি
  37. ৰামচন্দ্ৰ ডেকা
  38. উপেন ৰাভা হাকাচাম
  39. ড° জ্যোতিৰেখা হাজৰিকা

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ কিতাপ ডট্ কো ডট্ ইন
  2. ↑ প্ৰথম সংখ্যাৰ সম্পাদকীয়, ষটষষ্টিতম বৰ্ষ, অসম সাহিত্য সভা পত্ৰিকা
  3. ↑ কিতাপ ডট্ কো ডট্ ইন

সম্পৰ্কিত শ্ৰেণী

অসমীয়া আলোচনীঅসম সাহিত্য সভা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম সাহিত্য সভা পত্ৰিকা” প্ৰবন্ধৰ সংশোধন ৫৮৭৪২৪ (১২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।